নাও, নদী আৰু পাহাৰ -কিশোৰ দাস

If you make the mistake of looking back too much, you aren’t focused enough on the road in front of you.
–Brad Paisley

১৷

এখিলা পাত হৈ উটি যোৱা নাওখনিৰ ব’ঠাৰ
চাবত দুটি হাওঁফাওঁৰ কলঢপ কলঢপ

এই ওচৰ চাপে
এই আঁতৰি যায়

ৰৈ যাবলৈ যেন নহয়

অভিমানবোৰৰ ওজন জুখিবলৈ শেষ
উশাহটোলৈকেহে অপেক্ষা এতিয়া!

২৷

নৈ য’ত আছে তাতে পাহাৰো আছে
পাহাৰ য’ত আছে তাতে নৈ আছে

নৈখনে ভিঙি চিঙি থৈ গ’লেও

পথ হেৰুৱাই হাবাথুৰি নাখায় ৰৈ থাকিব
পাৰোঁ পাগলামি জিদটো লৈ পুৰণি সেই
ভঙা মথাউৰিটোৰ মেৰটোতে

নৈখন ফেনে-ফুটোকাৰে উভতি অহালৈ..

৩৷

পাহাৰ হ’ব খোজা নাছিলোঁ কাহানিও

দূৰৰ পাহাৰত সেউজীয়াবোৰ জ্বলি জ্বলি
মাটিবোৰ শিল হোৱাৰ পৰলৈ অপেক্ষা
কৰিছিলোঁ বৰষুণজাকলৈ

আৰু বৰষুণজাক এতিয়া আমাৰ নহয়

অস্তিত্বৰ অস্বস্তি লৈ অস্থিৰ অসভ্য নহ’বলৈ
আমাৰ অনুৰোধ গ্ৰাহ্য কৰা নহ’ল

লাহে লাহে মাটিবোৰ শিল হ’লগৈ!

ইতি:
জীৱন্ত হৈ থাকিব বিচৰা মৃতক৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক