নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমীয়াৰ ভবিষ্যত – দীপজ্যোতি বৰা

অসমত বিগত কিছু সময়ৰ পূৰ্বে পাৰ হৈ যোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বিতৰ্কৰ সন্দৰ্ভত কিছু কথা কোৱাৰ প্ৰয়োজন আহি পৰিছে৷ বহু চিন্তা-ভাৱনাৰ অন্তত ভবা কথাখিনি ইয়াতে প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ৷ বহুকেইটা দিশৰ পৰা আলোকপাত কৰা হৈছে যদিও কিছু কথা ৰৈ যাবও পাৰে৷ গোটেই লেখাটো নপঢ়াকৈ কিবা এটা ধাৰণা কৰিবলৈ গ’লে ভুল ধাৰণা হ’ব পাৰে৷ গতিকে সম্পূৰ্ণকৈ পঢ়িবলৈ অনুৰোধ জনালোঁ৷ প্ৰকৃতাৰ্থত ক’বলৈ গ’লে এই বিধেয়কখন সমৰ্থন বা বিৰোধিতা কৰাতকৈ অধিক গুৰুত্বপূৰ্ণ সমস্যা আমাৰ সন্মুখত আছে৷ বিধেয়কৰ বিৰোধিতাৰ লগতে এক দীৰ্ঘকালীন পৰিকল্পনা লৈ তাক সমাধান কৰাৰ চেষ্টা নকৰিলে অসমীয়াৰ অস্তিত্বৰ ক্ষেত্ৰত ই ভৱিষ্যতে প্ৰৱল ভাবুকিৰ সৃষ্টি কৰিব৷ সেই কথাখিনি বিশদভাবে আলোচনা কৰাই এই লেখাৰ মূল উদ্দেশ্য৷ বিতং আলোচনা কৰাৰ আগতে কিছু প্ৰাসংগিক কথাও আলোচনা কৰি লোৱা ভাল হ’ব৷ সেয়েহে লেখাটো তলত দিয়াৰ দৰে বিভিন্ন ভাগত ভগাই লোৱা হৈছে:
ক) প্ৰাথমিক কথাংশ
খ) পটভূমি
গ) বৰ্তমানৰ সমস্যা
ঘ) সম্ভাব্য সমাধান
ক) প্ৰাথমিক কথাংশ: এই ভাগত আমি পিছৰ আলোচনাত প্ৰয়োজন হ’ব পৰা কিছু কথা উল্লেখ কৰিম৷ প্ৰয়োজন সাপেক্ষে আলোচনাত উদ্ধৃতি দিবলৈ তাৰ সহায় লোৱা হ’ব৷
১) বিভিন্ন দেশত শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰী: পৃথিৱীৰ বিভিন্ন দেশত শৰণাৰ্থী সকলৰ বাবে আশ্ৰয় আৰু নাগৰিকত্ব দিয়াৰ ব্যৱস্থা আছে৷ যিকোনো দেশতে মানুহক অন্তহীনভাবে উদ্বাস্তু বা ৰিফিউজী হিচপে ৰখা সম্ভৱ নহয়৷ তেওঁলোকক এসময়ত নাগৰিকত্ব দিবলগীয়া হয়৷ পৃথিৱীৰ বিভিন্ন দেশত তাৰ কাৰণে কেতবোৰ নিৰ্দ্দিষ্ট প্ৰক্ৰিয়া আছে৷ ছুইডেন, নেদাৰলেণ্ড, জাৰ্মানী আদি দেশে বিভিন্ন সময়ত শৰণাৰ্থীক আশ্ৰয় দি আহিছে৷ এনে শৰণাৰ্থী সকলে এক নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ মাজেৰে গৈ নাগৰিকত্বও লাভ কৰে৷ উদাহৰণস্বৰূপে আয়ান হিৰ্সি আলি (https://en.wikipedia.org/wiki/Ayaan_Hirsi_Ali) নামৰ ছ’মালিয়াৰ মহিলা গৰাকীয়ে নেদাৰলেণ্ডত শৰণাৰ্থী হিচাপে গৈ এসময়ত নিৰ্বাচনতো অংশগ্ৰহণ কৰিছে৷ তেওঁ হৈছে (মুছলমান) মহিলাৰ অধিকাৰৰ সম্পৰ্কে কাম কৰা আৰু পশ্চিমীয়া দেশসমূহত ইছলামিক মৌলবাদৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ কৰা এগৰাকী মহিলা৷ বৰ্তমান মই গৱেষণা কৰি থকা গোটটোতো তেনেদৰে আহি জাৰ্মানীৰ নাগৰিকত্ব লাভ কৰা আফগানী বা চিৰিয়ান শৰণাৰ্থী আছে৷ থিক একেদৰে চাকৰি বা শিক্ষাৰ কাৰণে প্ৰব্ৰজন কৰা লোকৰ কাৰণেও বিভিন্ন দেশত নাগৰিকত্ব লাভ কৰাৰ নিৰ্ধাৰিত প্ৰক্ৰিয়া আছে৷
গতিকে বিধিগতভাবে ভাৰতেও আনদেশত পীড়িত লোকসকলক আশ্ৰয় দিব পাৰে৷ ধৰ্মীয় সংখ্যালঘূসকল চুবুৰীয়া দেশসমূহত পীড়িত হোৱাতো অসম্ভৱ নহয়৷ কিন্তু প্ৰশ্ন আহি পৰে তেওঁলোকক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত৷ প্ৰশ্নটো আৰু জটিল হৈ পৰে যেতিয়া সেই বোজা কোনো এক বিশেষ অঞ্চলত বেছিকৈ পৰাৰ সম্ভাৱনা থাকে৷
এইখিনিতে মন কৰিবলগীয়া যে যিকোনো লোককে বা তেওঁলোকৰ সন্তানক আজীৱন শৰণাৰ্থী কৰি ৰখাটো মানৱীয় কাম নহয়৷ সময়ৰ লগত তেওঁলোককো কিছু সুবিধা দিবলগীয়া হ’ব৷ ওপৰত উল্লেখ কৰা প্ৰায়বোৰ দেশতে ইয়াৰ কাৰণে এক নিৰ্দ্দিষ্ট প্ৰক্ৰিয়া আছে৷ সেই প্ৰক্ৰিয়া কিমান সফল তাৰ আলোচনা বেলেগকৈ কৰিব পাৰি৷ কিন্তু এই দেশসমূহত শৰণাৰ্থী ক’ত থাকিব, তেওঁলোকৰ শিক্ষা-দীক্ষা কেনে হ’ব আৰু মূল সমাজৰ লগত তেওঁলোকক কি দৰে চামিল কৰা হ’ব তাৰ নিয়ম আছে৷ নিৰ্দ্দিষ্ট শিক্ষা লাভ কৰি দেশৰ সমাজ ব্যৱস্থা আৰু আইন কানুনৰ লগত মিলিব পৰা (integrated) বুলি প্ৰমাণ কৰিব পাৰিলেহে নাগৰিকত্ব লাভ কৰিব পাৰে৷ এই কথা শৰণাৰ্থী বা শিক্ষা অথবা কামৰ কাৰণে প্ৰব্ৰজন কৰা সকলোৰে কাৰণে সমানে প্ৰযোজ্য৷ গতিকে এনে ব্যৱস্থাৰ নতুনকৈ অহা লোকসকলে সেই দেশৰ সমাজ ব্যৱস্থাৰ লগত বা সংস্কৃতিৰ লগত মিলিবলৈ কিছু পৰিমাণে হ’লেও সক্ষম হ’ব বুলি আশা কৰিব পাৰি৷ কিন্তু আমাৰ দেশত এনে কোনো ব্যৱস্থা আছে বুলি মই নাজানোঁ আৰু কোনো অঞ্চলত বৃহৎ সংখ্যক লোকক এনেদৰে নাগৰিকত্ব দিবলৈ হ’লে সমস্যাৰ সৃষ্টি হ’ব বুলি আশংকা কৰিব পাৰি৷
২) বংশানুক্ৰমিক নাগৰিকত্ব: কিছুমান ৰাষ্ট্ৰত বংশানুক্ৰমৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কাৰণেও ব্যৱস্থা আছে৷ ইয়াৰে কিছুমানত ককা-আজোককাৰ নাগৰিকত্বৰ ভিত্তিত বেলেগ দেশত থকা পিছৰ প্ৰজন্মই নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে (কিছুমান চৰ্ত-সাপেক্ষে আৰু দেশ ভেদে এনে চৰ্তসমূহ বেলেগ)৷ উদাহৰণস্বৰূপে ছোভিয়েট যুক্তৰাষ্ট্ৰ ভাঙি যোৱাৰ পিছত বহু জাৰ্মান মূলৰ ৰাছিয়ান লোকে আহি জাৰ্মানীৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল৷ ইটালী, পৰ্তুগাল আদি বিভিন্ন দেশত এনে আইনৰ ব্যৱস্থা আছে৷ ভাৰতৰ ক্ষেত্ৰতো একে নহ’লেও এক প্ৰকাৰৰ তেনে ব্যৱস্থা আছে৷ ক’বলৈ গ’লে এটা দিশৰ পৰা ভাৰতেও আন দেশত নিগৃহীত হোৱা ভাৰতীয় মূলৰ লোকক আশ্ৰয় দিব পাৰে৷ যিহেতু ভাৰতৰ বিভাজন ধৰ্মৰ ভিত্তিত হৈছিল গতিকে এনে এক সিদ্ধান্তত ধৰ্মীয় প্ৰভাৱ পৰাটো অস্বাভাৱিক নহয়৷ ভাৰত বিভাজনৰ ফলত সৃষ্টি হোৱা আন ৰাষ্ট্ৰসমূহ ইছলামিক ৰাষ্ট্ৰ হোৱাৰ ফলশ্ৰুতিত এই দেশসমূহত আন ধৰ্মীয় লোকসকলৰ নিৰ্যাতিত হোৱাৰ সম্ভাৱনা বেছি আৰু কাৰ্য্যত তেনে হোৱাই দেখা গৈছে৷ (ইয়াৰ অৰ্থ এয়ে নহয় যে ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হোৱাৰ কাৰণে ভাৰত হিন্দু ৰাষ্ট্ৰ বুলি কোৱা কথাটো সমৰ্থন কৰা হৈছে৷) এনেদৰে নিৰ্যাতিত লোকক আশ্ৰয় দিয়াৰ নীতিগতভাবে সমৰ্থন থাকিলেও আমাৰ আপত্তি তেতিয়া আহি পৰে যেতিয়া ইয়াৰ মাত্ৰাধিক প্ৰভাৱ অসমত পৰাৰ আশংকা হয়৷ কেৱল অসমৰ ক্ষেত্ৰত আগেয়েও এনেদৰে আইন সলনি কৰি বিদেশী নাগৰিকৰ বোজা জাপি দিয়াৰ প্ৰভাৱ অসমে আজিও ভোগ কৰিব লগীয়া হৈছে৷ গতিকে এনে কাৰণতে আমি এই বিধেয়কখনৰ বিৰোধিতা কৰাটো যুক্তিসংগত৷
৩) প্ৰত্যাৰ্পণ চুক্তি: বৰ্তমান চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতৰ কোনো প্ৰত্যাৰ্পণ চুক্তি নাই৷ গতিকে বেআইনীভাৱে ভাৰতত থকা বিদেশী লোকক ভাৰতৰ পৰা ঘূৰাই পঠোৱাৰ কোনো সহজ উপাই নাই৷ আজিৰ তাৰিখত হাজাৰজনক চিনাক্ত কৰিব পাৰিলেও বাংলাদেশৰ চৰকাৰে (মূলতে বাংলাদেশক লৈয়ে সমস্যা) ঘূৰাই ল’ব বুলি কোনো নিশ্চয়তা নাই৷ ভাৰত চৰকাৰে চিনাক্ত কৰিলেও তেওঁলোকক বিদেশী বুলি প্ৰমাণ কৰাৰ দায়িত্ব কেৱল ভাৰত চৰকাৰৰ আৰু বাংলাদেশে অস্বীকাৰ কৰিলে ভাৰতে দীৰ্ঘকাল “ডিটেনচন কেম্প”ত ৰখাও সম্ভৱ নহয়৷ গতিকে বিধেয়কখন আইনত পৰিণত বৰ্তমানলৈকে নাই হোৱা বা ভবিষ্যতে নহ’লেও আমাৰ সমস্যা সমাধান নহয়৷
৪) ৰাজনৈতিক শুদ্ধতাৰ ধাৰণা আৰু পক্ষপাতদুষ্টতা: আমি আমাৰ “ৰাজনৈতিক শুদ্ধতা” আৰু “পক্ষপাত দুষ্টতা” এই দুটা ধাৰণাৰ ওপৰতো প্ৰশ্ন কৰাৰ প্ৰয়োজন আহি পৰিছে৷ এক ভুল ধাৰণাৰ বশবৰ্তী হৈ প্ৰয়োজনীয় ক্ষেত্ৰত মাত নমতাকৈ থকা ৰাজনৈতিক শুদ্ধতাই এক প্ৰকাৰৰ পক্ষপাতদুষ্টতাৰ ৰূপহে লয় আৰু ই ক্ষতিকাৰক হ’ব পাৰে৷ বৰ্তমান সময়ত আপাতত ক্ষতিহীন যেন লগা কিছুমান কাৰ্য্যকলাপেও ভৱিষ্যত সমস্যাৰ বীজ ৰোপণ কৰিব পাৰে৷ সেয়েহে বৰ্তমান সময়ত আমি হিন্দু, মুছলমান আৰু খ্ৰীষ্টান, এই তিনিওটা ধৰ্মৰে কিছু লোকৰ কামকাজৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰখা প্ৰয়োজন৷ মন কৰিবলগীয়া যে “ঘৰ ৱাপচি” আদিৰ দৰে বিষয়ত সৰৱ হৈ থকা বহুতেই খ্ৰীষ্টীয় আগ্ৰাসন আৰু ইছলামিক মৌলবাদৰ প্ৰসাৰৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰে৷ বিদ্যালয়, হস্পিটাল আৰু আৰ্থিক সহায়, এই তিনিটা মূল উপাদানক ভিত্তি হিচাপে লৈ এক আইনী ব্যৱস্থাৰ মাজত থাকি খ্ৰীষ্টীয় আগ্ৰাসন চলি থাকে৷ এইটো হৈছে বহু বছৰজোৰা অভিজ্ঞতাৰ ফলত বিকাশ হোৱা এক প্ৰতিষ্ঠিত আৰ্হি৷ এই আৰ্হি অনুসহৰণ কৰিয়েই হিন্দু আৰু ইছলাম ধৰ্মও আগবাঢ়িছে৷ সচেতন লোকসকলে এই গোটেই কেইটাৰ ক্ষেত্ৰতে সমানে লক্ষ্য ৰখাতো ভাল৷ তেওঁলোকে পক্ষপাতদুষ্টতাই ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
এইখিনিতে কেতবোৰ প্ৰশ্ন আহি পৰে৷ কোনো কোনো লোকে প্ৰশ্ন কৰে যে খ্ৰীষ্টানসকলে যে ইমান কষ্ট কৰি মানুহৰ মাজলৈ গৈ সেৱা আগবঢ়াব পাৰে, হিন্দুসকলেও নকৰে কিয়? আচলতে মূল প্ৰশ্নটো হৈছে পইচাৰ৷ সকলো কামৰ কাৰণে পইচাৰ আৱশ্যক৷ এনদৰে ধৰ্ম প্ৰচাৰ কৰা কিছু লোকৰ ধৰ্মৰ প্ৰতি ধাউতি বা লোকৰ সেৱা কৰাৰ মনোভৱৰ শলাগ লৈয়ো ক’ব লাগিব যে এই গোটেই ব্যৱস্থাটো পৰ্য্যাপ্ত অৰ্থৰ জোৰতহে চলি থাকিব পাৰিছে৷ আমাৰ চৰকাৰৰ বা সমাজ ব্যৱস্থাৰ ব্যৰ্থতা যে আমি আমাৰ মাজৰেই বহুলোকক শিক্ষা, চিকিৎসা অথবা জীৱন নিৰ্বাহৰ উপযুক্ত সুবিধা দিব পৰা নাই৷ এনে ক্ষেত্ৰত এইসকল ধাৰ্মিক লোকে গৈ আইনৰ গণ্ডীৰ ভিতৰত থাকি কৰা কিছুমান কামক পোনপটীয়াকৈ দোষাৰোপ কৰিব নোৱাৰি৷ কিন্তু এনেবোৰ সাহাৰ্য্যৰ পিছত কেতবোৰ চৰ্ত থাকে, সেইবোৰহে অলপ জটিল৷ পাহাৰৰ মাজৰ এখন গাঁৱত গৈ আপুনি মই বিদ্যালয় স্থাপন কৰিব নোৱাৰোঁ, কিনো আমাৰ ইমান সমল নাই৷ কিন্ত ইউৰোপ-আমেৰিকাৰ পৰা অহা পাউণ্ড, ইউৰো বা ডলাৰৰ বৰঙণিৰে এই কাম কৰিবলৈ সহজ৷ এই কথাখিনি বুজিবলৈ আগ্ৰহীসকলে ভাৰত চৰকাৰৰ ওচৰত এনে বৰঙণি সম্বন্ধে বেচৰকাৰী সংস্থসমূহে জমা কৰিবলগীয়া হিচাপ চাব পাৰে (https://fcraonline.nic.in/fc3_Amount.aspx)৷ মূলতে সৰহভাগ বৰঙণি আহে খ্ৰীষ্টান ধৰ্মীয় অনুষ্ঠানসমূহৰ বাবে, তাৰ পিছতে ইছলামিক সংস্থাসমূহৰ কাৰণে অৰু অতি নগণ্য পৰিমানৰ ধন অন্যান্য অনুষ্ঠানসমূহৰ বাবে৷ যদিও এনে সংস্থাবোৰে আইনৰ ভিতৰতে কামসমূহ কৰি আছে তথাপিও আমি সাৱধান হোৱ ভাল যাতে তেওঁলোকৰ কামে ভৱিষ্যতে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে৷
৫) চাবভাৰ্চন, মিথ্যা-প্ৰচাৰ আৰু গাণণিক মিথ্যা-প্ৰচাৰ (Subversion, Propaganda and Computational Propaganda): চাবভাৰ্চন হৈছে ছোভিয়েট ৰাছিয়া-আমেৰিকাৰ শীতল যুদ্ধৰ সময়ৰ বহুল প্ৰচলিত এক শব্দ৷ মূলতে ই হৈছে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰত প্ৰত্যক্ষ্য হস্তক্ষেপ নকৰাকৈ সেই ৰাষ্ট্ৰৰ আভ্যন্তৰীণ মৌল কেতবোৰৰ দ্বাৰা আওপকীয়াকৈ কিদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তাৰেই কৌশল৷ এই ধাৰণাটো সাহিত্য-সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰলৈ ব্যাপক (https://en.wikipedia.org/wiki/Subversion)৷ কিন্তু আমি মূলতে এই আলোচনাত ইয়াৰ কেন্দ্ৰীয় ধাৰণাটো (এটা ব্যৱস্থাই আন এটাক কৌশলেৰে প্ৰভাৱিত কৰাটো)ত গুৰুত্ব দিম৷ আগ্ৰহীসকলে ইউটিউবত উপলব্ধ এই বিষয়ৰ য়ুৰি বেজমেন’ভৰ (Yuri Bezmenov) ভিডিঅ’ চাব পাৰে৷ এটা কথা মন কৰিব লাগিব যে তাত তেওঁৰ বহু ব্যক্তিগত মতামত আছে যিবোৰ সমৰ্থন কৰিব নোৱাৰি, কিন্তু চাবভাৰ্চনৰ বিষয়ে সাধাৰণ ধাৰণা কৰিবলৈ যথেষ্ট৷ লগতে এই ক্ষেত্ৰটো সাৱধান হোৱা ভাল যাতে এই ধাৰণাতো সকলোতে প্ৰয়োগ কৰাৰ চেষ্টা কৰা নহয়৷ সাধাৰণতে ইয়াৰ লগত জড়িত কৌশলসমূহ এখন ৰাষ্ট্ৰই আন ৰাষ্ট্ৰৰ ওপৰত, ৰাষ্ট্ৰই নিজৰ দেশৰে কোনো অঞ্চলৰ ওপৰত অথবা দেশৰ ভিতৰৰে কোনো গোটে নিজৰ উদ্দেশ্য সিদ্ধিৰ কাৰণে আন লোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ প্ৰয়োগ কৰিব পাৰে৷ শিক্ষা, সাহিত্য, বাতৰি কাকত, বেচৰকাৰী সংস্থা, বা বিসম্বাদী গোট আদি তাৰ কিছুমান উপাদান৷ এতিয়া শীতল যুদ্ধৰ পিছৰ বৰ্তমানৰ পৰিস্থিতিত আমি এই বিষয়টো বিচাৰ কৰিব পাৰোঁ৷ বৰ্তমান সময়ত তথ্য আহৰণ, বিশ্লেষণ আৰু গণনা কৰাৰ সুবিধাসমূহ বৃদ্ধি পাইছে আৰু প্ৰযুক্তি কৌশল বহুগুণে উন্নত হৈছে৷ গতিকে তথ্য আহৰণ কৰি তাৰ বিশ্লেষণৰ জৰিয়তে উপযুক্ত গাণিতিক আৰ্হিৰ সহায়ত ওপৰত উল্লেখ কৰা কৌশলসমূহ ব্যৱহাৰ কৰি প্ৰভাৱ বিস্তাৰ কৰা সহজ হৈ পৰিছে৷
মিথ্যা-প্ৰচাৰ বা প্ৰপাগাণ্ডা বুলি যাক কোৱা হয় তাৰ কৌশলবোৰ আগতকৈ বাঢ়ি গৈছে৷ এসময়ত কাগজত ছপাই বা বাতৰিৰ জৰিয়তে কৰা এনে প্ৰচাৰতকৈ আজিৰ ডিজিটেল পৃথিৱীত অত্যাধুনিক গাণিতিক আৰ্হিৰ সহয়ত ব্যক্তিগত পৰ্যায়ত এনে বাৰ্তা বিস্তাৰ কৰিব পৰা সম্ভৱ হৈছে৷ বৰ্তমান এজন মানুহৰ অনলাইন পৃথিৱীত কৰা প্ৰতিটো কামৰ চিহ্ন থাকি যায় আৰু এই তথ্যসমূহৰ ভিত্তিত এজন মানুহৰ বিষয়ে বহু বিশ্লেষণ কৰা সম্ভৱ৷ এইবোৰ কেনেদৰে সম্ভৱ তাৰ বিষয়ে কেইখনমান গৱেষণাপত্ৰ তলত উল্লেখ কৰা হ’ল:
১) What your Facebook Profile Picture Reveals about your Personality, 2017, Segalin et al.
২) Computational personality recognition in social media, 2016, Fernadi et al.
৩) Building a profile of subjective well-being for social media users, 2017, Chen et al.
৪) Gaining Insights From Social Media Language: Methodologies and Challenges, 2016, Kern et al.
৫) FACEBOOK AS A RESEARCH TOOL FOR THE SOCIAL SCIENCES, 2015, Kosinski et el.
৬) Deep neural networks are more accurate than humans at detecting sexual orientation from facial images, 2016, Wang and Kosinski
৭) Musical Preferences Predict Personality: Evidence from Active Listening and Facebook Likes, 2018, Nave et al.
আগ্ৰহীসকলে ইয়াৰ পৰা বুজিব পাৰে সামাজিক মাধ্যমত মানুহ এজনে কৰা কামৰ ওপৰত ভিত্তি কৰি বিভিন্ন বিষয়ৰ ওপৰত অনুমান কৰিব পৰা যায়৷ এই ধৰণৰ আৰ্হিবোৰ ১০০% সঠিক নহ’লেও এই ক্ষেত্ৰত বহু সম্ভাৱনাৰ লগতে বিপদৰ আশংকাও আছে৷ এনে গৱেষণাত এজন নাম থকা ব্যক্তি মাইকাল কচিনস্কিৰ (Michal Kosinski, https://www.michalkosinski.com/research) এই বিষয়ৰ ওপৰত লিখা পৰ্যালোচনামূলক লেখা Editorial overview: Big data in the behavioral sciences ত এইদৰে লিখিছে “Big data are not a magical solution to all social and scientific problems. There now exist powerful ways to generate insights about the world, but meaning does not come from data automatically. These endeavors must be managed carefully, and indeed these tools can cause harm if used with ill intent. We should ask ourselves, however, what the correct baseline for comparison is.”
ওপৰত উল্লেখ কৰা ধৰণৰ বিশ্লেষণৰ জৰিয়তে নিৰ্দ্দিষ্ট ব্যক্তিৰ কাৰণে প্ৰপাগাণ্ডা তৈয়াৰ কৰা সম্ভৱ৷ এনধৰণৰ বিশ্লেষণ নোহোৱাকৈও কিদৰে কোনো বাৰ্তা বা তথ্য মানুহৰ মাজত বিয়পাই মানুহৰ ধাৰণাবোৰ প্ৰভাৱিত কৰিব পাৰি সেই বিষয়েও বহু লোকে কাম কৰি আছে৷ এই সম্পৰ্কীয় কেইটামান বাতৰি বা লেখা তলত দিয়া হ’ল:
১) https://www.theguardian.com/technology/2011/mar/17/us-spy-operation-social-networks
২) https://www.wired.co.uk/article/robot-propaganda
৩) https://medium.com/@robhat/an-analysis-of-propaganda-bots-on-twitter-7b7ec57256ae
ওপৰৰ লিংককেইটাত যোৱা কেইবাটাও বছৰত বিভিন্ন সময়ত কিদৰে কোনো মানুহে কাম নকৰাকৈ (বা অতি কম হস্তক্ষেপ কৰি) ছফ্টৱেৰৰ সহায়ত সামাজিক মাধ্যমক প্ৰভাৱিত কৰিব পাৰি সেই বিষয়ে কোৱা হৈছে৷ এই পদ্ধতিৰ প্ৰয়োগেৰে কিদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যোৱা নিৰ্বাচনত প্ৰভাৱ পেলোৱা হৈছিল সেই বিষয়ে আগ্ৰহীসকলে কেম্ব্ৰীজ এনালাইটিকা (Cambridge Analytica) সম্পৰ্কীয় বাতৰিসমূহ চাব পাৰে৷
পৃথিৱীৰ কেতবোৰ শিক্ষানুষ্ঠানত War studies অথবা Conflict and Peace Studies নামৰ কিছুমান বিষয় আছে৷ মূলতে ইয়াৰ উদ্দেশ্য হৈছে পৃথিৱীৰ বিভিন্ন সমস্যাসমূহৰ অধ্যয়ন কৰি শান্তিৰ পথ মুকলি কৰা৷ কিন্তু এইখিনিতে সাৱধান এই কাৰণেই হ’ব লগা হয় কিয়নো কিছু সংখ্যক লোকে এনে অধ্যয়নৰ দ্বাৰা অশান্তিৰ সৃষ্টিও কৰিব পাৰে৷ সাধাৰণতে Conflict Simulation বুলি কিছুমান গাণতিক আৰ্হি আছে৷ একেবাৰে ক্ষতিহীন ভিডিঅ’ গেমজাতীয় আৰ্হিৰ পৰা সম্পূৰ্ণ সামৰিক পৰ্যায়লৈকে এনে আৰ্হি আছে৷ কেতবোৰ গৱেষণা প্ৰতিষ্ঠানত পৃথিৱীৰ যিকোনো গুৰুত্বপূৰ্ণ সমস্যা বা অঞ্চলৰ কাৰণে একোজনকৈ বিশেষজ্ঞও অছে৷ বৰ্তমান সময়ত সহজলব্ধ তথ্যৰ সহায়ত প্ৰকৃত সময়ত কোনো অঞ্চলৰ সমস্যা বা পৰিঘটনাৰ ওপৰত সম্ভাৱিতাত্বভিত্তিক এনে অৰ্হি নিৰ্মাণ কৰা সম্ভৱ অৰু তাৰ ভিত্তিত কোনো ভৱিষ্যত পৰিণামৰ সম্ভাৱিতাও নিৰ্ণয় কৰিব পাৰি৷ তলত এই বিষয়ৰ দুটামান গৱেষণাৰ তথ্য দিয়া হ“ল:
১) An Interactive Model-Driven Simulation Approach for Dynamic Behavior Analysis in Armed Conflicts, 2018, Li et al.
২) Evaluating the scope and intensity of the conflict trap: A dynamic simulation approach, 2017, Hegre et al.
৩) Some results on ethnic conflicts based on evolutionary game simulation, 2014, Qin et el.
বৰ্তমান অসমৰ এনে জটিল পৰিস্থিতিত আমিও কথাবোৰ বিভিন্ন দিশৰ পৰা চিন্তা কৰি চোৱাৰ প্ৰয়োজন আহি আছে৷ নহ’লে আমাৰ আৱেগ বা আন্দোলনবোৰ আমাতকৈ বহুত বেছি চতুৰ কোনো ব্যক্তি বা অনুষ্ঠানৰ মক্ষ্যত উপনীত হোৱাৰ সজুঁলিহে হ’বগৈ৷
খ) পটভূমি: অসমৰ বৰ্তমান পৰিস্থিতিৰ পটভূমিত তিনিটা দিশ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব পাৰি৷ সেইকেইটা পৰ্যায়ক্ৰমে আলোচনা কৰা হ’ব৷
১) অসম অন্দোলন: অসমৰ যোৱা কেইটামন দশকৰ ঘটনাৱলী পৰ্যবেক্ষণ কৰিলে অনুভৱ হয় যে অসমীয়াই সদায় নিজৰ বিৰুদ্ধে আন্দোলন কৰে৷ ইয়াৰ এক ডাঙৰ উদাহৰণ হৈছে অসম আন্দোলন (বৰ্তমান সময়ত উভটি চাই এইদৰে ক’বলৈ হয়তো মোৰ কাৰণে অলপ সহজ হয়; কিন্তু ফলাফলৰ পৰা বিচাৰ কৰিলে মোৰ দৰে মানুহে এনেদৰে ক’বলৈ বাধ্য হয়)৷ ধৰি ললোঁ যে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে বহু বিদেশী আহি অসমত আছিল৷ ইমান দিন অসমত থকাৰ পিছত আচলতে তেওঁলোকেহে অধিকাৰ বিচাৰি আন্দোলন কৰিব লাগিছিল, কিন্তু আন্দোলন কৰিলোঁ আমি, মৰিলোঁ আমিয়েই আৰু শেষত তেওঁলোক আমাৰেই মানুহ বুলি আমিয়েই চুক্তিত চহী কৰি থৈ আহিলোঁ৷ আচলতে আমি যে ৰাজনৈতিক ভাবে অপৰিপক্ক ই তাৰ এক ডাঙৰ প্ৰমাণ৷ আচলতে ক’বলৈ গ’লে গোটেই আন্দলনটোৱেই আছিল অত্যাধিক আৱেগ নিৰ্ভৰ৷৷ গতিকে শেষলৈ মানুহবোৰৰ ধৈৰ্য্য লোপ পালে৷ ইমান দিনে অন্দোলন কৰাৰ পিছত কিবা এটা লাভ কৰা যেন দেখুৱাবলৈ আন্দোলনকাৰী নেতাসকলেও কিবা এখন চুক্তিত চহী কৰি থৈ আহিল৷ ইমান এটা ডাঙৰ প্ৰহসনৰ পিছটো আমাৰ চকু মুকলি নহ’ল৷ সেই চুক্তিখন ৰূপায়ণৰ বাবে নেতৃত্ব আৰু ৰাইজ কাৰো তৎপৰতা দেখা নগ’ল৷ এনে লাগে যেন চুক্তি এখনত স্বাক্ষৰ কৰাটোৱেই আন্দোলনটোৰ পৰম লক্ষ্য আছিল৷ মূল কৰণীয় বিষয়সমূহ কৰ’বাত তল পৰিল৷
বৰ্তমানৰ আন্দোলনো এক প্ৰকাৰৰ আৱেগিক আৰু বহুধা-বিভক্ত আন্দোলন হৈ পৰিছে৷ শতাধিক জাতীয় সংগঠন আচলতে আমি শতাধিক জাতীয় বিভাজন বুলিহে ক’ব লাগে৷ জাতীয় সংহতি আৰু নিৰ্দ্দিষ্ট লক্ষ্যৰ অভাৱত কিছু লোক হতাশ হৈ পৰা যেনো লাগিছে৷ এনেদৰে হ’লে অসম আন্দোলনৰ পুনৰাবৃত্তি হ’ব পাৰে৷ অন্তিম সময়ত ৰাইজৰ নিষ্ঠা আৰু উচ্ছাস শাম কাটিলে জাতি-ধৰ্ম নিৰ্বিশেষে বৰ্তমানলৈকে থকা সকলো বিদেশীকে স্বদেশী বুলি স্বীকৃতি দি বিদেশী সমস্যাৰ সমাধান কৰাৰ দৰে পৰিণামো হ’বগৈ পাৰে৷
২) আলফা আৰু পৰাগ দাস: অসম আন্দোলনৰ পিছত অসমক সৰ্বাধিক প্ৰভাৱিত কৰা দ্বিতীয়টো বিষয় হ’ল আলফা৷ আলফাৰ গঠন হ’বলগীয়া কাৰকসমূহৰ ন্যায্যতা থাকিলেও ক’ব লাগিব যে শেষলৈ আলফা হ’লগৈ দিশহাৰা আৰু লক্ষ্যভ্ৰষ্ট৷ আলফাৰ নামত নিজৰো চিনা-জনা আৰু পৰিয়ালৰ লোকে হাৰাশাস্তি খালেও ক’ব লাগিব যে আলফাত কেৰোণ বহুত আগৰে পৰাই লাগিছিল৷ এই কথাসমূহ যথেষ্ট পৰিষ্কাৰকৈ পৰাগ দাসৰ লিখনিৰ পৰাই বুজিব পাৰি৷ আলফাৰ প্ৰৱল গনভিত্তি থকা দিনবোৰতে পৰাগ দাসে আলফাৰ দুৰ্বলতাসমূহ বৰ সুন্দৰকৈ ছাংলট ফেনলা গ্ৰন্থত লিখি থৈ গৈছে৷ যেতিয়া তৃতীয় শ্ৰেণীত থাকোঁতে সেই কিতাপখন প্ৰথমবাৰ পঢ়িছিলোঁ তেতিয়া গাৰ তেজ গৰম হৈ গৈছিল৷ পাতে পাতে আলফাৰ সদস্যসকলৰ ত্যাগ আৰু সাহসৰ ছবিখন চাই মন-প্ৰাণ আলোড়িত হৈছিল৷ কিন্তু ২০১৮ চনৰ ডিচেম্বৰ মাহত পুনৰ কিতাপখন পঢ়োঁতে অনুভৱ হ’ল আলফা কিদৰে বহু আগৰে পৰাই পতনমুখী আছিল৷ আচলতে ১৯৯৩ চনৰ আলফাৰ সোণালী দিনত ইমান মুকলিকৈ আলফাৰ দোষসমূহ লিখিব পৰাটো যথেষ্ট সাহসিক কাম আছিল৷ গতিকে মই ভাবোঁ যে বৰ্তমান নতুন চামে এই কিতাপখন পঢ়া উচিত৷ তেতিয়া অন্তত: নতুন চামৰ কোনেও এনেদৰে পুনৰ বিপ্লৱ কৰিবলৈ নাযায় (এই বিষয়ে পিছত কেতিয়াবা আলোচনা কৰিম)৷ সেই সময়চোৱাত আমি আমাক প্ৰকৃততে নেতৃত্ব দিব পৰা কিছুমান ভাল ল’ৰা হেৰুৱালোঁ যাৰ ফলত কেতবোৰ দুই নম্বৰী মানুহে আমাৰ সমাজত টিঘিলঘিলাই ফুৰিব পৰা হ’ল৷ হিতেশ্বৰ শইকীয়াক বেয়া পালেও পৰাগ দাসৰ কিতাপখনৰ লগত এটা কথাত একমত যে আলফাৰ পৰা ছালফা সৃষ্টি কৰি তেওঁ আমাক দেখুৱাই দিছিল প্ৰকৃততে কিমান ভুৱা বিপ্লৱীক আমি বীৰ বুলি ভাবিছিলোঁ আৰু তেওঁলোকে স্বাধীনতা লাভ কৰি আমাক শাসন কৰিবলৈ যোৱা হ’লে আমাৰ সাধাৰণ ৰাইজৰ কি অৱস্থা হ’লহেতেন৷
ব্যক্তিগতভাৱে অনুভৱ হয় যে পৰাগ দাসে কেৱল ৰাষ্ট্ৰৰ বিৰোধিতা কৰাতে ব্যস্ত নাথাকি তেওঁৰ দৰে আৰু বহু কেইজনক উলিয়াই লৈ গৈ ব্যৱস্থাটোৰ ভিতৰৰ পৰা প্ৰভাৱিত কৰাত বেছি গুৰুত্ব দিয়া হ’লে হয়তো অধিক ফলপ্ৰসূ হ’লহেতেন৷
৩) ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC): বৰ্তমান সময়ত (২০১৮-১৯) অসমত সৰ্বাধিক চৰ্চাত থকা অন্যতম বিষয় হ’ল NRC৷ অসমৰ কাৰণে এক শুদ্ধ নাগৰিকপঞ্জীৰ প্ৰয়োজন বহু আগৰে পৰাই আছিল৷ বহু পলমকৈ অৱশেষত তাৰ কাম আৰম্ভ হৈছিল৷ কিন্তু আৰম্ভণিৰ পৰাই প্ৰক্ৰিয়াটো নানা ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল৷ বৰপেটাৰ ঘটনাৱলীৰ পৰা, দিল্লীৰ সংবাদমেল আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত লাখে লাখে মানুহে স্বাক্ষৰ কৰা আৱেদনখন ইয়াৰে উদাহৰণ৷
অসমত বহু মুছলমান লোক বহু আগৰে পৰাই আছে আৰু তেওঁলোক সম্পূৰ্ণৰূপে অসমীয়া৷ তাৰ পিছতে কিছুসংখ্যক লোক মুছলমান আছে যিসকল ভাৰতীয় নাগৰিক হ’লেও বিভিন্ন সময়ত বিদেশী বুলি সন্দেহৰ বলি হয়৷ আৰু একাংশ মুছলমান হৈছে প্ৰকৃতাৰ্থতে বিদেশী যাক চিনি পাবৰ কোনো সহজ উপাই নাই৷ গোটেই সমস্যাটোৱেই খুলিব নোৱাৰাকৈ জটিলভাৱে পাকলগা৷ ইয়াৰ বিপৰীতে কিছু সংখ্যক আছে হিন্দু বাংলাদেশী৷
এইখিনিতে দেখা যায় যে NRC প্ৰক্ৰিয়াৰ আৰম্ভণিৰ পৰাই হিন্দু বাংলাদেশীৰ অন্থৰ্ভুক্তি সন্দৰ্ভত বা কোনোবা থলুৱা লোক বাদ পৰাৰ সম্বন্ধে আমাৰ তথাকথিত বুদ্ধিজীৱিসকলৰ কোনো চিন্তাই নাছিল৷ এই প্ৰক্ৰিয়াৰ দ্বাৰা মুছলামান সম্প্ৰদায়ৰ লোক অত্যাচাৰৰ বলি হয় বুলিহে তেওঁলোকৰ প্ৰৱল চিন্তা আছিল৷ হিন্দু বাংলাদেশীৰ বিষয়ে তেওঁলোকৰ চিঞৰ-বাখৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পিছৰ পৰাহে আৰম্ভ হয়৷ এসময়ত অসমত বাংলাদেশী নাই বুলি কোৱা লোকেও হঠাতে লাখে লাখে হিন্দু বাংলাদেশীৰ হিচাপ দিবলৈ আৰম্ভ কৰিলে৷ ই তেওঁলোকৰ বৌদ্ধিক অসাধুতাৰ অন্যতম উদাহৰণ (ক) ভাগৰ ৪নং কথাখিনি প্ৰযোজ্য)৷
যদিও অসমৰ অভিবাসী মুছলমান সম্প্ৰদায়ৰ এই লোকসকল আৰ্থসামাজিকভাৱে দুৰ্বল আৰু পিছপৰা, তেওঁলোকৰ পিছফালে থকা বা তেওঁলোকক ব্যৱহাৰ কৰিব খোজা মগজুবোৰ আমি ভবাতকৈ যথেষ্ট চতুৰ৷ গতিকে NRC প্ৰক্ৰিয়াৰ আৰম্ভণিৰ পৰাই তাক নানা ধৰণে প্ৰভাৱিত কৰিবলৈ প্ৰচেষ্টা চলোৱা হ’ল৷ বৰপেটাৰ ঘটনাৱলীৰ পিছৰ পৰ্যায়ত ন্যায়িক হস্তক্ষেপৰ জৰিয়তে লাগতিয়াল কাগজ-পাতিৰো শিথিলকৰণ কৰা হ’ল৷ তাৰ পিছত আহিল মাদানীৰ সংবাদমেল আৰু সৰ্বশেষত আহিল avaaz.org য়ে আৰম্ভ কৰা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ আবেদনখন৷ সেইখন বৰ্তমান avaaz.org ৰ ৱেবচাইটত নাই, তাৰ সংৰক্ষিত ৰূপ এটা archive.org ত চাব পাৰি (https://bit.ly/2I4LrdS )৷ মন কৰিবলগীয়া যে প্ৰসাধনৰ বাদে আন কোনো বস্তুৰে প্ৰচাৰ নকৰা কেতবোৰ বিদেশী টুইটাৰ হেণ্ডেলেও তাৰ প্ৰচাৰ কৰিছিল (প্ৰমাণ ৰখা নহ’ল কাৰণে সেইবোৰ এতিয়া Conspiracy Theory হিচাপে পৰিগণিত হ’ব)৷ আনহাতে তাৰ লগে লগে আহিছিল আল-জাজীৰাৰ বাতৰিত ড° হীৰেণ গোহাঁইৰ সাক্ষাৎকাৰ৷ সাক্ষাৎকাৰৰ কাৰণে তেওঁক দোষাৰোপ কৰা হোৱা নাই, কিন্তু এই গোটেই ঘটনাবোৰ কোনোবাই একলগে একে সূত্ৰৰে গাঁঠি এক ধাৰণা গঢ়িবলৈ চেষ্টা কৰিছে নেকি ভাবিবলগীয়া৷ অসমৰ এই লোকসকলৰ বাবে কোনে ইমানকৈ সময়, পইচা আৰু মগজু খটুৱাইছে? ইমানকৈ ভাইৰেল হোৱা আবেদন এখনৰ কাৰণে কোনোবাই তথ্য-প্ৰযুক্তিগত কৌশলৰ প্ৰয়োগ কৰিছে নেকি? এইখিনিতে ক) ভাগৰ ৫ নং ভাগৰ কথাখিনিৰ প্ৰাসংগিকতা আহি পৰে৷
৪) বিগত দশককেইটাৰ সামাজিক পৰিবৰ্তন: আমি সৰুতে ডাঙৰৰ মুখত শুনিবলৈ পাইছিলোঁ যে অসমত আদ্দা সংস্কৃতিয়ে প্ৰতিষ্ঠা লাভ কৰিছিল অসম আন্দোলনৰ পিছৰ পৰা৷ আন্দোলন শেষ হ’ল কিন্তু আদ্দাবোৰ থাকি গ’ল৷ আমাৰ জনা-বুজা হোৱাৰ সময়চোৱাত প্ৰায় ১৯৯৬-৯৮ চন মানলৈকে আদ্দাবোৰ থাকিলেও মদৰ ইমান প্ৰভাৱ পৰাগৈ নাছিল৷ কিন্তু সেই একে সময়তে চৰকাৰে অসমত মদ অতি সুলভ হোৱাৰ সুবিধা কৰি দিছিল৷ এফালে আলাফাৰ নামত হোৱা সেনাৰ অত্যাচাৰ আৰু তাৰ বিপৰীতে হোৱা প্ৰতিবাদ আন্দোলন আদিৰ প্ৰভাৱত অসমৰ এটা প্ৰজন্মৰ কোনো দিশে বাট নোপোৱা এক অৱস্থা হৈছিল৷ দুৰ্বল অৰ্থনীতি, নিয়োগহীনতা আৰু ব্যৱসায়ৰ সুযোগ-সুবিধা নোহোৱা এনে পৰিবেশত হতাশাগ্ৰস্ত এটা চামে অতি সহজে সুৰাৰ কৱলত পৰিছিল৷ এসময়ৰ সাধাৰণ আদ্দাবোৰ লাহে লাহে সুৰাৰা আদ্দালৈ ৰূপান্তৰিত হৈছিল৷ লগে লগে বহু কম বয়সীয়া ল’ৰাও সুৰা আৰু জুৱাৰ চিকাৰ হৈছিল৷ বৰ্তমান সময়তো তেনে এচামক অসমৰ প্ৰায়বোৰ তিনি বা চাৰিআলিতে গধুলি বেলা বিচাৰি পোৱা অতি সহজ৷
যোৱা কেইটামান বছৰতহে অসমৰ পৰিৱেশ সামান্য সলনি হৈছে৷ অসমৰ ল’ৰাই অসমতে চাকৰি বা ব্যৱসায় কৰিবলৈ অলপ হ’লেও সাহস কৰিব পাৰিছে৷ বহু ল’ৰাই চাকৰি বিচাৰি বাহিৰলৈ গ’লেও আন বহুতে ঘূৰি গৈ ঘৰতেই কিবা কৰিম বুলিও ভাবিব পাৰিছে৷ গতিকে আমি সাৱধান হ’ব লাগিব যাতে আন্দোলন বা প্ৰতিবাদৰ নামত কোনো কাণ্ডজ্ঞানহীন কাম কৰি পুনৰ ৯০ দশকলৈ ঘূৰি নাযাওঁ৷ এনে হ’বলৈ হ’লে অসম আকৌ ২০-৩০ বছৰ পিছুৱাই যাব৷
গ) বৰ্তমানৰ সমস্যা: বৰ্তমান সময়ত প্ৰায়সকল লোকেই এই বিধেয়কৰ বিৰোধিতা কৰিছে৷ কিন্তু কেৱল বিৰোধিতা বা সমৰ্থনতেই আমাৰ দায়িত্ব শেষ হ’ব নেকি? আচলতে বিধেয়কখন বাতিল বা গ্ৰহণ হ’লেও আমাৰ খিলঞ্জীয়া অসমীয়া ৰাইজৰ বিপদ একেই আছে আৰু থাকিব৷ আমি এই দিশটোৰ পৰ্য্যালোচনা কৰি অহা দুই বা তিনিটা দশকৰ কাৰণে এতিয়াই কাৰ্য্যপন্থা থিৰাং কৰিব লাগিব৷ গতিকে বিষয়টো আমি তলত পৰ্য্যায়ক্ৰমে আলোচনা কৰিম৷
১) একাংশ বিৰোধীৰ মিথ্যাচাৰ: বিৰোধ কৰা লোকসকলৰ একাংশই আমাক কৈছে যে বিধেয়কখন আইন হ’লে বাংলাদেশৰ পৰা লাখ-লাখ বাংলাদেশী আহি আমাক গ্ৰাস কৰিব৷ এইটো এটা গোকাট মিছা কথা৷ বিধেয়কখন আইন হ’লে বৰ্তমানলৈকে (২০১৪) থকা একাংশ বিদেশীয়ে নাগৰিকত্ব পাব৷ যদি ২০১৪ চন শেষ সীমা কৰি দিয়া হয় ভৱিষ্যতে আহিবলৈও বৰ সুবিধাজনক নহ’ব৷ এইখিনিতে চৰকাৰক ভৱিষ্যতে সালসলনি নকৰাকৈ থকাৰ ক্ষেত্ৰত বিশ্বাস কৰিব পাৰিনে নোৱাৰি বুলি প্ৰশ্ন উঠিব পাৰে, কিন্তু মন কৰিব লাগিব যে এক বিশ্বাসৰ ওপৰতে ব্যৱস্থাটো চলি আছে৷ কিছুমান কথা পুৰ্বানুমান কৰা সম্ভৱ নহয়৷ ৰাইজে চৰকাৰক সন্দেহ কৰাৰ অধিকাৰ আছে৷ এই আইনখন বিভিন্ন কাৰণত বিৰোধ কৰিব পাৰি, কিন্তু একাংশ বিৰোধীয়ে কোৱাৰ দৰে কৰিলে নহ’ব৷ এওঁলোক ভেৰা ছাগলীৰ বেশধাৰী কুকুৰনেচীয়াও হ’ব পাৰে৷ এইখিনিতে তলৰ কথা কেইটা প্ৰাসংগিক হৈ পৰে:
i) এওঁলোকে মুছলমান বাংলাদেশীৰ ক্ষেত্ৰত এতিয়ালৈকে চুপ হৈ আছিল
ii) এওঁলোকে অসমত বাংলাদেশীৰ অস্তিত্বই নাকচ কৰিব খুজিছিল বা বাংলাদেশীৰ সংখ্যা অতি নগণ্য বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছিল৷
iii) এওঁলোকৰ বহুতৰ মূল উদ্দেশ্য ৰাইজৰ স্বাৰ্থতকৈ ৰাইজক উচটাই ৰাজ্যখন অস্থিৰ কৰি ৰখাহে হ’ব পাৰে৷
iv) “জনগণ মন” বা “বন্দে মাতৰম” গালে ধৰ্মভ্ৰষ্ট হোৱা বহু লোকে “জয় আই অসম” চিঞৰি ভাগৰি পৰা নাই৷
গতিকে অসমৰ ৰাইজে বৰ্তমান বাঘে-ছাগে একেটা ঘাটতে পানী খালেও এইসকল লোকক চিনি থোৱা ভাল৷ আৱেগ পৰিহাৰ কৰি ভৱিষ্যত কাৰ্য্যপন্থা নিৰ্ধাৰণ কৰাটো অতি আৱশ্যক৷
২) শাসক-সমৰ্থনকাৰীৰ মিথ্যাচাৰ: শাসক বা সমৰ্থনকাৰী সকলে আমাক কৈছে যে অসমত মুছলমান ধৰ্মী লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে আৰু অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বাংলাদেশী হিন্দুৰ আৱশ্যক৷ এইটোও এটা গোকাট মিছা কথা৷ মুছলমান জনসংখ্যা বৃদ্ধি পোৱা কিছু জিলাত জনগাঁঠনি পৰিবৰ্তন হোৱাটো সঁচা কথা৷ কিন্তু মনত ৰাখিব লাগিব যে অসমত থকা বহুসংখ্যক মুছলমান লোক অচলতেই অসমীয়া৷ কিছু সংখ্যক আছে যি বংগমূলীয় আৰু অসমীয়া হ’ব পৰা নাই৷ তাৰ বাদে যথেষ্ট সংখ্যক লোক অবৈধ লোক থকাৰ সম্ভাৱনা অছে৷ গতিকে সমস্যাটো কেৱল অসমীয়া বনাম মুছলমান বা হিন্দু বনাম মুছলমান কৰি পেলালে অধিক জটিল হৈ পৰিব৷
আমি ইতিহাসৰ পৰা যদি শিক্ষা লওঁ তেন্তে দেখিম যে নিজৰ ভিতৰৰ সমস্যা সমাধান কৰিবলৈ বিদেশী মান আনি আৰু তাৰ পিছত মানক খেদিবলৈ ব্ৰিটিছ সেনাক নিমন্ত্ৰণ কৰি আমি অসমীয়াই নিজৰ স্বধীনতা হেৰুৱাইছিল৷ গতিকে বাহিৰৰ পৰা বিদেশী আনি আমাক সুৰক্ষা নিদিলেও হ’ব৷
একে সময়তে চৰকাৰী পক্ষই আমাক কৈছে যে নাগৰিকত্ব সংশোধনীৰ কাৰণে আমাৰ কোনো সমস্যা নহয়৷ আমাৰো অনুমান হয় যে আচলতে বিধেয়কখনৰ প্ৰভাৱ অসমৰ ক্ষেত্ৰত বৰ বেছি একো নহয়৷ হয়তো NRC প্ৰক্ৰিয়াত বাদ পৰা ৪০ লাখৰ পৰা ১০ লাখমান লোক তাৎক্ষণিকভাৱে সোমাব পাৰে৷ গতিকে চৰকাৰে কোৱাৰ দৰে এইসকল বাংলাদেশী হিন্দুৱে আহি আমাক তথাকথিত মুছলিম আগ্ৰাসনৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে৷ কিন্তু এই বিষয়টো লৈ প্ৰয়োজনাধিক হুলস্থূল কৰি তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্য্যায়ত হিন্দুৰ ৰক্ষক বুলি ধৰাণাটো শক্তিশালী কৰি অহা নিৰ্বাচনত কিছু সুবিধা আদায় কৰিব পাৰিব৷ গতিকে বিধেয়কখন স্বীকৃতই হওক বা বাতিলেই হওক তেওঁলোকৰ কিছু হ’লেও সুবিধা হ’ব৷
৩) অসমীয়াৰ প্ৰকৃত বিপদ: আমাৰ দৃষ্টিত অসমীয়াৰ বিপদ ভৱিষ্যতে হ’বলৈ বাকী নাই৷ এই বিপদ ভৱিষ্যতে আহিবলগীয়া বাংলাদেশী হিন্দুৰ বাবে বা বাংলাদেশী হিন্দু নাহিলে হ’বলগীয়া মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ কাৰণে নহয়৷ আমি বুজিব লাগিব যে আমি ভৱিষ্যতে সংখ্যালঘূ হ’বলৈ বা ভৱিষ্যতে আমাৰ অস্তিত্ব বিপন্ন হ’বলৈ বাকী নাই৷ আমি ইতিমধ্যেই এই বিপদৰ মাজত জীয়াই আছোঁ৷ গতিকে আমি যিমান সোনকালে এই বিপদৰ গুৰুত্ব বুজি যথাবিহিত ব্যৱস্থা ল’ম সিমানেই আমাৰ কাৰণে মংগলজনক৷ বহুতে ভাবিছিল যে বিধেয়কখন আইন হ’লে বহু অবৈধ বিদেশীয়ে ভোটাধিকাৰ পাব আৰু তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিয়ে আমাক দুৰ্বল কৰি তুলিব৷ কিন্তু আমাৰ বিশ্লেষণ হৈছে যে বিধেয়কখন অহাৰ পূৰ্বেই ইতিমধ্যে বহু অবৈধ লোকে ভোটাধিকাৰ হৰস্তগত কৰিলেই৷ কেনেকৈ এই কাম সম্ভৱ হ’ল তাক আমি এনেদৰে বিশ্লেষন কৰিব পাৰোঁ:
i) আমি বহুতেই মানি লওঁ যে কংগ্ৰছৰ দীঘলীয়া শাসনকালত পৰ্যায়ক্ৰমে বহু বিদেশীক অসমত সংস্থাপন দিয়া হৈছিল৷ আমি ধৰি লওঁ যে তেওঁলোক মূলতে মুছলামন বাংলাদেশী বা আমাৰ প্ৰচলিত ধাৰণামতে তেওঁলোক তথাকথিত মিঞা৷ কংগ্ৰেছে দীৰ্ঘকালীনভাৱে এওঁলোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰা কথাটো সকলোৱে মানি লয়৷ এতিয়া আমি প্ৰশ্ন কৰা উচিত ভোটাধিকাৰ নহ’লে ভোটবেংক কেনেদৰে হ’ব পাৰিব? গতিকে আমি বুজিব লাগিব যে তেওঁলোকক কাগজে পাতিয়ে সকলো ৰাজনৈতিক অধিকাৰ দিয়া হৈ গৈছে৷ এনেদৰে অবৈধ লোকে ৰাজনৈতিক অধিকাৰ লাভ কৰাটা অতি বিপদজনক৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰখন হিন্দুত্ববাদী আৰু তেওঁলোকে একেই কাম পোনপটীয়াকৈ কৰিব খুজিছে, কিন্তু একেই কাম কংগ্ৰছে বহুদিন ধৰি ধৰ্মনিৰপেক্ষতাৰ মুখাখনৰ আঁৰত থাকি কৰিছিল৷ আমি এই কথাও মনত ৰাখিব লাগিব৷
ii) যেতিয়া এজন মানুহ নিজৰ ঠাইৰ পৰা বেলেগ এখন ঠাইলৈ প্ৰব্ৰজন কৰে তেওঁৰ প্ৰধান চিন্তা হয় কিদৰে এখন কাগজ যোগাৰ কৰিব পাৰি৷ গতিকে অসমলৈ এনদৰে অহা বহুতো লোকে একোখন কাগজৰ কাৰণে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰাটো অলপ অস্বাভাৱিক নহয়৷ অমাৰ দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাটোত তেওঁলোক এই চেষ্টাত সফল হোৱাটো তাতোকৈ স্বাভাৱিক৷
iii) আমাৰ বহু তথাকথিত মূলসূঁতিৰ অসমীয়াই সন্দেহ কৰাৰ দৰে যদি তথাকথিত মিঞাসকলে ৰাজনৈতিক অধিকাৰ লাভ কৰিব পাৰিছে, তেনেহ’লে একে পদ্ধতিৰে অবৈধভাৱে অহা হিন্দু বাংলাদেশীসকলেও এনে অধিকাৰ লাভ কৰাটো সম্ভৱ৷
iv) এইখিনিতে এটা প্ৰশ্ন উঠিব পাৰে যে NRC প্ৰক্ৰিয়াত যিহেতু বংশানুক্ৰমিক তথ্য ব্যৱহাৰ কৰা হৈছে, গতিকে বিদেশী কিদৰে সোমাব পাৰিব? হয়, কথাটো সঁচা, কিন্তু মন কৰিবলগীয়া যে এনে প্ৰক্ৰিয়াৰে হয়তো কিছু সংখ্যক লোকহে ধৰা পৰিব৷ গুৰুত্বপূৰ্ণ কথা হ’ল যে অসমলৈ অধিক প্ৰব্ৰজন ঘটিছিল ৯০ দশকৰ আগৰ কালছোৱাত৷ আনহতে অসমৰো বহু অঞ্চলৰ তথ্য প্ৰায় ১৯৬৬ চন মানৰ পৰাহে উপলব্ধ৷ তাৰ বপৰীতে আন বহু অঞ্চলৰ তথ্য ১৯৫১ চনৰ পৰা উপলব্ধ৷ যিহেতু আমাৰ লোকপিয়ল এক নিৰ্দ্দিষ্ট সময় বিৰতিৰ পিছতহে হয়, গতিকে কিছু অবৈধ লোকে স্থানীয় লোক বা ৰাজনৈতিক ব্যক্তিৰ সহযোগত ব্যৱস্থাটোৰ দুৰ্বলতাৰ সুযোগ লৈ নিজকে পঞ্জীয়ন কৰাটোও অসম্ভৱ নহয় (ধৰি লওক এজন মানুহৰ এজন পুতেকৰ ঠাইত তিনিজন হোৱা)৷ ১৯৫১ হওক বা ১৯৭১ হওক, বৰ্তমান কেইবাটাও প্ৰজন্ম পাৰ হৈ যোৱাৰ পিছত উৰহী গছৰ ওৰ পোৱাটো প্ৰায় অসম্ভৱ৷
ওপৰৰ আলোচনাৰ পৰা আমি বুজিব পাৰোঁ যে আমি ৰাজনৈতিভাৱে সুৰক্ষিত নহয়৷ আমি গুৰুত্ব দিবলগীয়া কথাকেইটা হ’ল:
· নাগৰিকত্ব সংশোধনী হওক বা নহওক, আমাৰ মাজত যথেষ্ট সংখ্যক অবৈধ লোক ইতিমধ্যেই বৈধ হৈ আছে৷
· যিহেতু চুবুৰীয়া দেশৰ লগত আমাৰ কোনো চুক্তি নাই গতিকে অবৈধ বিদেশীক বিতাৰণ কৰাৰ কোনো সহজ ব্যৱস্থা নাই৷
· যিহেতু আমাৰ সীমান্ত সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়, গতিকে এনে প্ৰব্ৰজন হৈ থাকিব৷ আজিৰ তাৰিখত যদি অসমত থকা সকলো বিদেশীকে নাগৰিকত্ব দি সমস্যাটো সমাধানো কৰা হয় তথাপ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments