নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬, এন আৰ চি, বাংলাদেশী আৰু অসমীয়া সাধাৰণ ৰাইজ – ড° মনোজ কুমাৰ ডেকা

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬, এন আৰ চি, বাংলাদেশী আৰু অসমীয়া সাধাৰণ ৰাইজ – ড° মনোজ কুমাৰ ডেকা

(১) মূলতঃ কি আছে এই বিধেয়কখনতঃ

(ক) স্বাধীনতাৰ সময়ত ধৰ্মৰ ভিত্তিত ভাৰতক দুটা খণ্ডত ভাগ কৰা হয়, এটা অংশ পাকিস্তান নামেৰে ইছলাম ধৰ্মৰ ওপৰত ভিত্তি কৰি ইছলামিক ৰাষ্ট্ৰৰ সৃষ্টি হয় আৰু এটা অংশ ভাৰত নামেৰে ধৰ্ম
নিৰপেক্ষ ৰাষ্ট্ৰ গঠন হয়৷
(খ) যিহেতু পাকিস্তান ইছলামিক ৰাষ্ট্ৰ হৈ গ’ল, গতিকে পাকিস্তানত থাকি যোৱা আন ধৰ্ম যেনে শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান, বৌদ্ধ আৰু হিন্দুৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলিছিল৷ জীৱন বচাবলৈ
অসংখ্য মানুহে পাকিস্তান ত্যাগ কৰে আৰু ভাৰতত শৰণাৰ্থী হিচাবে আশ্ৰয় লয়৷
(গ) ভাৰতে এই লোক সকলক আাশ্ৰয় দিবলৈ নৈতিক ভাবে বাধ্য আাছিল৷ “নাগৰিকত্ব আইন ১৯৫৫” আাছিল প্ৰথম পদক্ষেপ৷ গুৰিৰ মানুহ আাছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু৷
(ঘ) এই “নাগৰিকত্ব আইন ১৯৫৫” ৰ এক্ট ৫৭ ৰ এটা দফাৰ সংশোধন আৰু এটা দফা সংযোজন কৰিব বিচৰা হৈছে এতিয়া, তলত উল্লেখ কৰাৰ দৰেঃ

মূল “নাগৰিকত্ব আইন ১৯৫৫”:
“পাকিস্তান, পূব পাকিস্তান আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘু সকলক ১১ বছৰ ভাৰতত শৰণাৰ্থী হৈ থকাৰ পাছত ভাৰতীয় নাগৰিকৰ মৰ্য্যদা দিয়া হব৷”

সংশোধনঃ
“পাকিস্তান, পূৱ পাকিস্তান (বৰ্তমান বাংলাদেশ) আৰু আফগানিস্তানৰ সংখ্যালঘু সকলক ৬ বছৰ ভাৰতত শৰণাৰ্থী হৈ থকাৰ পাছত ভাৰতীয় নাগৰিকৰ মৰ্য্যদা দিয়া হব৷” (মানে ১১ বছৰৰ ঠাইত ০৬
বছৰ)

সংযোজনঃ
“২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত অহা কোনো শৰণাৰ্থীকেই আগলৈ নাগৰিকত্ব দিয়া নহব”

(এতিয়া কিমান চন চলি আাছে? ২০১৯ নহয় জানো? তেতিয়া হ’লে নতুন কেনেকৈ আাহিব? নতুনকৈ নহাৰ নিশ্চয়তা চৰকাৰে আাত্মবিশ্বাসেৰে দিব পাৰিব লাগিব)

(ঙ) বাংলাদেশৰ পৰা নতুনকৈ মানুহ অনাৰ কথা নাগৰিক সংশোধনী বিলখনত কতো উল্লেখ নাই৷ বৰ্তমানলৈকে৷

(২) এন আৰ চি

নানা ধৰণেৰে অতি সুপৰিকল্পিত ভাবে চপাই অনা হৈছে নেকি অসমৰ খিলঞ্জীয়া বাসিন্দাক! বহু অঞ্চললৈ আজি খিলঞ্জীয়া মানুহ যাব নোৱাৰা হৈছে, বহু অঞ্চলত থাকিব নোৱাৰা হৈছে৷ এনেকুৱা
অঞ্চলবোৰলৈ গ’লেই প্ৰাণৰ ভয় খিলঞ্জীয়াৰ! ব্যৱসায়তো দূৰৰ কথা, চৰকাৰী চাকৰি পৰ্য্যন্ত কৰিবলৈ যাব নোৱাৰা হৈছে এনেকুৱা অঞ্চলবোৰলৈ৷ প্ৰাণটো হাতৰ মুঠিত ৰাখি যাব লগা হয়৷ খিলঞ্জীয়া
জীয়াৰী-বোৱাৰীৰ ধৰ্ষণ-হত্যা যেন আজিৰ অসমত তেনেই সাধাৰণ কথা৷ ব্লেকমেইলিং, ডকাইতি, ভাবুকি ইত্যাদিত ত্ৰস্ত্ৰমান খিলঞ্জীয়া মানুহে আত্মহত্যা পৰ্য্যন্ত কৰিব লগা হোৱা খবৰ বৰ বেচি পুৰণি
নহয়৷ লকআপ ভাঙি অপৰাধীক মোকোলাই লৈ যোৱা, পুলিচক হত্যা কৰা, গাড়ী জ্বলাই দিয়াবোৰ একা! অৱশেষত মহামন্য উচ্চতম ন্যায়ালয়ে অসমৰ মানুহক, অসমৰ খিলঞ্জীয়াক বচাবলৈ বিচাৰি যি
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, চমুকৈ এন আৰ চিৰ উন্নীতকৰণ কৰাইছিল, তাকো যেন এতিয়া ভালুকৰ সাঙী যেনহে কৰিলে! খুব পৰিকল্পিত ভাবে খিলঞ্জীয়াৰ ৰক্ষাকৱচ স্বৰূপ, উচ্চতম ন্যায়ালয়ৰ মহান আশীষক,
অসমত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ শেষ (! ) সুযোগকণকো নিঃশেষ কৰি দিয়া হ’ল নেকি! বহু বিদেশী স্বদেশী হৈ যোৱাৰ বাতৰিবোৰ দেখি কি চৰকাৰ, কি জাতীয় সংগঠন কাৰোৰে মাত শুনা নাই৷
শুনা নাই সিংহনাদ বিদেশীৰ বিৰুদ্ধে৷ হয়, কোনো ভাৰতীয় নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিব নোৱাৰে, কিন্তু কোনো অবৈধ ভাৰতীয়ও বৈধ ভাৰতীয়ত পৰিণত হ’ব নোৱাৰাৰ
নিশ্চিতকৰণচোন ক’তোৱেই নাই!

(৩)
হিন্দু বঙালী সন্দৰ্ভত সাধাৰণ অসমীয়াৰ ক’ব লগা দুটা মান কথা সুধী সমাজৰ বিবেচনাৰ বাবে এৰিলোঃ
(ক) ইয়াণ্ডাবু সন্ধি সূত্ৰে বৃটিছে দখল কৰা অসমলৈ কেৰাণী-মহৰী কাম কৰিব অহা মুষ্টিমেয় বঙালী ভাষী মানুহে সমগ্ৰ বৃহত্তৰ অসমত বঙালী ভাষাক প্ৰতিষ্ঠা কৰি ল’লে৷ কিহৰ বাবে? হিন্দু ধৰ্ম
প্ৰচাৰৰ বাবে?
(খ) খ্ৰীষ্টান মিছনেৰীৰ সহযোগত কিছু সজাগ, অধ্যাৱসায়ী অসমীয়াই ঘূৰাই আনিলে হৃত অসমীয়া ভাষা৷ ক’তা, আমিচোন ক’তো কোনো তথ্য নাপাওঁ যে আধুনিক অসমীয়া ভাষাৰ বাবে কোনোবা
হিন্দু বা কোনোবা মুছলমানে কিবা সংগ্ৰাম কৰাৰ৷ নহয় জানো? সংগ্ৰাম কৰিছিল অসমীয়াই – ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে৷
(গ) আধুনিক ভাৰতৰ অংগ ৰাজ্য অসমত অসমীয়া ভাষাক ৰাজ্য ভাষাৰ মৰ্য্যদা দিবলৈ ৰাজপথত আন্দোলন কৰিবলগীয়া কাৰ কাৰণে হৈছিল? বঙালীভাষী মানুহৰ হেঁচা আৰু ষড়যন্ত্ৰৰ বাবে নহয়
জানো?
(ঘ) অসমত থাকি অসমৰ সকলো সা-সুবিধা লৈ বৰাকত অসমবিৰোধী কাৰু-কাৰ্য্য পূৰ্ণদ্যোমে চলি থাকে৷ মুকলিভাবেই৷ কিহৰ বাবে? হিন্দু ধৰ্ম প্ৰচাৰৰ বাবে?
(ঙ) অসমৰে শিলচৰৰ তপোধৰী ভট্টাচাৰ্য্যই (মনত ৰাখিব, এখেত অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য) পশ্চিমবংগত মুকলিভাবে অসমীয়া ভাষা বিদ্বেষ, অসমীয়া ভাষী আৰু খিলঞ্জীয়া অসমীয়াৰ মাজত
বিভেদ অনাৰ কুচকাৱাজ চলাই থাকে কি হিন্দু ধৰ্ম প্ৰচাৰৰ বাবে? নে বঙালী ভাষাক পুনৰ অসমীয়া আৰু খিলঞ্জীয়া অসমীয়াৰ ওপৰত জাপি দিবলৈ?
(চ) আপোনালোকে “লাভ-জেহাদ“ৰ কথাতো শুনিছে, “ভাষা-জেহাদ“ আছে অসমত৷ অসংখ্য হিচাপত৷
(ছ) আমি কোনো জাতি বিদ্বেষী নহয়৷ কিন্তু আমাক মষিমূৰ কৰিব বিচাৰিলে প্ৰতিবাদ কৰিমেই, প্ৰতিৰোধ গঢ়িমেই৷
(ঝ) প্ৰতিজন অসমীয়াই নিজক সোধক – “মই বিদেশীৰ দ্বাৰা অপমানিত হওঁ নে ৰাষ্টা-ঘাট-বজাৰত?” যদি উত্তৰ আপোনাৰ ‘হয়’, তেন্তে মনত ৰাখিব আাপুনি আপোনাৰ ঘৰৰ চাৰিবেৰৰ মাজতো
নিৰাপদ নহয়! আৰু এই ’হয়’টো ১০০ শতাংশ অসমীয়া আৰু খিলঞ্জীয়া অসমীয়াই ক’বলৈ আজি বাধ্য৷
(ঞ) মানুহৰ ‘নিজৰ’ বুলি কথা এটা আছে৷ যেনেকৈ ‘নিজৰ’ এখন ‘দেশ’ আছে, তেনেকৈ ‘নিজৰ’ এটা ‘প্ৰাণ’ আছে, কেৱল ‘নিজৰ’৷ ‘নিজৰ ঘৰ’, ‘নিজৰ গাওঁ’, ‘নিজৰ
ভাষা’, ‘নিজৰ কৃষ্টি’, ‘নিজৰ সংস্কৃতি’, ‘নিজৰ ৰাজ্য’ আছে৷ কেৱল ‘নিজৰ’৷ ‘নিজৰ’ বুলি ক’লেই আচলতে একাম্ত ব্যক্তিগত৷ আনৰ প্ৰৱেশ পৰ্য্যন্ত নিষিদ্ধ হ’ব পাৰে! ‘নিজৰ
ভালপোৱা’ যেনেকৈ একান্তই ব্যক্তিগত আৰু অতি মৰমৰ, ঠিক তেনেকৈয়ে ‘নিজৰ ভাষা, নিজৰ ৰাজ্য’ একান্তই ব্যক্তিগত আৰু পৰম মৰমৰ ‘নিজৰ ব্যক্তিগত’ পৰ্য্যায়ত৷ একান্তই আপোন আৰু
মৰমৰ বোৰৰ প্ৰতি ভাবুকি আহিলে প্ৰতিৰোধ কৰিমেই, প্ৰতিবাদী হ’মেই৷ ‘নিজক’ আৰু ‘নিজৰ’বোৰ বচাবলৈ কৰা সংগ্ৰাম অতি কঠোৰতাৰেও কৰিব লগা হ’ব পাৰে, কাৰণ Survival
of the fittest! মানুহ কি, যিকোনো জীৱিত প্ৰাণীৰে এয়া স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত স্বভাৱ৷

(চ) এটা উদাহৰণঃ

স্থানঃ কটন কলেজ
সময়ঃ ১৯৫৮
উপস্থিত ব্যক্তিঃ ৪জন
(সেই সময়ৰ)
ডি পি আই ড° হিৰণ্য কুমাৰ ভূঞা,
প্ৰিন্সিপাল হৰিশ চন্দ্ৰ গোস্বামী,
ৰজনীকান্ত শৰ্মা

“………চাৰ, এই কোঠাটোত থকা আমাৰ চাৰিওজনৰ পূৰ্বপুৰুষসকল এটা সময়ত অসমীয়াৰ লেখত নপৰিছিল৷ আহোম স্বৰ্গদেউসকলে তেওঁলোকক বিভিন্ন উদ্দেশ্যৰে ভাৰতবৰ্ষৰ নানা অঞ্চলৰপৰা আনি
অসমত থিতাপি লগাইছিল৷ তেওঁলোকে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰাৰ বাবে আজি আমি চাৰিও অসমীয়াৰূপেহে পৰিচিত৷ তেনেস্থলত সম্প্ৰতি আন ৰাজ্যৰ পৰা আনকি আন দেশৰ পৰাও আহি অসমত
বসবাস কৰিবলৈ লোৱাসকলে এতিয়া অসমীয়া ভাষা ৰাজ্যভাষা কৰাত বাধা দিলে আমি প্ৰত্যাহ্বান নজনাম কিয়?”

(লিখকঃ প্ৰদীপ বৰুৱা, উপস্থিত চাৰিজনৰ চতুৰ্থজন, কিতাপঃ স্বগতোক্তি, পৃষ্ঠাঃ ১১৩-১১৪)

(৪) ৰাজনৈতিক বাতাবৰণ

সাধাৰণ অসমীয়া মানুহে মাত্ৰ ধুঁৱলী-কুঁৱলী দেখিছে সৰ্বত্ৰ জাতি-বৰ্ণ নিৰ্বিশেষে৷ তথাপি ৰাজনীতিৰ পথাৰখনৰ দুটা কথা এতিয়া স্পষ্টঃ
(ক) অসমীয়া ৰাজনৈতিক নেতাই CAB, ২১০৬ ৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিব পৰা নাই আৰম্ভণিৰে পৰা৷ হিন্দু বঙালী নেতাই কিন্তু দপদপাই CAB, ২০১৬ ৰ সপক্ষে কৈ আছে দল নিৰ্বিশেষে৷
কাৰণ? কাৰণটো জনবল আৰু জনগাঠঁনি নেকি? এনেকুৱা নেকি যে অসমত অসমীয়াৰ কাৰণে এনেকুৱা এটা সমষ্টি নাই য’ত অকল অসমীয়া মানুহ সংখ্যাগৰিষ্ঠ৷ অসমীয়া মানুহৰ মাজে মাজে
যথেষ্টসংখ্যক বঙালী ভাষী মানুহ বহি গৈছে, আৰু সেইবিলাক ভোট হেৰুৱাৰ ভয়ত অসমীয়া নেতাবোৰৰ মুখৰ মাত নাই৷ আনফালে বঙালী অধ্যুষিত এলেকাত বঙালী মানুহ একক সংখ্যাগৰিষ্ঠ সম্পূৰ্ণৰূপে৷
এনেকুৱা অঞ্চলবোৰত অসমীয়াভাষী মানুহ প্ৰায় শূন্যৰ ঘৰত৷ সেয়ে বঙালীভাষী নেতাৰ দপদপনিৰ বিপৰীতে অসমীয়া নেতাৰ ওঁঠ মৌন, মুখৰ হৃদয় থাকিওঁ! ইয়াতকৈ জানো এটা জাতিৰ বাবে বেদনাদায়ক
ক্থা থাকিব পাৰে, নিজৰ ঘৰতে?

(খ) অসম বিজেপিৰ বহু নেতাই মুকলিকৈ হিন্দু বঙালী মানুহৰ সপক্ষে অৱস্থান লৈ অন্ততঃ দুই বিধ ভোটাৰ ৰাইজক ৰুষ্ট কৰি লৈছে, সেয়া হ’ল অসমীয়া ভাষী ভোটাৰ আৰু বঙালীভাষী মুচলন্ত
ভোটাৰ৷ এই দুইবিধ ভোটাৰক ৰুষ্ট কৰাৰ সাহসৰ ভত্তি হ’ল হিন্দু বঙালী ভোটাৰৰ একত্ৰীকৰণ৷ ইয়াতেচোন গণ্ডোগ’লখন লাগি যায়৷ ২০১৪ ৰ পৰা যদি হিন্দু হ’লেও কোনো বিদেশীৰ আগমন সম্ভৱ
নহয়, তেন্তে এটা ৰাজনৈতিক দলে এই আত্মহত্যা কৰিব কিয়? তাৰো কাৰণ দুটাঃ
(ক) হয় নতুন হিন্দু বাংলাদেশী মানুহ আনিব যিকোনো উপায়েৰে
(খ) নহয়, ২০১৪ লৈকে ইমানখিনি হিন্দু বঙালী মানুহ ইতিমধ্যে অসমত সোমাই থিতাপি লৈ লৈছে যে অসমীয়া মানুহ আৰু বঙালীভাষী মুচলন্ত মানুহৰ ভোট নহ’লেও চলি যাব!

আৰু এই দুয়োটা সম্ভাৱনাই আমাৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ বাবে আমি ভবাৰ দৰেই ভংয়কৰভাবে ক্ষতিকৰ৷

(৫) আমাৰ কথা

(ক) হিন্দু বাংলাভাষী মানুহ অসমীয়া ভাষাৰ বাবে ভয়ংকৰ৷ ইতিহাসে আমাক তাকে কয়৷ অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতি তেওঁলোকৰ সৰহ সংখ্যক লোকৰ ওচৰতে নিৰাপত্তাহীন, এয়া স্বীকাৰ নকৰি
নোৱাৰি৷ সেয়ে, অসমীয়া মানুহৰ আাবেগ-অনুভূতিক বাংলাভাষী হিন্দু (ভাৰতীয়) মানুহে বুজি পাব লাগিব৷
(খ) অসমত পুনৰাই বাংলা ভাষাৰ আগ্ৰাসন নাহিবৰ বাবে আাইনী ব্যৱস্থা কৰিব লাগিব৷ অকল আাশ্বাস নহয়, আইন লাগিব৷ অসমৰ বহু জিলাত আজি দোকান-ৰেল ষ্টেচনত মুকলিকৈ বঙালী ভাষাত
ফলক লগোৱা কথাও পেলাই দিলে নহ’ব৷
(গ) ভয়ংকৰ কথাটো হৈছে CAB, 2016 ৰ সম্পূৰ্ণ সুযোগ লৈ আছে বাংলাদেশী মুছলমানে৷ CAB, 2016 ৰ আন্দোলনৰ আঁৰত কৌশলেৰে লুকাই দিয়া হৈছে NRC ক৷ বিদেশী (হিন্দু)
খেদিবলৈ বিদেশীয়ে (মুছলমান) খুলি লৈছে জাতীয় (? ) সংগঠন৷ “ভাষা“ ৰক্ষাৰ নামত “অসমীয়া“ক ব্লেকমেইলিং কৰি আছে বাংলাদেশী মুছলমানে৷ দৃষ্টিকটূ ভাবে সাহস বৃদ্ধি পাইছে “অসমীয়া“ক
“অসমিঞা“ কৰিব বিচৰাৰ “এজেণ্ডা“ লৈ থকাবোৰৰ৷

(ঘ) আহ্বানঃ
সকলোৱে কথাবোৰ ভাবক, কি কৰিলে উচিত হ’ ব৷ নিজৰ সন্তানক ‘অসমীয়া’ পঢ়াওঁক৷ অসমীয়া মানুহে অসমীয়া নাজানিলে-নপঢ়িলে-নক’লে কোনে কৰিব! ‘ৰ’ ক আমি ‘ৰ’ ও কৰি
ৰাখিব লাগিব৷ লগতে ‘অসমীয়া’ হৈ থাকিব লাগিব, ‘অসমিঞা’ নহয়৷ কি ৰাজনৈতিক নেতা, কি দল-সংগঠন, কি ব্যক্তিগত পৰ্য্যায় – সকলোৱে সকলো ক্ষেত্ৰতে সজাগ নহ’লে, আমাৰ বিপদ
অনিবাৰ্য্য৷

‘কাশ্মিৰী পণ্ডিত’ৰ দশা আৰু ‘ত্ৰিপুৰী’ৰ দশাই আমাক কিন্তু একেলগে চুব আহি আছে৷
অ’ অসমীয়া, সজাগ হ’! ■ ■
———————-
(লেখাটো সম্পূৰ্ণ ব্যক্তিগত মতামত, ইয়াৰ লগত লেখকৰ পদবী আৰু কাৰ্য্যালয়ৰ কোনো সম্পৰ্ক নাই)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অভিজিৎ
1 year ago

একেবাৰে সচা কথা লিখিছে ! আমিবোৰ সজাগ হ’বৰ হ’ল নহয়ে কোৱোবা বিদেশী আহি আমাৰ বৰ ঘৰত সোমাবহি!

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক