নাটকত অভিনয় -(প্ৰতিম প্ৰতাপ বৰুৱা )

(সম্পাদকীয় টোকাঃ অকব-ত প্ৰতিম প্ৰতাপ বৰুৱা ডাঙৰীয়াই এটা বিশেষ প্ৰশ্ন উত্থাপন কৰিছিল৷ তাৰে নিৰ্বাচিত অংশ ইয়াত তুলি দিয়া হ’ল৷)

প্ৰতিম প্ৰতাপ বৰুৱা : অ.ক.ব.ৰ ৰাইজৰ কোনে কোনে নাটকত অভিনয় কৰি পাইছে ? আৰু ভাওনাত কোনে কোনে ভাও লৈ পাইছে ?
মই নাটকো কৰি পাইছোঁ আৰু ভাওনাও কৰি পাইছোঁ | জীৱনত মদ মুখত দি পোৱা নাই | কিন্তু মদাহী মানুহৰ অভিনয় ভালকৈ কৰিব পাৰো বুলি অসমৰ এজন আগশাৰীৰ মঞ্চ-অভিনেতাই কৈছিল | এবাৰ যোৰহাটত পঢ়ি থাকোতে এখন নাটক কৰিছিলো | পুলিচ হৈছিলো | নাটকত চিগাৰেট এটা খাব লাগে | ৰিহাৰ্চেলত এনেয়ে চলাই দিলো | নাটকৰ দিনা মঞ্চত চাৰমিনাৰ চিগাৰেট এটা লৈ এটান মাৰিছোঁহে, চৰ্চণি এটা খাই নাকে-মুখে ধোঁৱা বাহিৰ হৈ গ’ল | তাৰ পিছত আকৌ দুটামান কথা কৈ পিষ্টলটো উলিয়াই এটাক গুলীয়াম বুলি ক’ব লাগে | চৰ্চণিটো শেষ কৰিবলৈ উশাহ বন্ধ কৰি জোৰে জোৰে সেপ ধুকিছিলো | তাৰ পিছত মাতটো টানকৈ উলিয়াই পিষ্টলটো টোঁৱাই লৈ ভাবুকি দিছিলোঁ |
মোৰ কিন্তু নাটকতকৈ ভাওনা বেছি ভাল লাগে | ৰাসো ভাল লাগে | এবাৰ শিৱসাগৰৰ আমাৰ নামঘৰত পতা ৰাসত মই পৰিচালকৰ সহায়কাৰী হিচাপে কাম কৰিছিলো | গোটেই ৰাসখনৰ বেছিভাগ বচন মুখস্থ হৈ গৈছিল |
অ.ক.ব.ৰ ৰাইজৰ নাটক আৰু ভাওনাৰ অভিজ্ঞতা জানিবলৈ মন গৈছে |

পলাশ বৰা : ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে ৰাসত কৃষ্ণ হৈছিলোঁ, অষ্টম শ্ৰেণীত থাকোতে গাঁৱৰ ভাওনাত অভিনয় কৰিছিলো| ৰাস আৰু ভাওনাৰ প্ৰতি এতিয়াও টান এটা অনুভৱ কৰো| উজনি অসমৰ ৰাসৰ স্বাদেই সুকীয়া| অৱশ্যে বহুদিন সেইবোৰৰ ৰসাস্বাদনৰপৰা আঁতৰি থাকিবলগা হৈছে…|

জ্যোতিৰ্ময় শৰ্ম্মা :  নাটক, ভি চি ডি দুখনমান আৰু দুৰদৰ্শনৰ চিৰিয়েলত অভিনয় কৰি পাইছোঁ | ভাওনা কৰি পোৱা নাই | গোটেইবোৰ অভিজ্ঞতা লিখিলে মহাকাব্য হ’ব ! লিখিম কিন্তু !

ৰাজীৱ ৰঞ্জন : মই নাটকত অভিনয় কৰিছোঁ কেইবাবাৰো। সৰুতে অৰুণ নাথ চাৰৰ পৰিচালনাত তেজপুৰৰ পৰা নগাওঁ জিলা পুথিভৰালত ‘হাতী আৰু ফান্দী’ নাটকখন কৰিছিলোঁ। মই আছিলোঁ ‘নিতাই’।

দীপাংকৰ ভাগৱতী : ভাওনাত পোৱা নাই | একাংকিকা নাটক আগতে বহুত কৰিছিলোঁ | বহুদিন সম্পৰ্ক নাই |

অংশুমান বৰা : মই অষ্টমমান শ্ৰেনীত থাকোতে অসুৰৰ পুতেক হৈছিলোঁ । মানে….. গেষ্ট এপিয়েৰেন্স 🙂

ৰাজীৱ ৰঞ্জন : ভাওনাত এবাৰ গাঁৱত কৃষ্ণৰ ভাও দিব কৈছিল। আখৰাত প্ৰথমদিনা নাচিলোঁ দেখুৱাই দিয়া মতে। পাছৰদিনা নামঘৰত অলপ মানুহ সৰহকৈ আহিল আখৰা চাবলৈ। চাৰিওফালে মানুহদেখি যিটো কপঁনি উঠিল, সেইদিনাই ভাওনাৰ সমাপ্তি ঘটিল আৰু মোৰ। 🙂

বিকাশ দাস : নাটক ভাওনা আদিত ভাগ লোৱা সুযোগ নাপলো । মই মাত্র এবাৰ সমবেত সংগীত গাইছিলোঁ মঞ্চত।।

চাও দীপাংকৰ বৰুৱা : নাটকৰ অভিনয় কৰিবলৈ গৈ প্ৰথমবাৰ ষষ্ঠ শ্ৰেণীত বিদ্যালয় সপ্তাহৰ প্ৰতিযোগিতাত চেষ্টা কৰিছিলো কিন্তু সফল নহলোঁ । আকৌ এবাৰ নৱমমানত এটা চেষ্টা কৰি চাইছিলোঁ তাতো বিশেষ উন্নতি নহ’ল । আচৰিত কথা এয়াই যে মঞ্চৰ সন্মুখত অভিনয়ৰ ক্ষেত্ৰখনত মই যিমানেই অসফল তাৰ তুলনাত মঞ্চৰ পিছফালেহে বেছি সফল (মানে ঘোষকৰ তথা শব্দযন্ত্ৰীৰ কামফেৰাত )। অৱশ্যে বিদ্যালয়ৰ দিনৰে পৰা মোৰ অভিনয়তকৈ আঁত ধৰা বা ঘোষকৰ কাম আৰু ছাউণ্ড ছিষ্টেমৰ বিভিন্ন কামবোৰৰ প্ৰতিহে আগ্ৰহ বেছি আছিল। কলেজীয়া সমযখিনিত আকাশবাণী ডিব্ৰুগড়ৰ যুৱবাণীত প্ৰচাৰিত হোৱা সংগীতালক্ষ্যতহে অভিনয়ৰ ক্ষেত্ৰত প্ৰথম তাৰিফ পাইছিলো ।

বিকাশ ভূঞা : নাটকত অভিনয় কৰি পোৱা নাই,পিছে ভাওনা দুবাৰমান কৰিছিলোঁ।
প্রথম অভিজ্ঞতা সৈন্য……:)

দিগন্ত কুমাৰ ভট্টাচাৰ্য্য : ইঞ্জিনিয়েৰিঙৰ শেষৰ ছেমিষ্টাৰ| কলেজ সপ্তাহ| হোষ্টেলৰ পৰা নাটক কৰিব লাগে| ৰাজীৱ ক্ৰ’ (‘খিচিৰি’ খ্যাত) দা’ৰ পৰা নাটক এখন আনিলোঁ| ‘ওম আমাৰ দেশৰ ৰজা’| তেৱেই লিখা| সুন্দৰ বংগ্য নাটক| ৰাজীৱ দা’ই ৰাতি ৰাতি হোষ্টেললৈ আহি শিকালে আমাক| প্ৰথমতে মই কৰিম বুলি ভৱা নাছিলোঁ| পিছত কৰিব লগা হ’ল| মদাহীৰ চৰিত্ৰ| নাটক কৰিবলৈ গৈ খুব টেনশ্যন খালো| কিন্তু ভালেই হ’ল| বিচাৰক আছিল নাট্যকাৰ অৱতাৰ সিং আৰু দুজন| পিছত ‘বেষ্ট এক্টৰ’ ময়েই পালোঁ 🙂 আমাৰ অজয় লাল তেতিয়া সাংস্কৃতিক সম্পাদক আছিল| দুদিনমান পিছত ৰাজীৱ দাই এদিন হেঙেৰাবাৰীৰ ৰাস উৎসৱত সেইখন নাটক কৰিব লৈ গৈছিল| কিন্তু তাৰ পিছত আৰু নাটক কৰা নহ’ল|….

আদিত্য ৰঞ্জন দত্ত : ভাওনাত ফুচুৰি দি কোনে কোনে পাইছে বাৰু..!

নিবিৰ জোনাক : নাটকৰ চখ সৰুৰে পৰাই আছিলে, ভাবিছিলোঁ ইঞ্জিনিয়াৰিং নকৰিলে ৰাষ্ট্রীয় নাট্য বিদ্যালয়ত যাম পঢ়িবলৈ…..কিন্তু বিধিৰ বিপাক….এতিয়াও চখতো আছে কিন্তু।

অঞ্জলী সোণোৱাল : মোৰো কওঁ কওঁ লাগিছে । নাটকত ভাগ লৈছিলোঁ। নাটক কেইবাখনো কৰিছিলোঁ ।ডিব্রুগড় কানৈ কলেজত একেলেঠাৰিয়ে দুবাৰকৈ বেষ্ট এক্ট্রেছ পাইছিলোঁ ।তৃতীয় বাৰত মোৰ বান্ধবীয়ে (বৰুৱা উপাধিৰ একে নামৰ) মাত্র এষাৰী বাক্যৰে অতি সুন্দৰ অভিনয়ৰে সেই বছৰ বেষ্ট এক্ট্রেছ হৈছিল ।আজি তাই আৰু নাই। পিছৰ কথা খিনি এই বাবেই লিখিলোঁ -বান্ধবীৰ সন্তানে যদি গম পায় যে এতিয়াও সিহঁতৰ মাকক কোনোবাই মনত ৰাখিছে ,নিশ্চয় ভাল পাব । তাই কলেজৰ বেষ্ট ছিংগাৰো আছিল ।

বিদুল বৰুৱা : সৰুতে নামঘৰত কাহিলি পুৱা হোৱালৈকে ভাওনা চাই বিৰল আনন্দ পোৱাৰ কথা মনত পৰে। মনত থকা প্রথম ভাওনা খন আছিল যুধিষ্ঠিৰৰ স্বৰ্গ যাত্রা। অন্যহাতে হাইস্কুলীয়া দিনত নবম শ্রেণী লৈকে একাংকিকা নাটক কৰি আমাৰ গ্রুপটোৱে প্রথম পুৰস্কাৰ পোৱাৰ কথা মনত আছে। কলেজৰ প্রথম বাৰ্ষিকত ঐতিহাসিক ডিফু ক্নাৱত প্রখ্যাত নাট্যকাৰ প্রফুল্ল বৰাৰ ‘সময়” নাটক খনৰ জীৱন বৰুৱাৰ মূল চৰিত্রটোত অভিনয় কৰি বৰ আনন্দ পাইছিলোঁ।

পংকজ বৰা : স্নাতক পৰীক্ষা দি উঠি ঘৰত আছিলোঁগৈ৷ কেইদিনমান পাচতে দিল্লীলৈ যামগৈ৷ গাঁৱৰ নামঘৰত বাৰখেলীয়া আঞ্চলিক শংকৰোৎসৱ পাতিছে৷ ৰাইজে জোৰ জবৰদস্তি দি ধৰিলে “এনেই নেথাকই গাঁৱৰ উৎসৱে পাৰ্বনে, এইবাৰ পৰীক্ষা দি উঠি ঘৰত আছহি যেতিয়া ভাও এটা ল’বই লাগিব৷” গ’লো নাট মেলালৈ৷ এইবাৰ দক্ষ-যজ্ঞ নাট৷ গুৱাহাটীত পঢ়া ল’ৰা, সৰু-সুৰা ভাও দিলে হ’বনে৷ নাই মেইন পাৰ্টটোকে ল৷ দিলে নহয় মোক দক্ষ ৰজাৰ ভাও৷ এতিয়া ডাঙৰ কথাটো হ’ল ভাওনাত চশমা পিন্ধিটো ওলাব নোঁৱাৰি৷ ল’ৰালৰিকৈ গৈ কন্টেক লেন্স লোৱা হ’ল (বহুদিন ব্যৱহাৰ নকৰাকৈ থকাত আগৰ জোৰৰ ম্যাদ ইতিমধ্যে উকলি গৈছিল)৷ ভাওনাৰ দিনা ৰাতিপুৱাৰ পৰা খালী পেট৷, নামঘৰত শৰাই ৷ ভয়ো লাগিছে৷ মই ভাও লোৱা বুলি শুনি মিটিৰ-কুটুম্বৰ মানুহ কিছুমানো আহিছে৷ লগৰ কেইটামানে হেনো লাইটিঙৰ চমক দিব, ভাওনাত লাইটিং৷ ড্ৰেছ-ভাণ্ডাৰৰ মালিকজনে হেনো নতুনকৈ ড্ৰেছ এজোৰ বনোৱাইছে, একদম চকাচক্৷ এইবিলাকলৈকে সব থিকেই আছিল৷ সমস্যা হ’ল ভাওনাৰ দিনা চোঁঘৰত৷ কোনোবাই ধূতিখন (মাহীৰ নে কাৰ ভাগৰ শাৰী আছিল) পিন্ধাই দিলে৷ ১০-১৫ মিনিটৰ মূৰে মূৰে সৰুপানী চুব লাগে৷ পিন্ধাইহে মোৰ খুলিবৰ হয়েই৷ শেষত আৰু চুৰীয়া পিন্ধোৱা ককাইদেউজনে গালি পাৰিবলৈ আৰম্ভ কৰিলে৷ মই দমটো বঢ়াবলৈ চেষ্টা কৰিলো৷ এইবাৰ সমস্যা হ’ল মোৰ শৰীৰৰ আকাৰ লৈ৷ তেতিয়া মই তেনেই খীণ-মীণ, যেনে তেনে ‘টু ডাইমেনছনেল এনটিটি’ আছিলো৷ ৰজা ইমান খীণ-মীন হ’লে কেনেকৈ চলিব, ৰাজাতকৈ দেখোন মোঁচ কোঁচাৰে অৱয়ব ডাঙৰ৷ মামাককাৰ ল’ৰা এটাৰ মূৰত বুদ্ধি খেলালে, দৌৰি গৈ তাৰ ঘৰৰ পৰা কুচন দুখন লৈ আহিলে৷ এখন পেটত, আনখন পিঠিত৷ বচ, তাৰ ওপৰত পিন্ধাই দিলে ড্ৰেছ৷ ওলালো ভাওনাত, কুচনকেইখনৰ কৃপাত চেহেৰাৰ শ্ৰী বৃদ্ধি হ’ল, গৰমত ঘামি-জামি অৱস্থা নাই৷ অৱশ্যে ভাওনা ভালে ভালেই পাৰ হ’ল৷ কেইজনমানে ভাওত মুগ্ধ হৈ চোলাটোত ১০ টকীয়া নে ৫০ টকীয়া নোট কেইটামানো গাঁঠি দি আশীৰ্বাদ কৰিছিল৷ নাটকত বহুবাৰ অভিনয় কৰিছো, শিশু অৱস্থাত জ’কাৰ, ৰং আদিৰ পৰা ধৰি স্কুলৰ বাৰ্ষিক অধিৱেশনৰ নাটক, আৰু কেইবাৰমান স্থানীয় নাট্যসমাজৰ হৈ অসম ভিত্তিক নাট প্ৰতিযোগিতাতো অংশগ্ৰহন কৰিছোঁ৷ কিন্তু নামঘৰত দক্ষ ৰজাৰ ভাও লোৱা সেই স্মৃতি আজিও অবিস্মৰণীয় হৈ আছে৷ লেখা-পঢ়া বৰকৈ নজনা গাঁৱৰ বায়েন দাইটিহঁতৰ পৰাও ইমান শিক্ষা লাভ কৰিছিলোঁ যে পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় ডাঙৰ ডাঙৰ সভাত বক্তৃতা দিয়াৰ সময়ত আজিও ১০০% ‘কনফিডেন্স লেভেল’ অটুত থাকে৷ ষ্টেজৰ নাটকতে হওক বা কনফাৰেন্সত লেকচাৰ দিয়াৰ সময়তে হওক এফালেহে শ্ৰোতা-দৰ্শক থাকে, ভাওনাত চাৰিওপিনেই দেখোন থাকে৷ ‘মঞ্চভয়’ (Stage fright) দূৰ কৰি আত্মবিশ্বাস অটুট ৰখাত আজিও কিজানি মোক গাঁৱৰ ভাওনাৰ সময়ৰ সেই শিক্ষাই সহায় কৰি আহিছে৷ এনে শিক্ষা, কোনো মহাবিদ্যালয় কিম্বা বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাত শিকা নাই, সেইয়া শিকিছোঁ নামঘৰত মোৰ গাঁৱৰ চহা লোকৰ পৰা৷

মনজিত্‍ নাথ : মোৰো আছে, মোৰো আছে -:) নবম আৰু দশম শ্রেণীত দুবছৰৰ বাবে মই আমাৰ বিদ্যালয়ৰ Best Actor | প্রথমবাৰ হৈছিলোঁ মহাত্মা গান্ধী; আৰু এটা ধুনীয়া ৰোল আছিল – মই পুলিছ ইন্সপেক্টৰ আৰু এটা ছোৱালী হোষ্টেলত চৌৰ্য্যকাৰ্য্যৰ অনুসন্ধান কৰিব লাগে | ১২ জনী ছোৱালী আৰু মই অকলে ল’ৰা |

হিমজ্যোতি তালুকদাৰ : ময়ো কৰিছোঁ, ময়ো কৰিছোঁ। সৰুতে স্কুলত পঢ়ি থাকোতে এবাৰ এজোপা গছৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। এনেই ষ্টেজত ৰখি থাকিব লাগে মানে আৰু! 😛

দিগন্ত শইকীয়া : সৰুতে কৰিছিলোঁ নাটকত, ভাওনাত কৰি পোৱা নাই ৷

ডা: অৰূপ দাস : সৰুৰে পৰা কেইবাখনো নাটক কৰিছোঁ। পুলিছ, মদাহী, বুঢ়া, বেঙা সকলো চৰিত্রতে অভিনয় কৰি কৰিলোঁ আৰু জীৱনৰ শেষ সময়ছোৱাত আনকি মুখ্যমন্ত্রীওঁ হলোঁ, বুইছেনে। কিন্তু কামহে একো কৰিব নোৱাৰিলোঁ, দুখটো থাকি গ’ল। ভাওনা আজিলৈকে কৰি পোৱা নাই, কাৰণ আমাৰ নামনি অসমৰ পিনে ভাওনা খুব কমহে হোৱা দেখা যায়।

সুব্ৰত গগৈ : নামনি অসমৰ ফালে ৰাস মানে মূর্তিৰ প্রদর্শনীহে হবলা? মোৰ লগৰ নলবেইৰা কেইটাই ৰাস চাবলৈ গৈছো বুলি কৈ দেখোন থিয়েটাৰহে চাই আহে।

 

মিতালী বৰ্মন : নাটকৰ নামত এতিয়ালৈ দুবাৰ মঞ্চত উঠি পাইছোঁ৷ এবাৰ অষ্টম শ্ৰেণীত আৰু আনবাৰ স্নাতক,১ম বৰ্ষত৷ অষ্টম শ্ৰেণীত কৰা নাটকখনৰ নাম আছিল “বানপানী”৷ মই নাটকখনত থকা আইতাগৰাকীৰ ভাও দিছিলোঁ৷ সেইখন নাটকে ২য় পুৰষ্কাৰ পাইছিল৷ আনখনৰ নামটো কি আছিল মই পাহৰিলোঁ৷ চৰিত্ৰ মাথোঁ চাৰিটা আছিল৷ মই পাগলীৰ ভাও লৈছিলোঁ আৰু বিচাৰকৰ বিশেষ বঁটা পাইছিলোঁ 🙂 সেইদিনবোৰত ফটোষ্টেট ইমান জনপ্ৰিয় নাছিল৷ সেয়ে চাৰিজন বিচাৰকৰ বাবে চাৰিটা কপি আৰু আমাৰ বাবে এটা, মুঠ পাঁচটা কপি—এই আটাইবোৰ দিস্তা কাগজৰ দুয়োফালে ঠাই এৰি চাফ-চিকুণকৈ নিজ হাতেৰে লিখা হৈছিল৷

প্ৰণৱ জ্যোতি দাস : ভাওনা কৰিছো সৰুতে আৰু স্কুলত থাকোতে খুব কৌতুক অভিনয় কৰিছিলোঁ। পুৰস্কাৰো পাইছোঁ। মোক কিন্তু সৰুতে ছোৱালীৰ ভাওহে দিছিলদেই।

অঞ্জল বৰা : মোৰো নাটকৰ অভিজ্ঞতা আছে৷ সবিশেষ ইয়াত পাব৷ https://www.facebook.com/groups/axomiyakothabotora/doc/418910088161493/

দীপুল হালৈ : ম‍ই নৱম মানত “সাপ” নামৰ এখন একাংকিকা নাটকত বিদ্যালয় সপ্তাহত অভিনয় কৰিছিলোঁ আৰু হৰিহৰৰ যুদ্ধ নামৰ ভাওনাত এজন মুনীৰ ভাৱ লৈছিলোঁ|এয়াই মোৰ অভিনয়ৰ ইতিকথা |

ৰক্তিম গোস্বামী : পূৰ্ণদৈৰ্ঘ্য, চুটি নাট, মুকাভিনয়, ব্যংগনাট সকলোৰে স্বাদ অলপ অলপ লৈছোঁ। শিশু শিল্পী হিচাবে সূৰ্য্য বৰা নাট সমাৰোহতো ভাগ লবলৈ সুযোগ পাইছোঁ। মুকাভিনয়, ব্যংগনাট আদি কলেজৰ হৈ যুবমহোৎসবত ভাগ লওতে কৰিছিলোঁ |

নিবেদিতা হাজৰীকা : নাটকৰ কৰাৰ মাদকতাই বেলেগ, আখৰা আৰম্ভ হোৱাৰ পৰা নাটক শেষ হোৱালৈকে বহু ধৰণৰ অভিজ্ঞতা হয়। পিচত সেইবোৰ মনত পেলাই ভাল লাগে।
ভাওনাৰ ক্ষেত্ৰটো তেনে…আমাৰ বঙাইগাওঁ শোধনাগাৰ নামঘৰত ভাওনা কেইবাবাৰো কৰা হৈছে। যোৰহাট, তেজপুৰ আদিৰ পৰা পৰিচালক অনা হয় প্ৰায় এমাহ মানৰ কাৰণে। যোৰহাট, শিৱসাগৰ, নগাঁও, বৰপেটা, নলবাৰী, গুৱাহাটী আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে ভাওনাত ভাগ লোৱাৰ লগতে বড়ো, ৰাজবংশী বন্ধু সকলেও ইয়াত ভাগ লৈছে। ইয়াৰ মাজত বেছিভাগেই ভাওনা ইয়াতেই প্ৰথমবাৰ দেখা বুলি কয়, আৰু খুৱ আগ্ৰহেৰে সোমাই পৰিবলৈ চেষ্টা কৰে।

ধীৰাজ কলিতা : একাংকিকা নাটক ৪ খন কৰিছো | এখন নাটকত ২০ মিনিট মান বাঁহৰ চাঙীৰ ওপৰত বগা কাপোৰৰে ঢাকি শুৱাই থৈ দিছিল | এচিকুটো  ইফাল সিফাল হব নোৱাৰি | মঞ্চত মহৰ কামোৰ, দৰ্শকৰ চিঞৰ, কি যে অশান্তি | নাটক শেষ নহয় নহয় যেন লাগিল | সেই শাস্তিৰ কথা নাপাহৰোঁ |অভিনয়ৰ কষ্টৰ বাবে বিচাৰকে নিজৰ ফালৰ পৰা নিচুকনি বটা দিলে |

পঙ্কজ কুমাৰ নেওগ : নাটক খুউব কমেই কৰিছো । কিন্তু ভাওণা, হিচাপ নোলাব কিমান গাইছোঁ |

দিগন্ত যাদৱ শৰ্ম্মা : স্কুলৰ তলৰ শ্রেণীত তিনিখন নাটক কৰিছিলোঁ । ইয়াৰে দুখন এলি আহমেদৰ আছিল । তেখেতে শিকাইছিলো এদিন আহি । আমাৰ স্থানীয় বিহু আৰু পূজাৰ মঞ্চত । এখনত এবাৰ চানাচুৰৱালা হৈছিলোঁ । কি যে কাৰবাৰ, মঞ্চৰ ওপৰতে কাগজৰ  ‘পেকেট’ বোৰ পৰি যোৱাত বৰ ‘নাৰ্ভাচ’ হৈছিলো ।…বুটলি নোলোৱাকৈ অভিনয় কৰি গৈছিলোঁ । খোকোজা লাগিছিল ।  এবাৰ আকৌ পঞ্চতন্ত্রৰ সাধু এটাত শিয়াল হৈ শাৰী পিন্ধিব লগীয়া হৈছিল । পিছত মঞ্ছত উঠাত লগৰ বোৰৰ চিঞৰত লাজ লাগিছিল । সেইবোৰ এতিয়া এক ‘নষ্টালজিয়া’ ।
এখন নাটক গুৱাহাটী অনাতাৰ কেন্দ্রতো কৰিছিলোঁ । উচ্চতৰ মাধ্যমিকত কটনত এখন নাটকত পুলিচৰ ‘ৰিহার্ছেল’ কৰিছিলোঁ, কিন্তু অসুবিধাবশত কৰাৰ সৌভাগ্য নহ’ল ।
কি যে মধুৰ অভিজ্ঞতা এইবোৰ ।  প্রতিম প্রতাম বৰুৱা, কথাখিনি আকৌ মনত পেলাবলৈ সুবিধা দিয়াত আপোনাক ধন্যবাদ…

ৰিতু ৰাজ :  অসমত থকা সময়ত নাটক আৰু ভাওনা দুয়োটাই কৰিছিলোঁ । এতিয়া ভালেমান বছৰ হ’ল, সম্পর্ক নাই, মাত্র আছে স্মৃতি ।।

সুৰজিত্‍ নেওগ : মিছা ক’লে কিডাল হ’ব ? মই নাটক বেয়াও নাপাওঁ ভালো নাপাওঁ, কাৰণ বহুতো । অতিসম্প্রতি ‘ঈছৰৰ দিনলিপি’ খনেই মই চোৱা শেষ নাটক । সময়ৰ (ইচ্ছা !!) অভাৱত বছৰত এখন বা দুখন নাটক চোৱা হয় । থিয়েটাৰ চাৰিবছৰ মান আগতেই চাইছিলোঁ, বৰ মহৰ খালো বাবে পুনৰ যাবলৈ সাহস গোটাব পৰা নাই । অৱশ্যে মই যে কেতিয়াও নাটক কৰি পোৱা নাই এনে নহয়; সপ্তম মান শ্রেণীলৈকে বেছ নিয়্মীয়াকৈ নাটক কৰিছিলো, স্কুলত আৰু স্থানীয় মইনা পাৰিজাতৰ হৈ । পিছে জমনি কথাটো আছিল এইযে মই কস্মিন কালেও নাটক কৰি আনন্দ (enjoy) পোৱা নাছিলোঁ । মোৰ নাটক কৰাৰ ভাগ্য (সৌভাগ্য নে দুৰ্ভাগ্য সঠিক কৈ ক’ব নোৱাৰিম) হৈছিল সদায় 12th man হিচাবেহে .. মানে কাৰোবাৰ নহয় কাৰোবাৰ লাষ্ট  মিনিট ৰিপ্লেচমেন্ট হিচাবেহে মই নাটকত অভিনয় কৰিছিলোঁ । গতিকেই ৰাইজ গম পাইছেই ছাগৈ মোৰ মাল্টিফেচেতেদ ভাৰ্চেটাইল এক্টিং কেপেবিলিটিৰ কথা । ৰজাৰ পৰা চানাচুৰৱালা তথা লগুৱালৈকে ‘কাম চালাও’ অভিনয় কৰাত মই সেই ফুকলীয়া বয়সতে সিদ্ধহস্ত আছিলোঁ । পিছে মোৰ এক্টিং কোৱালিটিৰ ওপৰত আলোকপাত নকৰোঁ আৰু !!! অ’ আৰু এটা কথা.. এতিয়া দেখুন প্র্তিখোজতে জীৱন নাটৰ ওপৰত ৰিয়েল লাইফ এক্টিং কৰি থাকিব লগীয়া হয় । … প্ৰতিমলৈ আকৌ এবাৰ ধন্যবাদ জনালোঁ এনে এটা মনোমোহা প’ষ্ট দিয়াৰ বাবে …

প্ৰীতিমা চাংমাই নেওগ : সপ্তম শ্রেণীত থাকোতে বিদ্যালয় সপ্তাহত নিজে লিখি নাটক এখন কৰিছিলোঁ । ‘ৰমলাৰ চিঠি’। প্রথম অভিজ্ঞতা । মঞ্চত নাটক সুন্দৰ গতিতেই চলি আছিল । বেচেৰা খোনা পিয়নটোৱেহে মোৰ সমস্ত শ্রম পানী কৰি দিলে ।ৰমলাক চিঠিখন দিবলৈ ঘৰৰ ভিতৰৰ দুৱাৰেদি প্রৱেশ কৰিলে নহয় । চিঠিত থকা বেয়া খবৰটো পাই ৰমলাই (মই) কান্দিব লাগে, খঙতে এনেকৈ কান্দিবলৈ ধৰিলো যে চকুপানী বন্ধ নহয়হে নহয় । শেষৰ দৃশ্য আছিল বুলিহে । নাটকৰ শেষত আমাৰ বাকীকেইটাৰ বকবকনিত পিয়নবোপা ভস্ম হবলৈহে বাকী থাকিল । যি কি নহওক, সচাঁসচিকৈ কন্দা বাবে শ্রেষ্ঠা অভিনেত্রীৰ পুৰস্কাৰটো ময়েই পাইছিলোঁ । ‘অসম টেক্সটাইল ইনষ্টিটিউ’ত থাকোতেও কেইবাখনো নাটক কৰিছিলোঁ ।পুৰণা কথা এটা মনত পেলাই দিয়া বাবে প্রতিমদাক ধন্যবাদ জনালো ।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments