নাটকৰ কথা, শিশুনাট আৰু আমাৰ অনুভৱ… ইত্যাদি (সমুদ্ৰ কাজল শইকীয়া)


নাটক আৰু দ্ৰষ্টাবাদ

মাজতে কিবা এটা কামত লাগে বুলি নাট্যকাৰ পংকজ জ্যোতি ভূঞাদেৱে (পোণাদা) মোৰ একাঙ্ক নাটকখিনিৰ তালিকা এখন বিচাৰিলে। তেতিয়াহে আকৌ এবাৰ বুজিলোঁ এটাও পাণ্ডুলিপি মোৰ হাতত নাই। ইমানেই বেয়া অৱস্থা যে দুখনমান নাটকৰ নামেই পাহৰিলোঁ। মাজে মাজে নাটক লিখিবলৈ অনুৰোধ একোটা আহে, অথবা পূৰ্বে মঞ্চস্থ নোহোৱা পাণ্ডুলিপি আছে নেকি মানুহে সোধে। প্ৰথমটো অনুৰোধ ৰাখিব নোৱাৰোঁ। এনেকৈ নাটক লিখিব নোৱাৰোঁ, আচলতে নাটক লিখা বস্তু যে নহয়েই সেইটো পাকে প্ৰকাৰে বুজাবলৈ চেষ্টা কৰোঁ। এইখিনিতে গান সম্পৰ্কে হীৰেন ভট্টাচাৰ্যদেৱে কোৱা কথা এষাৰ মনত পৰে। বহুদিনৰ আগতে এবাৰ হীৰুদাৰ ঘৰলৈ যাওতে তেওঁ কৈছিল, গান লিখা বস্তু নহয়। গান কবিতা নহয়। গান মানুহে নিলিখে, কৰে। একেবাৰে সঁচা কথা।
নাটকো লিখোঁ বুলিয়েই মেজত বহি কাগজ কলম উলিয়াই লিখা বস্তু নহয়। নাটক কৰা বস্তু। নাটক এটা হৈ উঠা বস্তু। এটা ঘটি যোৱা ঘটনা। একোটা পৰিবেশৰ তাগিদা লাগিব, পৰিবেশৰ সৈতে নিজে সাঙোৰ খাব লাগিব, নাটকখন কোনে কৰিব কিয় কৰিব কাৰ বাবে কৰিব সেইবোৰ বুজিব লাগিব তাৰ পিছতহে নাটকখন লিখা হৈ উঠিব। আকৌ নাটক এখন এবাৰ লিখা নহয়। বাৰে বাৰে লিখা হয়। এবাৰ আগতীয়াকৈ কল্পনাৰে। তাৰ পিছত তাৰ প্ৰায়োগিক দিশবোৰ চালি জাৰি চাই স্থানিক অভ্যাস চলি থকাৰ মাজত আকৌ এবাৰ লিখা হয়। নাটকখন এবাৰ মঞ্চস্থ হোৱাৰ পিছত ভুল ত্ৰুটিবোৰ চাই মেলি এবাৰ দুনাই লিখা হয়। মোটামুটি ভাবে ইমানেই ক’লোঁ। কিন্তু পদ্ধতিটো আৰু বেছি জটিল। যিমান বাৰেই নাটক এখন মঞ্চস্থ কৰা হয়, সিমানবাৰেই নাটকখন লিখা হৈ থাকে। আৰু অলপ দাৰ্শনিক ভাবে চাবলৈ গ’লে যিমানবোৰ দৰ্শকে যিমানবাৰ নাটকখন চায় সিমানবাৰেই নাটকখন নতুনকৈ লিখা হয়। কাৰণ প্ৰতিবাৰ কৰা একেখন নাটক আচলতে বেলেগ বেলেগ নাটক। এজন মানুহে আগতে চোৱা একেখন নাটক আচলতে দ্বিতীয়বাৰ এখন সম্পূৰ্ণ বেলেগ নাটক। তেনেহ’লে এখন নাটক যদি তিনিবাৰ মঞ্চস্থ হৈছে আৰু এশ মানুহে তিনিবাৰ চাইছে তেনেহ’লে সেয়া চিধা চিধি তিনি শ তিনিখন নাটক। আৰু অলপ জটিলতালৈ যাবলৈ যদি মন আছে তেনেহ’লে মনত পেলাওক অভিনেতা সকলে দৰ্শকৰ সামগ্ৰিক সত্বাক নিজৰ মাজতে ধাৰণ কৰে। গতিকে প্ৰতিজন অভিনেতাৰ মাজতে সেই সমগ্ৰ দৰ্শকৰ সংখ্যাক পূৰণ কৰক। একেটা কথাৰে ওলোটা দিশ এটা আছে। দৰ্শকৰ ইচ্ছা অনিচ্ছা ৰুচিবোধ ‘টেষ্ট’ আদিয়েহে অভিনেতাৰ ‘শৰীৰ’টো গঢ় দিয়ে। [“As an artifact the body constructs its viewers (and their expectations), while viewers’ expectations construct a body’s contours… ” Anuradha Kapur, “Actors Prepare”, Theatre India, National School of Drama’s Theatre Journal, May 2004, Number Nine, ed. by, K S Rajendran, pp. 8-9]
গতিকে প্ৰতিজন দৰ্শকৰ হিচাপৰ লগত অভিনেতাৰ সংখ্যাবোৰো পূৰণ কৰক। এতিয়া গোটেইবোৰ পূৰণফল যোগ কৰক- কিমান হেজাৰ হ’লগৈ কিবা হিচাপ আছে নে? নাই। এই সংখ্যা অসীম অথবা পুণঃপৌণিক।
দ্বিতীয় অনুৰোধটোও ৰাখিব নোৱাৰোঁ। আগতে মঞ্চস্থ নোহোৱা নাটক মোৰ নাই, নাথাকে, থকাটো সম্ভৱেই নহয়। কবিতা বা গল্প লিখি ডায়েৰীৰ ভাঁজত লুখুৱাই থৈ দিব পাৰি। তাত কবিতাটোৰ একো ক্ষতি নহয়। কিন্তু নাটক লিখি থৈ দিব নোৱাৰি। নাটকে বিচাৰে জীৱন্ত শৰীৰ- প্ৰত্যক্ষ ভাবে। দৈহিকতা নাটকৰ প্ৰথম চৰ্ত। লিখি থৈ দিয়া নাটক এখন এটা প্ৰাণহীন শৰীৰৰ দৰে। নাটকে ডায়েৰীৰ পাট ফালি মানুহ খেদি যায়। তাক শ্বাসৰূদ্ধ কৰি বন্দী কৰি ৰখাৰ কোনো ৰাস্তা নাই।
সেইকাৰণেই নাটক সদায়ে একোটা অৰ্ডাৰী কাৰবাৰ। ই বিশুদ্ধ সাহিত্যৰ ৰূপ বিশেষ নহয়। অসম নদী-প্ৰধান, কৃষি-প্ৰধান আৰু নাট-প্ৰধান দেশ। এই দেশৰ ইমূৰে সিমূৰে নদী, ধান খেতি আৰু নাটক। কিন্তু ত্বৎস্বত্বেও নাটকৰ ব্যৱহাৰিক বা প্ৰায়োগিক দিশটোলৈ বিদ্বৎ মহলৰ সাংঘাতিক অৱহেলা। নাটক সম্পৰ্কে যদি কেতিয়াবা আলোচনা কৰিবলৈ হয়ো তাক জোৰ কৰি এটা সাহিত্যৰ সম্পদ বুলি ধৰি লৈ সাহিত্য-সমালোচনাৰ আওতাত পেলাই লৈহে আলোচনা কৰা হয়। এজন প্ৰসিদ্ধ নাট্যকাৰৰ নাটকক বাদ দি তেওঁৰ দ্বাৰা লিখিত উপন্যাস এখনলৈহে “সাহিত্য অকাদেমি”ৰ দৰে স্বীকৃতি আগবঢ়োৱা হয়। সাংস্কৃতিক সমালোচনাৰ কোনো পৰম্পৰা এই দেশত নাই। সম্ভৱতঃ লেখা মেলা কৰা বেছিভাগ মানুহৰে বিদ্যায়তনিক ক্ষেত্ৰ অসমীয়া বা ইংৰাজী সাহিত্য হোৱাৰ ফলতেই এনে হয়। সেয়েহে মাজতে খঙৰ ভমকতে এবাৰ অলপ চাৰ্কাষ্টিক ভাবেই নাটক সাহিত্য নহয় বুলি লিখি পেলাইছিলোঁ। কি কথা বুজাব খুজি তেনেকৈ লিখিছিলোঁ সেয়া বহুতে বুজি নাপালে আৰু মোক বেয়াহে পালে। বাৰু সি কথা ৰহোক।

সংখ্যালঘূ
পোণাদাই একাংক নাটৰ তালিকাখন বিচাৰোতে মন কৰিলোঁ যে মোৰ বেছিভাগ নাটকেই আচলতে শিশু নাট। ঠিক শিশু নাটো নহয়, চেমনীয়া নাট। শিশু বা চেমনীয়া নাট বুলিয়েনো কেনেকৈ কওঁ, যি সময়ত সেইবোৰ লিখা হৈছিল সেই সময়ত নিজৰ বয়সৰ ল’ৰা ছোৱালীৰ কাৰণেই লিখিছিলোঁ বা কৰিছিলোঁ, শিশুৰ বাবে বুলি তেনেকৈ ভাবি তো কৰা নাছিলোঁ। এইখিনিতেই শিশু নাট, শিশু সাহিত্য বা শিশু চলচ্চিত্ৰ আদিবোৰ কথাক লৈ আমাৰ অসুবিধাখিনি সোমাই আছে। শিশু নাট মানে কি? আচলতে শিশু উপযোগী নাট। শিশুৱে কৰিব পৰা নাট আৰু শিশু সকলৰ বাবে উপযোগী দৰ্শণ থকা নাট। তাৰমানে শিশুক উদ্দেশ্য কৰি ডাঙৰে লিখা নাট। গতিকে পাকে প্ৰকাৰে এইবোৰত ডাঙৰৰ কথাই সোমাই থাকে- মানে এজন ডাঙৰে শিশুক যেনেকৈ চাবলৈ বিচাৰে সেইখিনি। শিশুৰ মনস্তত্ব সেইবোৰত খুব কমেই হে থাকে।
আমাৰ সমাজত নাৰী যেনেকৈ সংখ্যালঘূ, শিশুও তেনেকৈ সংখ্যালঘূ। জাতিগত সংখ্যালঘূ বা ধৰ্মীয় সংখ্যালঘূ সম্পৰ্কেতো আমি মাজে সময়ে কথা পাতোৱেই শিশু সংখ্যালঘূ সম্পৰ্কে কথাতো নাপাতোৱেই, আনকি নাজানোও যে তেওঁলোক সংখ্যালঘূ। মন কৰিবলগীয়া যে সংখ্যালঘূ কথাষাৰ সংখ্যাসূচক বিচাৰ বা নিৰ্ধাৰণ নহয়। এইখিনিতে গিলচ্ডিল্যুজে “কাফকাঃ টুৱাৰ্ডছ এ মাইনৰ লিটাৰেচাৰ” গ্ৰন্থত মাইনৰিটি সম্পৰ্কে লিখা কথাখিনি প্ৰণিধানযোগ্য। সংখ্যালঘূ বা মাইনৰিটি কথাষাৰৰ লগত যে সংখ্যাৰ কথাটো নাখাটে সেয়া বুজাবলৈ গৈয়েই তেওঁ ক’লে যে পুৰুষ খাটাংকৈয়ে সংখ্যাগৰিষ্ট বা মেজৰিটি, লাগিলে মহ, শিশু, নাৰী, কৃষ্ণবৰ্ণ, কৃষক, সমকামী আদিবোৰৰ তুলনাত সংখ্যাত তেওলোক তাকৰীয়াই নহওক কিয়। [ “it is obvious that ‘man’ holds the majority, even if he is less numerous than mosquitoes, children, women, blacks, peasants, homosexuals, etc. … Majority assumes a state of power and domination, not the other way around”. (Gilles Deleuze and Félix Guattari, Kafka: Towards a Minor Literature (1975)]
বাচৰ ছিটৰ পৰা শিশুক উঠাই দিয়া হয়, সভা সমিতিত আগশাৰীৰ আসন শিশুৱে নাপায়, ঘৰতো পৰতো কোনো সিদ্ধান্ত ল’বৰ পৰত শিশুৰ মতামত গ্ৰাহ্য নহয়। শিশুকাল সেয়েহে কাটে প্ৰচণ্ড লাঞ্ছনা গঞ্জনাৰ মাজেৰে। অপমান সহি সহি অব্যক্ত দুখভাৰ বুকুত বান্ধি লৈ শিশুমন এদিন নোহোৱা হৈ যায় ঠিক কেতিয়া কোনেও গমেই নাপায়।

শিশুনাট
শিশুনাটৰ ক্ষেত্ৰতো একেটাই অবহেলার কাহিনী। ডাঙৰে নিৰ্ধাৰণ কৰি দিয়ে শিশুৰ নাট কেনেকুৱা হ’ব লাগে। কেনেকুৱা হ’ব লাগে? অলিখিত বিধান অনুসৰি (ঠায়ে ঠায়ে লিখিত ৰূপো আছে) এনেকুৱা-
১/ হাতী ঘোঁড়া বাঘ ভালুক থাকিব লাগিব।
২/ হাবি জংঘল নহ’লে সপোনপুৰীৰ পৰী-অপেস্বৰী থাকিব লাগিব।
৩/ বেয়াৰ বিপৰীতে ভালৰ আৰ্হি দেখুওৱা একোটা উপদেশ মূলক বাৰ্তা থাকিব লাগিব। এই উপদেশ সদায়ে গান্ধীবাদী বিনয়ী।
৪/ বৈচিত্ৰ্ৰৰ মাজত ঐক্য দেখুৱাই ‘মেৰা ভাৰত মহান’ বুলি কৈ দিব পাৰিলেতো কথাই নাই।
৫/ মাত-কথাবোৰ শুনিবলৈ শুৱলা আৰু মৰম লগা হ’ব লাগিব। তাৰ বাবে অতিনাটকীয় বা চুপাৰফিচিয়েল হোৱাত আপত্তি নাই। কিন্তু কোনো কাৰণতেই ‘শিশুত্ব’ হেৰুৱাব নেলাগিব।
৬/ গোটেই নাটকখন ছন্দিত গদ্যত হ’লে ভাল। মনত ৰাখিব অসমীয়াত ছন্দ (আচলতে মিত্ৰাক্ষৰ) এতিয়া শিশুৰ একছেটিয়া সম্পদ।
কিন্তু এইখিনি গুণ বা চৰিত্ৰ থাকিলে নাট এখন শিশু নাট হৈ উঠে নে? এয়া এক ডাঙৰ প্ৰশ্ন।
শিশু মন বুজি পোৱাটো এটা কঠিন কাৰবাৰ। আমি নিজে যেতিয়া শিশু আছিলোঁ তেতিয়া কিন্তু আমি ডাঙৰে আমাৰ কাৰণে কৰি দিয়াখিনি বেয়া পাইছিলোঁ। আজিৰ এই গোটেই আলোচনাখিনি আচলতে এটা শিশু মনৰেই আলোচনা বুলি ধৰি ল’ব পাৰি। নাটক এখনত যে জোৰ কৰি ‘মেছেজ’ এটা দিবলৈ যোৱাটো খুব জৰুৰী কথা এটা নহয় সেয়া আমি নিজে শিশু হৈ থাকোতেই বুজি উঠিছিলোঁ। সেয়েহে নিজে নিজৰ নাটক লিখি উলিয়াইছিলোঁ। নিজে লিখিছিলোঁ বাবেই সকলো সময়তে চৰিত্ৰবোৰ নিজৰ কাণসমনীয়া আছিল। নিজৰ যেন বহুত কিবা কিবি কথা ক’বলৈ আছিল। ঠিক কি কথা আছিল নুবুজিছিলোঁ, আজিলৈকে নাই বুজা, কিন্তু কিবা যেন কথা আছিল। মই সপ্তম মানত থাকোতে আমাৰ নাটকৰ অভিনেতাবোৰ আৰু সেইমতে চৰিত্ৰবোৰো সপ্তম মানৰে আছিল। হয়তো এয়া মোৰ সীমাবদ্ধতা আছিল যে অন্য বয়সৰ অন্য ঠাইৰ চৰিত্ৰ একোটা মই কল্পনা কৰিব পৰা নাছিলোঁ। মোৰ কল্পনাশক্তি কম, এতিয়াও কম, সেয়ে এতিয়াও নেদেখা, লগ নোপোৱা চৰিত্ৰ নিৰ্মাণ কৰিবলৈ অপাৰগ। কিন্তু সেই সূত্ৰেই এটা ভাল ঘটনা ঘটিছিল। সেয়া হ’ল আমাৰ নাটকবোৰ সাঙ্ঘাতিক ধৰণেৰে বাস্তৱ-ধৰ্মী হৈ উঠিছিল। সুৰ লগাই বা বেলেগ ধৰণেৰে নাটকীয় ভাব একোটাৰে গদ গদ হৈ সংলাপ মাতিব লগীয়া নহৈছিল। কেতিয়াও মঞ্চৰ আঁৰৰ পৰা কোনেও ‘প্ৰম্পট’ কৰিবলগীয়া নহৈছিল। লাহে লাহে নেচাৰেলিজমৰ ভক্ত হৈ উঠিছিলোঁ।
শিশুমনৰ যন্ত্ৰণাখিনিৰ কথা কওতে আৰু এটা কথা কোৱা উচিত। শিশুৰ স্তৰ পাৰ হৈ চেমনীয়া স্তৰলৈ অহাৰ লগে লগে অৱহেলা আৰু বঞ্ছনাৰ সেই যন্ত্ৰণাই অন্য এক ৰূপ লয়। কাৰণ এইখিন সময়ত শিশু হিচাপে পোৱা এধানি দুধানি গুৰুত্বখিনিও নোহোৱা হৈ যায়। এইখিন আটাইতকৈ দিশাহাৰা কাল। চেমনীয়া নাট্যকৰ্মীৰ দুৰ্ভোগ ভুক্তভূগীৰ বাহিৰে আনে নুবুজিব। এইখিনি সময়ত তেওঁলোক শিশুচ’ৰা, শিশু-অনুষ্ঠানবোৰৰ পৰা বহিষ্কৃত। বয়সৰ দোষতে তেওঁলোকে শিশুনাট প্ৰতিযোগিতাত অংশ ল’ব নোৱাৰিব। ডাঙৰৰ নাটকতো শ্ৰেষ্ঠ শিশু-শিল্পীৰ বাবে আছুটিয়াকৈ থোৱা (সংবিধানত থকা সংৰক্ষণ ব্যৱস্থাৰ দৰে) পুৰষ্কাৰটোৰ মুদা মৰিল। আনহাতে ডাঙৰৰ নাটক সমাৰোহবোৰত ভাগ ল’বলৈকো এতিয়া বহুকাল বাকী। এইখিনি সময়তে মেট্ৰিক নামেৰে জনাজাত বিপুল-দুঃস্বপ্ন-সম্ভৱা এক ৰাক্ষসী সন্মুখত ঠিয় দি থাকে। তাৰ বাবে ইমান দিনে শিশু বুলি গানৰ স্কুল, নাটকৰ কৰ্মশালা সকলোলৈ লৈ যোৱা অতি-উৎসাহী পিতৃ মাতৃবোৰেও খৰলুটি মাৰে।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
দিগন্ত ওজা
7 years ago

শিশু মনৰ সুন্দৰ প্ৰতিফলন ঘটিছে৷ শিশু নাটকৰ ক্ষেত্ৰত যিখিনি কথা লিখা হৈছে, শিশু সাহিত্যৰ ক্ষেত্ৰতে সেইবোৰ খাটে৷

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক