নাটকৰ মাজৰ নাটক – শিশু উপযোগী খুহুটীয়া একাংক নাট (যুগল চন্দ্ৰ বৰা)

[ বীৰেন আৰু নন্দনৰ মঞ্চত প্ৰৱেশ ]

বীৰেন—( হাতত এখন বহী) বাঃ , কি সুন্দৰ ঠাই ! এই গছ জোপাৰ তলতে ৰিহাৰ্চেল কৰিবলৈ ভাল হ’ব অ’ নন্দন৷ (কথাৰ লাচতে বহীখন এঠাইত থ’লে)

নন্দন—(ঠাইখনত ভালদৰে চকু ফুৰাই) ওঁ , ভাল হ’ব৷ (গাৰ পৰা চোলাটো খুলি এফালি দলি মাৰি থ’লে)

বীৰেন—(জেং কেইডালমান গোটাই লৈ ঝাড়ু এটা বনাই ঠাইখন চাফা কৰি কৰি) সিহঁতক ইয়ালৈকে মাতি দে৷

নন্দন—(যি ফালৰ পৰা প্ৰৱেশ কৰিছিল সেইফালে চাই)- ঐ মহেন্দ্ৰ, ঐ গোপাল, তহঁত ইয়ালে আহ৷ আমাৰ নাটকৰ ৰিহাৰ্চেল ইয়াত হ’ব৷

বীৰেন-( নন্দনক উদ্দেশ্যি) ঐ মুৰ্খ কৰবাৰ , নাটকখন গচকি আছ কিয় ? মানুহে চাই বুজি খোজ দিব লাগে ৷ বুজিছ ?

নন্দন-(ভৰিৰ তলৰ পৰা নাটকখন উঠাই চাফা কৰি কৰি) কৃষ্ণ, কৃষ্ণ, তইনো নাটখন …ঐ—ঐ্—ঐ—(বীৰেনে তাৰ মলিয়ন চাৰ্টটো ঝাড়ু ডালেৰে সাৰি নিয়া দেখি) বীৰেন তই কি কৰিছ , কি কৰিছ, মোৰ চাৰ্টটো তই ঝাড়ুডালেৰে…(দৌৰি গৈ চাৰ্টটো লৈ)—জধামূৰ্খ ক’ৰবাৰ৷ মানুহে কাম কৰিলেই নহয়, ভাৱি চিন্তি কামবোৰ কৰিব লাগে৷

বীৰেন- লেতেৰা দেখি তই এইটো পেলাই দিছ বুলিহে ভাবিছিলো৷

[ মহেন্দ্ৰ,অজিত আৰু গোপালৰ মঞ্চত প্ৰৱেশ]

মহেন্দ্ৰ—কি হ’ল , কি হ’ল বীৰেন , তহঁত দুটাই কি লাগি আছ ? চাঁও , নাটকখন মোক দে ৷(নন্দনৰ হাতৰ পৰা নাটকখন লৈ)

গোপাল—প্ৰথমে মোৰ পাৰ্টটোৰ ৰিহাৰ্চেল আৰম্ভ কৰি দে৷ মই আজি অলপ সোনকালে যাব লাগিব ৷ পথাৰৰ পৰা গৰু আনিব আছে৷

বীৰেন—এহ বৰ একেবাৰে অমিতাভ বচ্চনটো ওলাইছে এওঁ৷ আহি পোৱাৰ লগে লগে চুটিং আৰম্ভ কৰি দিব লাগে৷

নন্দন—বিনীতা আহি নোপোৱালৈকে তোৰ ৰিহাৰ্চেল নহ’ব৷ তাইৰ লগতহে তোৰ সংলাপ আছে৷

মহেন্দ্ৰ—তোৰ ডাইলগখিনি মুখস্থ হ’লনে গোপাল ? তোলৈহে ভয় লাগি আছে৷

গোপাল—হৈছে হৈছে পূৰা মুখস্থ হৈছে৷

বীৰেন—গাই শুনা তেন্তে৷

গোপাল—( পকেটৰ পৰা কাগজ এখন উলিয়াই হাতত লৈ) মোৰ লগত কোনোবা এটাই বিনীতাৰ ঠাইত বাসন্তী পাৰ্টটো পক্সী মাৰি দে হি আক’৷

মহেন্দ্ৰ—যাচোন যা নন্দন, তয়ে পাৰ্টটো গাই দে৷

নন্দন—ওঁ হ’ব বাৰু ময়ে পক্সী দিম৷

বীৰেন – এতিয়া আৰম্ভ কৰ৷

মহেন্দ্ৰ-(হাতত থকা নাটখন মেলি লৈ)গোপাল আৰম্ভ কৰ৷ –মই কোৱাৰ দৰে কৈ যাবি—পৰম–

জগত (গোপাল)-পৰম অভাজন ৰাইজ—

মহেন্দ্ৰ—অই বুৰ্বক ,পৰম অভাজন নহয় অ’ পৰম শ্ৰদ্ধাভাজন৷

বীৰেন—তাৰ মানে তই একোৱে মুখস্থ কৰা নাই , নহয় জানো গোপাল ?

গোপাল—মুখস্থ কৰিছিলো, অকনমান ভুলহে হৈছে৷
মহেন্দ্ৰ—হ’ব দে ৷ আকৌ আৰম্ভ কৰ৷—পৰম শ্ৰদ্ধাভাজন ৰাইজ,

জগত(গোপাল)—পৰম শ্ৰদ্ধাভাজন ৰাইজ, ( হাতত থকা কাগজখন চাই)আজি এই বিহু মেলাৰ…আজি এই বিহু মেলাৰ আয়োজক মণ্ডলীৰ অনুৰোধ ক্ৰমে মই আপোনালোকক দুটিমান গীত গাই আমোদ দিব খুজিছোঁ৷ মোকতো ৰাইজে চিনি পাইছেই চাগৈ৷ যোৱা বছৰো মই এই বিহুমঞ্চত গীত পৰিবেশন কৰিছিলো৷ মোৰ নাম জগত ৷ জগত শইকীয়া ৷ মোৰ লগত সহযোগ কৰিব আপোনালোকৰ সকলোৰে চিনাকি আৰু মৰমৰ গায়িকা বাসন্তী বৰুৱাই৷

[লগে লগে সকলোৱে হাত তালি দিয়ে]

বাসন্তী(নন্দন)-নমস্কাৰ ৰাইজ, বিহুৰ বতৰ, গতিকে ৰাইজে বিহু গীতেই নিশ্চয় পছন্দ কৰিব৷

জগত-বাসন্তী(গোপাল নন্দন)-আমি তেন্তে বিহু গীতেৰেই আৰম্ভ কৰো৷

[ পুনৰ হাত তালি]

জগত- বাসন্তী(গোপাল নন্দন)- (দুয়ো একেলগে)কলিৰ কৃষ্ণ বুলি হাঁহিলি——গোগিনী—-
[ নাটকত উল্লখ কৰা গীতসমূহ নিজে বাছনি কৰি ল’লে ভাল হ’ব]

বীৰেন- এইটো নহয়, এইটো নহয়৷ আমাৰ পাপাই কৈছে এইটো আচল বিহু গীত নহয়৷ এইটো আধুনিক বিহু সুৰীয়া গীতহে৷ আচল বিহু গীত এটা গা৷

গোগাল- কাক বুলিলো কোনে নিজে গাত পাতি ল’লে চা—-টোকে গাওঁ নেকি ?

মহেন্দ্ৰ- এই পুৰণি চিনেমাৰ গানবোৰ উলিয়াই নাথাকিবি ৷ বেলেগ বিহু গীত গা৷

নন্দন—চামথিং চামথিং—টোকে গাওঁ তেনেহ’লে—৷

বীৰেন—সেইটো বিহু গীত হ’ল নেকি ? বেলেগ গা৷ এতিয়া তহঁতে গাবলৈ বিহু গীত এটাকে বিচাৰি নেপালি৷ বিহুমেলাবোৰত শিল্পীসকলে বিহুগীত গাই গাই দৰ্শকক বলীয়া কৰি নচুৱাই দিয়ে৷

গোপাল—বিহু ফাংচনত শিল্পীসকলে যিহকে গাই তাতেই ৰাইজে ফুৰ্টি কৰি নাচে৷ হিন্দী চিনেমাৰ গান হ’লে যে আৰু বেছিহে জমে৷

নন্দন-যোৱা বাৰ বিহু মেলাত দেখিলো আমাৰ খগেন কাইহঁতে মদ পানী খাই আহি এনেয়ে বিহু মেলাত নাচি- বাগি ফুৰ্টি কৰিছিলে৷ খগেনকায়ে এনেকে এনেকে ( নাচি দেখুৱাই) ভৰি কেইটা পকাই পকাই নাচি নাচি এবাৰ মোৰ গাতে পৰিব ধৰিছিল৷ মই ফটকে আঁতৰি দিলো বুলিহে৷
[ নন্দনৰ নাচ দেখি আটাইকেইটাই হাঁহিলে]

গোপাল—আমাৰ নাটকত আমিও তেনেহলে যিকোনো গান এটা গাই দিওঁ আক’৷

বীৰেন – নাই নাই সেইটো নহ’ব৷ আমাৰ নাটকত আমি এটা আচল বিহু গীত দিব লাগিব৷ কাৰণ আমাৰ নাটকখনৰ নামটোৱেই হৈছে –“ বিহু বিহু লাগিছে গাত”৷ ইয়াত অসমীয়াৰ জাতীয় উৎসৱ বিহুটিক কেনেকৈ বিকৃত নোহোৱাকৈ জীয়াই ৰাখিব লাগে তাকহে ৰাইজক বুজাব খোজা হৈছে৷

মহেন্দ্ৰ—ঠিকেইতো৷ নাটকৰ আচল উদ্দেশ্যটোকে ইহঁতে বুজি পোৱা নাই৷

বীৰেন-এটা কাম কৰোঁ৷ কোনটো বিহু গীত গোৱা হ’ব ঠিক কৰি ভালদৰে অভ্যাস কৰিব লাগিব৷ এতিয়া আমি আৰম্ভণিৰ পৰা নাটকৰ ৰিহাৰ্চেল আৰম্ভ কৰি দিওঁ৷ বেছি দিন নায়ে নহয়৷

মহেন্দ্ৰ—(হাতত থকা নাটকখনত চকু ফুৰাই)-প্ৰথম দৃশ্য –কুলিৰ কুউ—কুউ মাত –দূৰ-দূৰণীৰ পৰা বিহু গীতৰ সুৰ ভাঁহি আহিব৷ মঞ্চত গগণে তাৰ বাঁহীত এটা বিহু গীতৰ সুৰ বজাই থাকিব৷ বীৰেন যা , তইহে গগণৰ ভাও লৈছ৷

বীৰেন—মোৰ বচন পূৰা মুখস্থ আছে৷ মই বাঁহী বজাই থাকোঁতে নবীন আৰু পদুম আহিব লাগিব৷ গোপাল আৰু নন্দন তহঁত দুটা সাজু হৈ থাক৷

মহেন্দ্ৰ—ওঁ বীৰেন তই বাঁহী বজাই থাক৷

গগণ(বীৰেন)—( তাৰ বাঁহীটো উলিয়াই বিহুৰ গীতৰ সুৰ দিয়ে)

[ এনেতে নবীন আৰু পদুমৰ ভাও লোৱা অজিত আৰু নন্দন মঞ্চত প্ৰৱেশ কৰিব৷]

পদুম(নন্দন)—ঐ গগন, তই যে বাঁহী বজাই মছগুল হৈ আছ, বিহু মেলাত ৰাইজ কিমান গোট খালে দেখিছনে নাই ?( দৰ্শকৰ ফালে দেখুৱাই কয়)

গগণ(বীৰেন)—( লাজ লাজ কৰি ৰাইজৰ ফালে চায়) এৰা পদুম, তহঁত কেইটা আহি পোৱা নাই বাবে মই এনেয়ে বাঁহীটোকে বজাই আছিলোঁ৷ ৰাতিৰ বিহু ফাংচনৰ বাবে শিল্পী পালিনে নে নাই ?

নবীন(অজিত)—শিল্পীৰ কথা নক’বি আৰু গগণ ৷ সিহঁতৰ ভেমটৌ কি চাবা ৷ নিজৰ ঠাইখনত নিজৰ বিহুটিৰ গীত দুফাঁকি গাবলৈকে সিহঁতক আনিব নোৱাৰি৷ সিহঁতৰ বোলে এবছৰৰ আগতেই বুকিং হৈ আছে৷ লাখ টকাৰ বন্দবস্তি ৷ আমি সৰু সৰু ল’ৰামখাৰ অনুৰোধত বিহু গাবলৈ নাহে৷

গগণ(বীৰেন)—তেনেহলে ৰাতিৰ বিহু ফাংচন বাদ দিছো৷

[ এনতে বিনীতা আৰু ৰীতাক অহা দেখি আটাই কেইটাই সেই ফালে উল্লাসমনে চায়]

নন্দন—সৌৱা বিনীতাহঁতো আহি পালেহি৷

বিনীতা –তহঁতে নাটকৰ ৰিহাৰ্চেল ইয়াতে আৰম্ভ কৰি দিলি নেকি ? আমি সংঘৰ ৰঙ্গমঞ্চত হ’ব বুলিহে ভাৱিছিলো৷

মহেন্দ্ৰ- তাত আমাক নাটক ৰিহাৰ্চেল কৰিবলৈ নিদিয়ে৷ তাত বিহুনাচৰ প্ৰশিক্ষণ চলিছে৷

ৰীতা—এৰা অ’ ডাঙৰমখাই আমাক একো শিকাই নিদিয়ে আৰু নিজে কিবা এটা কৰিব ল’লেও আমাক কৰিবলৈ সুবিধা দিব নিবিচাৰে নহয় নে বাৰু ?

বীৰেন—আমাৰ পাপা কিন্তু ভাল দেই ৷ আমি একাঙ্ক নাট কৰিম বুলি ক’লত এই নাটকখন লিখি দিছে৷

গোপাল—বৰদেউতা ভাল ; কিন্তু যিখনহে নাটক লিখি দিলে , কৰিবলৈ বৰ টান লাগিছে৷ এইখন সৰু ল’ৰাই কৰা নাটক যেন লগা নাই৷ বৰ ডাঙৰ ডাঙৰ কথা৷

মহেন্দ্ৰ—হ’লেও আমি এইখন নাটকেই কৰিম৷ বৰদেউতাই কৈছে আমাৰ বাপতিসাহোন বিহুটি পথাৰৰ পৰা চোতাল আৰু চোতালৰ পৰা মঞ্চ পাই নিতৌ ৰূপ সলাব ধৰিছে,গতিকে ইয়াক কোনোবাই বিকৃত কৰাৰ আগতে আমিয়ে শুদ্ধ ৰূপত ৰাখিবলৈ যত্ন কৰিব লাগিব হেনো৷

নন্দন—ওঁ, আমি এইখন নাটকেই কৰিম৷ দেবেন, প্ৰবীণহঁতৰ দৰে কলা ,বোবা আৰু কণাক লৈ ভেঙুচালি কৰা নাটক কৰি দৰ্শকক হঁহুবলৈ নাযাওঁ৷ মোৰ ভাইটি চন্দন খোনা , যোৱা বছৰ সি মোৰ লগত নাটক চাবলে যাওঁতে এখন নাটকত খোনা এটাই খোনাই খোনাই কথা কৈ ৰাইজক খুউব হঁহুৱালে৷ পিছে তেতিয়া কিবা বেজাৰ লাগি চন্দনে খুউব কান্দিলে৷ মইয়ো কান্দোন ৰখাই থ’ব নোৱাৰিলো৷

বীৰেন—গতিকে তেনে নাটক কৰি মানুহক হঁহুৱাবলৈ যোৱাতকৈ এইখনেই ভাল হ’ব দে৷

মহেন্দ্ৰ- তেনেহলে আকৌ ৰিহাৰ্চেল আৰম্ভ কৰি দিওঁ আহ৷(নাটকখন মেলি লয়)বিনীতা, তই আহি পোৱাৰ আগত তোৰ আৰু গোপালৰ খিনি অলপ ৰিহাৰ্চেল কৰিছিলো ; কিন্তু বিহু গীতটো ঠিক হোৱা নাই বাবে প্ৰথমে গীতটো ঠিক কৰিব লাগিব৷

বিনীতা- হ’ব বাৰু , মই বাইদেউৰ পৰা ভাল গীত এটা আনি ঠিক কৰি ল’ম৷ এতিয়া ৰিহাৰ্চেল আৰম্ভ কৰ৷

মহেন্দ্ৰ—ওঁ ওঁ অথনি য’ত এৰিছিলো তাৰ পৰা আৰম্ভ কৰ৷

গগণ(বীৰেন)—তেনেহ’লে ৰাতিৰ বিহু ফাংচন বাদ দিছো৷ আজিৰ এই মিটিঙতে মাজে মাজে বিহুৰ কাৰ্য্য সূচী থাকিব৷ জগত শইকীয়া আৰু বাসন্তী বৰুৱাই ভাল গান গাব পাৰে ৷ তেওঁলোকে ৰাইজক দ্বৈত কন্ঠৰ বিহু গীত গাই শুনাব৷

বাসন্তী (বিনীতা)- এতিয়া পলম কৰাৰ প্ৰয়োজন নাই ৷ ৰাইজ গোট খালে যেতিয়া আমাৰ কাৰ্য্য সূচী আগুৱাই নিব লাগে৷ গগণ, আৰম্ভ কৰ৷

গগন( বীৰেন)- পৰম পূজ্য সমবেত ৰাইজ আৰু মোৰ মৰমৰ ভাই-ভনী আৰু বন্ধু-বান্ধবীসকল, আজি আমি ৰংপুৰ অঞ্চলৰ যুৱক- যুৱতীসকলে এক গোট হৈ এক বিহু মেলাৰ আয়োজন কৰি আপোনালোকক আমন্ত্ৰণ কৰি আনিছো৷ এই বিহু মেলাৰ বাবে আমি কোনো ধৰণৰ চান্দা –বৰঙণি তোলা নাই আৰু এই বিহু মেলাত কোনো ধৰণৰ প্ৰতিযোগিতাৰো আয়োজন কৰা নাই৷ ইয়াত আমি বিহুৰ স্বকীয় ৰূপটো প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম৷ এতিয়া আমাৰ বিহু পতকা উত্তোলন কৰিব আমাৰ বয়োজ্যেষ্ঠ কৃষক মাননীয় শ্ৰীযুত বিদ্যাধৰ বৰা দেৱে৷

[ লগে লগে সকলোৱে হাত চাপৰি বজাব]

ৰীতা- ঐ , তহঁতে আমাৰ ককাৰ নামটো যে গাই দিছ, ককাৰ ভাও কোনে দিব ?

মহেন্দ্ৰ- তহঁতৰ ককাকে আমি মঞ্চত উঠাই পতাকা উত্তোলন কৰিবলৈ দিম৷ ককাক কথাটো কৈ থৈছো আৰু তেখেতেও হাঁহি হাঁহি আমাৰ কথাত সন্মত হৈছে৷ হ’লতো ৷ পতকা উত্তোলনৰ লগে লগে আৰম্ভ হ’ব আমাৰ অসমৰ জাতীয় সংগীত৷ তহঁত আটায়ে “ অ মোৰ আপোনাৰ দেশ —ভালদৰে গাব লাগিব৷ গীত গাই শেষ হোৱাৰ পিছতে ককাক এখন মান-পত্ৰ আৰু শৰাই তথা গামোচা দি সম্ভাষণ জনোৱা হ’ব৷ এইখিনি সঁচাসচি হ’ব৷ এইদৰে আমাৰ নাটক আগ বাঢ়ি যাব৷ ককাক গামোচাখন বিনীতায়ে পিন্ধাবি৷ তাৰ পিছত সম্পাদকে ৰাইজক সম্বোধন কৰি পুণৰ কাৰ্য্যসূচী আগুৱাই নিব৷

গগন(বীৰেন)-পৰম শ্ৰদ্ধাভাজন ৰাইজ, এতিয়া ৰংপুৰ মইনা পাৰিজাতৰ মইনাসকলে বিহু প্ৰদৰ্শন কৰিব৷

মহেন্দ্ৰ- ৰংপুৰ মইনা পাৰিজাতৰ বিহুৱা দলকো আমি আমাৰ নাটকত বিহু প্ৰদৰ্শন কৰিবলৈ বন্দবস্তি কৰি থৈছোঁ৷

[ এনেতে নন্দনৰ ভায়েক চন্দন মঞ্চত প্ৰৱেশ কৰে]

চন্দন—(নন্দনক উদ্দেশ্যি) ত—ত—তহঁতে ই—ইয়াত কি—কি—কি ক ক কৰিছ ?

নন্দন—আমি নাটকৰ ৰিহাৰ্চেল কৰিছোঁ অ’৷ চন্দন ভাইটী তই ক’লৈ যাবলৈ এইফালে আহিলি ?

চন্দন—ম—মম ই তো তো তোকে বি বি বিচাৰি ই ই আ আ হিছো ৷ দা দা দা দা , মো মো মো মো কো না না না টকৰ পা পা ৰ্ট এটা দে না ৷

নন্দন-তই আক’ নাটক কেনেকৈ কৰিবি ? সিদিনাচোন আমি দুটাই নাটক চাওঁতে নাটকত এজনে খোনাই খোনাই কথা কোৱা বাবে তই খুউব কান্দিলি আৰু মোকো কন্দুৱালি৷ কিয় কান্দি্ছিলি সেইদিনা ?

চন্দন—ম ম মই খো খো না বুলি ত ত তহঁতে নাটক ক ক কৰিব যে নি নি দিয় সে সে সেই খোনা টোৱে নো কে কে নে কে কৰিছে ? সে সে সেই কাৰণে ম ম মই কা কা ন্দিছিলো আক’৷

[ সকলোৱে হাঁহে]

চন্দন—( নন্দনৰ গাত ধৰি জোকাৰি দি) দে দে না পা পা পাৰ্ট এটা ৷

বীৰেন—ঠিক আছে ৷ চন্দন, তই আমাৰ নাটকত গায়কৰ ভাও এটা পাবি ; কিন্তু তই ভালদৰে গান গাব পাৰিব লাগিব৷ পাৰিবি ?

চন্দন—পা পা পাৰিম দা দা দা ৷

মহেন্দ্ৰ- তেনেহলে গান এটা গাই শুনাচোন বাৰু ৷

ৰীতা—বিহু গীতহে গাব লাগিব কিন্তু দেই৷

চন্দন—(এটা গল খেকাৰি মাৰি এটি সুন্দৰ বিহু গীত অলপো নোখোনুৱাকৈ ভাল দৰে গাই শেষ কৰে৷)

[ ইমানপৰে চন্দনৰ গান মন্ত্ৰমুগ্ধ হৈ শুনি থকা সকলোটিয়ে সমস্বৰে বাহ বাহ দি হাত চাপৰি বজাবলৈ ধৰে]

বীৰেন-চাব্বাচ চন্দন, বঢ়িয়া ৷ এক বিৰল প্ৰতিভা৷

মহেন্দ্ৰ—কি আচৰিত ! গানটো গাওঁতে চন্দনে অলপো খোনুৱা নাই৷

বিনীতা—নন্দন, তই চন্দনৰ এনে এক প্ৰতিভা কিয় লুকাই থাকিবলৈ দিছ ?

গোপাল—চন্দনে আমাৰ নাটকত আৰু বহুত গীত গাব লাগিব৷

[ চন্দন জিন্দাবাদ, আমাৰ নাটক জিন্দাবাদ, আমাৰ বিহু জিন্দাবাদ—বুলি সকলোৱে জয়-ধ্বনি দিব ধৰে]

[ বি . দ্ৰ . নাটকখনত গীতসমূহ খাপ খোৱাকৈ নিজে সংযোজন কৰি ল’ব লাগিব ৷ইচ্ছা কৰিলে বাদ্য যন্ত্ৰও ব্যৱহাৰ কৰিব পাৰে ]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments