নাটকৰ স্মৃতি: অঞ্জল বৰা

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

নাটকৰ স্মৃতি

অঞ্জল বৰা

নাটকৰ লগত জড়িত এটা প্ৰধান আঙ্গিক হ’ল অভিনয়৷ অভিনয় অবিহনে যেন নাটক এখনৰ সংলাপবোৰে প্ৰাণ পাই উঠিব নোৱাৰে৷ নাটক এখন যিমানেই জনপ্ৰিয় নহওক ইয়াক অভিনয়ৰে প্ৰকাশ নকৰালৈকে তাৰ জনপ্ৰিয়তাই মানুহৰ হৃদয় আলোড়িত কৰিব নোৱাৰে৷ সেয়ে নাটক বুলিলেই আমাৰ মনত মাথো মঞ্চ অভিনয়ৰ কথাহে ভাহি উঠে৷ জীৱনত দুই-এখন নাটক পঢ়াৰ লগতে চাইছোঁ যদিও অভিনয় কৰাৰ অভিজ্ঞতা আছিল অতি ৰোমাঞ্চকৰ৷ গাঁৱত জন্ম গ্ৰহণ কৰাৰ বাবেই নাটকতকৈ ভাওনাৰ লগত প্ৰথম চিনাকি হৈছিল৷ ভাওনা নাটক নহ’লেও অভিনয় ভাওনাৰো এটা মূল আঙ্গিক৷ বহুবাৰ ভাওনাত ভাও লোৱাৰ বাবে অনুৰোধ কৰিছিল যদিও ভাও লোৱা নহৈছিল৷ কিবা এটা লাজ আৰু দুই-এবাৰ মহিলাৰ পাৰ্ট দিয়াৰ বাবেই ভাওনাৰ পিনে মুখ কৰা নাছিলোঁ৷ কাৰণ গাঁৱৰ ভাওনাত মহিলাৰ পাৰ্ট লোৱাসকলৰ ভৱিষ্যতলৈকে এটা নাম থাকি যায় বুলি মোৰ বিশ্বাস আছিল৷ কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকবিলাক চাই চাই নাটক কৰাৰ এটা আকাঙ্খা মনতে পুহি ৰাখিছিলোঁ৷ বিশ্বনাথ মহাবিদ্যালয়ত পঢ়িবলৈ আহি জীৱনত পোন প্ৰথমবাৰৰ বাবে নাটক কৰাৰ অভিজ্ঞতা হৈছিল৷ চৰিত্ৰটো আছিল এজন স্কুলীয়া ছাত্ৰ৷ কলেজৰ ছোৱালীবিলাকৰ সন্মুখত হাফ পেণ্ট পিন্ধি সৰু ল’ৰাৰ দৰে পাৰ্ট কৰাৰ ইচ্ছা নাছিল যদিও চৰিত্ৰৰ লগত মিল থকা শৰীৰটোৰ বাবেই শেষত কৰিবলৈ বাধ্য হৈছিলোঁ৷ এক ভয়, উত্কণ্ঠা আৰু লাজ লাজ ভাৱেৰে প্ৰথম মঞ্চত উঠি যেতিয়া বীৰদৰ্পেৰে সংলাপ মাতিছিলোঁ তেতিয়া পাহৰি গৈছিলোঁ যে মই প্ৰথম নাটক কৰিছোঁ৷ তাৰপিছত জীৱনত দ্বিতীয় বাৰৰ বাবে নাটকৰ লগত জড়িত হৈছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম আৰ্হিৰ 6 নং ছাত্ৰাৱাস আছিল সাংস্কৃতিক ক্ষেত্ৰত আগৰণুৱা এটা হোষ্টেল৷ সেই হোষ্টেলত সোমাই মই প্ৰথম অৱস্থাত বাধ্য হৈ একাংকিকা নাটক, ব্যঙ্গ নাটক, মুকাভিনয়, দলীয় নৃত্য সকলোতে অংশগ্ৰহণ কৰিব লাগিছিল৷ কিন্তু মনৰ মাজত থকা ইচ্ছাৰ বাবেই মই সকলোতে অংশ গ্ৰহণ কৰি পুৰষ্কাৰ লাভ কৰিছিলোঁ৷ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কথা আছিল বিশ্ববিদ্যালয় সপ্তাহৰ একাংকিকা নাট প্ৰতিযোগিতা অংশ গ্ৰহণ কৰি নাটকখনে প্ৰথম পুৰষ্কাৰ লাভ কৰাৰ লগতে মই “বিচাৰকৰ বিশেষ বঁটা” লাভ কৰিছিলোঁ৷ এইয়া আছিল মোৰ জীৱনৰ এটা ডাঙৰ স্বীকৃতি৷ ইয়াৰ পিছত আন্তঃমহাবিদ্যালয় সপ্তাহ (২০০৪) ত নাটক কৰিও পুৰষ্কাৰ লাভ কৰিছিলোঁ৷

জীৱনত নাটকে মোক বহু সুন্দৰ অভিজ্ঞতা দিছিল৷ বিশ্ববিদ্যালয়ৰ নাটকত পুৰষ্কাৰ লাভ কৰাৰ বাবেই মই মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত পূব মাণ্ডলিক আন্তঃবিশ্ববিদ্যালয় যুৱ-মহোৎসৱ (২৭-৩১ অক্টোবৰ ২০০৪) আৰু ইয়াৰ পিছত উত্তৰ প্ৰদেশৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় আন্তঃবিশ্ববিদ্যালয় যুৱ-মহোৎসৱ (১৭-২১ জানুৱাৰী ২০০৫)ত অংশ গ্ৰহণ কৰি অভিনয় কৰাৰ সুবিধা লাভ কৰিছিলোঁ৷ ভাৰতৰ সকলো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত কৰা সেই অভিনয় আছিল মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা৷ আমাৰ এই দুই যাত্ৰাত এইবাৰ “সাহিত্য.অৰ্গ”ৰ সম্পাদক শ্ৰদ্ধাৰ মৃণালজ্যোতি গোস্বামী দাদাও লগত আছিল আৰু আমি এক অনন্য অভিজ্ঞতাৰে ভাৰতৰ বিভিন্ন ঠাইৰ শ্ৰেষ্ঠ নাটকসমূহ উপভোগ কৰাৰ সুভাগ্য লাভ কৰিছিলোঁ৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক