নাটক : উজ্জ্বল ফুকন

নাটক

উজ্জ্বল ফুকন

( বি:দ্ৰ: তলত বৰ্ণনা কৰা কথাখিনি কোনো জীৱিত বা মৃত ব্যক্তিৰ লগত জড়িত নহয়। ক’ৰবাত কিবা সাদৃশ্য দেখা পালে সেয়া সম্পূৰ্ণ কাকতালীয়। ধন্যবাদ।)

সৰু ক’লা লাড়ু আকাৰৰ বলটো বতাহ ফালি লক্ষ্যৰ ফালে আগুৱাই গৈ আছে।
“চেহ, অলপতে নালাগিল।” মদনে মুখৰ ভিতৰতে ভোৰভোৰালে। কিন্তু সি জানো হাৰ মানিব। এনেই বহি থাকিলে সি এই কামটোৱেই কৰি থাকে। তাৰ মনত আছে সৰুতে সি তৰ্জনী আঙুলিটো ভৰাব পাৰিছিল। লাহে লাহে আঙুলিৰ আকাৰ ডাঙৰ হৈ আহিবলৈ ধৰিলে আৰু তাৰ লগে লগে নাকৰ সুৰঙ্গ দুটাও। আজিকালি পিছে তৰ্জনী অনামিকা একো নোসোমায়। মধ্যমা আৰু বুঢ়া আঙুলিৰে সি সৰুতেও চেষ্টা কৰা মনত নাই। যেনে তেনে কনিষ্ঠটোৰে কাম চলাই আছে এতিয়া। সোঁহাতৰ তৰ্জনী আৰু কনিষ্ঠৰ নখ সি এটা অংশলৈহে কাটে। তৰ্জনী কেৰম খেলিবৰ বাবে আৰু কনিষ্ঠ এই কামটোৰ বাবে। আকৌ আৰম্ভ হৈ গ’ল প্রস্তুতি। কনিষ্ঠই দুয়োটা সুৰঙ্গত কয়লা বিচাৰি চলাথ কৰিছে। মাজে মাজে ওলাই আহি বুঢ়াৰ তলুৱাত দি যায়। বুঢ়া আৰু তৰ্জনী আকৌ বল সজাত ব্যস্ত। দুই তিনিবাৰ মান কয়লা আনল’ড কৰাৰ পিছত কনিষ্ঠৰ কাম শেষ। কয়লাৰ লাড়ু বুঢ়া আৰু তৰ্জনীৰ চেপাত লাহে লাহে গোলাকাৰ ৰূপ লৈছে। মদন আকৌ সাজু হ’ল গুলি মাৰিবলৈ। গুলিৰূপী কলা লাড়ুটো বুঢ়াৰ পতাত উঠি ভয়ত ঘামি আছে। কোন সময়ত তৰ্জনীয়ে পূৰ্ণহতীয়া গোৰ দিয়ে ঠিক নাই। মদন এনেই কেৰম চেম্পিয়ন নহয়। একেবাৰে লক্ষ্যত লাগিল এইবাৰ। আমেৰিকাই হিৰোছিমা নাগাচাকিত বোমা পেলোৱাদি বলটো লক্ষ্যত পৰিল।
“কেঙঙঙঙ কেঙঙঙঙঙ কেঙঙঙঙঙ কেঙঙঙঙঙঙ” চকুত কিবা এটা তপককৈ পৰাত জেকপটে চিঞৰি উঠিল।
“হি হি হি হি” মদনৰ সাফল্যৰ হাঁহি।
“পেটুৱা বলধ চাল্লা, তোৰ হাঁহি ওলাব ৰ আহি থকা জনমত। হে কুকুৰ দেৱতা, ইয়াক চিকৰা হৈ পখিলীৰ পিছপিনে বহি থাকিবলৈ দিবা অহা জনমত। চিকৰাও নহয়, কৃমি হবি যা। মই মানুহ হৈ জনম ল’ম আৰু মোৰ পেটতেই যেন ইয়াৰ জনম হয়। এই দুৰ্ভগীয়া ভতুৱাৰ অনুৰুধ অথলে নাযায় যেন।” জেকপটে কুকুৰৰ ভাষাত কুকুৰ দেৱতাৰ জৰিয়তে মদনলৈ শাও আৰু নিজলৈ আৰ্শীবাদ বিচাৰিলে। আকাশলৈ চাই সি বহুপৰ কেঙকেঙাই থাকিল।
“অই মূৰচোবোৱা, কিয় কেঙকেঙাই আছ? এনেই দোকানলৈ মানুহ নহা হৈছে তাতে এইদালৰ চিঞৰ চা। আহি থকা গ্রাহকো খেদিবি এতিয়া। এইটো খা আৰু চুপ থাক।” জেকপটৰ ফালে বিস্কুট এটা দলিয়াই কলিতাই ক’লে।

হঠাৎ সন্মুখৰ পথটোৱেদি গগৈ অফিছৰপৰা ঘৰলৈ গৈ থকা দেখি মুখত বিস্কুত লৈ জেকপট গগৈৰ পিছ ল’লে। এয়া জেকপটৰ আবেলিৰ আহাৰৰ সময়। গগৈনীয়ে বৰ ধুনীয়া ৰান্ধে আৰু মৰমত জেকপটক সদায় কিবা অলপ দিয়েই। জেকপটেও ৰাতি বিয়লি গগৈৰ ঘৰৰ আগেদি চিঞৰ দুটামান মাৰি তাৰ প্রভুভক্তিৰ প্রমাণ দি যায়।
“জেকপটৰে ভাল। বিস্কুটো পালে আৰু এতিয়া গগৈৰ ঘৰটো খাবলৈ পাব। চাল্লা আমিও কুকুৰ হৈ জন্ম লোৱাই ভাল আছিল। অন্ততঃ লাজ নাইকিয়াকৈ যাৰে তাৰে চুৱাপাটনিত বহি নতুন নতুন আইটেম খাবলৈ পালোঁহেঁতেন। আৰু আপুনিও খঙতে হ’লেও বিস্কুট এটা দিলে হয়।” মদনে নিজৰ পেটটো চপৰিয়াই চপৰিয়াই কলিতালৈ চাই ক’লে।

“হেৰৌ ল এইটো বিস্কুট। তই বিস্কুট এটাৰ কাৰণে কুকুৰ হব নালাগে দে। তোক নিদিলে মোৰ পেট চলিব।” কলিতাই মদন ৰমেন আৰু গহীন তিনিওটালৈ বিস্কুটৰ পেকেট এটা আগবঢ়াই দি ক’লে।
“এহ বিস্কুট দিলে হয়, কিন্তু শুদা বিস্কুট জানো ভাল লাগিব। ডিঙিত লাগি নধৰিব জানো। কি কৱ গহীন?” মদনে গহীনলৈ চাই সমৰ্থন বিচাৰিলে।
গহীন আৰু ৰমেনে একেলগে মূৰ দুপিয়াই সমৰ্থন জনালে।
“চাহ চাৰিটা লৈ আহ’ পোৱালি। একেলগে চাহ পিয়াৰ মজাই বেলেগ। কি কয় কলিতা দা?” ৰমেনে পোৱালিক চাহৰ অৰ্ডাৰ দি কলিতালৈ চাই ক’লে।
চাহৰ পইছা যে ভুলটো নাপায় সেই কথা জানিও কলিতাই সঁহাৰি জনালে।
চাহত শোহা মাৰি আকৌ সকলো নিজৰ নিজৰ ভাবৰ পৃথিৱীত সোমাই পৰিল। গহীনে আজি ৰাতিপুৱাৰ পৰাই চেহেৰাত চুনামি লৈ ঘূৰি ফুৰিছে। সংসাৰৰ চাকনৈয়াত পৰি জীৱন নাও ডুবু ডুবু। আজি এইটো লাগে কাইলৈ সেইটো লাগে। আপুনি আগতেটো এনেকুৱা নাছিল। আজিকালি আপুনি মোৰ কথা একো নুশুনে। বৰ বেছিকৈ লাগি থাকিলেও কব “অনবৰত প্রেম প্রেম বুলি পেনপেনাই নাথাকিবা মোৰ বহুত কাম আছে”। আকৌ লাগি নাথাকিলেও কব “তুমি আজিকালি মোক পাহৰিলাই”। ইফালে জেতুকি বাইয়ে কৈয়ে আছে ‘নাতি লাগে, নাতি লাগে’। ককা আৰু পদুমি আইতাইও আওপকিয়াকৈ কৈ থাকে ‘ঘৰখনত সৰু লৰা ছোৱালীৰ খিলখিলনি নাথাকিলে বৰ নিসাৰ-সাৰ লাগে অ ‘। এতিয়া মই কি কৰোঁ। ল’ৰা-ছোৱালী আৰু গছত লগা বস্তুটো নহয় যে ছিঙি লৈ আহিম ক’ৰবাৰ পৰা। হ’ব আৰু সময়ত। আজি আকৌ ৰাতিপুৱাৰপৰা সৰস্বতীয়ে নতুন কাপোৰ এজোৰৰ বাবে লাগি আছে। লগৰ কোনোবা মিতালী নে কি তাইৰ বোলে আঙুঠি পিন্ধোৱা আছে। মই বোলোঁ তাই আঙুঠি পিন্ধিব বুলিয়েই তই আকৌ নতুন কাপোৰ কিয় পিন্ধিব লাগে। মুখখন পাচি এটাৰ সমান হৈ গ’ল লগে লগে।
হেৰৌ বাৰীৰ শাক পাচলি বেচি সংসাৰ যেনে তেনে চলাই আছোঁ। বুধিন ককাইও খোজে খোজে সহায় কৰি আছে। কিন্তু সকলো সময়তটো আৰু ককাক পইচা খুজিব নোৱাৰি। ‘হে হৰি মই কি কৰোঁ’। শেষৰ বাক্যটো গহীনৰ মুখৰপৰা ডাঙৰকৈয়ে ওলাই আহিল।
কলিতাই গহীনলৈ চাই সুধিলে- “কি হ’ল অ’ গহীন?” মদন আৰু ৰমেনেও উত্তৰৰ আশাত গহীনলৈ ৰ লাগি চাই থাকিল।
হঠাত জেকপটেও পেটপূজা কৰি আহি মদনক পাৰ হৈ গহীনৰ সন্মুখত বহিল।
“এহ নক’ব কলিতা দা, সংসাৰে জ্বলা-কলা খুৱাই দিছে। আজি আকৌ পটেশ্বৰীক নতুন কাপোৰ এজোৰ লাগে। লাগ বুলিলেই ক’ৰপৰা আনি দিওঁ কওকচোন। পইছা-পাতিৰো কথা এটা আছে। চাল্লা কুকুৰ হোৱাই ভাল আছিল অন্ততঃ এই কাপোৰ-কানিৰ সমস্যা নহ’লহেঁতেন।” গহীনে সন্মুখত বহি থকা জেকপটলৈ চাই কলিতাক কথাখিনি ক’লে।
মদনে লাহেকৈ গহীনৰ হাতখনত খামুছ মাৰি ক’লে- “তোৰ আৰু মোৰ কথাবোৰ মিলি গৈছে। অহা জনমত কুকুৰ হলেও আমি নিশ্চয় বন্ধু হৈ থাকিম।”
গহীনে মদনৰ কথা শুনি হাঁহিবই নে তাক গালি দিব ঠিক বুজি নাপালে।
ইফালে জেকপটে বুজি পাইছে সিহঁতে তাৰেই কথা পাতিছে বুলি। সিও কুকুৰ দেৱতাক আকৌ প্রাৰ্থনা কৰিলে “হে ভগৱান মোক অহা জনমত মানুহ কৰিলে গহীনৰ নিচিনা ভাগ্য দিবা”। গহীন আৰু সৰস্বতীৰ প্রথম নিশাৰ প্রতক্ষ্যদৰ্শী জেকপটে সেই নিশাৰ পৰাই গহীনৰ দৰে ভাগ্যৱান আৰু কোনো নাই বুলি জুলীকো কৈছে। অ’ জুলীৰ কথা কোৱাই নাই আপোনালোকক। জুলীক ফাৰ্ষ্ট টাইম জেকপটে গগৈৰ ঘৰৰ চুৱাপাটনিত লগ পাইছিল। মাংসৰ হাড় চোবাই থাকোতে তাইৰ নেজে আহি যেতিয়া তাৰ নেজত খুন্দা মাৰিলে তেতিয়াৰপৰাই জেকপট প্রেমৰ সাগৰত উটি ভাহি ফুৰিছে। যদিও জুলীয়ে এতিয়াও জেকপটক বিশ্বাস কৰা নাই কাৰণ ৰামুৱে কোৱা মতে জেকপটৰ শীলা আৰু খুচবুৰ লগতো অবৈধ সম্পৰ্ক আছে। ৰামু আকৌ জুলীৰ বাবে পাগল। ত্রিকোণ প্রেমৰ বাবেই চুবুৰীটোত সততে চিঞৰ বাখৰ হয়। চুবুৰীৰ মুখিয়াল ভীমে দুয়োটাৰ সীমা নিৰ্ধাৰণ কৰি দিছে। জেকপটে এটা ঠেঙ দাঙি তাৰ স্মৃতি য’তে ত’তে এৰি আহিছে যাতে ৰামু তাত সুমাব নোৱাৰে। একেটা কাম ৰামুৱেও কৰি থৈছে নিজৰ সীমাত।

“হেৰৌ মোৰ পৰাই লৈ যাবি যা পইছা। কাপোৰ এজোৰ কিনি দিবি তাইক। পিছে পৰে সময় সুবিধা মিলিলে মোক ঘূৰাই দিবি। কাপোৰ এজোৰৰ কাৰণে তই কুকুৰ হব নালাগে দে।” কলিতাই গহীনলৈ চাই ক’লে।
গহীনে সন্মানৰ চকুৰে কলিতালৈ চালে যেন কলিতাই এক মূহুৰ্ততে ৰাতিপুৱাৰ পৰা তাৰ মূৰ গৰম কৰি থকা সমস্যাটো ঠাণ্ডা কৰি দিলে।
আকৌ সকলো নিজৰ নিজৰ ভাবত বুৰ গ’ল। গহীনৰ সন্মুখটো বৰ সুবিধাজনক নেদেখি জেকপট এইবাৰ ৰমেনৰ কাষ পালেগৈ। মদনে পিছফালটো অলপ ইকাটি সিকাটি কৰা দেখি সিহঁত বহি থকা বাঁহৰ বেন্সখন বিষত কেঁকাই উঠিল “কেৰৰৰৰ কেৰৰৰৰ কেৰৰৰৰৰ”।
ৰমেনৰ আঙুলিকেইটা মূৰৰ কমি অহা চুলিবোৰৰ মাজে মাজে ঘূৰি ফুৰিছে। এদাল এদাল সৰি অহা চুলিয়ে যেন দাঁত নিকটাই তাৰ যৌৱনক ইতিকিঙ কৰিছে। কিন্তু এতিয়া তাৰ সমস্যা চুলিক লৈ নহয়, সমস্যা তাৰ পিছত পৰি থকা মগজ নোহোৱা এই ছোৱালীজাকক লৈহে ।
তাৰো ভুল আছে। সিহঁতক সি চলাহী কথাৰে আৰু মিছা প্রশংসাৰে উপচাই পেলাইছিল। কিন্তু এতিয়া সেইবোৰেই বুমাৰেঙ হৈ ঘূৰি আহিছে তাৰ ফালে। গোটেই কেইজনীয়ে তাৰ লগত বিয়াত বহিব খোজে। সি না কৰি কৰি তৎ পোৱা নাই। ইফালে এপইচা নঘটি বিয়াত বহিলে দেউতাকে তাৰ পিঠি বহল কৰিব। এইকেইদিন সেইবোৰ চিন্তাত তাৰ চুলি আৰু বেছি সৰিছে।
হঠাত সন্মুখেদি মিনি স্কাৰ্ট পিন্ধি ভৰিৰপৰা মূৰলৈ যৌৱন কঢ়িয়াই লৈ গৈ থকা ছোৱালী এজনী দেখি ৰমেনৰ মুখৰপৰা ক’ব নোৱাৰাকৈয়ে ওলাই আহিল- “ৱাহ!! মই কুকুৰ হোৱা হলেই ভাল আছিল।”
এইবাৰ তিনিওটাৰ যেন ৰমেনক চোৱাৰ পাল । ৰমেনে কথাৰ গুৰুত্ব বুজি সিহঁতৰ ফালে চাই ক’লে “অ’ নহয় নহয়। যদি তাই কুকুৰনী হয় তেতিয়াহে। এট্‌ লিষ্ট সেই কাপোৰ কেইপদো আঁতৰি গ’লহেঁতেন তেতিয়া!”

“ভৌ ভৌ ভৌ”- জেকপটেও যেন তাৰ কথা শুনি হাঁহি উঠিল। “হে ভগৱান মোক যেন ৰমেনৰ দৰে ছোৱালী বশ কৰিব পৰা শক্তি দিয়া অহা জনমত।” জেকপটে কুকুৰৰ ভগৱানলৈ আৰু এটা প্রাৰ্থনা আগবঢ়াই দিলে।

“হেৰৌ আজি গোটেইকেইটাক কিহে পাইছে। সকলোৰে দেখুন কুকুৰ হবৰে মন। নিজে যেনেকৈ জন্ম লাভ কৰিছ তাক সন্মান কৰিবলৈ শিক। ভগৱানে সকলোকে কিবা এটা শক্তি দিছে যি আন জীৱৰ মাজত নাথাকে। লাগিলে সেইটো ৰমেনৰ বুদ্ধি হওক, গহীনৰ ধৈৰ্য্য হওক, মদনৰ শক্তি হওক বা জেকপটৰ প্রভুভক্তি হওক। নিজকে আনৰ লগত তুলনা নকৰিবি। তই অদ্বিতীয় মানে পৃথিৱীত তোৰ দৰে দ্বিতীয় এজন নাই। আৰু এই কথাটো সন্মান কৰিবলৈ শিক। বেয়া দিনবোৰত ভগৱানে সকলোকে পৰীক্ষা কৰে কাৰ মানসিক শক্তি কিমান। আৰু কোনো জীৱকে ঠাট্টা নকৰিবি। ভগৱান সকলোতে বিৰাজমান। মহাপুৰুষ জনাইও কৈ গৈছে
কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম
জানিয়া সবাকে পৰি কৰিবা প্রণাম।
মানে কুকুৰ শিয়াল গাধ সকলোৰে মাজত ভগৱান আছে। সেয়েহে সকলোকে সন্মান কৰিবি আৰু সকলোকে ভগৱান মানি সেৱা কৰিবি।”
কলিতাৰ কথা শুনি মদনে মুখ মেলি ৰ লাগি চাই ৰ’ল। ৰমেনে লাহেকৈ ক’লে “ভূতৰ মুখত ৰাম নাম।”
জেকপটে কিবা এটা বুজি পোৱাৰ দৰে মূৰ দুপিয়াই থাকিল।
গহীনে ক’লে “কলিতা দা, আপুনি আজিকালি বৰ ভাল ভাল কথা কয় দেই। ককাৰ লগত কৰা ধৰ্ম আলোচনাবোৰে ভাল কাম দিছে।”
কলিতাই এটা সন্তুষ্টিৰ হাঁহি মাৰিলে ।
জেকপটে গোটেই কথাখিনি বুজি পোৱাৰ দৰে মূৰ দুপিয়াই থকা দেখি ৰমেনে ক’লে- “শিক্ষামন্ত্রীৰ শিক্ষাৰ প্রসাৰ জীৱ জন্তুৱেও পাইছে যেন পাইছোঁ। আজিকালি মহাপুৰুষীয়া বাণী কুকুৰেও বুজি পোৱা হৈছে।”
“হা হা হা আজিকালি জ্ঞান নালাগে, ভাটৌৱে পঢ়া দি মুখস্থ কৰি পোৱা বিয়াগোম পাৰ্চেন্টেজ লাগে।” মদনে হাঁহি হাঁহি ক’লে।
হঠাত কলিতাৰ দোকানত থকা সৰু টিভিটোৰ পৰা সন্ধিয়াৰ বাতৰি ভাহি আহিল। “পি এ চাংমাই আজি ৰাষ্ট্রপতি পদৰ বাবে মনোনয়ন পত্র দাখিল কৰিলে। চাংমাই কোৱা মতে তেওঁ খুবেই আশাবাদী। আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাই তেওঁক ক্রছ ভোটিং কৰিব বুলি তেওঁ নিশ্চিত। যিহেতু কোনে কাৰ সপক্ষে ভোটদান কৰিছে সেয়া গম পোৱা নাযায়। সেয়েহে ফলাফল তেওঁৰ সপক্ষে থাকিব বুলি চাংমাই দৃঢ়তাৰে কৈছে। নতুন দিল্লীৰ পৰা কেমেৰা পাৰ্চন মনুৰ সৈতে সুইত নীলডন। ”
“এই ৰাষ্ট্রপটিৰ যুদ্ধখন যে কেতিয়া শেষ হব গম নাপাও আৰু সাধাৰণ ৰাইজৰ ৰাষ্ট্রপতি সলনি হ’লে কি লাভ হ’ব গম নাপাওঁ।” কলিতাই ভোৰভোৰাই উঠিল।
“মই এইটো খাটাং কব পাৰোঁ যে লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পোৱা এশটাৰ আশীটাই ৰাষ্ট্রপটি আৰু প্রধানমন্ত্রীৰ কামৰ পাৰ্থক্য নাজানে। ঠিক সেইদৰে নাজানে ৰাজ্যপাল আৰু উপায়ুক্তৰ কাম কি। আজিৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ বোজা ইমান প্রফেচনেল কৰি পেলাইছে যে ছাত্রই নিজৰ পৰা ভাবিবলৈ সময়েই নাপাই আচলতে এই পদবোৰৰ প্রয়োজনীয়তা কিমান। বুধিন ককাহঁতৰ দিনৰ মেট্রিক পাছ আৰু আজিৰ মেট্রিক পাছৰ মাজত আকাশ পাতাল প্রভেদ আছে। আজিৰ ল’ৰাক দৰ্খাস্ত এখন লিখিবলৈ দিলে ক’ব আমাৰ পৰীক্ষাত এইটো বিষয়ত দৰ্খাস্ত লিখিবলৈ আজিলৈকে অহা নাই। হয়তো সৰুতেই বহুত অসাধাৰণ জ্ঞান পাইছে যেনে কম্পিউটাৰ চলাব জানে, ম’বাইলত গেম খেলিব জানে কিন্তু মই ভাবো এই সকলৰ সাধাৰণ জ্ঞানৰ অভাৱ। ” ৰমেনে আকৌ শিক্ষা ব্যৱস্থাৰ বিষয়টো টানি আনিলে।
কলিতাই ৰমেনলৈ ভেবা লাগি চাই ভাবিলে- “মিছা ক’লে কি ডাল হ’ব। ৰাষ্ট্রপতি আৰু হাতীপটিৰ মাজত কি পাৰ্থক্য আছে তাকে বুজি নাপাওঁ, প্রধানমন্ত্ৰীটো বহুত দূৰৰ কথা।”
“সেইবোৰ বাদ দে। কিন্তু এওঁৰ নাম কোনটো? সুইট নে নীল নে ডন? আৰু উপাধি? এই নামটো কোৱাৰ লগে লগে তাহানিৰ স্কুলৰ অঙ্ক চাৰ লাহন চাৰলৈ মনত পৰে। শ্রেণী আৰম্ভ কৰাৰ আগতেই কয় ‘মদন নীল ডাউন।’ তাৰপিছতহে ক্লাচ আৰম্ভ হয়। নামটো শুনিলেই সেই পুৰনা ঘাঁ টুকুৰা কোনোবাই খুঁচৰি দিয়া যেন লাগে অ’।” মদনে পুৰণা কথা মনত পেলাই ক’লে।
“আৰু নিৰ্মল মাৰ্ঘেৰিটাক পাহৰি নাযাবি। মইও ভাবিছোঁ নামটো গহীন শিৱসাগৰ কৰি দিওঁ বুলি।” গহীনে হাঁহি হাঁহি ক’লে।
“অই যাওঁ ব’ল। বুধিন দেউতাই মাতি পঠাইছিল আজি মহাভাৰতৰ পৰ্ব এটা শুনাব মোক। তেওঁ কিন্তু বৰ ধুনীয়াকৈ বুজাই দিয়ে।” কলিতাই ক’লে।
“ব’লক কলিতা দা। আমিও জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগে। সৎ উপায়েৰে কিবা অলপ ঘটি সন্মান সহকাৰে জীয়াই থাকিব লাগে। তাৰ বাবে লাগিব প্রচণ্ড উইল পাৱাৰ মানে ইচ্ছা শক্তি আৰু আমাৰ যৌথ শক্তি।” ৰমেনে সকলোলৈ চাই চিগাৰেটৰ ধোঁৱাখিনি ওপৰলৈ মাৰি ক’লে।
মদন আৰু গহীনে মূৰ দুপিয়ালে। কলিতাই ৰমেনৰ পৰা চিগাৰেটটো এহোপ মাৰি তিনিওটালৈ চিগাৰেটটো দেখুৱাই ক’লে- “মইও আছো তঁহতৰ লগত। উইল পাৱাৰৰ কথা নাজানো কিন্তু উইলছ পাৱাৰ আছে মোৰ লগত।”
সকলোৱে একেলগে হাঁহিবলৈ ধৰিলে।
সকলো আগবাঢ়িল অগাপিছাকৈ বুধিন বৰাৰ ঘৰৰ ফালে। একেবাৰে আগত মদন আৰু তাৰ পিছে পিছে ক্রমে গহীন ৰমেন কলিতা আৰু শেষত জেকপট। দূৰৰ পৰা বুধিন বৰাই জেকপটৰ সৈতে গোটেই কেইটাক শাৰীপাতি আহি থকা দেখি পাণ্ডৱৰ স্বৰ্গযাত্রাৰ লগত তুলনা কৰিবলৈ ধৰিলে। “জেকপটেই যেন সেই ভাগ্যৱান কুকুৰটো। মদন ভীম, গহীন অৰ্জুন,ৰমেন নকুল আৰু কলিতা সহদেৱ। কিন্তু যুধিষ্ঠিৰ কোন হব? হয়তো মইয়েই হব লাগিব। সৰস্বতী দৌপদ্ৰী, পদুমি কুন্তি আৰু এই জেতুকীক কি দিয়া যায়। মন্থৰাটো ৰামায়ণতহে আছিল। এই বুঢ়ীয়ে চকুৰেও একো নেদেখা হৈ আহিছে। গান্ধাৰীয়েই হ’ব পাৰিব।” মনৰ ভিতৰতে মিচিকিয়া হাঁহি এটা মাৰি স্বস্তিৰ নিশ্বাস পেলালে। সচৰাচৰ হোৱাৰ দৰে চিনাকি জেঠীটোৱে ‘শইত শইত’ নকৰিলে যদিও ওচৰৰ পিটনিখনৰ পৰা এজাক ভেকুলীয়ে ‘টুৰৰৰৰৰৰ টুৰৰৰৰ’ কৰি হয়ভৰ দিলে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jaysankar
8 years ago

Hi Ujjal da,
Very well written. Specially the 1st part.. I enjoyed to the fullest.
Regards,
Jaysankar