নাটক: হেঁপাহ (শান্তনু চাংমাই)

শান্তনু চাংমাই


দৃশ্য এক:

(দোকমোকালিৰ আগৰ ক্ষণ। পাছ-চোতাল। তিয়নি খনেৰে গা টো মচি মচি হেমেন থিয় হৈ আছে। নাদৰ পাৰত দুটি ডাঙৰ বাল্টি, ৰচীত ওলমি থকা সৰু বাল্টিটোৰে পদুমীয়ে পানী তুলি তাত ভৰাইছে। পূৱ আকাশত অকণ অকণ সেন্দুৰীয়া আবেশ।)

হেমেন:- বাহিৰ ফুৰিবলৈ যাওঁতে কল দুথোক চাই আহিলোঁ বুইছ। ঠিকেই কৈছিলি ত‍ই, অহাটো হাটৰ বাৰত বেচিব পৰা হ’ব।

[গিৰিয়েকলৈ চাই পদুমীয়ে নাদৰ জেওৰাৰ বেৰটোৰ পৰা ওলাই আহি বাল্টি দুটা কঢ়িয়াই বাৰাণ্ডালৈ আনি থয়]

হেমেন:- ইমান লেহেম লেহেমকৈ কাম কৰি থাকিলে বেলি ওলাই মূৰৰ ওপৰ পাবহি, ভাত দুটিমান বাঢ়গৈ যা- নহ’লে ডাক্তৰ বাবু ওলাই হচপিটাল পাবগৈ।

[একো উত্তৰ নিদি পদুমী ভিতৰলৈ সোমাই যায়। ক্ষন্তেক পিছত ওলাই আহি গিৰিয়েকক লুঙী এখন দিয়েহি]

হেমেন:- এহ, এতিয়া আৰু এইসোপা পিন্ধিবলৈ সময় আছে নে? ত‍ই ভাত বাঢ়; ম‍ই ইঁহতক উঠাই কাপোৰ-কানি একে চাবতে পিন্ধি সাজু হওঁগৈ।

পদুমী:- ইঁহত দুটালৈও ভাত বাঢ়িম নে?

হেমেন:- নালাগে, তৰাই পিছত বাঢ়ি দি দুয়োটাই খাব। শুই উঠিয়েই পেট গধূৰ কৰা কোনো দৰকাৰ নাই। অলপ পুথি-পাঁজি আওৰাওক, তাৰ পিছত ইচকুললৈ যোৱাৰ আগতে খাই যাব। ত‍ই আমি দুটালৈ বাঢ়িবিগৈ যা।

পদুমী:- হ’ব বাৰু। [পুনৰ ভিতৰলৈ প্ৰস্থান]

হেমেন:- [তিয়নি খন বাঁহৰ ডাঁৰত মেলি মেলি] এই তিৰীসোপাৰ পৰা উপায় নাই। সকলো কথা আঙুলিৰ মূৰত ধৰি ধৰি শিকাই দিব লাগে…।

[ভিতৰৰ পৰা চকু মোহাৰি মোহাৰি তৰা আৰু তাইৰ ভায়েক ৰিজু ওলাই আহে]

তৰা:- দেউতা, তঁহত এতিয়াও যোৱাই নাই? দেৰি হ’লে তোৰেই মূৰটো আকৌ গৰম হ’ব। হেমেন:- [ভেকাহি মাৰি] এতিয়াও ছয় বজাই নাই এথোন। চাৰে ছয় বজাৰ বাছত উঠি গ’লে সাত চল্লিশ মানতে টাউন পামগৈ। ডাক্তৰ দেখোন ন’ বজালৈকে নিজৰ ঘৰৰ ক্লিনিকতে বহে। কিহৰ চিন্তা?

তৰা:- কথা চোবাই থাকিলে ইয়াতে চাৰে ছয় বাজিব। ভাত কেইটা গিলি যা তঁহত।

হেমেন:- ইচকুললৈ যোৱাৰ আগতে ৰাঙলীজনীক ভালকৈ বাৰীতে এৰাল দি থৈ যাবলৈ নাপাহৰিবি। তাই গাভিনী, গতিকে বাকী কেইটাৰ লগত চৰিবলৈ এৰি দিব নালাগে।

[হেমেন ভিতৰলৈ সোমাই যায়, তৰাই দাঁতোন বিচাৰি পিৰালিৰ চুকলৈ আগবাঢ়ে]

ৰিজু:- [বায়েকৰ চোলাত ধৰি] বাইটি, আজি বগৰী খাবলৈ যাবি নে? মথাউৰিৰ পাৰত লোমালোমে বগৰী লাগিছে।

[তৰাই মিচিকিয়া হাঁহি মাৰি ৰিজুৰ জপৰা চুলিত হাত ফুৰায়]

 

দৃশ্য দুই:

(জ’গিং কৰি আহি ড০মহন্ত বাৰাণ্ডাৰ আৰামী চকীত বহিছে। বনকৰা ছোৱালী মীনাই গিলাছ এটাত হালধীয়া বৰণৰ ফলৰ ৰস দিছেহি। ৰাতিৰ পোছাকযোৰেৰেই (ফুটফুটীয়া চোলা আৰু পাইজামা) ব্ৰাছ কৰি কৰি খুঁটা এটাত আউঁজি শ্ৰীমতী মহন্ত ৰৈছে।)

মহন্ত:- মৰ্ণিঙ।

মিচেজ:- মৰ্ণিঙ। আকৌ আৰম্ভ কৰিছা এক্সাৰচাইজ? গুড, ভেৰি গুড।

মহন্ত:- ছয় কে.জি. অ’ভাৰৱেইট। অবেচিটি হ’বলৈ কিমান টাইম লাগিব ?

মিচেজ:- আই লাইক ইউৰ ডেডিকেশ্যন। চেন্নাইৰ পৰা উভতি আহি ম‍ইও ট্ৰেড মিলতে আৰম্ভ কৰিব লাগিব।

মহন্ত:- ট্ৰেড মিলডাল মিছা বুজিছা নে, অলপ নেচাৰেল খোলা-মেলা ঠাইত ব্যায়াম কৰিলে বেছি বেনিফিট হ’ব।

মিচেজ:- হৈছে থোৱা- তোমাৰ দৰে ম‍ই সকলোৰে আগত অ’পেনলি দৌৰি ফুৰিব নোৱাৰোঁ। এনিৱে’জ- দুটাবজাত আহিবলৈ নাপাহৰিবা, মনত আছে নহয় ?

মহন্ত:- অ’ য়া য়া। তোমাৰ ফ্লাইট চাৰে তিনটাত নহয় জানো ? কুন্তলাক বাকীখিনি টাইম মেনেজ কৰিবলৈ কৈ ম‍ই আহি যাম।

মিচেজ:- থেংকছ, কাইণ্ড অব ইউ।

মহন্ত:- (থিয় হৈ) ইউ আৰ ৱেলকাম। ড০ সাহাক ফোন কৰি ম‍ই কেছটো আকৌ ভালকৈ বুজাই দিম বাৰু।  ইতিমধ্যে ই-মেইল কৰি বুজাব লগীয়া খিনি বুজাইছোঁৱেই। ফ্ৰে’ছ হৈ ক্লিনিকত বহোঁ। তুমি পেকিং কৰা।

মিচেজ:- হুমম…

[মহন্ত ভিতৰলৈ সোমাই যায়। মীনা আহি মহন্ত‍ই পি যোৱা গিলাছটো উঠাই ভিতৰলৈ নিব খোজে।]

মিচেজ:- [মূৰৰ সোঁফালে সোঁহাতেৰে চেপি ধৰি] উস…!

মীনা:- [চিন্তিত হৈ ওচৰলৈ আহি] কি হ’ল বাইদেউ? চাৰক মাতিম নেকি ?

মিচেজ:- উস…। নালাগে দে, ঠিক হৈ যাব। তোৰ চাৰ কিবা ভগৱান নেকি? আজি দেখোন চেন্নাইলৈ যামেই। চব ঠিক হৈ যাব। [নিজেই নিজকে] বী ষ্ট্ৰঙ বী ষ্ট্ৰঙ …

মীনা:- ব’লক বাইদেউ, ভিতৰলৈ গৈ অলপ বহি লওক।

[শ্ৰীমতী মহন্তৰ হাতত ধৰি ভিতৰলৈ নিবলৈ উদ্যত হয়]

মিচেজ:- [মীনাৰ হাতখন আচাৰ মাৰি এৰুৱাই] যা: এইজনী, এপাট চৰ দিম এতিয়া। নিজৰ কাম কৰিবি গৈ যা।

[সেমেনা-সেমেনিকৈ মীনা পৰ্দা দাঙি ভিতৰলৈ সোমাই যায়] মিচেজ:- [মূৰতো মোহাৰি মোহাৰি] বী ষ্ট্ৰঙ বী ষ্ট্ৰঙ …!

 

দৃশ্য তিনি:

(ড০ মহন্তৰ ক্লিনিক। আচবাব বোৰ পৰিপাটীকৈ সজাই থোৱা আছে| দেৱালত মানৱ শৰীৰৰ বিভিন্ন ডায়াগ্ৰাম। এজন ক্ষীণ মধ্যবয়স্ক ৰোগীৰ লগত মহন্ত বাৰ্তালাপত ব্যস্ত।)

মহন্ত:- এইবাৰ চিন্তাৰ কোনো কাৰণ নাই, দৰৱবোৰ সলনি কৰি দিছোঁ নহয়। দুই তিনিদিনতে আপুনি দেখিব আৰাম পাই গৈছে।

ৰোগী:- ভাল বাৰু চাৰ। কিন্তু যোৱা বাৰৰ দৰৱ খিনি খাই মূৰঘূৰণিটো বেছি হে…

মহন্ত:- আহ হা। এইবাৰ নি:শ্চিন্ত থাকক; একদম গ্যাৰান্টি থকা দৰৱ দিছোঁ, আপোনাৰ মূৰঘূৰণি পলাই ফাঁট মাৰিব। ৰ’ব, লগতে ট’নিক এটাও লিখি দিছোঁ- এই ওচৰৰ শৰ্মা ফাৰ্মাছীতে পাব।

[ঘচঘচকৈ কাগজত নাম লিখি ৰোগীক দিয়ে]

ৰোগী:- ভাল তেন্তে চাৰ, আহোঁহে।

[চকীৰ পৰা উঠি যাবলৈ লয়। মহন্ত‍ই মুখলৈ হাতখন নি লাহেকৈ ঊদেশ্য-জড়িত কাহ এটা মাৰে]

ৰোগী:- চাৰ?

মহন্ত:- [মিহি কৈ হাঁহি মাৰি] ফিজ টো ?

ৰোগী:- কিন্তু চাৰ, যোৱাবাৰ আহোঁতে দিছিলোঁ নহয়্, এতিয়া আপুনি মাথোন দৰৱটো হে বদলি কৰি দিছে?

মহন্ত:- চাওক দাস ডাঙৰীয়া, আপুনি গেলামালৰ দোকান দিছে, প্ৰতিটো বস্তুৰে জুখি-মাখি শেষ গ্ৰামটো লৈকে দাম লয়। আমাৰ দোকান নাই, কিন্তু আমিও পৰিয়াল পোহ-পাল দিব লাগে। আমাৰোতো সময়ৰ মূল্য আছে, নে কি কয় ?

[মূখত হাঁহি লৈ মহন্ত চেলাউৰি উজায়। থেৰোঁ-গেৰোঁকৈ ৰোগীয়ে পকেটৰ পৰা মানিবেগটো উলিয়ায়]

মহন্ত:- বাৰু আপোনাৰ বাবে হাফ-ফিজ। … বেয়া নাপাব দাস, বস্তুৰ যি হে জুই-ছাই দাম হৈছে, আমিও নিৰুপায়।

[টেবুলত দুশ টকা থৈ দাস ওলাই যায়| প‍ইচাখিনি টেবুলৰ ড্ৰ’য়াৰ এটাত ভৰাই মহন্ত‍ই কলিং বেল টিপে- নেক্সট।

হেমেন আৰু পদুমী সোমাই আহে। হেমেনে আহিয়েই হাতযোৰ কৰি নমস্কাৰ দিয়ে, পদুমী পিছফালে থিয় দি ৰয়।]

মহন্ত:- বহক। [হেমেনৰ মূখলৈ চাই] কি হৈছে ?

হেমেন:- মানে, মোৰ নহয় চাৰ… মোৰ মানুহজনীৰ হে …।

মহন্ত:- অ’হ আচ্ছা। [পদুমীক ওপৰৰ পৰা তললৈ চাই] কওকচোন কি হৈছে আপোনাৰ।

[পদুমীয়ে ডাক্তৰৰ চকুলৈ এবাৰ চাই তলমূৰ কৰে। সময় নষ্ট হোৱাত মহন্ত অলপ বিৰক্ত হয়]

মহন্ত:- কৈ যাওক, নক’লে কেনেকৈ জানিম হৈছে কি ?

[পদুমী নিমাত। তাইৰ সংকোচ দেখি অলপ আগফালে হাউলি হেমেনেই ক’বলৈ আৰম্ভ কৰে|]

হেমেন:- মানে কথা হ’ল কি চাৰ। তাইৰ গাটো ভাল নহয়।

মহন্ত:- সেইটো ম‍ইও বুজিছোঁ, গা ভালে থাকিলে কোনো এনেকৈ ইয়ালৈ নাহে নহয়। প্ৰবলেম টো কি?

হেমেন:- মানুহজনীৰ পেটত খুব বিষ। মানে অনবৰতে বিষাই নাথাকে, কিন্তু মাজে মাজে খোঁচ মাৰি মাৰি ধৰে। তেতিয়া তাই ক’ব নোৱাৰা হয়, মুখৰ পৰা মাতো নোলায়।

মহন্ত:- [কাগজত খচখচকৈ লিখি] কিমান দিনৰ পৰা এনে হৈছে?

হেমেন:- প্ৰায় ছমাহ-এবছৰেই হ’ল হি চাৰ। কম্পাউণ্ডাৰক দেখুৱাইছিলোঁ- দৰৱো দিছিল, কিন্তু বিষটো দেখোন নুগুছাই হ’ল। এইবেলি ভূঁই ৰুই থাকোঁতেই তাই বোকাতে ঢলি পৰিছিল নহয় …।

মহন্ত:- [অলপ ৰৈ হেমেনলৈ চাই] পথাৰ? এজনী বেমাৰী মানুহক আপুনি পথাৰলৈ পঠাইছিল? [অলপ নৰম হৈ] বাৰু আপোনালোকৰ ঘৰ ক’ত?

হেমেন:- চাৰ, পদুমণিৰ ওচৰৰ নাহৰতলিত। দুলীয়াজানৰ পৰা যে ডিগবৈলৈ বাটটো যায় …

মহন্ত:- পদুমণি- নাহৰতলি, নাহৰতলি- পদুমণি …। [কিবা এটা চিন্তা কৰি বিৰবিৰায়] বাৰু, আপোনালোকৰ গাঁৱৰ ফালে বৰপূজাৰী বুলি মানুহ এঘৰ আছে নেকি ?

হেমেন:- বৰপূজাৰী… যতীন বৰপূজাৰী?

মহন্ত:- [অলপ উত্সাহিত হৈ] অঁ অঁ, তেঁৱেই। আৰু তেওঁৰ যে জীয়েক এগৰাকী আছিল- মনোৰমা বৰপূজাৰী?

হেমেন:- মনোৰমা? অ’ মনো আইটি… তাই আমাৰ ইচকুলতে পঢ়িছিল নহয়, মোতকৈ দুই নে তিনিবছৰ সৰু আছিল।

মহন্ত:- বাঁও গালত যে ডাঙৰকৈ তিল এটা আছে? গাখীৰত সেন্দুৰ মিহলালে হোৱা ৰঙৰ দৰে গাৰ বৰণ যে?

হেমেন:- অঁ, হয় হয় চাৰ, ঠিকেই ধৰিছে আপুনি। পিছে… আপুনি মনো আইটিক কেনেকৈ চিনি পায় বা?

মহন্ত:- গুৱাহাটীত একেলগে মেডিকেল পঢ়োঁতে … [ঘপকৈ নিজকে চম্ভালি লৈ]। ডাক্তৰী পঢ়োঁতে লগ পাইছিলোঁ। তেওঁৰ খবৰ কিবা পায় নে? [টেবুলত ঢাকি থোৱা গিলাছৰ পৰা পানী খায়]

হেমেন:- খবৰ চবৰ তেনেকৈ নাপাওঁ। কোনোবা তামিল ল’ৰা এজনৰ লগত দেউতাকৰ অমতত বিয়া সোমাল বুলি শুনিছিলোঁ চাৰ, তাৰ পিছৰ খবৰ নাজানোঁ …

মহন্ত:- [অলপ পৰ চকু মুদি মনে মনে থাকি] বাৰু ভাল। কি হৈছে বুলি কৈছিল আপোনাৰ মিছেজৰ?

হেমেন:- [অলপ ভেবা লাগি] হেঁ?

মহন্ত:- মানে আপোনাৰ মানুহগৰাকীৰ, নবৌৰ কি অসুখ বুলি ক’লে? [মনত পৰি] অ’ পেটৰ বিষটোৱে ট্ৰাবোল দি থাকে নহয় জানো?

হেমেন:- হয় চাৰ।

মহন্ত:- এটা কাম কৰক। [কাগজত লিখি লিখি] কেইটামান টেষ্ট কৰাবলৈ দিছোঁ। মেডিকেল তিনিআলিটো দেখিছে নহয়? তাৰ পৰা অলপ আগুৱাই গৈ বাওঁফালে হনুমানৰ মন্দিৰটো পোৱাৰ আগতে নৰেন্দ্ৰনাথ ডায়’গনিষ্টিক লেবটো পাব। তাতে গৈ এই টেষ্ট কেইটা কৰাই আহক। ৰিপ’ৰ্ট নোপোৱালৈকে একো দৰৱ নিদিওঁ- চব ডিটেইলচ চালি-জাৰি চাই হে কি কৰিব লাগে ক’ব পাৰিম।

হেমেন:- ভাল বাৰু চাৰ। পিছে আপোনাক ৰিপ’ৰ্ট খিনি ক’ত দেখুৱাম ?

মহন্ত:- ইয়ালৈকে আহক, চাৰি বজাৰ পৰা ছয়বজালৈ ম‍ই ইয়াতে বহোঁ। অ’ আজি অৱশ্যে মোৰ আহোঁতে চাৰে চাৰি বাজিব পাৰে- তিনিবজাত মোৰ কাম এটা আছে।

হেমেন:- [পুৰণি দহটকীয়াৰ নুৰা এটা উলিয়াই] হ’ব চাৰ, আপোনাৰ সিধাটো…

মহন্ত:- [মূৰ জোকাৰি] হ’ব বাৰু এতিয়া থাককচোন, আপুনি আগতে পৰীক্ষাবোৰ কৰি আহক

হেমেন:- বাৰু চাৰ, এতিয়া আহোঁহে… নমস্কাৰ।

[হেমেন আৰু পদুমী ওলাই যায়। মহন্ত‍ই পেচেন্ট মাতিবলৈ কলিং বেল টো টিপিবলৈ লৈ থমকি ৰয়। বিৰবিৰায়- ৰমা, মনো-ৰমা… মনো আইটি… হা: হা:। সম্বিত্‍ ঘূৰাই আনি কলিং বেলটো টিপে]

 

দৃশ্য চাৰি:

ড০ মহন্তৰ চেম্বাৰ। সময় বিয়লি পাঁচ বজা। বাহিৰত হেমেন পদুমী আৰু ছয় সাতজন ৰোগী। দুজনমানে অস্বস্তিৰে হাতৰ ঘড়ী চাইছে। গাড়ী আহি ৰোৱাৰ শব্দ। ক্ষন্তেক পিছত হাতত বেগ এটা লৈ খৰখোজেৰে ড০ মহন্তৰ আগমন। তেওঁক দেখা পাই হেমেন ঠাইতে থিয় হয়।

হেমেন:- চাৰ… বেছি পলম কৰিলে ঘৰলৈ উভতি যাবলৈ বাছেই ধৰিব নোৱাৰিম। আপুনি যদি ৰিপটখিনি চাই দিয়ে… মহন্ত:- হুম… ঠিক আছে আপোনালোক আগতে আহক, ম‍ই পটকৈ ৰিপ’ৰ্টখিনি চেক কৰি লওঁ।

[চকীত বহি মহন্ত‍ই ৰিপ’ৰ্টত চকু ফুৰায়। উদ্বিগ্ন চেহেৰা…]

মহন্ত:- আপোনাক চাৰিটা পৰীক্ষা কৰাবলৈ দিছিলোঁ, ইয়াত দেখোন তিনিটা হে আছে… চ’নগ্ৰাফীখন ক’ত ?

হেমেন:- [সেমেনা-সেমেনিকৈ] চাৰ, হাতত সিমান টকা নাছিল… এইকেইখন হে বলে পাৰিলোঁ।

মহন্ত:- [কিবা ক’বলৈ লৈও থমকি ৰয়… পুনৰ ৰিপ’ৰ্ট খিনি চায়] চন’গ্ৰাফীখন কৰোৱাটো খুবেই জৰুৰী বুজিছে নে? নহ’লে এইখিনিৰ পৰা অনুমান লগাবলৈ দিগদাৰ হ’ব।

হেমেন:- চাৰ, কিছুদিন সময় দিয়ক…  কিবা কৰি টকা অলপ যোগাৰ কৰি সেইখনো কৰোৱাই আনিম।

মহন্ত:- ইমান সময় কাৰো ওচৰত নাই ককাইটি … আপোনাৰ ওচৰতো নাই, এওঁৰ ওচৰতো নাই… আৰু মোৰ মিচেজৰ ওচৰতো… [বাক্যটি সম্পূৰ্ণ নকৰি ৰৈ যায়]

হেমেন:- দেৰি নকৰোঁ চাৰ। কিবা এটা নিশ্চয় কৰিম… আপুনি মাথোন [পদুমীৰ ফালে চাই] এইক ভাল কৰি দিয়ক। নহ’লে বৰ কষ্ট পায়। কেতিয়াবা ৰাতি উঠি হাউ হাউ কৈ বিষতে কান্দি থাকে…

মহন্ত:- [কাগজত খচ খচকৈ লিখি] মাঘ বিহুলৈ কিমান দিন আছে?

হেমেন:- [একো বুজিব নোৱাৰি] চাৰ …?

মহন্ত:- কিমান দিন বাকী আছে মাঘৰ উৰুকালৈ?

হেমেন:- [ইফালে সিফালে চাই আঙুলিৰ পাবত গণি] চাৰ… এঘাৰ দিন।

মহন্ত:- [কাগজখন হেমেনৰ ফালে আগুৱাই দি] এইখন লওক, ওচৰতে শৰ্মা ফাৰ্মাচী আছে- তালৈ গৈ এইখন দিব। দৰৱ কেইটামান লিখি দিছোঁ। প‍ইচা দিব নালাগে।

হেমেন:- [প্ৰশ্নবোধক চাৱনিৰে] কিন্তু চাৰ?

মহন্ত:- চিন্তা নকৰিব… পদুমণিৰ মানুহ বুলি ফিজ নোলোৱাকৈ এৰি নিদিওঁ। বৰা ধানৰ খেতি কৰে নহয়? বিহুত খাব পৰাকৈ অলপ চাউল দি থৈ যাবহি। মোৰ মিচেজ চেন্নাইলৈ গৈছে, তেওঁৰ বৰা চাউললৈ বৰ হেঁপাহ …। বিহুত কেইটিমান তেওঁৰ মূখৰ দিব পাৰিলে ভাল লাগিব …।

হেমেন:- … চাৰ সেইটো নো ক’ব লাগিছেনে? বিহুৰ আগতেই আহি আপোনাক চাউল কেইটা দি থৈ যামহি।

মহন্ত:- ঠিক আছে, আপোনালোক এতিয়া যাওক, নহ’লে বাছ নাপাব।… আৰু এটা কথা, নবৌৰ চন’গ্ৰাফীখন কৰোৱাবলৈ নাপাহৰিব কিন্তু…।

হেমেন:- ভাল চাৰ।

 

দৃশ্য পাঁচ:

মাঘৰ ওঠৰ তাৰিখ। হেমেনৰ ঘৰৰ আগচোতাল। গাঁৱৰ মানুহ গোট খাইছে। দুজনমানে সৰু সৰুকৈ কথা পাতিছে। হঠাত্‍ ভিতৰৰ পৰা উচ্চগ্ৰামত কান্দোনৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। চাৰিজন মানুহে শুধবগা কাপোৰেৰে ঢাকি থোৱা পদুমীৰ শৱটো চোতালত আনি নমাই থৈছেহি …|

[কৰুণ আৱহ-সংগীত। চেঞ্জ ইনটু এ বৰগীত।]

 

দৃশ্য ছয়:

বহাগ মাহৰ দুই তাৰিখ। ড০ মহন্তৰ চেম্বাৰত এটা ডাঙৰ তলা- জাননীত লিখা আছে বিহুৰ বন্ধ।

নিজ ঘৰৰ বাৰাণ্ডাত মহন্ত‍ই বহি বাতৰি কাকত পঢ়িছে। গেট খোলাৰ শব্দ শুনি তেওঁ মূৰ তুলি চায়- তেওঁৰ চেহেৰাত আপ-ডাল নকৰা ডাঢ়ি।

হেমেন আৰু ৰিজু সোমাই আহে, হেমেনৰ হাতত এটা কাপোৰৰ ডাঙৰ মোনা।

হেমেন:- চাৰ নমস্কাৰ।

মহন্ত:- [থিয় হৈ] নমস্কাৰ, পিছে এইকেইদিন ম‍ই ৰোগী নাচাওঁ, বিহুৰ ছুটী।

হেমেন:- [হাত জোকাৰি] নাই নাই চাৰ, বেমাৰী দেখুৱাবলৈ অহা নাই। চাৰে হ’বলা চিনিয়েই পোৱা নাই… সেই যে পদুমণিৰ…

মহন্ত:- [প্ৰশ্নবোধক চাৱনিৰে চাই ৰয়] কোন বুলি ক’লে?

হেমেন:- সেই যে পদুমণিৰ কাষৰ নাহৰতলিৰ পৰা আহিছিলোঁ দুমাহমানৰ আগতে… মনোৰমা আইটিৰ ঘৰৰ ওচৰৰ মানুহ। মানুহজনীক যে পেটৰ অসুখ দেখুৱাবলৈ লৈ আনিছিলোঁ..

.মহন্ত:- অ’ আচ্ছা আচ্ছা, আহক। মনত পৰিল। এতিয়া কেনে আছে বৌ? চ’নগ্ৰাফী খন পিছে আপুনি চাগে নকৰালেই নহয় জানো ?

হেমেন:- [তলমূৰ কৰি মনে মনে ৰয়]

ৰিজু:- [থোকাথুকি মাতেৰে] আইটি আৰু নাই চাৰ…

মহন্ত:- [বিস্ময়ত চকু ডাঙৰ কৰি] কি? ককাইদেউ??

 

হেমেন:- মোৰেই ভুল চাৰ…। আপুনি দিয়া দৰৱেৰেই ভাল হৈ যাব বুলি তাইক আকৌ ইমান দূৰ কঢ়িয়াই চনগাফি কৰিবলৈ নানিলোঁ। … বিহুৰ কেইদিনমান পিছতে এদিন বিষ হৈ যি বাগৰি পৰিল পৰিলেই…। ইঁহতৰ মাকে আৰু চকু মেলিব নোৱাৰিলে…।

মহন্ত:- [ধপকৈ চকীত বহি পৰে]

হেমেন:- বিহুৰ সময়ত মানুহজনীয়ে বাৰে বাৰে কৈছিল- যাওকচোন, ডাক্তৰ চাৰক গৈ চাউলখিনি দি থৈ আহক গৈ। ইফালৰ পৰা সিফাল কৰি থাকোঁতে তেতিয়া চাউল খিনি দিয়া হি নহ’ল চাৰ…| আজি লৈ আনিছোঁ…। বহাগ বিহুতে আপোনাৰ মানুহগৰাকীয়ে খাব পাৰিব…। কাৰো হেঁপাহ থাকি যাব নাপায় চাৰ। ল’ ৰিজু… চাৰক গৈ চাউলখিনি দি আহ …

[দেউতাকৰ পৰা চাউলৰ মোনাটো লৈ ৰিজু বাৰাণ্ডালৈ উঠি যায়। লাহেকৈ চকীত বহি থকা মহন্তৰ হাতত মোনাটো দিব খোজে। কিন্তু থৰ লাগি থকা মহন্ত‍ই হাত নেমেলাত কোলাতে লাহেকৈ মোনাটো বহুৱাই দিয়ে]

মহন্ত:- ককাইদেউ… হেঁপাহ জানো সকলোৰে পূৰণ হয়? [চাউলখিনিলৈ চাই মৰমেৰে হাত ফুৰায়।] মৰা মানুহৰ হেঁপাহ জানো আমি পূৰাব পাৰিম…?

[হেমেনে একো বুজিব নোৱাৰি চৰগ পৰা মানুহৰ দৰে মহন্তক চাই থাকে। তাৰ দুচকুৰ পৰা দুটোপাল চকুলো বৈ আহে।মহন্ত‍ই ৰিজুক কাষলৈ টানি আনি সাবট মাৰি ধৰি জোৰে জোৰে ফেঁকুৰিবলৈ ধৰে।

জোকাৰণিত বাতৰি কাকতৰ মেৰত সোমাই থকা মিচেজ মহন্তৰ ফটো এখন সৰি পৰে]

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক