নাট সোঁৱৰণ: গীতাৰ্থ বৰদলৈ

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

নাট সোঁৱৰণ

গীতাৰ্থ বৰদলৈ

মই জীৱনত অতি কমসংখ্যক নাটকহে চাই পাইছোঁ। এনেকুৱা নহয় যে মই নাটক বেয়া পাওঁ, কিন্তু সঁচা বা মিছা কিবাকিবি অজুহাতত প্ৰায়েই নাটকৰ দৰ্শনী বাকীবোৰ কামতকৈ তল পৰে। ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি আগতেও আগ্ৰহ আছিল, এতিয়াও আগ্ৰহ আছে, কিন্তু সময় নিমিলে! শেষবাৰ কেতিয়ানো থিয়েটাৰৰ নাটক চাইছিলোঁ ঠিক মনতেই নাই। কিন্তু এনে কেইখনমান নাটক চোৱাৰ সৌভাগ্য হৈছিল যিবোৰে মনত স্থায়ী চাপ এৰি গৈছে। নাট্যপ্ৰেমীসকলে কিন্তু কথাখিনি পঢ়ি আৰু নাটকৰ ওপৰত মোৰ জ্ঞানৰ সীমাবদ্ধতা দেখি হতাশহে হ’ব পাৰে!

বহুবছৰ আগৰ কথা। তেজপুৰৰ হাইস্কুলত পঢ়ি আছোঁ। মা-দেউতাই আবেলি জয়মতী পথাৰত আৱাহন থিয়েটাৰ চাবলৈ লগ ধৰিলে। ভবেন্দ্ৰ নাথ শইকীয়াই লিখা “শতাব্দী” নাটকৰ দৰ্শনী আছিল। চিৰিয়াছ নাটকৰ লগত সম্ভৱতঃ সেয়াই মোৰ প্ৰথম পৰিচয়। অভিনয় চাই আছোঁ, মন্ত্ৰমুগ্ধ হৈ আছোঁ (মুখ্য ভূমিকাত প্ৰাণজিত্‍ বৰা আছিল নেকি, ঠিক মনত পৰা নাই)। পুতেকহঁতে অৱহেলা কৰা বয়সীয়াল মানুহহালৰ কাহিনীয়ে সকলোৰে চকু চলচলীয়া কৰি পেলাইছে। নাটকখনৰ আধাতকৈ বেছি যাওঁতেই হুৰহুৰাই বৰষুণ এজাক আহিল। পেণ্ডেলৰ ভিতৰত, মঞ্চৰ ওপৰত পানী। বেছিভাগ দৰ্শকেই ছাতি অনা নাছিল। বহুতে প্লাষ্টিকৰ চকীবোৰ মূৰৰ ওপৰত তুলি ধৰিছে। কিন্তু কোনো আঁতৰি যোৱা নাই। প্ৰায় আধাঘণ্টামান অভিনয় বন্ধ কৰিব লগা হ’ল। বৰষুণ কমাৰ পিছত আকৌ নাটক আৰম্ভ হ’ল। অৱশেষত বৃদ্ধ-বৃদ্ধাই আত্মহত্যা কৰিলে। নাটকৰ ক্লাইমেক্সত মোৰ গাৰ নোমবোৰ শিয়ঁৰি উঠিছিল। প্ৰথমতে মানুহবোৰৰ মুখৰ মাত নাই। তাৰ পিছত জাউৰিয়ে জাউৰিয়ে হাততালি পৰিছিল।

 

কহিনুৰ থিয়েটাৰ। “টাইটানিক” নাটক তেতিয়া জনপ্ৰিয়তাৰ তুংগত। দিনে চাৰিটাকৈ দৰ্শনী হোৱা সত্বেও মানুহে টিকেটৰ বাবে হাহাকাৰ কৰিছিল। তেজপুৰৰ চাৰ্ছ ফিল্ডত তৃতীয় দৰ্শনীৰ বাবে কোনোমতে গেলাৰীৰ টিকেট এটা পালোঁ। আগতে কেতিয়াও গেলাৰীত বহি নাটক চাই পোৱা নাই। নাটক আৰম্ভ হ’ল। মূল চলচ্চিত্ৰখন চোৱা আছিল বাবে নাটকখনে মনত বিশেষ ক্ৰিয়া কৰিব পৰা নাই। নিকুমণি বৰুৱাৰ অভিনয় ভাল হৈছিল, নায়কজনৰ অভিনয় অতিৰঞ্জিত যেন লাগিছিল। জাহাজখন মঞ্চত দেখুওৱাটো আছিল অৱশ্যে তেতিয়াৰ এক সাংঘাটিক কাৰিকৰী সফলতা। নায়িকাৰ পৰ্দাৰ আঁৰৰ দৃশ্য দেখি ডেকাল’ৰাবিলাকে খুব উকি মাৰিছে। নাটক শেষ হোৱাৰ পিছত বাহিৰলৈ ওলালোঁ। বাহিৰত তেতিয়া জনসমুদ্ৰ। শেষ দৰ্শনীৰ বাবে অহাখিনি আৰু চাই ওলাই যোৱাখিনিৰে খেলপথাৰখন আৰু ওচৰৰ পথ ভৰি পৰিছে। নাটকখনৰ দৃশ্যতকৈ এই দৃশ্যটো মোৰ বাবে আছিল অধিক আকৰ্ষণীয়।

তেজপুৰৰ ঐশ্বৰ্য কাকতিয়ে তেতিয়া শিশু নাটককেইখনমানেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিছে। দেউতাক কোনোবাই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হ’বলগীয়া দুখন শিশু নাটকৰ বাবে টিকেট দুটা দিলে। সন্ধ্যা ছয় বজাত নাটকৰ সময়। দেউতা আৰু মই ছয় বাজিবলৈ পাঁচ মিনিটমান থাকোঁতে প্ৰেক্ষাগৃহ গৈ পালোঁ। ভিতৰত তেতিয়া ত্ৰিশজনমানহে মানুহ। কাটাই কাটাই ছয় বজাত সিমানখিনি মানুহৰ উপস্থিতিতে নাটক আৰম্ভ হ’ল। প্ৰথমতে আছিল “দা লাষ্ট চেলুট”। নাটকৰ কাহিনী, উপস্থাপন আৰু অভিনয় প্ৰশংসনীয় আছিল, বিশেষকৈ মুখ্য ভূমিকাত সাত-আঠবছৰীয়া ল’ৰা এজনে অনবদ্য অভিনয় কৰিছিল। নাটকৰ শেষত অভিনেতাসকলক চিনাকি কৰি দিওঁতে সকলোৰে ল’ৰাটোৰ অভিনয়ৰ শলাগ লৈছিল। দ্বিতীয়খন নাটক আছিল “স্কুল বেগ”। প্ৰতীকধৰ্মী নাটকখনে মোক বেছি আকৃষ্ট কৰা নাছিল (কাৰণ গছ-জন্তুৰ নাচ-গান চোৱা বয়সতকৈ অলপ ডাঙৰ হৈছিলোঁ বুলি অনুভৱ হৈছিল!)। সেই দুখনৰ পিছত আৰু আৰু কেতিয়াও শিশু নাটক চোৱাৰ সুযোগ মই পোৱা নাই।

মুনীন বৰুৱাৰ “নায়ক” মই চোৱা এখন অন্যতম শ্ৰেষ্ঠ নাটক। আচৰিত নহ’ব। চলচ্চিত্ৰখনক নাটক বুলি মই ভুলতে কোৱা নাই। সংলাপপ্ৰধান এই বোলছবিখন মোৰ বোধেৰে নাটকৰহে বেছি ওচৰ চাপিছিল। নায়কে মুনীন বৰুৱা অসমৰ শ্ৰেষ্ঠ পৰিচালকসকলৰ এজন বুলি মোৰ মনত গঢ় লোৱা ধাৰণাটোক আৰু দৃঢ় কৰিছিল আৰু সেই কাৰণতে “হিয়া দিয়া নিয়া”ৰ পৰা “ৰামধেনু”লৈকে তেখেতৰ এখনো বোলছবি মই বাদ দিয়া নাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments