নানা দেশ নানা গীত(৫) – ৰক্তিম গোস্বামী

বাউল সংগীত

আমাৰ সকলোৰে এক চিনাকী লোক সংগীত – বাউল সংগীত। বিশ্বদৰবাৰত বাংলা সংগীতৰ এক বিশেষ স্থান আছে।বাংলা সংগীতৰ সৌষ্ঠৱ গাঢ় কৰাত বাংলা লোক সংগীত ‘বাউলে’ এক বিশেষ ভূমিকা গ্রহণ কৰিছে। বাউল সংগীতৰ গঠন, গোৱাৰ শৈলী, গায়কৰ পোছাক আৰু বাদ্যযন্ত্রই বাউল সংগীতক অতি মনোমোহা কৰি তোলে।এই গীতৰ সুৰ আৰু কথাই প্রতিজন সংগীত প্রিয় মানুহকে মন্ত্রমুগ্ধ কৰে। বাউল সংগীতৰ শিল্পীসকল জীৱিকাৰ বাবে সম্পূৰ্ণ ৰূপে বাউলসংগীত পৰিবেশন কৰি অৰ্জাধনৰ ওপৰত নিৰ্ভৰশীল। ২০০৫ চনত ইউনেস্কই বাউল সংগীতক’Masterpieces of the Oral and
Intangible Heritage of Humanity’ বুলি ঘোষণা কৰে।

বাউল সংগীত অতি উচ্চমানৰ আদৰ্শ আৰু ভক্তিভাবেৰে সমৃদ্ধ। বাউল সংগীতত বিভিন্ন ধৰ্মত উল্লেখ কৰা ধৰণে ভগৱানক কোনো বিশেষ নামেৰে নামাকৰণ কৰা নহয়। এই সংগীতত কেৱল সকলোৰে উৰ্দ্ধত থকাজনক নি:স্বাৰ্থভাৱে মন্থন কৰা হয় । বাউলসংগীতৰ দৰ্শনমতে ভগবন্তক বিচাৰি হাবাথুৰি খোৱাৰ কোনো প্রয়োজন নাই। ভগবন্ত সকলোৰে মাজতে বৰ্তমান। ভক্তিভাৱেৰে বিচাৰিলে ভগবন্তক সকলোৱে নিজৰ মাজতে বিচাৰি পাব।

বাউল সংগীতত ব্যবহাৰ কৰা বাদ্যযন্ত্র সমূহ স্বাভাৱিকতেই থলুৱা।মূল বাদ্যযন্ত্র সমূহ হ’লএকতাৰা, দোটোৰা, ডুগী, ঢোল আৰু খোল। আন আন বাদ্যযন্ত্র সমূহৰ ভিতৰত কৰতাল, মন্দিৰা আৰু বাঁহী ব্যৱহাৰ হয় বাউল সংগীতত। ৰবীন্দ্র সংগীতত বাউল সংগীতৰ প্রভাৱ সুস্পষ্ট। কবিগুৰুৰ বাউল সংগীতৰ প্রতি থকা ভক্তি আৰু প্রশংসাই বাউল সংগীতক এক অনন্য আসন দিছিল।বাউলসকল একেধাৰে কবি, সংগীতকাৰ, নৃত্যশিল্পী, অভিনেতা আৰু তেঁওলোকৰ একমাত্র উদ্দেশ্য ভক্তিৰ মাৰ্গেৰে আনন্দ দিয়া।

লালন ফকিৰক সৰ্বকালৰ শ্রেষ্ঠ বাউল শিল্পী বুলি গণ্য কৰা হয়। সকলো বাউলশিল্পীৰ বাবে তেখেত গুৰু সদৃশ।বাউলশিল্পী পূৰ্ণদাস বাউলক ভাৰতৰ ‘ববডায়লন’ বুলি জনা যায়। পূৰ্ণদাস বাউলে প্রাশ্চাত্যৰ দেশ সমূহত বাউল সংগীতক জনপ্রিয় কৰাৰ প্রয়াসেৰে ১৯৬৫ চনত ৮ মাহৰ বাবে আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ কৰিছিল। সেই কালছোৱাত তেঁও লগত আছিল বব ডাইলন,জনবীজ, প’ল ৰবচন আদিৰ দৰে মহান শিল্পী। শেহতীয়াকৈ ফ্রান্সত হোৱা বিশ্ব সংগীত সমাৰোহলৈ বাউল সংগীত পৰিবেশন কৰিবলৈ’ বাউলবিশ্ব’ গ্রুপ
নিমন্ত্রিত হোৱাতো নিশ্চিতই ভাৰতবাসীৰ বাবে এক গৌৰৱৰ বিষয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক