নামঘৰৰ ডবাটো কোনোবাই বজাইছে- নিশান্ত বৰদলৈ

পুৱতি নিশাৰ কথা৷ বিশিষ্ট বৈজ্ঞানিক ড° অৰিন্দম বৰুৱাই খপকজপককৈ সাৰ পাই শুনিলে নামঘৰৰ ডবাটো কোনোবাই মৃদু শব্দ কৰি বজাইছে৷ মংগল গ্ৰহত পানীৰ কণিকা থকাৰ সম্ভেদ দিয়া বিশিষ্ট বিজ্ঞানীৰ দলটোৰ এজন সক্ৰিয় সদস্য ড° বৰুৱাই পত্নী নন্দিতাক হেচুকি দিলে- ’হেৰা উঠাচোন, নামঘৰৰ ডবাটো কোনোবাই বজাইছে৷’

নন্দিনী উঠি বহিল-
: মনে মনে শুই থকা হে, এই পুৱতি নিশা কোনে নামঘৰত ডবা বজাব? তোমাৰ গাত কিবা দেও-ভূত লম্ভিছে নেকি?

বিছনাতে বহি গভীৰ আত্মীয়তাৰে ড° বৰুৱাই নামঘৰৰ ফালে চাই মূৰ দোঁৱালে-
: সেয়া, বুঢ়া ডাঙৰীয়া৷

প্ৰত্যেক মানুহৰে গছৰ দৰে একোডাল ঘাই শিপা থাকে৷ ড° বৰুৱাৰ ঘাই শিপাডাল আছিল তেওঁৰ ককাক৷ জীৱনৰ আদ বয়সৰ গুৰু ’ককা’ আছিল তেওঁ জীৱনৰ আদিপাঠ৷ ককাকৰ কান্ধৰ পৰাই তেওঁ আকাশ চুব খুজিছিল৷ তেতিয়াৰ ককাৰ সাধু কথাৰ জোলোঙাখন এতিয়া তেওঁ ব্যৱহাৰ কৰা মংগল গ্ৰহ অভিযানৰ বাহন আছিল৷ ফটফটীয়া জোনাকত বুঢ়া আঁহতৰ তলৰ পৰা নামি অহা, শুভ্ৰ পোছাক পৰিহিত বুঢ়া ডাঙৰীয়াই তেওঁক শিকাইছিল- কেতিয়াও মিছা কথা নক’বা৷ ৰণুৱা ঘোঁৰাত উঠি অহা ৰাজকুমাৰজনে তেওঁক শিকাইছিল- বিপদত পৰা মানুহক উদ্ধাৰ কৰিবা, নেদেখাজনে তোমাক হাত পাৰি ধৰিব৷ জয়াল নিশা অন্ধকূপ পিতনিৰ পৰা ওলাই অহা বাঁকটোৱে তেওঁক শিকাইছিল- কেতিয়াও আনৰ অহিত চিন্তা নকৰিবা, নিজৰেই বিপদ হ’ব৷

ৰূপকথাৰ নায়কবোৰ, চৰাইৰ দৰে ডেউকা থকা ৰূপহী পৰীবোৰ, নিজান দুপৰীয়া পানীৰ ওপৰলৈ উঠি অহা জলকুঁৱৰীবোৰে তেওঁক ’সঁচা মানুহ’ হ’বলৈ শিকাইছিল৷ অস্থিৰ পৃথিৱীখনত মূৰ দাঙি জীয়াই থাকিবলৈ শিকাইছিল৷ মাথোঁ ককাকৰ বাবেই তেওঁ আজি বিশ্বখ্যাত বৈজ্ঞানিক৷

: নন্দিনী, পুৱতি নিশা নামঘৰত ডাঙৰীয়াৰ দেওলগা ডবাৰ ধ্বনি শুনিবলৈ মানুহ ’ভগৱান’ হ’ব নালাগে, মানুহ ’বিজ্ঞানী’ হ’ব নালাগে৷ প্ৰহ্লাদৰ দৰে নামঘৰৰ প্ৰতিটো খুঁটাত ঈশ্বৰক দেখিব নালাগে, মাথোঁ ককাৰ কান্ধত উঠি আকাশ চুই চোৱাৰ মায়াৱী বাসনা থাকিব লাগে, সৌ ওখ গছ জোপাৰ ফেৰেঙনিতেই বুঢ়া ডাঙৰীয়া বহি আছে, মই এতিয়াও তেওঁক দেখি আছোঁ, তেওঁক লগ পাবলৈ মাথোঁ মানুহ ’মানুহ’ হ’ব লাগে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments