নামঘৰ (মাধুৰীমা ঘৰফলীয়া)

নামঘৰ

১)

মানসে বৰ সাৱধানে গাঁত কেইটালৈ চালে। তিনিটামানে মূৰ উলিয়াই আছে। সি ৰচি ডাল লাহেকৈ সেইফালে আগবঢ়াই দিলে। পিছে সেই সময়তেই ভৰিত মহ এটাই কামোৰাত তাৰ হাতখন লৰালৰিকৈ ভৰি পালেগৈ। ফলত হাতৰ লৰচৰ দেখি গোটেই কেইটা পোক গাঁতৰ ভিতৰত লুকাই পৰিল। মহজনীক মুখৰ ভিতৰতে গালি দুটামান পাৰি সি আকৌ ইফালে সিফালে চালে।
প্ৰায়ে পাচবেলা মানসে চোতালত এইদৰে চোতাল পোক বিচাৰি ফুৰে। চুটি মাৰি এডালত মাকৰ তাঁতৰ শালৰ পৰা সূতা অকণ লৈ বৰশীৰ দৰে গাঁঠি দি সূতাৰ আগটো থুৰেৰে গোটা কৰি চোতাল পোক ওলাই থকা গাঁতটোলৈ আগবঢ়াই দিব। দিয়াৰ লগে লাগে পোকটোৱে কিবা খোৱা বস্তু বুলি ভাবি টপককৈ সূতা ডালত ধৰিব আৰু তেতিয়াই বৰশীটো টানি দিব লাগে। পোক আহি বাহিৰত পৰিবহি।
-হয়নে বোপাই কিমান টা ধৰিলি ?
বাৰাণ্ডাতে বহি কিতাপ এখন পঢ়ি থকা বৰুৱা উকীলে মৰমেৰে মানসলৈ চাই সুধিলে।
-পাঁচটা দেউতা। এইবাৰ চাব মই গোটেই চোতাল চাফা কৰি দিম। মাহঁতৰ ভৰি তলুৱাবোৰ আৰু এই চোতাল পোকে খাব নোৱাৰে।
মানসে মাকৰ ওখোৰা-মোখোৰা ভৰি তলুৱা খনলৈ মনত পেলাই উৎসাহেৰে উত্তৰ দিলে।
-বাৰু দেউতা,ভেটো ক্ষমতা মানে কি নো ?
-উৱা ! তোক আক ভেটোৰ বিষয়ে কোনে ক’লে !
মাষ্টৰে অলপ আচৰিত হৈয়ে সুধিলে।
-আজি ককাইদেৱে বাইদেউক কৈ আছিল ,ভেটো ক্ষমতা কাক বোলে নজনাৰ বাবে বোলে সিহঁতক আজি স্কুলত কোবালে।
-ভালেই কৰিলে দে।
-ভেটো মানে কি নো দেউতা ?
মানসে বৰশীটো পেলাই আহি বাপেকৰ কোঁচত বহিলহি।
-এই যে তহঁত তিনিটাওৰে লগ লাগি মই কিবা এটা কৰাৰ বা ক’ৰবালৈ যোৱাৰ সিদ্ধান্ত লওঁ আৰু তেতিয়াই যে তহঁতৰ মাৰে নহ’ব বুলি কৈ চব পণ্ড কৰি পেলায় ,সেইটোকে ভেটো ক্ষমতা বোলে বুজিছ।
-ল’ৰাক আৰু ওলোটা-পুলোটা কথা শিকাওক। এনেই আজি স্কুলৰ হেড পণ্ডিতে বাটত লগ পাওঁতে ঠাট্ৰা কৰি কোৱা নাই-এইটো ল’ৰা বোলে ডাঙৰ মানুহ হ’ব। ইয়াৰ লক্ষণ আছে !
কোন সময়তনো আহি বৰুৱানী পাছফালে ৰ’লহি বৰুৱাই ক’বই নোৱাৰিলে।
-এহ ! হেড পণ্ডিতে অলপ বেছি কৰে হে পোনাৰ মাক। পিছে ই নো আজি আকৌ কৰিলে ?
-তাকে সোধক। সি ক’ব নহয় আপোনাক।
ভোৰভোৰাই বৰুৱানী ভিতৰলৈ সোমাই গ’ল। বৰুৱানীৰ খঙ উঠিবৰে কথা। বাকী দুয়োটা ল’ৰা ছোৱালী প্ৰথমৰ পৰাই পঢ়া শুনাত চোকা। এই পেটমোচা মানসটোহে কেনেকৈ জানো গাধ ওলাল। স্কুললৈ যোৱা দুবছৰ হ’ল আজিলৈকে বৰ্ণমালা কেইটাকে ভালদৰে লিখিব পৰা নাই।
বৰুৱানী যোৱাৰ ফালে বৰুৱাই লাহেকৈ মানসৰ চুলিখিনি হাত বুলাই সুধিলে
-আজিনো স্কুলত কি সুধিছিল বোপাই ?
-মৌখিক আছিল দেউতা। চাৰে সুধিলে বোলে চৰাই এজনীৰ নাম ক ?
-তই কি বুলি ক’লি ?
-বাইদেৱে দুজনীমানৰ নাম শিকাই পঠাইছিল। পাহৰি থাকিলোঁ। সেইবাবেই নিজে জনা জনীৰ নামকে ক’লো-হুইততিতিওওও
-হুইততিতিও !! সেইজনী কি চৰাই অ’!
-পথাৰত দেখা নাই কি কিবা। হুইততিতিও হুইততিতিও কৈ চিঞৰি থাকে।
মানসে নকলেও বৰুৱা উকিলে ভালদৰেই বুজি পালে সি কোনজনী চৰাইৰ কথা কৈছে।
-তাৰ পাছত !
-তাৰ পাছত সুধিলে বোলে সৰু চৰাই এজনীৰ নাম ক। মই টিপটিপি বুলি ক’লো। চাৰে আক টিপটিপি চৰাই দেখাই নাই বোলে।
-তাৰ পাছত ..
-ডাঙৰ আলি এটাৰ নাম সুধিলে। মই আমাৰ বৰদেউতাৰ ঘৰৰ পাছফালে থকা আলিটোৰ কথা ক’লো। একেবাৰে শেষত সুধিলে বোলে ডাঙৰ মানুহ এজনৰ নাম ক’। মই বীৰেণ নিচাদেউৰ কথা ক’লো। তেওঁতকৈ ওখ মানুহ কিবা আমাৰ গাঁৱত নাই বুলি চোন আপুনি সদায়েই কয়।
-হেৰা !! পণ্ডিতে ঠিকেই কৈছে বুজিছা। আমাৰ ই সঁচায়ে ডাঙৰ মানুহ হ’ব।
পুতেকৰ কথাবোৰ শুনি বৰুৱা উকীলে চিঞৰি চিঞৰি ক’লে।

২)

গেলা বিল। চহৰৰ পৰা প্ৰায় বিশ কিলোমিটাৰ মান দূৰৈত গাঁও খন।গোটেই গাঁওখনৰ এটা মূৰে গেলা বিলখনে আগুৰি আছে। বিলখনৰ বাবেই গাঁওখনৰ নাম গেলা হ’ল নে গাঁওখনৰ বাবে বিল খনৰ নাম গেলা হ’ল সেয়া এতিয়া চামৰ কোনেও নাজানে। গাঁওখন দক্ষিণৰ পৰা পশ্চিমলৈ যোৱা আলিটোৰ কাষে কাষে গঢ় লৈ উঠিছিল। আলি এপাৰে বিল আৰু আন পাৰে ঘৰ দুৱাৰ ,হাবি বননি আৰু পথাৰ। চহৰৰ পৰা অহা আলিটো গাঁওখনৰ ঠিক সোঁমাজতেই লাগিছেহি। তাতেই গাঁৱৰ একমাত্ৰ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আৰু নামঘৰটো আছে। মেল মিটিং বহিব পৰাকৈ ডাঙৰ পথাৰ এখনো আছে। আগতে গোটেই গাঁৱৰ মানুহে তাতে বিহুৰ ভোজ ভাত খাইছিল। কিন্তু বিশ বছৰ মানৰ আগতে কিবা খেলি মেলি লাগি গাঁৱৰ মানুহখিনি দুটা খেলত ভাগ হ’ল। আজিকালি দক্ষিণৰ খিনিয়ে দক্ষিণৰ ফালে নিজৰ কামকাজ কৰে আৰু পশ্চিমৰ খিনিয়ে পশ্চিমৰ ফালে। কেৱল নামঘৰৰ কাম কাজতহে গাঁওখন লগ লাগে।

৩)

-কাকুলিৰ মাক ! তই চিন্তা নকৰিবি। এই গেলা বিলত দ্বিতীয় এটা মতা নাই। তই চিন্তা নকৰিবি বুজিছ কাকুলিৰ মাক। মাত্ৰ খিচিক,খিচিকহে শুনিব আৰু।
গধূলি হোৱাৰ লগে লগে মুহিধৰৰ মাতষাৰ দক্ষিণ চুকত গমগমাই উঠিল। মুহিধৰৰ এইটো দৈনন্দিন চিঞৰ-বাখৰ। দিনৰ দিনটো কাম কৰিব আৰু ৰাতি হোৱাৰ লগে লগে ডিঙিলৈকে মদ এগাল গিলি আহি ঘৰৰ চোতালত দপদপাই থাকিব।
মুহিধৰৰ কথা লিখিবলৈ গ’লে এখন মহাভাৰতেই হ’ব। তাৰ ল’ৰা ছোৱালী তাৰ বাপেকে এৰি যোৱা খেতিৰ মাটিতকৈ বেছি। ছোৱালী কেইজনী ডাঙৰ আছিল। বিয়া দি আজৰি হ’ল। বিয়া মানে নিজে নিজে দৰা বাচি গ’ল। মুহিধৰে ভালেই পালে। ছোৱালী কেইজনী বিয়া দিয়াৰ পাছত খোৱা পেট কমাত মুহিধৰহঁতৰ অলপ সুখ হৈছিল হে বিশ বছৰীয়ামান ডাঙৰ ল’ৰাটোৱে এজনী আনি ঘৰ সুমুৱালেহি। মুহিধৰে প্ৰতি বছৰে নিজৰ মাটি কেইডৰাৰ লগতে পশ্চিমৰ চুকৰ কেশৱ শইকীয়াৰ ঘৰৰ মাটিখিনি আধি খেতি কৰে। পিছে বিয়া পতাৰ পাছত ডাঙৰটোৱে আৰু আধি খেতি কৰি খাবলৈ ভাল নাপালে। গাঁৱৰ আন কেইটামান ল’ৰা সৈতে সি কেৰালালৈ গ’ল। তাত হেনো সহজে চাকৰি পায়। মেট্ৰিক পাছ নকৰাৰ ল’ৰাই তাত কি চাকৰি পায় সেয়া ভগৱানেহে জানে। তথাপি মাহেকে মাহেকে পুতেকে পঠিওৱা টকা কেইটা লৈ ভালেই পালে।
খেতিৰ সময়তে ডাঙৰটো তেনেকৈ গুছি যোৱা সৰু পুতেককে সাৰথি কৰি খেতিটো কৰিম বুলি ভাবিছিল যদিও সৰুটোৱে গৰগৰাই উঠিল।
-দেউতা,মোৰ কলেজলৈ অহা যোৱা কৰিব লাগে।খেতি কৰি থাকিলে নহয় নহয়। আৰু খেতি কৰি লাভনো কি। যিমান কষ্ট হয় সিমান জানো লাভ পোৱা যায়। তাতে আমিচোন তিনিটকীয়া চাউলো পাওঁ। ককাইদেৱেও পইচা দিছে। গতিকে আপুনি অকলে ঘৰৰ কেইডৰাকে কৰক।
বচ ! পুতেকহঁতৰ কথা মতেই মুহিধৰে বছৰ বছৰ ধৰি কৰি অহা কেশৱ শইকীয়াৰ মাটিখিনি এৰি দিলে। কেশৱ শইকীয়াই অলপ বেয়া পাইছিল। কিন্তু সেইবোৰ বাচ-বিচাৰ কৰি চলিলেতো নহ’ব।

-কাকুলিৰ মাক ! তই চিন্তা নকৰিবি। এই গেলা বিলত দ্বিতীয় এটা মতা নাই। তই চিন্তা নকৰিবি বুজিছ কাকুলিৰ মাক। খিচিক,খিচিকহে শুনিব আৰু।
মুহিধৰে পুনৰ একেটা সংলাপকে গালে। পাকঘৰত বোৱাৰীয়েকৰ সৈতে ৰন্ধা-বঢ়াত ব্যস্ত থকা ঘৈণীয়েকে এস ! হৈছে আৰু সামৰক বুলি কওঁ বুলি ভাবিছিলহে তেনেহে পদূলিত আন এটা মাত গৰগৰাই উঠিল।
-মতা ওলাবলৈ আহিছ। পদূলিৰ বাহিৰলৈ আহচোন।

৪)

মহেনক দক্ষিণ চুকৰ যতিনে বোলে মাৰ ধৰ কৰিলে ! কথাটো শুনাৰ লগে লগে কেশৱ শইকীয়া ফোঁ-ফোঁৱাই মহেনৰ ঘৰ পালেগৈ। মহেন তেতিয়া ঘৰৰ বাৰাণ্ডাতে বহি আছিল। কাষতে বহি ডাঙৰ পুতেকে কপালৰ ওলাই থকা তেজবোৰ তিতা কাপোৰ এখনৰে মচি আছিল। আশে পাশে গোটেই চুকটোৰ ডেকা বুঢ়াই ভিৰ কৰি আছিল। কেশৱ শইকীয়াই বেলেগ এজনৰ পৰাই ঘটনাটোৰ বাতৰি ল’লে।
মহেন বোলে আজি তিনিটকীয়া চাউল আনিবলৈ গৈছিল। কিন্তু দোকানত দোকানীয়ে জনালে যে মহেনৰ ঘৰখনৰ নামত অহা তিনিটকীয়া চাউলখিনি বন্ধ হৈ গ’ল। সিহঁতৰ ঘৰৰ সলনি দক্ষিণৰ চুকৰ এঘৰে বোলে চাউল পাইছে। মহেনৰ পুতেকে যে যোৱা বছৰ চৰকাৰী চাকৰি পালে,আৰু সিহঁতৰ মাটি সম্পতিও যে জোৰাই খাব পৰা সেয়ে বোলে চাউলখিনি বেলেগলৈ বুলি সলনি কৰি দিলে। চাউল যে নাপাব কথাটো দোকানীয়ে কেইবামাহৰ আগতেই মহেনক শুনাই থৈছিল। মহেনেহে সিমান গুৰুত্ব দিয়া নাছিল। চৰকাৰে দিয়া চাউল কাটিবলৈ কাৰনো শকতি আছে বুলিয়েই ভাবি আছিল। কিন্তু এতিয়া নাপাবই বুলি শুনি মূৰ গৰম হৈ গ’ল। খঙতে দোকানীকে দুষাৰ মান শুনালে। ‘বোলে সিহঁতৰ বাপেকৰ ঘৰৰ পৰা মোক চাউল দিয়া নাই নহয় ,মোৰ চাউল কাটিবলৈ।‘ পিছে দোকানীক গালি পাৰি কি লাভ ,চাউল নাহিলে তেওঁ দিব ক’ৰ পৰা ? আৰু বাকী কথাবোৰ তেওঁ হেনো সেইবুলি শুনিছেহে। বিতং বাতৰি ল’বলৈ বুলি গাঁওৰ বাৰ্ড মেম্বৰ যতিনক সুধিবলৈ ক’লে। যতিনৰ নামটো শুনাত মহেনৰ খঙৰ মাত্ৰা চৰিল হে।
মহেন গৈ যতিনৰ ঘৰৰ পদূলি পাওঁতে সি কেনিবা যাবলৈ ওলাই আহিছিল হ’বলা। মহেনক দেখি ককাই দেখোন আহ বুলি ক’বলৈ পালেহে , মহনে আঙুলি টোৱাই টোৱাই গালি পাৰিবলৈ ধৰিলে। দহমিনিট মানৰ পাছতেই কাজিয়া ইমান গুৰুতৰ ৰূপ ল’লেগৈ যে মহনে খঙৰ ভমকত নঙলাডাল খুলিয়েই খেদি গ’ল। কথা বিষম দেখি যতিনেও উভতি ধৰিলে। চিঞৰ বাখৰত যতিনৰ ভায়েক ককায়েকহঁতো গোট খালে। সোপাই লগ লাগি মহেনক লপা-থপা কেইটামান দি পঠাই দিলে বোলে।

-যিমান হ’লেও দদায়ে প্ৰথমে তেনেকৈ খেদি যাব নালাগিছিল। কথাটো ভালকৈয়ে সুধি চাব পাৰিলহেঁতেন ,কি’জান যতিনদাই কৰাই নাছিল !
কোনোবা এটা ডেকাই মহেনক উদ্দেশ্যে কথাষাৰ ক’বলৈ পালেহে মহেন জাঙুৰ খাই উঠিল
-কথা নক’বি। সি কুকুৰে নকৰিলে কোনে কৰিব ? যোৱা বছৰ তাৰ ঘৈণীয়েকৰ অসুখ হওঁতে মোৰ ওচৰলৈ টকা বিচাৰি আহিছিল ,মই দিব নোৱাৰাৰ বাবে সি তাৰে প্ৰতিশোধ লৈছে। মোৰ তিনিটকীয়া চাউল কাটি ঘৰৰ মানুহক দিয়ে…চাই ল’ম তাক। কেছ দিম !
-যতিনদাইও বোলে কেছ দিবলৈ লৈছে।
আন কোনোবা এটাই মাত লগালে।
-এহ ! এইবোৰ চোন বৰ ডাঙৰ কথা হৈ গৈছে। কেছ কিয় দিব লাগে। মহেন তইও নিদিব। মিছাতে পুলিচৰ জঞ্জালবোৰ কিয় চপাই ল’ব লাগে। ব’লচোন ব’ল,কেইটামান ব’ল। সিহঁতৰ ঘৰৰ পৰা আহোঁ। অলপ বুজাই থৈ আহোঁ।
কেশৱ শইকীয়াই ঘটনাৰ ৰূপ দেখি মহেনক বুজাই মেলি থৈ ককাই ভাই দুজন মান লৈ দক্ষিণৰ চুকলৈ বুলি লৰালৰিকৈ গ’ল। পিছে যিটো আশাৰে তেওঁলোক যতিনৰ ঘৰলৈ বুলি গৈছিল সেয়া যতিনৰ চোতালত ভৰি থৈয়ে শেষ হৈ গ’ল। যতিনে একপ্ৰকাৰে অপমান কৰিয়েই তেওঁলোকক পঠাই দিলে। পশ্চিমৰ চুকৰ মানুহে বোলে দক্ষিণৰ চুকৰ মানুহৰ উন্নতি সহিব নোৱাৰা হৈছে। সি হেনো কেছ দিবই। লাজে অপমানে যতিনৰ ঘৰৰ পৰাৰ ওলাই আহিছিল হে তেনেতেই যতিনৰ কাষৰ ঘৰৰ মুহিধৰে নঙলা মুখলৈ আহি চিঞৰি উঠিল- কাকুলিৰ মাক ! তই চিন্তা নকৰিবি। এই গেলা বিলত দ্বিতীয় এটা মতা নাই। তই চিন্তা নকৰিবি বুজিছ কাকুলিৰ মাক। খিচিক,খিচিকহে শুনিব আৰু।
খেতিৰ ভৰপক মৰাৰ সময়তে খেতি কৰিব নোৱাৰো বুলি কেশৱ শইকীয়াক বিপদত পেলোৱা মুহিধৰৰ প্ৰতি তেওঁৰ মনে মনে খঙ এটা আছিলেই। মূৰামূৰিকৈ নো নতুন হালোৱা , নতুন আধিয়া ক’ত পাব। তাতে চৰকাৰ ঘৰৰ পৰা কম দামতে চাউল পাই মানুহবোৰ যিমানহে এলেহুৱা হৈছে। নাপালে। ফলত এইবাৰ ঘৰৰ আধাখিনি মাটিখিনি চন পৰি থাকিল। আৰু সেইটো মানুহেই এতিয়া যদি তেওঁলোকলৈ চাই এনেকৈ দম-দমাই, সহিব থাকিব পাৰিনে ?
-মতা ওলাবলৈ আহিছ। পদূলিৰ বাহিৰলৈ আহচোন কুকুৰ। তোক আজি চাই লওঁ।
কেশৱ শইকীয়াই উগ্ৰমূৰ্তি ধৰি মুহিধৰক আক্ৰমণ কৰিলে।

কেশৱ শইকীয়া আৰু মুহিধৰৰ কাজিয়াখন যতিন আৰু মহেনতকৈ ডাঙৰহে হ’ল। মুহিধৰৰ ঘৰৰ এডালো নঙলা নাবাচিল। সোপাই পিছদিনা দা কটাৰী নলগোৱাকৈয়ে ভাত ৰান্ধিব পৰা হ’ল।
পিছদিনাই গাঁৱলৈ দুয়ো পক্ষৰ গোচৰৰ ভিত্তিত পুলিছ আহিল। লাভৰ মূৰত দুয়োপক্ষৰে টকা অলপ পানীত পৰিল। কেছ মিটমাট হ’ল। কিন্তু গাঁৱত এক উত্তেজনাই বিৰাজ কৰি থাকিল। দুয়োফালৰ পৰাই গাঁওখন ভাগ হোৱাটোৱেই কামনা কৰিলে। ভাগ হোৱানো কি,আগৰ পৰাই দেখোন দুটা খেল আছিলেই। এতিয়া মাথো নামঘৰটো ভাগ কৰিলেই হৈ যাব ! পিছে কেণা সেইখিনিতে লাগিল। দক্ষিণৰ চুকৰ মতে নামঘৰটো সিহঁতে পাব লাগে। কিয়নো নামঘৰৰ মাটিখিনি দক্ষিণৰ চুকৰ চেপেতা বুঢ়াই দান দিছিল। পশ্চিমৰ চুকৰ মতে আকৌ মাটি দান দিলে কি হ’ব নামঘৰটো সাজিবলৈ যিমান টকা পইছা লাগিছিল তাৰ সৰহ ভাগ পশ্চিমৰ চুকৰ শইকীয়াৰ পৰিয়ালহে দিছিল। তাতে নামঘৰীয়াও পশ্চিমৰ চকুৰ। গতিকে নামঘৰ পশ্চিমৰ চুকৰ। মুঠতে আকৌ খেলি-মেলি। উপায় নাপায় গাঁৱৰ গাঁওবুঢ়াক মাতি মেল এখনকে আহ্বান কৰিলে। মেলত যি সিদ্ধান্ত লয় তাকে বোলে দুয়োপক্ষই মানি ল’ব।

৫)

-দেউতা ?
-কি ?
মানসৰ মাতত বৰুৱা উকীলে ভাতৰ পাতৰ পৰা মূৰ তুলি তালৈ চালে।
-মেললৈ যদি যায় তাত হ’লে একো মাত নামাতিব। গাঁওখন অধঃপতনে যাবলৈ লৈছে। তাৰ সমভাগী নহ’ব আক।
-মই জানো নহয়।
পুতেকৰ কথাত বৰুৱা উকীলে মুখখন বিকটাই ক’লে।
এইটো মানস তাহানিৰ সেই চোতালৰ পোক ধৰা মানস হৈ থকা নাই। সময় বাগৰি সেই মানসটো আহি পাহুৱাল ডেকা হ’লহি। পিছে স্কুল হেড পণ্ডিতে ঠাট্ৰা কৰাৰ দৰে মানস একেবাৰে ডাঙৰ মানুহ নহ’লেও কলেজীয়া শিক্ষা সাং কৰি ঘৰতে পুখুৰী কেইটামান খান্দি মাছৰ ব্যৱসায় আৰম্ভ কৰিছে। বৰুৱা উকীলে সি চাকৰি নিবিচৰা দেখি ভালেই পালে কিয়নো ডাঙৰটো ল’ৰা চাকৰি বাবে ইতিমধ্যে বিদেশ পালেগৈ। অন্তত এটা ল’ৰা তেওঁলোকৰ বুঢ়া বয়সত ঘৰত আছে ভালৰহে কথা।
বৰুৱানীৰ হাতৰ পৰা তামোলখন লৈ বৰুৱা উকীল মেললৈ বুলি ওলাল। স্কুলৰ পথাৰত হোৱা মেলখন ইতিমধ্যে আৰম্ভ হলেই। বৰুৱাই ইফালে সিফালে চকু ফুৰাই চালে ,অদূৰত মানস আৰু তাৰ লগৰ কেইটামানো ৰৈ আছিল।
মেলখন আৰম্ভ হোৱাৰ পৰাই দুয়োটাই পক্ষই ইটোৱে সিটোৰ বিৰুদ্ধে গোচৰ দিবলৈ লাগিল। মহেন,যতিন,মুহিধৰ আৰু কেশৱ শইকীয়াৰ কাজিয়াখন ক’ৰবাতে পৰি ৰ’ল। দুয়োটা চুকৰ অভিযোগবোৰ দেখি বৰুৱা উকীলৰ এনে লাগিল যেন অত দিনে দুয়োটা চুকেই যেন কোনোবা নৰকৰ বাসীৰ সৈতেহে লগ লাগি আছিল। গাঁওবুঢ়াৰো একে অৱস্থা। কাক এৰিব ,কাক ধৰিব।
-আপোনালোকে অলপ সময় মনে মনে থাককচোন। আমাকো কিবা ক’বলৈ সুযোগ দিয়ক।
মানসৰ গলগলীয়া মাতত মানুহবোৰ চুপ হৈ গ’ল। এইটো আক ইয়ালৈ কিয় আহিল বুলি ভাবি বৰুৱা উকীলৰ কপালৰ গাঁঠি কেইডাল মান কোঁচ খাই আহিল। চকুৰে তাক ইংগিত দিব খুজিলেও সি বাপেকৰ ফালে নোচোৱাই হ’ল।
মানসৰ সৈতে আৰু দুটামান ডেকা আগবাঢ়ি আহিল। মানসেই আৰম্ভ কৰিলে
-আচলতে কাজিয়াখন আৰম্ভ হৈছিল কাৰ পৰা ? মহেন দদাই ,যতিন ককাইদেউ, কেশৱ বৰতা আৰু মুহিধৰ দদাইদেউ পৰা নহয় জানো ? গাঁওখন বাৰু আজি ভাগ হৈ যাব , এতিয়া আপোনালোক চাৰিজনেই কওকচোন,( মানসে তেওঁলোকলৈ চাই সুধিলে) ভবিষ্যতে যেতিয়া সকলোৱে জানিব এই গাঁওখন দুভাগ হোৱাৰ আৰম্ভণি কৰিছিল আপোনালোকৰ কাজিয়াখনেই ,তেতিয়া আপোনালোক নাথাকিলেও আপোনালোকৰ পৰিয়ালে সেইটো শুনি ভাল পাব নে ?
মানসৰ প্ৰশ্নত কেইবাজনো মানুহে দাং খাই উঠিব খুজোঁতেই আকৌ এটি ডেকাই মাত লগালে। এইটি মুহিধৰৰ নকৈ ডেকা হোৱা সৰু ল’ৰাটো
-আপোনালোকে আমাৰ কথাটো শুনি লওকচোন। বাৰু মহেন বৰতা, যতিনদাই বাৰু আপোনাৰ চাউল কেনেকৈ কাটিব ? যিখন ঘৰৰ প্ৰতি সাঁজ ভাতৰ চাউলৰ বাবে দোকানলৈ যাবলৈ লাগে সেইখন ঘৰৰ মানুহজনে আজিলৈকে নিজৰ নামত তিনিটকীয়া চাউলৰ কাৰ্ড এখন কৰিব নোৱাৰিলে তেনে স্থলত আপোনাৰ চাউল কেনেকৈ কাটিব পাৰিব বুলি ভাবিলে বাৰু ?
মুহিধৰৰ পুতেকৰ কথা শুনি মহেন তলমূৰ কৰিলে। মুহিধৰ পুতেকে এইবাৰ কেশৱ শইকীয়াৰ ফালে চালে।
-মোৰ দেউতাই সদায়েই তেনেকৈ বকি থাকে, সেইয়া আপুনি আগতেও শুনিছে বৰতা। তথাপি দেউতাৰ হৈ ময়ে আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ। অনুগ্ৰহ কৰি গাঁওখন ভাঙিবলৈ নিদিব।
মানস আৰু মুহিধৰৰ পুতেকৰ কথা শুনি উত্তপ্ত মেলখন চেঁচা পৰি গ’ল। যতিন,মহেন,মুহিধৰ আৰু কেশৱ শইকীয়াই যেন মূৰটো মাটিত হে ভৰাই দিব তেনেকৈ তল মূৰ কৰি থাকিল।
-আজি এইবোৰ কথাকে লৈ গাঁৱত দুটা নামঘৰ হওক। কালিলৈ আকৌ কিবা লাগি চাৰিটা হওক। এইদৰে গৈ থাকিলেচোন এদিন প্ৰত্যেকৰে নিজা নিজাকৈহে নামঘৰ থাকিব ! সমাজ বুলি একো নাথাকিবই চোন ! গুৰুজনাই আমি যাতে একতাৰ ডোলৰে বান্ধ খাই থাকিব পাৰোঁ তাৰ বাবে নামঘৰৰ আৰ্হি দেখুৱাই থৈ গ’ল। আৰু আমি সেই নামঘৰটোকে আগত লৈ ভাগ ভাগ হ’ব খুজোঁ ! আচৰিত ! ইমানৰ পাছতো যদি আপোনালোকে নামঘৰ ভাগ কৰিব খুজিছে,গাঁওখন ভাগ কৰিব খুজিছে,কৰক। মাথো আমাৰ ডেকাখিনিক কোনো কামতে নিবিচাৰিব।
মানসে কথাখিনি কৈয়ে তাৰ পাৰ গুছি গ’ল। তাৰ লগে লগে দক্ষিণ আৰু পশ্চিম চুকৰ সোপাই ডেকা ল’ৰাও গুছি গ’ল।
পাঁচমিনিট মান সময় নিতাল মাৰি থকাৰ পাছত গাঁওবুঢ়াই মাত লগালে-গাঁও ভঙা পতা কৰিবলৈ আহিবলৈ আমাৰো ভাল নালাগে। তথাপি এৰিব নোৱাৰিহে আহিছিলোঁ। গাঁৱৰ ডেকা সকলেটো নিজৰ মত দি থৈ গলেই। তাৰ পাছতো যদি আপোনালোকে গাঁওখন ভাগ হোৱাটো বিচাৰে…..
গাঁওবুঢ়াৰ কথা শেষ হ’বলৈ নাপালেই , প্ৰথমে বৰুৱা উকীলে মাত লগালে। তাৰ পাছত মহেন ,যতিন,মুহিধৰ ,কেশৱ শইকীয়াকে আদি কৰি সকলোৰে মাতবোৰ গুমগুমাই উঠিল।

উপসংহাৰঃ বৰুৱা উকীল আহি ঘৰ সোমোৱাৰ লগে লগে বৰুৱানীয়ে সুধিলেহি-হেৰি ! বৰ নামঘৰটো কোনে পালে হয়নে ?
তামোলৰ পিকখিনি চোতালৰ একাষে পেলাই আহি বৰুৱাই মাত দিলে-মনত আছে তাহানিৰ হেড পণ্ডিতে আমাৰ মানসৰ বাবে কোৱা কথাষাৰ, সি যে ডাঙৰ মানুহ হ’ব বুলি পেংলাই কৰিছিল …বুজিছা,আমাৰ মানস সঁচায়ে ডাঙৰ মানুহেই হ’ল। তাৰ দৰে মানুহ থকাৰ পাছতো গাঁওখন ভাগ হ’ব বুলি ভাবিছা নে ? গাঁও ভাগ নহয় বুজিছা, আগৰ খেল-চেলবোৰো ভাগি এক হে হ’ল।।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
7 years ago

Madhurima Baidew, apunar suti golpo hosaye bohut amudjonok. Khub Val lagil

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক