নামনি অসমত মাঘ বিহু পালনৰ কিছু ৰূপৰেখাঃ-খজেন ডেকা

অসমত যি কেইটা কৃষিভিত্তিক লোকসংস্কৃতি পালন কৰা হয় তাৰ ভিতৰত ‘মাঘ বিহু’ বা ‘ভোগালী বিহু’ অন্যতম৷ অসমৰ বিভিন্ন ঠাইত অইন লোকসংস্কৃতিসমূহ পালনৰ মাজত যিদৰে কিছুমান প্ৰভেদ আছে৷ মাঘ বিহু পালনৰ ক্ষেত্ৰতো তেনেদৰে কিছু প্ৰভেদ থকা পৰিলক্ষিত হয়৷ আনকি দিন বাৰৰ ক্ষেত্ৰতো সেই প্ৰভেদ বিদ্যমান৷ পুহ মাহৰ অন্তিম দিনা, অৰ্থাত সংক্ৰান্তিৰ দিনাই মাঘবিহু পালন কৰা হয়৷ তাৰ আগদিনা উৰুকা৷ সেইদিনাই গঞা ৰাইজে ভেলাঘৰত ভোজভাত খায়৷ এই নিয়ম অসমৰ বেছিভাগ ঠাইতে দেখা যায়৷ নামনি অসমো ইয়াৰ ব্যতিক্ৰম নহয় যদিও বৰপেটাকে আদি কৰি কিছু ঠাইত এই নিয়মৰ ব্যতিক্ৰম দেখা যায়৷ তেওঁলোকে মাঘৰ এক তাৰিখেহে ‘মাঘ বিহু’ পালন কৰে৷ দোমাহীৰ দিনা তেওঁলোকে উৰুকা পালন কৰি ভোজভাত খায়৷ বড়ো জনগোষ্ঠীয়েও এই নিয়ম অনুসৰণ কৰা দেখা যায়৷ অৱশ্যে খ্ৰীষ্টান ধৰ্মত দীক্ষিত বড়ো জনাগোষ্ঠীৰ লোকসকলে মাঘ বিহ পালন কৰা দেখা নাযায়৷

‘মাঘ বিহু’ বা ‘ভোগালী বিহু’ নিসন্দেহে এক কৃষিভিত্তিক উত্সৱ হ’লেও ইয়াৰ লগত আন এক লোকবিশ্বাস জড়িত হৈ থকা যায়৷ সেয়া হ’ল অগ্নিপূজা৷ বৈদিক যুগৰ অগ্নিপূজা বা মহাব্ৰত যজ্ঞৰ লগত মাঘ বিহুৰ এক দূৰ সম্পৰ্ক দেখা যায়৷ সূৰ্য্যক আহ্বান কৰি শীতক দূৰীকৰণ কৰাই আছিল ‘অগ্নিপূজা’ বা ‘মহাব্ৰত যজ্ঞ’ৰ উদ্দেশ্য৷ আনহাতে প্ৰজনন কৰ্মৰ লগতো মহাব্ৰত যজ্ঞৰ সম্পৰ্ক আছে৷ অকল্যাণকামীক বিসৰ্জন আৰু কল্যাণকামীক আৱাহন কৰ্মৰ লগতো মহাব্ৰত যজ্ঞৰ সম্পৰ্ক আছে৷ এই একেখিনি উদ্দেশ্য মাঘ বিহুৰ লগতো জড়িত হৈ আছে৷

অবিভক্ত দৰং জিলাত ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহুৰ ভিতৰত মাঘ বিহুৰ গুৰুত্ব সৰ্বাধিক৷ প্ৰচাৰ মাধ্যমৰ ব্যাপক প্ৰসাৰতাৰ পিছৰ পৰাহে অবিভক্ত দৰং তথা নামনি অসমত লাহে লাহে ব’হাগ বিহু পালনৰ টৌ উঠে৷ মাঘ বিহুৰ লগত মেজি, ভেলাঘৰ আদি সজা লোকসংস্কৃতি জড়িত হৈ আছে৷ আদিতে এই অঞ্চলত কেৱল গৰখীয়া ল’ৰাসকলহে ভেলাঘৰ সজা কাৰ্য্যৰ লগত জড়িত আছিল বুলি বয়োজ্যেষ্ঠ সকলৰ মুখত শুনা যায়৷ কিছুমান গাঁৱত এই সম্পৰ্কে এক কিম্বদন্তি শুনা যায়৷ সেই অনুসৰি পূৰ্বতে ভেলা আৰু ভেলী নামৰ এহাল দম্পতী আছিল৷ তেওঁলোকৰ কোনো সন্তান নাছিল৷ পথাৰৰ গৰখীয়াসকলকেই তেওঁলোকে নিজৰ সন্তান বুলি গণ্য কৰিছিল৷ মৃত্যুৰ পিছত গৰখীয়া সকলেই তেওঁলোকৰ সত্কাৰ কৰিছিল৷ সেই পৰম্পৰাক ৰক্ষা কৰি গৰখীয়াসকলে আজিও ভেলাঘৰ সাজি জুই জ্বলাই প্ৰতীকী অৰ্থত সত্কাৰ কৰি ভোজভাত খায় বুলি জনশ্ৰুতি আছে৷ অৱশ্যে আজি আৰু সেই ৰামো নাই, অযোধ্যাও নাই৷ গাঁৱত গৰুও নাই, গৰখীয়াও নাই৷ কিন্তু পৰিৱৰ্তিত ৰূপত মাঘ বিহুৰ ভেলাঘৰ সজা পৰম্পৰা আজিও চলি আছে৷ গৰখীয়াৰ লগতে সাধাৰণ কৃষিজীৱি মানুহো ভেলাঘৰ সজা পৰম্পৰাৰ লগত জড়িত হৈ পৰিল৷ নামনি অসমত উৰুকাৰ বহুদিন আগৰে পৰাই গাঁৱৰ ডেকাল’ৰাবোৰে গৰখীয়া ল’ৰাৰে লগ লাগি ঘৰৰ পৰা কেঁচাবাঁহ কাটি নি শুকান কলপাত, নৰাৰে ভেলাঘৰ আৰু মেজি  সাজে৷

ভেলাঘৰবোৰ সাধাৰণতে নদীৰ পাৰত, পুখুৰীৰ পাৰত সজা দেখা যায়৷ বিহুৰ দিনা ৰাতিপুৱাই ভেলাঘৰ জ্বলোৱাৰ সময়ত প্ৰত্যেকেই গা ধুৱাতো নিয়ম৷ সেয়ে হয়তো কাহিলি পুৱাতে গা ধুই ভেলাঘৰ জ্বলোৱাৰ সুবিধাৰ্থে ভেলাঘৰ সমূহ নদী বা পুখুৰীৰ পাৰত সজাতো এক অলিখিত নিয়ম৷ ভেলাঘৰ সজাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত গাঁৱৰ গৰখীয়া ল’ৰাবোৰ আৰু আবিয়ৈ ডেকাল’ৰাবোৰে ঘৰত ৰাতিৰ সাজ খাই ভেলাঘৰ ৰখিবলৈ যায়৷ তাতে ঢোল-তাল বজাই, গীত গাই ৰাতিটো কটায়৷ ভেলাঘৰত বজাবলৈ ডেকাল’ৰাবোৰে লগত ঢোল-তাল আদি লৈ যায়৷ ভেলাঘৰত বজোৱা ঢোলৰ আকৃতিও বেলেগ বেলেগ হয়৷ বিহুঢোলতকৈ ডাঙৰ৷ উৰুকাৰ দিনা ডেকাল’ৰাবোৰে ভোজভাত খাই গোটেই ৰাতিটো ভেলাঘৰতে উজাগৰে কটায়৷ গৰখীয়া আৰু ডেকাল’ৰাবোৰে ভেলাঘৰত ‘নাঙেলী গীত’ গায়৷ নাঙেলী গীতবোৰ সাধাৰণতে কিছুমান অশ্লীল গীত বুলি একাংশই ক’ব খোজে৷ বিহুৰ দিনা কাহিলি পুৱাতে ভেলাঘৰ ৰখীয়াসকলে ওচৰত থকা নদী, পুখুৰী কিম্বা কুঁৱাত গা ধুই তিতা গাৰে হাতে হাতে জোৰ লৈ ভেলাঘৰ বা মেজিটো সাতপাক ঘূৰি অগ্নিসংযোগ কৰে৷ লোকবিশ্বাস অনুসৰি সেইদিনা ৰাতিপুৱা নদী, পুখুৰী বা কুঁৱাত গংগাৰ পানী আহে৷ গতিকে সেই গংগাৰ পানীৰে গা ধুই পৱিত্ৰ হৈ বছৰটোৰ বাবে পুণ্য অৰ্জন কৰে৷ অগ্নিসংযোগ কৰাৰ আগতে কাটি অনা অতিৰিক্ত নৰাবোৰ ঠাহি ঠাহি ভেলাঘৰৰ ভিতৰত সুমুৱাই দিয়া হয়৷ নৰাৰ মাজে মাজে কিছুমান কেঁচাবাঁহ সুমুৱাই দিয়া হয়৷ যাতে অইনৰ ভেলাঘৰতকৈ বেছিকৈ জুই জ্বলে আৰু বেছিকৈ হিলৈ ফুটে৷ অৱশ্যে পৰিৱৰ্তিত সময়ৰ লগে লগে ভেলাঘৰ সংস্কৃতি এতিয়া কেৱল গৰখীয়া ল’ৰাৰ হৈ থকা নাই৷ কৃষিজীৱি ৰাইজৰ এক উমৈহতীয়া সম্পত্তিত পৰিণত হ’ল মাঘ বিহুৰ ভেলাঘৰ সংস্কৃতি৷

ভেলাঘৰ বা মেজি জ্বলাই দিয়াৰ পিছত যিবোৰ আধাপোৰা বাঁহ থাকি যায়, সেইবোৰ ঘৰলৈ আনিবলৈ মানুহৰ হেতা-ওপৰা লাগে৷ ইয়াৰ কাৰণ হ’ল এই আধাপোৰা বাঁহবোৰ বাৰীৰ ফল নধৰা গছত আওজাই দিলে ফল ধৰিবলৈ আৰম্ভ কৰে বা ফল ধৰা গছত আওজাই দিলে সেই গছডালে বেছিকৈ ফল দিয়ে৷ এয়া সহজ-সৰল কৃষিজীৱি গঞা ৰাইজৰ নিৰ্ভেজাল লোকবিশ্বাস৷ আনহাতে উৰুকাৰ দিনা বিয়লি সময়ত বাৰীৰ আটাইবোৰ ফলৰ গছত ধানখেৰেৰে মেৰিয়াই বান্ধি দিয়ে৷ বহুবছৰ ধৰি ফল নলগা গছ কটাৰ অভিনয় কৰাৰ উদাহৰণো আছে৷ এজনে কুঠাৰ বা দা এখন লৈ খঙেৰে গছডাল কটাৰ অভিনয় কৰে৷ তাকে দেখি আন এজনে বাধা দি কয়—‘গছডাল নাকাটিবি, এইবাৰ ফল লাগিব৷ ’ তেতিয়া মানুহজনে গছডাল নাকাটে৷ আন এক পৰম্পৰা অনুসৰি কিছুমান গাঁৱৰ মহিলাসকলে বিহুৰ দিনা গা ধুই এৱা সূতাৰে ঘৰৰ চালবোৰ চাৰিওফালে মেৰিয়াই বান্ধে৷ ইয়াৰ অৰ্থ হ’ল- কোনো ধৰণৰ বেয়া বতাহ যাতে ঘৰত সোমাব নোৱাৰে বা বতাহ-বৰষুণে যাতে ঘৰৰ একো অনিষ্ট সাধন কৰিব নোৱাৰে৷

সমগ্ৰ অসমতে মাঘ বিহুৰ লগত সমান্তৰালভাৱে এক অশুভ পৰম্পৰাই বাট বুলি আহিছে৷ সেযা হ’ল লোকৰ ঘৰৰ বয়-বস্তু, খৰি আদি চুৰ কৰি ভেলাঘৰ বা মেজিৰ জুইত জাপি দি বন্য আনন্দ লোৱা৷ আদিতে এই পৰম্পৰা কেৱল খৰি চুৰ কৰাতে সীমাবদ্ধ আছিল যদিও লাহে লাহে এই পৰম্পৰা গৃহস্থৰ চৌহদৰ বেৰ ভাঙি লৈ যোৱা, হাঁহ, মূৰ্গী, পাৰ, মূল্যবান আচবাব-পত্ৰ আদি চুৰ কৰা দুষ্কাৰ্য্যলৈ প্ৰসাৰিত হ’ল৷ ঠায়ে ঠায়ে ইয়াকে লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাও পৰিলক্ষিত হ’ল৷ এনেবোৰ পৰম্পৰাই ভোগালীৰ ভোগ কৰা পৰম্পৰাক বিনাশ কৰি দুখ কৰাৰ পৰম্পৰালৈ পৰিণত কৰিলে৷ নামনি অসমত বিশেষকৈ অবিভক্ত দৰং জিলাত এই পৰম্পৰাই বহুদিনলৈ গা কৰি উঠিব পৰা নাছিল৷ তাৰ পৰিৱৰ্তে গাঁৱৰ গৰখীয়া আৰু ল’ৰাবোৰে ঘৰে ঘৰে গৈ চাউল, খৰি আদি খুজি ফুৰাৰ নিয়ম আছিল৷ বৰ্তমানেও ঠায়ে ঠায়ে এই পৰম্পৰা চলি থকাৰ উমান পোৱা যায়৷ বস্তু খুজিব যোৱাৰ সময়ত গৰখীয়া ল’ৰাবোৰে গৃহস্থক আশীৰ্বাদ দিছিল৷ এজনে লগাই দিছিল আৰু আনবোৰে ধৰিছিল৷

যেনেঃ-

                                হৰি ব’ল হৰি ব’ল  —- হৰি এ

                                কুশল                      —- হক্

                                ভাখেৰিত(ভঁৰালত) ধান –- হক্

                                গলিত(গোহালিত) গৰু — বাঢ়ক

                                পুখুৰীত মাছ       —- হক্

                                বাৰীত তামোল-পাণ —- হক্ ইত্যাদি৷

আশীৰ্বাদৰ অন্তত গৃহস্থই গৰখীয়া ল’ৰাবোৰক সাধ্যানুসাৰে চাউল, কণী, পইচা, খৰি আদি দান কৰে৷ সংগৃহীত সামগ্ৰীবোৰ এঠাইত জমা কৰি উৰুকাৰ দিনা ভেলাঘৰলৈ নি ভোজভাতত ব্যৱহাৰ কৰে৷

উৰুকাৰ দিনা গাঁৱৰ জীয়ৰী-বোৱাৰীসকলৰ ব্যস্ততাৰ অন্ত নাই৷ তেওঁলোকে ভাগে ভাগে ঘৰ-দুৱাৰ সাৰি-মচি পৰিষ্কাৰ কৰা, পাকঘৰৰ চৰু-হাড়িবোৰ বাহিৰত উলিয়াই ধুই-মেলি পৰিষ্কাৰ কৰি বাঁহৰ চাঙত মেলি দিয়া কামবোৰ কৰে৷ গাঁৱৰ মহিলাসকলে সাধাৰণতে পাকঘৰৰ মূল বাচন-বৰ্তনবোৰ যেনে ভাত ৰন্ধা হাণ্ডি, কেৰাহী আদিবোৰ সদায় বাহিৰত উলিয়াই নুধুৱে৷ ভিতৰতে ধুই থয়৷ কিন্তু জুই লগা ফালটো নুধুৱে৷ চুৱা পেলোৱাৰ সময়তহে এইবোৰ বাহিৰত উলিয়াই ধুৱে৷ যেনে- মৃতকৰ সত্কাৰৰ সময়ত, হাল উঠাৰ সময়ত, জন্মাষ্টমীৰ দিনা, ব’হাগ বিহু, মাঘ বিহুৰ উৰুকাৰ সময়ত৷ ইয়াৰ কাৰণ হিচাপে ক’ব পাৰি যে, গাঁৱত আগতে ৮ ৰ পৰা ২০ জনলৈকে বসবাস কৰা এটা যৌথ পৰিয়ালৰ ভাত ৰন্ধা বাচন-বৰ্তনবোৰ সদায় বাহিৰত উলিয়াই ধুৱাটো সম্ভৱ নাছিল৷ আনহাতে একাংশ মহিলা সদস্যই ময়লা লাগি লেতেৰা হোৱা বহুদিন নোধোৱা কাপোৰ-কানিবোৰ এটা ডাঙৰ কেৰাহী বা হাণ্ডিত ভৰাই লৈ তাত পানী আৰু কলাখাৰ বা চাবোন দি বহুসময় ধৰি গৰম কৰে৷ দৰঙীয়া ভাষাত উহাই লয়৷ এনেদৰে উহাই লোৱা কাপোৰখিনিৰ পৰা ময়লাবোৰ আঁতৰি যোৱাৰ পিছত সেইবোৰ ওচৰৰ পুখুৰী বা নদীৰ পাৰলৈ নি গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে একেলগে হাঁহি মাতি শিলত আচাৰি আচাৰি ধোৱে৷

ইফালে পুৰুষসকলেও ভাগে ভাগে চুঙাপিঠা পোৰাৰ বাবে কুমলীয়া বিজুলী বাঁহ কাটি নিৰ্দিষ্ট জোখত চুঙা কটা, চুঙাত সোঁপা দিবলৈ কলপাত কটা আদি কামত ব্যস্ত হৈ পৰে৷ সন্ধিয়ালৈ চুঙা পিঠা পুৰিবৰ বাবে বাৰীৰফালে এটুকুৰা মুকলি ঠাই পৰিষ্কাৰ কৰি লয়৷ চুঙাপিঠা পুৰিবৰ বাবে ইংৰাজী ওৱাই আখৰৰ আকৃতিৰ দুদাল কেঁচা গছৰ ডালৰ প্ৰয়োজন৷ বহুতে আগতীয়াকৈ বাৰীৰ গছত উক্ত ডাল দুটা নিৰ্বাচন কৰি থয়৷ কিছুমানে উৰুকাৰ দিনাই বিচাৰি বিচাৰি কাটি আনে৷ কাটি অনা গছৰ ডাল দুটা ইতিমধ্যে পৰিষ্কাৰ কৰি লোৱা মুকলি ঠাইখিনিত ছয় সাত ফুট ব্যৱধান ৰাখি পুতি এডাল কেঁচা কলগছ ঘৰৰ মাৰলিৰ দৰে পাৰি দিয়ে৷ বহুতে ইয়াক ধাম বুলি কয়৷ এই ধামডালতে সন্ধিয়ালৈ বৰা চাউল আৰু পানী জোখত ভৰাই লোৱা বিজুলী বাঁহৰ চুঙাবোৰ হেলনীয়াকৈ শাৰী পাতি সজাই লয়৷ তাৰ পিছত ঘৰৰ দুই তিনিজন সদস্যই লগলাগি ধানখেৰৰ জুই দি চুঙাপিঠা পোৰে৷

উৰুকাৰ ৰাতি ভেলাঘৰলৈ নোযোৱা বয়সস্থ পুৰুষ আৰু মহিলাসকলে ঘৰতে মাছ-মঙহ আৰু মাটি মাহৰ দাইলেৰে চুঙাপিঠা খায়৷ অৱশ্যে এই নিয়ম অবিভক্ত দৰঙৰ আন ক’ৰবাত আছেনে নাই মোৰ জ্ঞাত নহয়৷ কিন্তু সৰুতে আমি যিটো অঞ্চলত বসবাস কৰিছিলো তাত এই নিয়মটো প্ৰত্যক্ষ কৰিছিলোঁ৷ বিহুৰ দিনা ভাতৰ পৰিৱৰ্তে পিঠাপনা খোৱাটো নিয়ম৷ কিছুলোকে সেইদিনা একোটা কণী খোৱাটোও ধৰাবন্ধা নিয়ম বুলি ধৰি লয়৷ পিঠাপনা, চিৰা-দৈ খোৱাৰ ক্ষেত্ৰত ঠায়ে ঠায়ে এটা বিশেষ নিয়ম দেখা যায়৷ সেইটো হ’ল জ্ঞাতি আপ্যায়ন৷ জ্ঞাতি হ’ল বংশলতাৰ বাহিৰৰ গাঁৱৰ অইন পৰিয়াল৷ অবিভক্ত দৰঙত জ্ঞাতিসকলক বিশেষ সন্মানসহকাৰে আপ্যায়ন কৰাদেখা যায়৷ কথাতে আছে – জ্ঞাতিয়েই গংগা৷ অৰ্থাত জ্ঞাতিক সেৱা সত্কাৰ কৰিলে গংগাৰ পানীৰে গা নুধুলেও হয়৷ গতিকে বিহুৰ দিনা নিজে পিঠাপনা খোৱাৰ আগতে জ্ঞাতিক নিমন্ত্ৰণ কৰি আনি পিঠা, জলপান আদি খুওৱাটো নিয়ম৷ তাৰ পিছতহে গৃহস্থই পিঠা বা জলপান খোৱাটো নিয়ম৷ ইয়াৰ পিছতে গাঁৱৰ মানুহবোৰে পৰস্পৰে পৰস্পৰৰ ঘৰলৈ গৈ জা-জলপান, পিঠা আদি গ্ৰহণ কৰে৷ বিহু উপলক্ষে ঘৰুৱা কামবনৰ পৰা কিছু আজৰি হৈ থকাৰ আপাহতে বহুতে দূৰ-দূৰণিৰ আলহীৰ ঘৰলৈ ফুৰিবলৈ যায়৷ সন্ধিয়ালৈ গাঁৱৰ নামঘৰত পুথিপাঠৰ ব্যৱস্থা কৰা হয়৷ এই অনুষ্ঠানত গাঁৱৰ বয়োজেষ্ঠসকলৰ বাহিৰেও সৰু সৰু ল’ৰা-ছোৱালী, ডেকা-গাভৰুসকলেও অংশ গ্ৰহণ কৰে৷ পুথিপাঠৰ অন্তত উপস্থিত সকলোৱে ভক্তিসহকাৰে সেৱা কৰে৷ পিছত সকলোৱে মাহ-প্ৰসাদ গ্ৰহণ কৰি ঘৰলৈ যায়৷

আনহাতে দিনৰ ভাগত পুৰুষ-মহিলা উভয়ে পৃথকে পৃথকে কাবাডী, দৌৰ, ৰছীটনা খেল আদিৰ আয়োজন কৰে৷ এইবোৰ খেলত কেতিয়াবা বিয়া কৰোৱা আৰু বিয়া নকৰোৱা সকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷

আগতেই উল্লেখ কৰা হৈছে যে, মাঘ বিহু এক কৃষিভিত্তিক লোকসংস্কৃতি৷ মাঘ বিহুৰ পিছৰ পৰাই পৰৱৰ্তী মাঘ বিহুলৈ কৃষিজীৱি ৰাইজে অশেষ পৰিশ্ৰম কৰি শস্য উত্পাদন কৰে৷ ক’বলৈ গ’লে মাঘবিহুৰ পিছৰ পৰা আৰম্ভ হোৱা কৃষিৰ এক পৰিক্ৰমা শালিধান চপোৱাৰ লগে লগে অন্ত পৰে৷ কিছুদিন বিৰতিৰ মূৰত পুনৰ খেতিৰ বাবে কৃষক সাজু হোৱাৰ সময় আহি পৰে৷ মাঘ বিহুৰ পিছৰ পৰাই আহুধান, মৰাপাট আদি খেতিৰ বাবে নতুনকৈ মাটি চহাবলৈ গাঁৱৰ কৃষকে নাঙল- যুৱঁলি ঠিক কৰি লয়৷

বিশ্বৰ বিভিন্ন ঠাইত পালন কৰা কৃষিভিত্তিক লোকসংস্কৃতিসমূহৰ কথা অধ্যয়ন কৰিলে দেখা যায় প্ৰতিটো লোকসংস্কৃতিমূলক উত্সৱৰ লগত যৌনতাৰ সম্পৰ্ক আছে৷ গীত-মাতৰ যোগেদি এই যৌনতাৰ কথা প্ৰকাশ কৰি পৃথিৱী অৰ্থাত কৃষিভূমিৰ উৰ্বৰতাৰ কামনা কৰা হয়৷ ভেলাঘৰত যৌনগন্ধী নাঙেলী গীত গোৱাৰো অন্তৰ্নিহিত অৰ্থ এইটোৱেই বুলি নিশ্চিত হ’ব পাৰি৷ তদুপৰি ভেলাঘৰত অগ্নি সংযোগৰ যোগেদি সূৰ্য্য দেৱতাক আৰাধনা কৰা কাৰ্য্যৰ যোগেদি ধৰাত তাপ বৃদ্ধিৰ কামনা কৰা হয়৷ যাতে শস্যৰ বীজ গজাত সহায় হয়৷ গতিকে মাঘ বিহু পালনৰ যোগেদি কৃষিৰ উন্নতি কামনা কৰাটোকে সূচায়৷ নামনি অসমৰ ঠাইভেদে আৰু জনগোষ্ঠী ভেদে মাঘ বিহু পালনৰ অনেক নীতি-নিয়ম আৰু পৰম্পৰা আছে যদিও বাহুল্যৰ ভয়ত থোৰতে এইখিনিকে উল্লেখ কৰা হ’ল৷ বৰ্তমান সময়ত অৱশ্যে লোকসংস্কৃতিসমূহ পালনৰ ক্ষেত্ৰত ঠাইভেদে পূৰ্বতে থকা প্ৰভেদ সমূহ লাহে লাহে কমি অহা দেখা গৈছে৷

(বিঃদ্ৰঃ- এই লেখাটো প্ৰস্তুত কৰোতে অইন গ্ৰন্থৰ লগতে ডঃ বিজয় কুমাৰ শৰ্মাৰ দৰং জিলাৰ উত্সৱ-অনুষ্ঠানৰ অধ্যয়ন গ্ৰন্থখনৰ সহায় লোৱা হৈছে৷ )☆ ★ ☆

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক