নামৰ বিৱৰ্তন – বাসৱদত্ত দাস

স্কুল-কলেজত পঢ়ি থাকোঁতে আমাতকৈ কনিষ্ঠবোৰৰ চিত্ৰ-বিচিত্ৰ নামবোৰ শুনি মনলৈ ভাৱ আহিছিল, “আজিকালি” মানুহবোৰে সন্তানৰ নামবোৰ ‘ইউনিক’কৈ ৰাখিবলৈ বৰকৈ হেঁপাহ কৰে; সেয়েহে “নতুন চাম”ৰ নামবিলাক ইমান বাৰেৰহণীয়া– কাৰোবাৰ যদি দেশ বা ঠাইৰ নামেৰেই নিজৰ নাম (উদাঃ নেপাল মেধি, ইৰান ফুকন, টিৰাপ বৰ্মণ আদি), আন কাৰোবাৰ নামবোৰ আকৌ ‘ফিউজন’ কৰি সৃষ্টি কৰা (যেনে- এঞ্জেলস্মিতা ডেকা, খ্ৰাইষ্টজ্যোতি বৰুৱা ইত্যাদি) । এনেকুৱাধৰণৰ নামবোৰ শুনিলেহে উপলব্ধি হয়, পৃথিৱীত নাম অনুপাতে যে জনসংখ্যা কিমান ভয়ংকৰভাৱে বৃদ্ধি পাব ধৰিছে । মানুহৰ সংখ্যা এই ধৰাৰ বুকুত ইমানেই বাঢ়িছে যে নতুনকৈ জনম পোৱাকেইটালৈ নতুনধৰণৰ নাম পাবলৈকে নোজোৰা হৈ পৰিছে । ইপিনে মাক-পিতাকবিলাকৰ চকুতো ‘ট্ৰেডিশ্‌ন্‌ল্‌’ অসমীয়া নামবোৰ এলাগী হৈ পৰিছে । কিয়নো অজয়-বিজয়, ৰাকেশ- মনোজ, মানস-পাৰ্থ আদি নামবোৰ ইমানেই ‘কমন’ হৈ পৰিছে যে ভৰা বজাৰ এখনত “মানস!” বুলি ৰিঙিয়ালে একুৰি এটা ‘মানস’ নামধাৰীয়ে আপোনাক আহি ‘উপস্থিত’ দিবহি । গতিকে “আজিকালি”ৰ সচেতন মাক-পিতাকে এইবোৰ নাম পোনেই খাৰিজ কৰি দিয়ে আৰু নিজৰ পিটকলি সন্তানটোৰ বাবে এটা নাভূত-নাশ্ৰুত নাম বিচাৰি চলাথ কৰে । “আজিকালি” আকৌ এই সচেতন মাক-পিতাকসকলে ফেচবুকৰ পাততো সন্তানৰ বাবে ‘ইউনিক’ এটা নাম বিচাৰি ফ্ৰেণ্ডলিষ্টৰ সকলোকে হাবাথুৰি খুৱাই দিয়ে । তেতিয়া ফে’চবুকৰ এই ‘ফ্ৰেণ্ড’বোৰেও নিজৰ গুৰু দায়িত্ব অনুধাৱন কৰি এটা এটাকৈ ‘ইউনিক’ নাম বিচাৰি পাত্-পাত্ কৰে । ফলত নাম বিচৰাজনৰ পোষ্টটোৰ তলৰ কমেণ্টবোৰত নানা ‘পেকুলিয়াৰ’ নামৰ সমাহাৰ ঘটা আপোনাৰ-মোৰ দেখিবৰ সৌভাগ্য হয় । কেতিয়াবা নিজানত ভাৱ ওপজে, এই ‘ফিউজন’ বাৰু আৰু কিমান দিনলৈ!

উদ্ভট কল্পনাপ্ৰৱণ মোৰ মনটোৱে দূৰ ভৱিষ্যতৰ সেই নামৰ আকাল লগা দিনবোৰৰ সংকটৰ কথা ভাৱি প্ৰায়ে মোক ব্যাকুল কৰে । আজি যেনেকৈ ৰাম-যদু-মধু-হৰি-যোগেন-নগেন আদি নামবোৰ গণিতৰ কিতাপৰ অংকবোৰত আলংকৰিকভাৱে ব্যৱহাৰতে কেৱল সীমাৱদ্ধ হৈ ৰ’ল, ঠিক তেনেকৈ মানস-পাৰ্থ-মনোজ-ৰাহুল আদি নামবোৰৰো এদিন অৱস্থা তথৈবচ হ’ব । তেতিয়া এই ‘ফিউজন’সূত্ৰে সৃষ্টি হোৱা নামবোৰৰ চল্‌তি হ’ব (আচলতে হ’ব নহয়, হৈ আছেই) । এঞ্জেলস্মিতা, ৰিয়ানজ্যোতি, মাৰিয়াজিতা, চিংকিমণি, এলভিছ প্ৰতিম – এইবিলাক একবিংশ শতিকাৰ ‘ট্ৰেণ্ডিং’ অসমীয়া নাম ।

আমাৰ সমাজত আন এচাম ‘অতি অসমীয়া’ মাক-পিতাক আছে যিসকলে এনেকুৱা ‘ফিউজন’ কৰি সৃষ্টি কৰা নামবোৰ পছন্দ নকৰে; আকৌ তেওঁলোকে ‘ট্ৰেডিশ্‌ন্‌ল্‌’ অসমীয়া নামবোৰো নাকচ কৰে । তেওঁলোকে তাৰ পৰিৱৰ্তে নতুন ধৰণৰ নোহোৱা-নোপজা নাম একোটা নিজে সৃষ্টি কৰি সন্তানক এটা ‘ইউনিক’ নাম উপহাৰ দিব বিচাৰে । যেনে- লীনাশ্ৰী বৰা, মুনুস্মিতা দুৱৰা ইত্যাদি (ফে’চবুকত বিচাৰি চালে এনে বহুকেইটা ‘অতি অসমীয়া’ নাম আৱিষ্কাৰ কৰিব । এই নামবোৰৰ প্ৰথমাংশ আৰু শেষাংশৰ মাজত কোনোধৰণৰ সংগতি নাই । লীনা মানে কি, আৰু লীনাৰ নামটোৰেইনে সেই নামধাৰীজনীৰে ‘শ্ৰী’ হ’ল, ক’ব নোৱাৰি । আকৌ, মুনুৰ নিচিনা হাঁহি দিয়াজনী মুনুস্মিতা হ’লে সেই হাঁহিৰ আচল গৰাকীজনীনো কোন হ’ল তাৰ সন্ধান উলিওৱাটো এটা দুষ্কৰ ‘মিশ্যন’ । ) । এই নামবোৰ ‘ফিউজন’ও নহয়, ‘ট্ৰেডিশ্‌ন্‌ল্‌’ও নহয়; তথাপি এইবিলাক নাম অৰ্থবিহীন । হ’লেও এইবিলাক নামৰ এটা বিশেষত্ব আছে, সেয়া হৈছে এইবোৰ ‘ইউনিক’ । এইবোৰ এনেকুৱা একো একোটা অভূতপূৰ্ব নাম যে কেতিয়াবা সন্দেহ জাগে, মাক-পিতাকে এইবিলাক নামৰ ‘কপিৰাইট’ও কৰি থোৱা নাইতো!

ভৱিষ্যতে নামবোৰ ‘ইউনিক’ কৰাৰ প্ৰতিযোগিতাত আমি হয়তো ইয়াতকৈয়ো অদ্ভুত-অদ্ভুত নামধাৰী প্ৰজন্ম একোটা পাই যাব পাৰোঁ, যাৰ নামবোৰে হয়তো ‘ইউনিকতা’ৰ চৰম পৰ্য্যায় স্পৰ্শ কৰি আমাক তভক খুৱাই দিব । কোনে জানে, আপোনাৰ মোৰ কোনোবা এটা নাতিৰ নাম যদি “লোকেশ্যন বৰা” নতুবা নাতিনীটোৰ নামটো “ছুইগী হাজৰিকা” হয়! কোনে জানে, “কোল্ডক্ৰীম ভূঞা”, “ক্ল’ৰমিণ্ট গোস্বামী”, “ম’ট’ৰ’লা কাশ্যপ”, “পিকাচু কোঁৱৰ”, “টেলিগ্ৰাম ফুকন”, “নেটৱৰ্ক দেউৰী” আদি ফিউজন নামধাৰী তথা “অট্টহাস্য ফুকন”, “অশ্লীল বুঢ়াগোহাঞি”, “হেকটি কাকতি”, “ইস্ত্ৰি মিশ্ৰ”, “আলান্ধু হাজৰিকা”, “আতংক বৰুৱা” আদি ‘অতিশয় অসমীয়া’ নামধাৰীবোৰৰ মাজতে আমাৰ বৃদ্ধকালতো অতিবাহিত হৈ যদি আমি সিপুৰী গমন কৰোঁ !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments