নাম -(মুনীন শৰ্মা)

নাম
-মুনীন শৰ্মা
দৰঙী লোক কলাৰ এক অন্যতম উপাদান হ’ল “নাম”।মূলত তিনি ধৰণৰ নাম প্ৰচলন দেখা যায়। আই নাম, গোপিনী নাম আৰু অপেশ্যৰা নাম। শীতলা দেৱীৰ সন্তুষ্টিৰ উদ্দেশ্য লৈ গোৱা এই নামসমূহ অতীজৰে পৰা মুখে মুখে প্ৰচলন হৈ আহিছে। কিন্তু ইয়াৰ ৰচনা কাল বা ৰচয়িতা সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়। শীতলা দেৱী আৰু তেওঁৰ ন জনী ভনীয়েকক দুৰ্গা দেৱীৰ ৰূপ বুলি বিশ্বাস কৰা হয়। দৰঙীয়া কথিত ভাষাত যুগ যুগ ধৰি চলি অহা এই নাম সমূহ ঘৰত বিপদ-আপদ বা ৰোগ-নৰীয়া হলে শীতলা দেৱী আৰু তেওৰ ৯ জনী ভনীয়েকক উদ্দেশ্যি গোৱা হয়। মাটিত ধাৰি/কঠ আদি পাৰি বহি সাধাৰণতে এই নাম সমূহ গোৱা হয়। নৈবদ্য হিচাপে বুটমাহ, মগুমাহ, মাতিমাহ, কলামাহ আদিৰ লগত নাৰিকল, আদা, ডালিমৰ গুটি চাউল আদি মিহলোৱা হয়। কল, কমলা, অমিতা, কেঁচা কঠাল, আপেল, নাচপতি, আম, কুঁহিয়াৰ আদি উপকৰণ হিচাপে আগবঢ়োৱা হয়। আই নামত হাঁহকণী আগবঢ়োৱা হয়। কোনো কোনো ক্ষেত্ৰত গোহালি ঘৰত এই নাম গোৱাৰ নিয়মো প্ৰচলন আছে। ইয়াৰে ভিতৰত আই নাম বা শীতলা নাম অকল জেঠ মাহতহে গোৱা হয়। ৰাজহুৱা নামঘৰ বা মানুহৰ ঘৰত গোৱা আই নামত সৰু ডাঙৰ সকলোৱে ভাগ লয়। আনহাতে গোপিনী নামত কেৱল তিৰোতা মানুহে আৰু গাভৰু ছোৱালীয়েহে ভাগ লোৱা নিয়ম। গোপিনী নামৰ উপাস্য দেৱতা বিষ্ণু। অপেশ্যৰা নাম অকুমাৰী ছোৱালীয়েহে গাব পাৰে। জ্ৱৰ বসন্ত বা আন নৰীয়া হ’লে ঘৰত সৰু সৰু ছোৱালী মাতি এই নাম ধৰাৰ নিয়ম আছে।
শীতলা নামৰ আৰম্ভণিতে এনেদৰে গোৱা হয়:-
বুঢ়ী আই ঠাই মুচিবালে
বুঢ়ী আই নাজানেই পালেতি
বুঢ়ী আই মোচেই ঠেলৌ ঠেপৌ কৰি
কি বুঢ়ী আই কেশৰে মলচী ধৰি
বুঢ়ী আই পত্ৰ পাৰিবালে
বুঢ়ী আই নাজানেই পালেতি
বুঢ়ী আই পাতেই আগাদেৱা কৰি
কি বুঢ়ী আই কেশৰে মলচী ধৰি
বুঢ়ী আই গাজি চাউল বৰাবা
বুঢ়ী আই নাজানেই পালেতি
বুঢ়ী আই দেই মুঠি মুঠি কৰি
কি বুঢ়ী আই কেশৰে মলচী ধৰি
বুঢ়ী আই ধুপ শলা জ্বলাবা
বুঢ়ী আই নাজানেই পালেতি
বুঢ়ী আই শলিতাত নেদিলা সাখি
কি বুঢ়ী আই কেশৰে মলচী ধৰি
বুঢ়ী আই তামোল পান বৰাবা
বুঢ়ী আই নাজানেই পালেতি
বুঢ়ী আই দেই যুৰি যুৰি কৰি
কি বুঢ়ী আই কেশৰে মলচী ধৰি।।
এইখিনিলৈকে হাত চাপৰি বজোৱা নহয়। মূল নামতিয়ে লগাই দিয়ে আৰু বাকিসকলে ধৰি যায়। ইয়াৰ পিচত হাত চাপৰি বজাই গোৱা পদসমুহ গোৱা হয়।
ঠাইখিনি মুচিলা নৈবদ বৰালা
নওযুৰি লগালা ধূপ হৰিয়ে
মাজুতো বৈনাকে চাৱা চাৱি কৰেই
সৰুতো বৈনাকৰ ৰূপ হৰিয়ে
ঘট পাতা গচা পাতা নৈবদ পাতা সাৰি হৰিয়ে
নওবৈনি মনসাৰ নামখিনি পাতা জানি শুনি হৰিয়ে।
 
অপেশ্যৰা নামঃ
অপেশ্যৰাৰ বাৰীতে আছে ঠেকুনাৰে বেৰা
অপেশ্যৰা নামি আহে ভৰ দুপৰ বেলা
ফুলতোলা দেৱী আয়ে ফুলৰ মৌকে খায়
আইভা লাগছি বুঢ়া গোহাই বইভা লাগবু ঠাই।।
গুৰুৰ চৰণ কৰো আই বন্দন
আয়ে ৰক্ষা কৰি যাবো ঐ ৰাম ৰাম
চপা ফুল আনিবা কৈলাশত গৈছিলা
ভোমোৰাই কৰিলা চুৱা ঐ ৰাম ৰাম।
 
গোপিনী নামঃ
নাম লগেই দিয়া
চাপেৰি বজোৱা
আই আহি পাৱা নাই হৰিয়ে
আহো আহো বুলি
সাতবাৰ জোলোক দেই
নামত চাতিও লৈ নাই হৰিয়ে।।
ৰামকলৰ পটুৱা
আই আহেই নটুৱা
বুঢ়ী আহেই জগত যুৰি এ ৰাম।
অতীত কালত সঘনাই হৈ থকা ৰোগ ব্যাধি বিলাক দেৱ দেবীৰ অপদৃষ্টি বুলি লোকসমাজত বিশ্বাস কৰা হৈছিল। তুতি মিনতি কৰি এনে অপদৃষ্টিৰ পৰা হাত সাৰিবলৈ প্ৰয়াস কৰা হৈছিল। এই পদ সমূহ কিন্তু বৰ্তমান সময়ত লাহে লাহে বিলুপ্ত হব ধৰা পৰিলক্ষিত হৈছে। চৰকাৰ বা আন কোনো সংগঠন যদি ইয়াৰ সংৰক্ষণৰ বাবে আগুৱাই নাহে এই নাম সমূহ বিলুপ্ত হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments