নাম যাৰ আশা (উজ্জ্বল ফুকন)


একেথৰে চাই আছে ছবিখনলৈ। নাজানোঁ কি বুজি পাইছে তাই। তাই মানে শিখা। ৰণৰ পত্নী। আৰ্ট গেলেৰীলৈ প্ৰথম বাৰ আহিছে ৰাজ, ৰণ আৰু বাবলু।
“কিয় যে আহিছিলোঁ মই? কিনো আঁকে ইহঁতে মই একো বুজিয়েই নাপাওঁ দেখোন।“ বাবলুৱে ভোৰভোৰাই উঠিল।
“বুজিবৰ চেষ্টা কৰ। চা কি মন দি চাই আছে সকলোৱে। মডাৰ্ণ আৰ্ট মানেই ষ্টেটাছ্ছিম্বল আজিকালি। ড্ৰয়িং ৰুমত থবি। কোনোবা আলহীয়ে কেৰাহিকৈ ছবি খন চালে তৃপ্তিৰ হাঁহি মাৰিবি। আৰু ক’বি ‘বৰ সুন্দৰ ছবি। মই এই আৰ্টিষ্ট জনৰ ফেন। থীমটো চাওঁকচোন, কি সুন্দৰ! বুজি পাইছেনে থীমটো?’ ” ৰাজে বাবলুলৈ চাই ক’লে।
“হেৰৌ, কি থীম? এখনো ছবিৰ মাথা-মুণ্ড নিজে বুজি পোৱা নাই আৰু তই কৱ লোকক বুজাবলৈ?” বাবলুৱে খঙত ক’লে।
“সেই কাৰণেইটো তোক লৈ আহিছোঁ ইয়ালৈ। বোলো গাধ, কিবা এটা শিক। দেখা নাই ছোৱালীবোৰে কেনেকৈ একান্ত মনে চাই আছে? তই ছবি বুজি নাপাৱ সেইটো পাছৰ কথা, কিন্তু কোনোবা এজনীৰ কাষত ৰৈ তাইক পাত্তা নিদিয়াকৈ একান্তমনে ছবি খন চাই থাক। চকু যাতে য’তে-ত’তে ঘুৰি নুফুৰে মন কৰিবি। আৰু প্ৰেমৰ প্ৰথম নিয়মটোৱেই হৈছে ইজনে সিজনক নাচায়। দুয়োজনে একেলগে চাই থাকে একেটা লক্ষ্যলৈ। যদি তই একেৰাহে দহ মিনিট মান চাই থাকিব পাৰ তেতিয়া ছোৱালীজনীয়ে নিজে আগবাঢ়ি আহি তোৰ লগত চিনাকি হোৱাৰ চান্স বহুত বেছি। হয়টোশুধিব‘ইমান ধুনীয়া! নহয়নে বাৰু?’” ৰণে ক’লে।
“তেতিয়া মই কি ক’ম” বাবলুৰ মাতত উছাহ।
“তই তাইলৈ কেৰাহিকৈ এবাৰ চাই শুধিবি“কাৰ কথা কৈছা?”। তাই যদি এটা মিঠা হাঁহি উপহাৰ দিয়ে বুজিবই তোৰ ভাত সিজিছে আৰু।” এইবাৰ ৰাজে বাবলুৰ ফালে চাই ক’লে।
“কিন্তু যদি তাই হাঁহি নামাৰে তেতিয়া কি হ’ব?”
“এইপাটে সকলো কথাতে নিগেটিভ পইণ্টটো ভাবি লয় প্ৰথমেই। তই দৰমহা এক তাৰিখে পাবিয়েই। কিন্তু তই টেনশ্যন লৱ যদি নাপাওঁ। হেৰৌ যদি নাপাৱ তই অসম চৰকাৰৰ অধীনত কাম কৰিছ চাগৈ। তোৰ এই ‘ন’ আখৰটো কাটিব লাগিব তোৰ চিন্তাৰ পৰা, তেতিয়াহে যদি তোৰ কিবা এটা হয় জীৱনত।”
“তই গান গাব জাননে?” ৰাজে শুধিলেবাবলুক।
বাবলুৱে মূৰটো জোকাৰিলে। সি যেন ‘না’ বুলি ক’বলৈ ভয় কৰিছে।
“গীটাৰ বজাব জাননে?” ৰণৰ প্ৰশ্ন।
বাবলুৱে আকৌ মূৰ জোকাৰিলে।
“ছবি আঁকিব জান? বা নাটক-অভিনয় এইবোৰ কৰি তই ভাল পাৱ নেকি?”
“হেই, নাজানোঁ এইবোৰ!” বাবলুৱে চিঞৰি উঠিল।
“মই জানিছিলোঁৱেই সি এই “না”আখৰটো এৰিব নোৱাৰে কেতিয়াও। আজিকালি আৰ্ট, গীটাৰ এইবোৰ ইম্পৰ্টেণ্ট। যদি নাজান, কোনো কথা নাই। ভয়ংকৰ উপভোগ কৰা টাইপ দেখুৱাব লাগিব তই। আৰু এই খুটখুটচুলিবোৰো দীঘল কৰ। তই যেতিয়া দীঘল চুলিৰ ফাঁকেৰে চাবি কাৰোবাক, তায়ো হয়টো আঙুলিৰে নিজৰ চুলিখিনি কাণত উঠাই সঁহাৰি দিব। আৰু চুলিয়ে যেতিয়া কথা কয় শব্দনো কিয় লাগে? ” ৰাজে কৈ গ’ল।
বাবলুৱে এখন হাতেৰে মূৰৰ খুটখুট চুলিখিনি মোহাৰি আনটো হাতেৰে চাধাৰ টেমাটো উলিয়াই ক’লে “মই যে তিনি পাট্টী চেম্পিয়ন পাহৰি নাযাবি।”
“ঐ, চাধালুকুওৱা, তাই আহিছে। আৰু মনত আছেনে মই কি কৈছিলোঁ? কনফিউজ কৰি দিবি যিমান পাৰ। নহ’লে মোৰ আজি তলি উদং হ’ব” ৰণে শিখা আহি থকা দেখি ক’লে।
“সৌ আধা হাঁহি থকা যেন লগা ছোৱালীজনীৰ ফটোখন মোৰ পচন্দ হৈছে। তোমালোকৰ কেনেকুৱা লাগিছে?” শিখাই তিনিওটালৈ চাই ক’লে।
“তোমাক যিদিনা পচন্দ কৰি আনিলোঁ সেইদিনাৰ পৰা মোৰ ‘পচন্দ’ শব্দটোৰ ওপৰতে বিশ্বাস হেৰাই গ’ল” ৰণে মনে মনে ভাবিলে।
“হেৰা, শুনিছানে? কিবা এটা শুধি আছোঁ।”
“হাঃহাঃহাঃ, সেইজনী মনালিছা। তাই হাঁহিছে নে তাই দাঁত কেইটা লুকুৱাইছিল, নে তাইৰ দাঁত পোকে খোৱাৰ কাৰণে ওঁঠ দুটা বেঁকা কৰি ৰাখিছিল আজিও ৰহস্য হৈ আছে।” ৰণে ক’লে।
“লিছা ডাঁএণ্টিনঅ’ মাৰিয়া ঘেৰাৰদিনি” ৰাজে ক’লে।
“সেইটো আকৌ কি?” শিখাৰ প্ৰশ্ন।
“মনালিছাৰ আচল নাম” ৰাজৰ উত্তৰ।
“ঘেৰাৰদিনি উপাধিটো কিন্তু কিবা খেকাৰখাঁটী টাইপ লাগে” বাবলুৱে লাহেকৈ ক’লে।
শিখাই এইবাৰ নাকটো কোঁচাই বেলেগ এখন ছবিলৈ দেখুৱাই ক’লে “সেইখন কেনেকুৱা লাগিছে? চোৱা, কেনেকৈ চৰাইটোৱে সূৰ্য্যৰ মাজত সোমাই গৈছে! আমাৰ ড্ৰয়িং ৰুমত যে কিমান ধুনীয়া লাগিব!”
ৰণে ৰাজক খুঁচি লাহেকৈ ক’লে “সেইজনী ড্ৰয়িং ৰুম পালেগৈ, কিবা এটা কৰি ব্ৰে’ক মাৰ”।
“মোৰ কিন্তু অলপ সন্দেহ আছে। সেইজনী চৰাই হয় নে নহয় বা সেইটো সূৰ্য্য যেন লগা নাই দেখোন। হালধীয়া গছ এজোপা যেন লাগিছে। পাতবোৰ লেৰেলি গৈ সি যেন এতিয়াই মৰি যাব” ৰাজে মুখত যিমান পাৰি দূখ সানি ক’লে।
“আৰু সূৰ্য্য হ’লেও ড্ৰয়িং ৰুমত আৱদ্ধ কৰাটো স্বাস্থ্যৰ কাৰণে ভাল হ’ব জানো?” বাবলুৱেও বহুত ভাবি কিবা এটা ক’লে।
“তুমি বাবলুদাৰ ঘৰতে অলপ বহা গৈ। মই বৰ্ণালীৰ লগত বাহিৰে বাহিৰে ঘৰলৈ যাম।” শিখাই সিহঁতৰ পৰা একো লাভ নাই বুলি বুজি পাই ৰণক ক’লে।
ৰণে মুখত চিন্তাৰ ৰেখা দেখুৱালে যদিও ফূৰ্ত্তিত আত্মাই হাঁহি উঠিল।
বাবলুৱে তেতিয়াহে শিখাৰ বান্ধবী বৰ্ণালীলৈ মন কৰিলে।
“বেয়া নহয়। তোৰ ল’ৰা-ছোৱালীকেইটা ধুনীয়া হ’ব। টেণ্ডাৰখন পেলাই দে।” ৰাজে বাবলুৰচাৱনিৰ পম খেদি বাবলুক ক’লে।
“ঐ, সেইবোৰ বাদ দে। বহুদিনৰ মূৰত সুবিধা পাইছোঁ। আৰু ৰাজো বিয়া বুলি কাইলৈৰ পৰা নাথাকিব। ব’ল তোৰ ৰুমলৈ যাওঁ।” ৰণে বাবলুক ক’লে।
বাবলুৰ ৰুমত তিনি বন্ধুৱে ৰঙীন সন্ধিয়াৰ মাজত উৰি থাকোঁতে বাবলুৱে ৰণলৈ চাই সুধিলে “কি দৰকাৰ তোৰ তাইক আৰ্ট গেলেৰীলৈ লৈ যাবলৈ? চিনেমা চাবলৈ লৈ যোৱা হ’লে বেছি ভাল আছিল।”
“বুজিবি, বিয়া পাত। তেতিয়া ভালকৈ বুজিবি। একেটা কথাকে কৈ কৈ যেতিয়া কাণ ঘোলা কৰি দিব তেতিয়া চাম তই কি কৰ।” ৰণে ক’লে।
“কিন্তু ৰণ, তোৰ ভুল আছে।” ৰাজে ক’লে।
“কিয় ক’লি তেনেকৈ?”
“কথাটো হ’ল মাইকী মানুহক যিমানে দিবি সিমানে লাগিব। তই বিয়া পাতি আনি যদিও ভাড়াঘৰ কিন্তু থাকিলি ফ্লেটত। ফ্লেটত সোমোৱাৰ লগে লগে তাই চাগৈ ক’বলৈ ধৰিলে ‘আমাৰ যে আৰু কাৰ পাৰ্কিংটো এনেয়ে পৰি আছে।’”
“ঠিক কৈছ, সেই কাৰণেই গাড়ী কিনিব লগা হ’ল।” ৰণে গাড়ীৰ ই.এম.আই.টো মনত পেলাই একে ঘোঁটে গিলাচৰ অৱশিষ্ট খিনি শেষ কৰি দিলে।
“আৰু এতিয়া চাগৈ তাইৰ ভাড়াৰ ফ্লেটটোত থাকি থাকি ভাল নলগা হৈ আহিছে। হয় নে নহয়?” বাবলুৱেশুধিলে।
“একেবাৰে ঠিক ধৰিলি। এই যে ছবি কিনিব গৈছে, ক’ত ৰাখিব বুলি ভাবিছ? মই কিনিবলগীয়া নতুন ফ্লেটটোত। আৰু মই কেতিয়া কিনি আছোঁ মই নজেইনজানোঁ। বোলে কথাতে কয় নহয় গছত কঠাল, ওঁঠত তেল, নৌ খাওঁতেই ছেল বেল।” ৰণে ভোৰভোৰাই ক’লে।
“বাৰু বাদ দে সেইবোৰ। তোৰ ছাতি ধৰা ঠিক হ’ল নে নাই?” বাবলুৱেৰাজকশুধিলে।
“কটা ঘাঁত তেল দি বৰ ভাল পাৱ ন? কিমান ক’লো এটা ওলা মোৰ বিয়ালৈ। দুয়োটাৰে কাম ওলাল। এতিয়া শুধিছ ছাতি ধৰা ঠিক হ’ল নে নাই?” ৰাজে খঙত ক’লে।
“তই এটা কাম কৰ, ষ্টেডিয়ামত খেল চাওঁতে যে পিন্ধে টুপীৰ লগতে ছাতি, তাৰে এটা পিন্ধি ল। কি দৰকাৰ বেলেগে ছাতি ধৰাৰ। তই নিজেই ধৰিব পাৰিবি ছাতি।ইন’ভেশ্যন” ৰণে হাঁহি হাঁহি ক’লে।
“সঁচাকৈয়ে এই ছাতি ধৰা আৰু পূজাৰী, এই দুইবিধ মানুহ বিয়াৰ দিনা পোৱাটো ইমান সহজ নহয়। বহুদিনৰ আগতেই বুকিং কৰিব লাগিব। একেদিনাই বহুত বিয়া থকে। পূজাৰী ক’ত পাৱ? আৰু কেইটা নতুন ল’ৰাই সেইবোৰ ভালকৈ শিকি বুজি লৈছে কচোন।” ৰাজে ক’লে।
“মোৰ মতে বিয়া অনলাইন পাতিবলৈ হ’ল আৰু। ভিডিঅ’ কণ্ফাৰেন্সিং কৰি পূজাৰীয়ে মন্ত্ৰ মাতি গ’লেই হ’ল। একেলগে এজাকৰ বিয়া পাতিব পাৰিব। তয়ো ঘৰলৈ নোযোৱা হ’লেও হ’ল হয়। আৰু খৰচো নাই। ফে’চবুকতষ্টেটাছআপডেট কৰিলেই হৈ গ’ল। কি কৱ?” বাবলুৱে ক’লে।
“তোৰ বিয়া তেনেকৈ পাতিম ৰ। চব অনলাইন হ’ব। মিঠাইৰ ফটোত লগৰবোৰক টেগ কৰি দিবি। হৈ যাব” ৰণে বাবলুলৈ চাই ক’লে।
“নাজানো আৰু দেই কি হ’ব।” ৰাজে কিবা এটা চিন্তা কৰি ক’লে।
“একো টেনশ্যন নল’বি। কিন্তু সকলো কাপোৰ White পিন্ধিবি।” ৰণে ক’লে।
“কিয়?” বাবলুৱে ভেবা লাগি শুধিলে।
“হেৰৌ, অভিজ্ঞতাৰ পৰা কৈছোঁ। মই মোৰ ফেভাৰিট ৰঙাটো পিন্ধি গৈছিলোঁ, ধূতীৰ মাজেৰে জিলিকি আছিল। কইনা ঘৰৰ ছোৱালীবোৰে ‘ৰে’ড লাইট, ট্ৰেফিক চিগনেল, ৰে’ড চিগনেল’ বুলি যি হে নগুৰ নাকটিখিনি কৰিলে তই কি বুজিবি।” ৰণে ক’লে। হঠাৎ ৰাজৰ ফোনটো বাজি উঠাত সি ব্যস্ত হৈ পৰিল। তাৰ মুখৰ ভাব-ভংগীৰ পৰা বুজিব পাৰি যে কথাবোৰ তাৰ বৰ ভাল লগা নাই। ফোনটো থোৱাৰ পাছত বাবলুৱেশুধিলে“কি হ’ল? কাৰ ফোন?”
“দাদাৰ ফোন। অসম বন্ধ দিছে কাইলৈ। কেনেকৈ ঘৰ পাব গৈ পাৰিম তাকে বুজাই ক’লে। কচোন বাৰু, দৰা কেনেকৈ যাব ঘৰলৈ যোৰহাটৰপৰা?” ৰাজে শুধিলে।
“কেনেকৈ যাবি?ঘোঁৰাত নে গৰু গাড়ীত?” ৰণে হাঁহি হাঁহিশুধিলে।
“এম্বুলেন্স। ইজ্জত মৰি গ’ল আৰু। হেৰৌ দৰা বাৰু এম্বুলেন্সত যায় নেকি? এইটোৱেই শুনিবলৈ বাকী আছিলে জীৱনত। সোঁৱৰণীখন ৰিনিউ কৰিব লাগিব। কিবাকিবিহে লিখা আছে আগৰখনত।”
ৰণ আৰু বাবলুৱে তাৰ কথা শুনি হাঁহিব ধৰিলে। “ঘোঁৰাত যাব পাৰ কিন্তু। আৰু এই গানটো লগাই ল’বি:
মোৰ শুকুলা ঘোঁৰা..
নাম যাৰ আশা..
তাৰ পিঠিত উঠিয়েই যাত্ৰা মোৰ…”
বাবলুৰ কথাত ৰাজেও হাঁহিত যোগ দিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক