নাষ্ট্ৰাডামুৰ ভৱিষ্যদ্বাণীৰ ৰহস্য – (বৰ্ণালী বৰুৱা দাস)

“ৰাতিৰ আকাশত সূৰ্য উঠিব

দেখা যাব অৰ্ধ বৰাহ-মানৱক

শব্দ, আৰ্তনাদ– আকাশত যুদ্ধ হ’ব

মুক পশুৱে কথা ক’ব‌।”

এইয়া বিশ্ববিখ্যাত ফৰাচী ভৱিষ্যদ্বক্তা নাষ্ট্ৰাডামুৰ এক বহু চৰ্চিত ভবিষ্যদ্বাণী‌। তেখেতৰ ব্যাখ্যাকাৰসকলৰ মতে ইয়াত আকাশ মাৰ্গত হোৱা যুদ্ধৰ কথা কোৱা হৈছে‌। ৰাতিৰ আকাশৰ সূৰ্য হ’ল চাৰ্চলাইট বা বিস্ফোৰিত বোমাৰ তীব্ৰ দীপ্তি‌।বৰাহ-মানব বোলোঁতে বুজোৱা হৈছে অক্সিজেন মুখা, শিৰস্ত্ৰাণ আৰু চশমা পৰিহিত বৈমানিকক‌। আকাশ মাৰ্গত হোৱা যুদ্ধৰ ভয়ানক শব্দ ইত্যাদি সকলোখিনি যেন মিলি গৈছে‌ ! এনেকুৱা এখন যুদ্ধৰ প্ৰতিচ্ছবি ভবিষ্যদ্বক্তা নষ্ট্ৰাডামুৰ চকুত বহু হাজাৰ বছৰৰ আগতেই প্ৰতিফলিত হৈছিল বুলি বিশ্বাসীসকলে ক’ব খোজে‌। সেইবাবেই হেনো তেওঁ এনেকুৱা কবিতাৰে তাৰ বৰ্ণনা দি থৈ গৈছিল আজিৰ পৰা প্ৰায় চাৰি হাজাৰ বছৰৰ আগেয়ে তেওঁৰ বিশ্ববিখ্যাত পুথি “চেঞ্চুৰীজ”ত‌।নষ্ট্ৰাডামুৰ এই সঠিক(!) ভবিষ্যদ্বাণীৰ ৰহস্য বাৰু কি? তাকে জানিবলৈ অকণমান তেওঁৰ জীৱন আৰু “চেঞ্চুৰিজ”ৰ মাজলৈ যাওঁ আহক‌!

১৫০৩ চনৰ ১৪ ডিচেম্বৰ (পুৰণা জুলিয়ান কেলেণ্ডাৰৰ হিচাবত)নষ্ট্ৰাডামুৰ (Michel de Nostredame বা Nostradamus) জন্ম হয়‌ ফ্ৰাঞ্চৰ প্ৰভেঞ্চত‌। তেওঁক ইহুদি ইচাচাৰ উপজাতিৰ লোক বুলি বহুতে ক’ব খোজে‌। এই ইচাচাৰ উপজাতিৰ লোকসকলে চন্দ্ৰ আৰু গ্ৰহ নক্ষত্ৰৰ গতি বিচাৰ কৰি মানুহৰ ভৱিষ্যৎ ক’ব পাৰিছিল বুলিও এচামে বিশ্বাস কৰে‌।

তেওঁ পেচাত এজন কবিৰাজ আছিল যদিও ব্যাকৰণ, দৰ্শন আৰু ছন্দশাস্ত্ৰত দক্ষতা অৰ্জন কৰিছিল‌।কিন্তু তেওঁৰ আটাইতকৈ প্ৰিয় বিষয় আছিল জ্যোতিষ শাস্ত্ৰ‌। জীৱনকালত বহু ঠাইৰ বহু মানুহৰ সংস্পৰ্শ তেওঁ পাইছিল‌। বহু জ্যোতিষী, গুহ্যবিদ্যা বিশাৰদ আৰু অপৰসায়নবিদৰ সান্নিধ্যও লাভ কৰিছিল‌। তেওঁৰ ভৱিষ্যদ্বাণী সম্পৰ্কীয় কৰ্ম-কাণ্ডত এই সকলোবোৰৰে সন্মিলিত প্ৰভাৱ বিদ্যমান‌।

নষ্ট্ৰাডামু ষোড়শ শতিকাৰ লোক হ’লেও দেশ কালৰ সীমা অতিক্ৰমি পৃথিৱীৰ যিকোনো বৃহৎ ঘটনাৰ সতেই তেওঁৰ ভৱিষ্যদ্বাণীক যুক্ত কৰাৰ এটা প্ৰৱণতা দেখা যায়‌। নেপোলিয়ন, হিটলাৰ, প্ৰথম দ্বিতীয় বিশ্ব যুদ্ধ,ভাৰতৰ ইন্দিৰা গান্ধী হত্যা,আমেৰিকাৰ ওৱৰ্ল্ড-ট্ৰেড-চেণ্টাৰ ধ্বংস আদি সকলো ঘটনাৰে ভৱিষ্যদ্বাণী নষ্ট্ৰাডামুৱে “চেঞ্চুৰীজ”ত লিপিৱদ্ধ কৰি থৈ যোৱা বুলি দাবী কৰা হয়‌। অৱশ্যে দাবীবোৰ সদায় কৰা হয় ঘটনাবোৰ ঘটি যোৱাৰ পাছত‌। আনকি ভাৰতত মোদীৰ উত্থানৰ কথাও নষ্ট্ৰাডামুৱে কৈ যোৱা বুলি এতিয়া দাবী উত্থাপিত হৈছে‌।

এতিয়া পোনে পোনে আমি “চেঞ্চুৰিজ”ৰ ওচৰলৈ আহোঁ‌। “চেঞ্চুৰীজ”ৰ কবিতাবোৰ ফৰাচী ভাষাত লেখা‌। মাজে মাজে গ্ৰীক আৰু লেটিন শব্দও আছে‌। প্ৰত্যেকটো কবিতা চাৰিশাৰীত শেষ হয়‌ অৰ্থাৎ প্ৰত্যেকটো কবিতাই একোটা চতুষ্পদী‌। চতুষ্পদীবোৰৰ ভাষা অত্যন্ত ধুঁৱলী-কুঁৱলী‌। উদাহৰণ- প্ৰথমে উল্লেখ কৰা চতুষ্পদীটো‌। ইয়াক যিকোনো ঘটনাৰ সতে সামঞ্জস্য ৰাখি ব্যাখ্যা কৰাটো আচলতে ব্যাখ্যাকাৰসকলৰহে কেৰামতি‌। সেই আলোচনা পাছলৈ ৰাখি সদ্যহতে “চেঞ্চুৰীজ”ৰ আন এটা গুৰুত্বপূৰ্ণ দিশলৈহে আঙুলিয়াব খুজিছো‌। নষ্ট্ৰাডামুৰ ইচ্ছা আছিল এশটাকৈ চতুষ্পদী কবিতাৰে একোটাকৈ “চেঞ্চুৰী” বা শতক ৰচিত হ’ব‌। এনেধৰণৰ মুঠ দহটা চেঞ্চুৰী, আৰ্থাৎ এহেজাৰ কবিতাৰে মূল গ্ৰন্থ “চেঞ্চুৰীজ” সমৃদ্ধ হ’ব‌। গ্ৰন্থখন ধাৰাবাহিকভাবে লেখা হোৱা নাছিল‌। অষ্টম, নৱম আৰু দশম শতক ৰচিত হোৱাৰ পাছতহে সপ্তম শতক ৰচিত হৈছিল‌। পিছে দুখৰ বিষয়, সমগ্ৰ বিশ্বৰ ভৱিষ্যৎ যিজন ব্যক্তিয়ে দেখিবলৈ পাইছিল, নিজৰ ভৱিষ্যত দেখাত তেওঁ সম্পূৰ্ণ ব্যৰ্থ হ’ল‌। সপ্তম শতকৰ মাত্ৰ বিয়াল্লিশটা কবিতাহে তেওঁ সম্পূৰ্ণ কৰিব পাৰিলে‌। বাকীখিনি লেখাৰ আগতেই তেওঁৰ মৃত্যু হ’ল‌। ১৫৬৬ চনৰ ২ জুলাইত নষ্ট্ৰাডামুৰ মৃত্যু হয়‌। তাৰ দুবছৰৰ পাছত লিয়ঁৰ পৰা প্ৰকাশিত হয় তেওঁৰ Les Prophities de M.Michel Nostredame ওৰফে “চেঞ্চুৰীজ”‌।

তাৰ পাছৰ পৰাই বিভিন্ন ভাষ্যকাৰে তেওঁৰ চতুষ্পদীবোৰৰ ব্যাখ্যা আগবঢ়াই বহু কিতাপ লিখিছে‌। আৰু আশা কৰা ধৰণেৰেই এইবোৰৰ চাহিদাও বহুত‌। আগতেই উল্লেখ কৰা হৈছে যে নষ্ট্ৰাডামুৰ চতুষ্পদীবোৰৰ ভাষা আছিল অত্যন্ত দুৰ্বোধ্য‌। এই সুযোগ গ্ৰহণ কৰি ব্যাখ্যাকাৰসকলে নিজ ইচ্ছানুসৰি কোনো পৰৱৰ্তী ঘটনাৰ সতে সংগতি ৰাখি এইবোৰ ব্যাখ্যা কৰিছিল‌। উদাহৰণস্বৰূপে প্ৰথমে উল্লেখ কৰা চতুষ্পদীটোলৈকে (চেঞ্চুৰী ১, চতুষ্পদী-৬৪) অহা যাওক‌। ইয়াৰ প্ৰথম শাৰী ‘ৰাতিৰ আকাশত সূৰ্য উঠা’ আৰু তাৰ পাছৰ যি বিশৃংখলতাৰ কথা কোৱা হৈছে সেইয়া কোনো ধুমকেতুৰ আবিৰ্ভাৱৰ কথা হোৱাৰ হে সম্ভাৱনা অধিক‌। কাৰণ সেইসময়ত ধুমকেতু সম্পৰ্কে মানুহৰ মনত অতিশয় ভয় আছিল আৰু ধুমকেতুৰ আবিৰ্ভাৱৰ পাছত যুদ্ধ, অনাহাৰ, অবোধ জীৱ-জন্তুৰ চিঞৰ- বাখৰ আদি হয় বুলি সমাজত এক বিশ্বাস প্ৰচলিত আছিল‌। সেয়েহে ‘ৰাতিৰ আকাশত সূৰ্য’ অৰ্থাৎ ধুমকেতু দেখাৰ পাছত যুদ্ধৰ ভয়ানক শব্দ, মূক জন্তুৰ কথা ইত্যাদি কল্পনা কৰাই নষ্ট্ৰাডামুৰ পক্ষে বেছি সম্ভৱ‌। ইয়াৰ সতে চাৰ্চ-লাইট,বোমা, অক্সিজেন-মাস্কধাৰী বৈমানিকৰ সংযোগ যথেষ্ট কষ্ট কল্পিত নহয় নে?

এইবাৰ আহোঁ আন এটা বিখ্যাত চতুষ্পদীলৈ‌। চেঞ্চুৰী ৩, চতুষ্পদী-৭১:

Ceux dans les isles de long temps assiegez,

Prendront vigueur force contre ennemis:

Ceux par dehores mors de faim profligez,

En plus grand faim que imais seront mis.

“দ্বীপত বহুকাল বন্দী মানুহবোৰে শত্ৰুৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব‌। যিসকল বাহিৰত আছে তেওঁলোকৰ মৃত্যু হ’ব এনে এক ক্ষুধা আৰু অনাহাৰত, যাক পূৰ্বতে দেখা পোৱা হোৱা নাছিল‌”

এগৰাকী বিখ্যাত নষ্ট্ৰাডামুৰ ব্যাখ্যাকাৰ এৰিকা চিটহামে এই চতুষ্পদীটোৰ সম্পৰ্কে কৰা ব্যাখ্যা অনুসৰি ইয়াত দ্বিতীয় বিশ্বযুদ্ধ চলাৰ সময়ত জাৰ্মান নৌ-অবৰোধৰ ফলত ইংলণ্ডত যি খাদ্য সংকটৰ সৃষ্টি হৈছিল আৰু ইংলেণ্ডে তাৰ বিপৰীতে লোৱা ব্যৱস্থা হিচাবে আটলাণ্টিকত জাৰ্মান ৰচদ আৰু সৈন্য বাহিনীৰ যাতায়তত যি বাধাৰ সৃষ্টি কৰিছিল সেই দৃশ্যৰ কথাই কোৱা হৈছে‌। শেষ শাৰীত যি আনাহাৰত মৃত্যুৰ কথা কোৱা হৈছে সেইয়া জাৰ্মান অধিকৃত ইউৰোপৰ সাধাৰণ মানুহৰ দুৰৱস্থা আৰু শ্ৰমশিবিৰত বা কন্সেন্ট্ৰেচন কেম্পত বন্দী মানুহৰ অনাহাৰত মৃত্যুৰ ছৱি‌।

পিছে এই ব্যাখ্যাৰ বিপৰীতে যুক্তিবাদীসকলে দেখুৱায় যে এনে কোনো দীৰ্ঘ অৱৰোধ দ্বিতীয় বিশ্বযুদ্ধত হোৱা নাছিল‌। ঊনবিংশ শতিকাত নেপোলিয়নৰ ‘কন্টিনেন্টেল চিষ্টেম নামৰ বিখ্যাত অৱৰোধৰ ফলত ১৮১১ চনত ইংলণ্ড যিমানকণ বিচলিত হৈছিল দ্বিতীয় বিশ্বযুদ্ধত সিমানকণো হোৱা নাছিল‌। তদুপৰি জাৰ্মান অধিকৃত ইউৰোপত ‘অভূতপূৰ্ব’ খাদ্য সংকটৰো তেনে উল্লেখনীয় সংবাদ পাবলৈ নাই‌। নাৎসিৰ কন্সেন্ট্ৰেচন কেম্পত অনাহাৰত ৰাখি দীঘলীয়া সময়ৰ বাবে ঠাই বন্দী কৰি ৰখাতকৈ গেচ-চেম্বাৰ আদিৰ তৎকালিন ব্যৱহাৰকেই যে তেওঁলোকে অগ্ৰাধিকাৰ দিছিল সি সৰ্বজন বিদিত‌।

মুঠতে প্ৰত্যেক চতুষ্পদীৰে এনেকুৱা ডাল-পাত জোৰা দিয়া ব্যাখ্যা বহুতেই কৰিছে‌। আজিৰ পৰা বহু দিন আগতে বিজ্ঞান-প্ৰযুক্তিয়ে যেতিয়া আজিৰ দৰে অভূতপূৰ্ৱ অগ্ৰগতি লাভ কৰা নাছিল, সেই সময়ত কিছুমান ‘হিজি-বিজি’ কবিতা লিখি নষ্ট্ৰাডামুৱে কিছু নাম আৰু অৰ্থ উপাৰ্জন কৰিছিল‌। পিছে আজিৰ দিনত তেওঁৰ কবিতাৰ ব্যাখ্যাকাৰসকলে আৰু প্ৰকাশকসকলে তাতকৈ শতগুণে বেছি উপাৰ্জনহে কৰিছে‌। কিবা নতুন ঘটনা ঘটিলেই ব্যাখ্যাকাৰসকলে “চেঞ্চুৰীজ”ৰ পাত মেলি ঠিকেই উদ্ভাৱন কৰি পেলায় কোনটো চতুষ্পদীতনো সেই ঘটনাৰ কথা উল্লেখ আছিল‌ !

প্ৰকৃত বিজ্ঞান মনষ্ক লোকে অৱশ্যে ভালদৰেই জানে যে এনেকৈ ভৱিষ্যত দেখাটো সম্ভৱ নহয়‌। বিজ্ঞানৰ প্ৰাথমিক পৰ্যায়ৰ জ্ঞানেৰেই ক’ব পাৰি যে কিবা এটা দেখিবলৈ তাৰ ওপৰত পোহৰৰ ৰশ্মি প্ৰতিফলিত হ’ব লাগিব‌। যিটো ঘটনা এতিয়াও ঘটাই নাই তাৰ ওপৰত পোহৰৰ ৰশ্মিয়েই বা পৰিব কেনেকৈ আৰু সেই প্ৰতিফলন চকুৰ স্নায়ুৱে মগজুলৈ কঢ়িয়াবই বা ক’ৰ পৰা‌!

আমাৰ বহুতৰে জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটে‌। ধৰক গাড়ীৰে এখন অচিনাকি ঠাইৰ মাজেৰে গৈ আছে, হঠাতে আপোনাৰ ভাব হ’ল এই পথচোৱা মোৰ ইমান চিনাকি‌।ইয়ালৈ যেন মই আগতে আহিছিলোঁ!কিন্তু কেতিয়া আহিছিলোঁ? নাইবা নতুনকৈ চিনাকি হোৱা কাৰোবাৰ কণ্ঠটো যেন আপোনাৰ ইমান চিনাকি! ক’ত যে আগতে শুনিছিলোঁ‌! কিন্তু ক’ত শুনিছিলোঁ? এইধৰণৰ আভিজ্ঞতাক কোৱা হয় ‘দেজা ভূ অনুভূতি’(Déjà vu experience)‌।ঘটনাটো ঘটে মগজুৰ কিছুমান বিশেষ বিশৃংখলাৰ বাবে‌। কিন্তু তাৰ অন্তৰ্নিহিত বৈজ্ঞানিক কাৰণবোৰ নাজানিলে কোনো কোনোৱে তাক জাতিস্মৰ বা ভৱিষ্যত-দৰ্শনৰ সতে যুক্ত কৰিব পাৰে‌। তাৰ সতে যদি মানুহক ঠগোৱাৰ বাসনা থাকে তেন্তে সি নিশ্চিতভাৱে নষ্ট্ৰাডামু আৰু তেওঁৰ ব্যাখ্যাকাৰসকলৰ পথ ধৰিয়েই আগুৱাব‌।

————-

সহায়ক উৎস:

কাজল ভট্টাচাৰ্য-‘নষ্ট্ৰাডামুৰ ভবিষ্যদ্বাণীৰ ধাপ্পাবাজি’: ‘বিজ্ঞানেৰ চোখে দশ অলৌকিক’ গ্ৰন্থত সন্নিৱিষ্ট‌ প্ৰৱন্ধ‌।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Tutu Mani
6 years ago

আপোনাৰ লেখাটো পঢ়ি চালোঁ; পঢ়ি ভাল পালোঁ ! এক সুন্দৰ যুক্তি বাদী চিন্তা লেখাটোত পৰিস্ফুট হৈছে ! এইধৰণৰ কথাবোৰ নতুনকৈ চিন্তা কৰাৰ সময় আহি পৰিছে ! আপোনাৰ সতে আন কিছু বিষয়ত মোৰ মতান্তৰ ঘটিলেও সেয়া নিতান্তই ব্যক্তিগত; অৱশ্যে ই মনান্তৰ নহয় !
পূনশ্চ আগলৈও আপোনাৰ এনে লেখা পঢ়িবলৈ পাম বুলি আশা পালি থাকিলোঁ …..

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক