নাহিদৰ গান আৰু এজন অগায়কৰ সোঁৱৰণীৰ নৈত বান (ভাস্কৰজ্যোতি বৰুৱা)

ইণ্ডিয়ান আইডল জুনিয়ৰ অনুষ্ঠানটোৰ মাজত বিজ্ঞাপন চলি আছে। নাহিদ তেতিয়ালৈকে ওলোৱা নাই, ওলাব। চেনেল সলাওঁ বুলি মায়ে ৰিম’টটো মুঠিমাৰি ধৰি আছে।
: আজি নাহিদৰ হৈ আমাৰ গোপীনীসকলে সেৱা এটা ল’লে।

মাহঁতৰ ভাদমহীয়া নাম চলি আছে। নোসোধাকৈ জনোৱা খবৰটোৰ জৰিয়তে আওপকীয়াকৈ মায়ে বুজাই দিলে এতিয়া বেলেগ চেনেল নহ’ব। ময়ো বিকল্পহীন হৈ বহি ৰৈছোঁ। কিবা এটা দেখিলে বা শুনিলে সেই সম্পৰ্কীয় নিজৰ অভিজ্ঞতাবোৰ মনত পেলোৱাটো মোৰ পুৰণি বেমাৰ। মই ভাবিবলৈ ধৰিলোঁ এই জীৱনটোত এতিয়ালৈকে গান গোৱাৰ নামত কেইবাৰ বাৰু মঞ্চত উঠিছোঁ? উত্তৰ পালোঁ দুবাৰ।

দ্বিতীয়বাৰ সম্ভৱ হৈছিল বৰ্তমান মুম্বাইৰ ব্যস্ত মিউজিক এৰেঞ্জাৰ ৰাজ জ্যোতি কোঁৱৰৰ কৃপাত। মই তেতিয়া নৱম শ্ৰেণীত। ৰাজ জ্যোতি আমাতকৈ এশ্ৰেণী ওপৰত। স্কুল ছুটীৰ পাছত চাইকেলেৰে ঘৰলৈ গৈ আছোঁ। ৰাজ জ্যোতিয়ে ৰ’বলৈ ইংগিত দিলে। ৰ’লোঁ।
: ভাস্কৰ, এইবাৰ স্কুল সপ্তাহৰ শেষৰ দিনা গোৱা কোৰাছত তুমিও ভাগ ল’ব লাগিব। ৰাজ জ্যোতিয়ে ক’লে।
আৰে, ইমান ধুনীয়া ভুল ধাৰণা এটা ৰাজ জ্যোতিয়ে কেনেকৈ ললে? মই আৰু গান?
: নাই, মই গান নাগাওঁ নহয়। মোৰ স্বীকাৰোক্তি।
: কোনো কথা নাই, কাইলৈৰ পৰা স্কুল ছুটীৰ পিছত ৰিহাৰ্চললৈ আহিবা। মোক যাবলৈ চকুৰে কৈ ৰাজ জ্যোতি গ’লগৈ।

পাছদিনাখনৰ পৰা প্ৰেক্টিছ আৰম্ভ হ’ল। ৰাজ জ্যোতিয়ে নিজে লিখা গানটো আমাক লিখি ল’বলৈ কলে-
“আমি সুৰুজৰ পোহৰেৰে
নতুনক বিচাৰি যাঁও………………………………..”
গীটাৰখন বজাই বজাই সুৰটো আমাক শিকাই গ’ল ৰাজ জ্যোতিয়ে।
গানৰ ভূতে ভালকৈয়ে লম্ভিলে। আনহে নালাগে পঢ়া টেবুলতো এবাৰ গাই চাওঁ। দেউতাই ধমকি দিয়ে-
: এতিয়া পঢ়াত মন দে।
দেউতাই নুশুনাকৈ ভোৰভোৰাওঁ-
: তুমি কি বুজিবা কলাৰ সাধনা!
সম্পৰ্কীয় ককাইদেউ এজনে নবৌক প্ৰথম আমাৰ ঘৰলৈ ফুৰাবলৈ আনিছে। ভিতৰত মোৰ ফুল ভলিউমত সাধনা। বৌয়ে মাক সোধে-
: এওঁ গান গাই নেকি?
: নাজানো, আগতে আমিও দেখা নাই। এইকেইদিনহে চিঞৰি আছে। মাৰ উত্তৰ।
চিঞৰি আছোঁ? ভিতৰত মোৰ খং উঠি যায়। কিযে নহয় মাজনী, একো নাজানে! কোৰাছ-চোৰাছ গাই বুলি ক’লেনো কি মহাভাৰতখন অশুদ্ধ হ’লহেতেন?

অৱশেষত সেই দিনটো আহিল। দক্ষতা বুজি পাই মোক মাইক্ৰফোনৰ পৰা আঁতৰত স্থান দিলে ৰাজ জ্যোতিয়ে। শেষ উপদেশ-
: ভাস্কৰ, লিপ্ মিলাবলৈ নাপাহৰিবা।
প্ৰাণ ঢালি অভিনয় কৰিলোঁ সেইদিনা। কিজানি ৰাজেশ খান্নাতকৈ ওপৰৰ পৰ্যায়ৰ মুখৰ ভাব ভংগী। সকলোকে বুজাবলৈ চেষ্টাৰ ত্ৰুটি নকৰিলোঁ কিয় মই এই দলটিৰ অভিন্ন অংগ।
সেয়া আছিল মোৰ দ্বিতীয় তথা শেষ ৰাজহুৱা সংগীত পৰিৱেশন। প্ৰথমটো?

সঁচা কবলৈ গ’লে সেই দিনটোৰ কথা মনত পৰিলে এতিয়াও অকলে অকলে লাজ লাগি আহে। তেতিয়া দ্বিতীয় নে তৃতীয় মানত। মইনা মেলত ভাগ লওঁ। ভাগ লওঁ মানে দৌৰা-ঢপৰা প্ৰতিযোগিতাবোৰত ভাগ লওঁ আৰু সাংস্কৃতিক প্ৰতিযোগীতাবোৰত দৰ্শকৰ আসনত বহোঁ। সেই দিনা আধুনিক গীতৰ প্ৰতিযোগিতা। বেছিভাগ প্ৰতিযোগীয়ে গোৱা গানটো জয়ন্ত হাজৰিকাৰ- “মোৰ মিনতি তৰা হয় যদি”। সকলোকে গাই থকা শুনি হঠাৎ মোৰো গাবৰ মন গ’ল। এনেতে ঘোষণা হ’ল যে কোনোবা নতুন প্ৰতিযোগীয়ে নাম ভৰাব খুজিলে দিব পাৰে। দি দিলোঁ। ভাবিলোঁ শুনিয়েই আছোচোন, পাৰিম। বিচাৰকৰ আসনত ভবানন্দ চাৰ। চাৰ মোৰ গুৰুও। মোক ঘৰত তবলা শিকায়। অহ! কবলৈ পাহৰিছোঁৱেই, মোক টেমা বজাই থকা দেখি কাৰোবাৰ পৰামৰ্শ মতে মা-দেউতাই তবলা শিকাবলৈ ভবানন্দ চাৰক দায়িত্ব দিছে। দেওবাৰে আবেলি ঘৰৰ পদূলিত লগাৰমখাৰ লগত খেলি থাকোঁ। চাইকেল চলাই ভবানন্দ চাৰ আহে। দেখিয়েই মন মৰি যায়। নোৱাৰাত পৰি চাৰৰ পিছে পিছে ঘৰ সোমাওঁ। বাহিৰত লগৰমখাই উকিয়াই, ভিতৰত উপায়বিহীন মই কষ্ট কৰি মনোনিবেশ কৰোঁ- ধা ধা তেৰেকেতে, ধা ধা তুন না…………………….

অহ! মাইকত মোৰ নাম ! মঞ্চলৈ মাতিছে!!!!
বিশেষ নভবাকৈয়ে উঠি গ’লোঁ। মঞ্চত দুজন দাদা। এজনে তবলাত আৰু আনজনে হাৰমনিয়ামত। মোক সৰুকৈ সুধিলে কোনটো গাবা। মই কলোঁ। এজনে সুধিলে-
: “লিখি অনা নাই?”
হয়তো অলপ আচৰিত হ’ল। ভাল ভাল প্ৰতিযোগীয়ে বহীত চাই চাই গাই গৈছে, আৰু এওঁ……….?????
মই মোৰ জোকাৰিলোঁ। সমুখলৈ চাই বুকু কঁপি গ’ল। সকলোৱে কেনেকৈ মোলৈ চাই আছে! ভবানন্দ চাৰলৈ চালোঁ। চাৰৰ চকুত পৰম বিস্ময়। হয়তো তেওঁ মনত পেলাব পৰা নাই এই লৰাটোক তেওঁ গান শিকায় নে তবলা শিকায়। মই গাবলৈ আৰম্ভ কৰিলোঁ-
মোৰ মিনতি তৰা হয় যদি…………………………………..
হঠাৎ মই আবিষ্কাৰ কৰিলোঁ যে প্ৰথম অন্তৰাটোৰ পিছৰখিনি নাজানো। আকৌ ঘূৰি একেখিনিকে গালোঁ। তবলাবাদক আৰু হাৰমনিয়াম বজোৱাজনে ইজনে সিজনক চোৱাচুই কৰিছে, কিন্তু বজাই আছে। মই গাবলৈ মন গ’লে একেখিনিকে গাইছোঁ নহলে মনে মনে ৰৈছোঁ। দৰ্শকে হাঁহিছে। এপাকত দেখিলো ভবানন্দ চাৰে মোলৈ নাচাই টেবুলত মূৰ গুজি শুই দিলে দেখোন। বেছি দেৰি নকৰিলোঁ আৰু। বাদ্য সংগত কৰা দাদা দুজনক বজাই থাকিবলৈ এৰি দি মই মঞ্চৰ পৰা নামি আহিলোঁ দৰ্শকৰ বিপুল হৰ্ষধ্বনিৰ মাজেৰে……

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments