নাৰায়্ন কৱচ

নাৰায়্ন কৱচ

By Pratim Pratap Baruah

শ্ৰীশ্ৰী কৃষ্ণায় নম:

শ্লোক : শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ | নন্দগোপকুমাৰায় গোবিন্দায় নমো নম: ||

নম: পঙ্কজানাভায় নম: পঙ্কজমালীনে |নম: পঙ্কজানেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে ||

বসুদেৱ সুতং কৄষ্ণ কংসচাণুৰ মৰ্দ্দনং | দৈৱকীহৄদয়ানন্দং কৄষ্ণং বন্দে জগদগুৰুম ||

নাৰায়্ন কৱচ

:শুকনিগদতি শুনা সুভদ্ৰাৰ নাতি | বিশ্বৰূপে এহি অঙ্গীকাৰ কৰি আতি ||

দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত | কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত ||

অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যাই | তাক নষ্ট কৰিবাক দিলন্ত উপায় ||

নাৰায়ণ কৱচ দিলন্ত বাসৱক |  যাক পায়া ইন্দ্ৰ সৱে জিনিলা দৈত্যক ||

পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি | কৄষ্ণৰ প্ৰসাদে সৱে তাৰিলা বিপত্তি ||

হেন শুনি পৰীক্ষিতে পুছন্ত শুকত | কহিয়ো বান্ধৱ গুৰু মহাভাগৱত ||

তুমি বিনে মোৰ প্ৰাণবন্ধু নাহি আন | কৰিয়োক মোক কৄষ্ণ কথা মধু পান ||

হৰি কথা ৰসে মোৰ নিমজিল চিত্ত | মৰাৰ মুখত যেন ঢালিল অমৄত ||

নাৰায়ণ কৱচক পায়া শচীপতি | লীলায়ে দৈত্যক জিনি সাধিলা জয়তি ||

সেহি কৱচৰ কথা মোত কহিয়োক | চৰনে শৰণ লৈলো উদ্ধাৰিয়ো মোক ||

ৰাজাৰ বচন শুক ভৈলা আনন্দিত | হাঁসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত ||

পুৰোহিত হুয়া বিশ্বৰূপ মহামতি | সাৱধানে পুছে হেন বাসৱক প্ৰতি ||

নাৰায়্ণ কৱচ কহিলা সাৱচিতে | তাক এৱে কহোঁ ৰাজা শুনা একচিত্তে ||

বিশ্বৰূপ বদতি শুনিয়ো হৰি হয় | যদি আকস্মাত আসি মিলে মহাভয় ||

হস্ত পদ প্ৰক্ষালিয়া উত্তৰৰ মুখে | কুশহস্তে আচমন কৰি মহাসুখে ||

মূলমন্ত্ৰে অঙ্গন্যাস কৰন্যাস কৰি |শুচি সংযমন হুয়া মাধৱক স্মৰি ||

নাৰায়ণ কৱচক কৰিবে ধাৰণ | অনায়াসে হৈব ঘোৰ ভয় নিবাৰণ ||

পদ জানো উৰুযুগ উদৰ হৄদিত | উৰ:স্থলে মূলে শিৰে যথা ক্ৰমোদিত ||

প্ৰণৱাদি অষ্টাক্ষৰ মন্ত্ৰ মহা ৰঙ্গে | ন্যাস কৰিবেক জানা সেহি সৱ আঙ্গে |

|দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ | ন্যাসিবেক অঙ্গুলিৰ পূৰ্বে নিৰন্তৰ ||

হ্যদি শিৰ কৰ মধ্যে শিখাত নেত্ৰত | শৰীৰৰ সন্ধিস্থানে এহি ক্ৰম মত ||

ষড়ক্ষৰ মন্ত্ৰন্যাস কৰি শুদ্ধমন | মকাৰ অক্ষৰে কৰিবেক দিগ্বন্ধন ||

আপোনাক ঈশ্বৰ স্বৰূপে ধ্যান কৰি | এহি মন্ত্ৰ উচ্চাৰিব মাধৱক স্মৰি ||

মোৰ সৰ্ব্ব ৰক্ষা কৰন্তোক দেৱ হৰি | গৰুড় পৄষ্ঠাত পাদপদ্ম যুগ ধৰি ||

খড়গ চৰ্ম্ম শঙ্খ গদা বাণ আৰু পাশ | ধনু ধৰি অষ্টভূজ জগত নিবাস ||

জলে জলজন্তু বৰুণৰ পাশে হন্তে | মোক ৰাখোন্তোক মৎস্যৰূপী ভগৱন্তে ||

স্থলে ৰাখোন্তোক ত্ৰিবিক্ৰম যে বামণ |  আকাশত বিশ্বৰূপে কৰোক ৰক্ষণ ||

দূৰ্গম দাৰুণ বন সঙ্কট সংগ্ৰামে | মোক ৰক্ষা কৰন্তোক নৰসিংহ নামে ||

ৰাখন্তোক যজ্ঞৰূপী বৰাহে পথত | যিটো উদ্ধাৰিলা ভূমি প্ৰলয় জলত ||

পৰশুৰাম ৰাখন্তোক ৰি শিখৰত | শ্ৰী ৰাম লক্ষ্মণে ৰাখন্তোক প্ৰবাসত ||

অভিচাৰ মন্ত্ৰ যত আনো প্ৰমোদত | নাৰায়ণে তাত মোক ৰাখন্তো সতত ||

সৰ্ব্বত্ৰ ৰাখন্তো মোক নৰ কৄপাময় | যোগভ্ৰষ্ট হন্তে ৰাখন্তোক দত্ৰাত্ৰয় ||

কপিলে ৰাখন্তা মোক কৰ্ম্ম বন্ধনত | সনত কুমাৰে মোক ৰাখন্তো কামত ||

দেৱ হেলনত ৰাখন্তো হয়গ্ৰীৱ | কৄষ্ণ পূজা ছিদ্ৰত নাৰদ সদাশিৱ ||

নৰকত হন্তে ৰাখন্তোক কুৰ্ম্মহৰি | অপথ্য ভোজনে ৰাখন্তোক ধনন্তৰী ||

ক্ষুধা-তৄষ্ণা লোভ-মোহ, শীত-উষ্ণ য্ত | সৰভ ঈশ্বৰে মোক ৰাখন্তোক সতত ||

যজ্ঞে ৰাখন্তোক মোক লোক কলঙ্কত | বলোভদ্ৰে ৰাখন্তোক দুৰ্গত কালত ||

অনন্তে ৰাখন্তোক মোক সৰ্পৰ বিষত | ভগৱন্তে ব্যাসে ৰাখন্তোক অজ্ঞানত ||

বুদ্ধে ৰাখন্তোক পাষন্ডৰ বিবাদত | কল্কী ৰাখন্তোক কলিমল পাতকত ||

প্ৰভাতত গদা ধৰি ৰাখন্তো কেশৱে | ধেনু ধৰি গোবিন্দ ৰাখন্তো আসঙ্গৱে ||

পুৰ্বহ্নে ৰাখন্তো শক্তি ধৰি নাৰায়ণে | চক্ৰ ধৰি বিষ্ণুৱে ৰাখন্তো মধ্যদিনে ||

অপৰাহ্নে মধুৰিপু ধৰি উগ্ৰ ধনু | সায়াহ্নে মাধৱে মোক ৰাখন্তোক পুনু ||

সন্ধ্যাকালে হৄষীকেশ ৰাখন্তোক মোক | অৰ্দ্ধৰাত্ৰি কালে পদ্মনাভে ৰাখন্তোক ||

পাছৰাত্ৰি ৰাখন্তোক শ্ৰীবৎসলাঞ্জন | পত্যুষ কালত খড়্গ ধৰি জনাৰ্দ্দন ||

উভয় সন্ধ্যাত ৰাখন্তোক দামোদৰে | ভগৱন্ত কালমূৰ্ত্তি যিটো বিশ্বেশ্বৰে ||

প্ৰলয় অগনি সম তীক্ষ্ণধাৰ | মাধৱৰ আদেশে ভ্ৰমিয়ো নিৰন্তৰ ||

দহিয়ো দহিয়ো মোৰ শত্ৰুসেনা যত | শুকান বনত বহ্নি দহে যেন মত ||

হে কৌমুদকী গদা মাধৱৰ প্ৰিয়া | গোবিন্দৰ দাসে ভৈলো কৰিয়োক দয়া ||

ব্ৰজতো অধিক দৄঢ় দেখি হোৱে ভীত | যক্ষ ৰাক্ষসাদি যত কৰা চূৰ্ণাকৄত ||

হে পাঞ্চজন্য মাধৱৰ প্ৰিয় শঙ্খ | মোৰ শত্ৰু গণৰ লগায়ো হৄদিতঙ্ক ||

প্ৰেত পিশাচক ঘোৰ যক্ষ ৰাক্ষসক | চন্ডনাদ কৰি সৱে খেদায়ো দূৰক ||

শুনিয়ো নন্দক খড়্গ বৰ তীক্ষ্ণধাৰ | প্ৰভুৰ আদেশে শত্ৰু ছেদিয়ো আমাৰ ||

হে শতচন্দ্ৰ চৰ্ম্ম প্ৰিয় মাধৱৰ | দহিয়োক চক্ষুচয় কটকৰ ||

গ্ৰহগণ কেতু হন্তে মিলে যিটো ভয় | সৰ্প ব্যাঘ্ৰ যিবা ভয় হয় ||

শ্ৰীকৃষ্ণৰ মান ৰূপ অস্ত্ৰৰ কীৰ্তনে | সৱে ৰিষ্ট মোৰ হৌক এতিক্ষণে ||

বেদময় গৰুড় কৃষ্ণৰ মুখ্য যান | সমস্ত দুখত মোক কৰা পৰিত্ৰাণ ||

আপোনাৰ নামে বিশ্বকসেন ভগৱন্তে | ৰক্ষা কৰন্তোক মোক মহাদু:খ হন্তে ||

মাধৱৰ নামৰূপ আয়ুধ বাহন | পৰিষদ গণ আৰু যতেক বাহন ||

মোৰ প্ৰাণ বুদ্ধিমান ইন্দ্ৰিয়গণ মত | ইসৱক ৰাখিয়োক সৰ্ব্ব আপদত ||

স্থুল সুক্ষ্ম প্ৰাণী যত আছে সংসাৰত | ঈশ্বৰেসে হুই যেবে আছে স্বৰূপত ||

এহি সাতো মোৰ যত উপদ্ৰৱ মানে | সৱে নষ্ট হৌক কৄষ্ণ নাম সুমৰণে ||

যেৱে স্বৰূপত এক নিৰিকল্প হৰি | মায়ায়ে ভূষণ আদি ৰূপ আছে ধৰি ||

সেহি সত্যে সৰ্ব্বজ্ঞ ঈশ্বৰে সদা মোক | সৰ্ব্বস্থানে সৰ্ব্বৰূপে ৰক্ষা কৰন্তোক ||

অৰ্দ্ধে-উৰ্দ্ধে দশোদিশে বাহ্য অভ্যন্তৰে | পুনু নৰসিংহ নাম ৰাখা নিৰন্তৰে ||

যাৰ নাদে লোকৰ গুচাইলা সৱে ভয় | নিজে তেজে সবাহৰ তেজ কৈলা ক্ষয় ||

বিশ্বৰূপ বদতি শুনিও হৰি হয় | এহি দিব্য নাৰায়্ণ কৱচ দুৰ্জ্জয় ||

কহিলো তোমাত আক ধৰিবো হৰিষে | জিনিবাহা অপ্ৰয়াসে দৈত্যক নিশেষে ||

এহি কৱচক যিটো কৰিয়া ধাৰণ | যাক যাক প্ৰতি কৰে চক্ষুৰে দৰ্শন ||

চৰণে বা কদাচিত পৰশ কৰয় | সিয়ো জন জানো সৱে ভয় মুক্ত হয় ||

ৰাজভয় বৈৰীভয় গ্ৰহভয় যত | আদি ব্যাধি আদি যত আছে সংসাৰত ||

কিছুৱে নাপাৱে তাক জানিবা নিশ্বয় | এহি মহাবিদ্যা যিটো হৄদয়ে ধৰয় ||

পূৰ্ব্বে এক আছিল কৌশিক নামে ৠষি | তেহোঁ মহাবিদ্যা ইটো ধৰিলা হৰিষি ||

মৰুভূমি মাজে তেহোঁ প্ৰাণক ছাড়িলা | বিদ্যাৰ প্ৰভাৱে পাছে মুকুতি লভিলা ||

একদিনা চিত্ৰৰথ গন্ধৰ্বৰ পতি | অপ্সৰাগণ সমে ৰথে কৰে গতি ||

কৌশিকৰ অস্থিচয় যৈত আছে পৰি | তাহাৰ উপৰে দিব্য ৰথে চৰি ||

সেহি দোষে পুণ্যক্ষয় ভৈল সেহি কালে | ৰথে সমে অধোমুখ পৰিল নিঢালে ||

পৄথিৱীত পৰি দু:খ কৰে হাঁহাকাৰ | কোন দোষে হেন গতি ভৈলেক আমাৰ ||

পাছে বালখিল্য ঋষি সকলে কহিলা | বৈষ্ণৱৰ উপৰে তুমি গৈলা ||

আউৰ তযু ৰথ নচলিব স্বৰ্গপথ | দেখা বৈষ্ণৱৰ কেনে তেজৰ সমৰ্থ ||

এৱে হেন কৰা অস্থিচয় তুলি লোৱা | সৰস্বতী জলে নিয়া আপুনি লগোৱা ||

তেবে সেহি পুণ্যে ইটো পাপ কৰি ক্ষয় | এহি ৰথ ছড়ি যাইবা সাগৰ নিলয় ||

শুনি চিত্ৰৰথে বালখিল্যৰ বচন | শিৰে তুলি লৈলা বৈষ্ণৱৰ অস্থিগণ ||

ভক্তিভাৱে লগাই সৰস্বতীৰ জলত | পৰম বিস্ময় তান মিলল মনত ||

পাছে স্নান কৰি সেহি পবিত্ৰ জলত | সৰগে লৰি গৈলা চড়ি দিব্য বিমানত ||

শুক নিগদতি শুনা অভিমন্যু সূত | নাৰায়্ণ কৱচৰ মহিমা অদভূত ||

যিটো ইটো কৱচক কৰয় ধাৰণ | যদিবা আদৰ ভাৱে কৰয় ধাৰণ ||

তাহাঙ্ক সমস্ত প্ৰাণী কৰয় বন্দন | সকলো ভয়ত সিটো হোৱয় মোচন ||

বিশ্বৰূপ ব্ৰাক্ষণৰ হন্তে মহামতি | এহি মহাবিদ্যা জানিবা সুৰপতি ||

অসুৰসৱক জিনি ঘোৰ সমৰত | ত্ৰৈলোক্যৰ লক্ষ্মীক ভুঞ্জইলা অব্যাহত ||

ইটো কথা এহিমানে ভৈল সমাপতি | মহেন্দ্ৰৰ আগে বিশ্বৰূপ নিগদতি ||

কৄষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম | পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম ||

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক