নাৰীবাদৰ বিষয়ে (মৃণাল কুমাৰ বৰা)

নাৰীবাদৰ বিষয়ে

মৃণাল কুমাৰ বৰা

(১)

নাৰী ৰহস্যময়ী, নাৰী মমতাৰ আধাৰ, নাৰী পূজনীয়া, নাৰী মহিমাময়ী, নাৰী চলনাময়ীও হেনো। নাৰীৰ ওপৰত বিভিন্ন সময়ত বিভিন্নজনৰ মুখেৰে অথবা কলমেৰে নিৰ্গত হোৱা উপমা এইবিলাক। নাৰীক বুজি পাবলৈ মই সঁচাকৈয়ে অক্ষম। একেবাৰেই বুজি নাপাওঁ মই নাৰীক। মাৰ বাহিৰে আৰু এগৰাকী নাৰীকহে অলপ অলপ বুজি পাওঁ বুলি মই ক’ব পাৰোঁ। আন নাৰীসকলক বুজি উঠাটো মোৰ বাবে সম্ভৱপৰ হৈ উঠা নাই। ভয় নে লাজ কিবা এটা এটা বুকুৱেদি উজাই আহি ডিঙিটোৰ ওচৰত ৰৈ যায়হি ছোৱালীৰ লগত কথা পাতিবলগীয়া হ’লে। কথা পাতিবলৈ ল’লেও দেখোন আবোল-তাবোল হে ওলায় মুখৰপৰা, ছোৱালীয়ে আৰু দ্বিতীয়বাৰ উপযাচি কথা পাতিবলৈ নিবিচাৰে। কলেজত পঢ়া দিনত অলপ অলপ অনুভৱ হৈছিল ছোৱালী বন্ধু এগৰাকীৰ অভাৱৰ। সেই অভাৱ আজি নাই অৱশ্যে।

নাৰীক মই শ্ৰদ্ধা কৰোঁ। যিদিনাৰেপৰাই মই সন্তান জন্ম হোৱাৰ পদ্ধতিৰ বিষয়ে জানিব পাৰিলোঁ সেইদিনাৰেপৰা আৰু বাঢ়ি গ’ল মোৰ শ্ৰদ্ধা। সকলো মাতৃকে প্ৰণিপাত কৰিবৰ মন যায়। কিমান কষ্ট সহে নাৰীয়ে মোৰ কাৰণে। মোক জন্ম দি ডাঙৰ-দীঘল কৰা, মই খেলি আহোঁতে ভৰিত দুখ পাওঁতে প্ৰতিপাল কৰা, মোৰ ঠেহ লাগিলে ঠেহ ভঙা, মোক মৰমৰ মাতেৰে নিচুকাই টোপনিৰ কোলাত আলফুলে শুৱাই দিয়া-নাৰী, সকলোতে নাৰী।

(২)

নাৰী অৰ্ধ আকাশ। নিশ্চয়। নাৰীক সম-অধিকাৰ দিব লাগে, নাৰী পুৰুষৰ সমানেই-কোনো ক্ষেত্ৰতে কম নহয়, নাৰীৰ ওপৰত হোৱা অত্যাচাৰ, শোষণ কম হ’ব লাগে, নাৰী নিৰাপদ নোহোৱালৈকে কোনো দেশেই নিৰাপদ নহয়। পুৰুষশাসিত সমাজৰ ধামখুমীয়াত পৰি নাৰীয়ে নিজস্বতা হেৰুৱাব লগা হৈছে নেকি? নাৰী প্ৰাপ্য অধিকাৰৰপৰা বঞ্চিত হৈছে নেকি? এইবোৰ প্ৰশ্নই সততে বাতৰি-কাকত তথা আলোচনীৰ পৃষ্ঠা শুৱনি কৰা দেখা যায়, বিশেষকৈ ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ কাকত-আলোচনীবিলাকত। নহ’বনো কিয় ? নাৰী দিৱস উদযাপন কৰিব লাগিব ৮ মাৰ্চত। প্ৰতি বছৰে একেখিনি কথাকে দেখা পোৱা যায় এনে লিখনিবিলাকত। মই যে লিখি আছোঁ এইবোৰ কথা এইখিনিও সেই গতানুগতিকতাৰ সোঁতৰেই যাত্ৰী। কোনো নতুনত্ব নাই। নাইপৰা আনিব মই নতুনত্ব একোতে। সেইবুলি মই দেশ সলনি কৰিবলৈ বন্দুক ধৰি হাবিৰ মাজলৈ গুছি নাযাওঁ বা মুখা এখন পিন্ধি ৰাজপথত নামি নপৰোঁ। গতানুগতিকতাৰ মাজতে পৰিৱৰ্তনৰ ঢৌ বিচাৰি ফুৰিছোঁ। মনত সদায়েই এটি আশা, ভাল দিন আহিব। গতানুগতিকভাৱেই জীয়াই আছোঁ সেইকাৰণে। মাজে মাজে শুনা পাওঁ কোনো কোনো লোকে মত প্ৰকাশ কৰিছে নাৰীক ইমান সুবিধা দিয়া হৈছে যে সেই সুবিধাবিলাকৰ কাৰণে আজি যোগ্য পুৰুষজন বঞ্চিত হ’ব লগা হৈছে। কাৰ ক্ষোভ এয়া ?

 

(৩)

যিমানেই দেশৰ প্ৰগতিৰ ফটাঢোল নবজাওঁ কিয় ল’ৰা আৰু ছোৱালীৰ অনুপাতলৈ চালেই কথাটো স্পষ্ট হৈ পৰে যে দেশৰ বেছিভাগ নাগৰিকৰ মনতেই এক ধাৰণা সোমাই আছিল বা আছে। আছিল বুলি এইকাৰণেই কৈছিলোঁ যে ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ল’ৰাৰ অনুপাতে ছোৱালীৰ সংখ্যা অলপ হ’লেও বৃদ্ধি পাইছে। কেৰালাত থাকি এই কথাটো প্ৰায় প্ৰতিদিনাই মোৰ ওচৰত স্পষ্ট হৈ পৰে যে ইয়াৰ নীতি-নিয়মৰ লগত অসমৰ বা আন ৰাজ্যৰ নীতি-নিয়মৰ বহুত পাৰ্থক্য আছে। (অসমৰ লগত পাৰ্থক্যটো মোৰ নিজে দেখা অনুভৱ, বেলেগ ৰাজ্যৰ লগত পাৰ্থক্যটো বেলেগ ৰাজ্যৰ বন্ধুৰ মুখত শুনি হোৱা অনুভৱ।) বৰ্তমান কেৰালাই ভাৰতৰ একমাত্ৰ ৰাজ্য য’ত ল’ৰাতকৈ ছোৱালীৰ সংখ্যা বেছি । ইয়াত আপুনি অফিচৰ কাম, লাইব্ৰেৰীৰ কাম, পি.চি.অ. আৰু বহুতো দোকানত দেখিবলৈ পাব মহিলাৰ আধিপত্য। নাৰীবাদৰ মূল্য যদি আমাৰ দেশত কোনোবাই অলপ হ’লেও বুজিছে সেয়া মোৰ মতে কেৰালাতে হৈছে। ইয়াত নাৰী স্বাধীনতাৰ দোহাই দি ছোৱালীবিলাকে মিনি-স্কাৰ্ট বা ল’ৱাৰ-কাট টি-চাৰ্ট পিন্ধিবলৈ যোৱা নাই, খোপাত ফুলৰ মালা বান্ধিবলৈ এৰা নাই। নাৰী স্বাধীনতা জানো ৰাতি দেৰীলৈকে বাহিৰত ঘুৰি ফুৰাতেই লুকাই থাকে বা কম কাপোৰ পিন্ধি ঘুৰাতেই লুকাই থাকে? আকৌ ঘুৰি আহোঁ মূল কথালৈ। ঠিক আছে মানি লৈছোঁ ভাৰতৰ বহু ঠাই কৃষিপ্ৰধান আছিল এটা সময়ত। সেই সময়ত ঘৰৰ প্ৰায় সকলো মানুহেই খেতিৰ কামত লাগিবলগীয়া হৈছিল। খেতিৰ পথাৰত কৰিবলগীয়া কষ্টকৰ কামৰ কাৰণে পুৰুষক বেছি উপযুক্ত বুলি ভবা হৈছিল আৰু কথাটো আংশিকভাৱে সঁচাও বোধহয়। এইটো এটা অন্যতম কাৰন মহিলাসকলক অলপ তলৰ বুলি ভবাটো। হাল বোৱা, গছ কটা আদিৰ দৰে কষ্টকৰ কামবিলাক বোধহয় পুৰুষেই কৰিছিল তেতিয়াৰ দিনটো। আন এটা কাৰণ হ’ল ধৰ্মীয় বিশ্বাস। পিতৃ-মাতৃৰ মৃত্যুৰ পাছত ক্ৰিয়া-কৰ্ম কৰিবলৈ পুত্ৰৰ আৱশ্যক। গতিকে ছোৱালী নহ’লেও কথা নাই, ল’ৰা পোৱালী এটা কিন্তু লাগিবই হেন মনোভাৱ মানুহৰ মনত গা কৰি উঠিছিল। সেই সময়ত বোধকৰোঁ গৰ্ভনিৰোধকৰ ব্যৱহাৰো কম আছিল। মানুহে সন্তান হ’লে গ্ৰহণ কৰিছিল ভগৱানৰ দান বুলি।

(৪)

নাৰীৰ ওপৰত হোৱা অত্যাচাৰ জানো কম হৈছে? বিশেষকৈ বিবাহোত্তৰ কালত এগৰাকী নাৰীৰ ওপৰত হোৱা অত্যাচাৰে যে প্ৰতি বছৰে কিমান মহিলাৰ জীৱন লৈছে তাৰ হিচাপ চাবলৈ গ’লে দেহ শিহৰি উঠে। যৌতুক লাগে। কিয় নিদিবি যৌতুক, তোক মই বিয়া পাতি আনিছোঁ, মোৰ পত্নীৰ মৰ্যাদা (?) দিছোঁ, তোক খুৱাইছোঁ-পিন্ধাইছোঁ; গতিকে তাৰ খৰছ তোৰ ঘৰৰ মানুহে নিদিলে মই বহন কৰিম নেকি ? এয়া আমাৰ দেশৰ যুৱসমাজৰ চিন্তাধাৰা। এয়া মই নিজে লগ পোৱা যুৱকৰ মুখত শুনা কথা দেই। ‘……গাড়ী মোৰ টকাৰে নিকিনোঁ, ইঞ্জিনিয়াৰিং পাচ কৰাৰ পাছত মালদাৰ ছোৱালী এটাক বিয়া পাতিম, বাপেকক গাড়ী এখন দিবলৈ কম জীয়েকৰ লগত…’ (এওঁলোকে ছোৱালীজনীক এটা বুলি সম্বোধন কৰে।) কিয় শাহুৱেকে হাত উজান দিয়ে এইবোৰ অত্যাচাৰত ? তেওঁ নিজেই পাই আহিছিল নেকি আগতে তেনেকুৱা অত্যাচাৰ ? সেইবোৰ অত্যাচাৰ তেতিয়া কি তেওঁৰ ভাল লাগিছিল খুব ? নে তেওঁ পোৱা নাছিল, আৰু এতিয়া বৃদ্ধ বয়সত অলপ এনজয় কৰিব বিচাৰিছে অমানুষিক অত্যাচাৰ কৰি ?

(৫)

যৌন আতিশয্য। মহিলাই পুৰুষক কেনেকৈ ধৰ্ষণ কৰে সেয়া নাজানোঁ, কিন্তু আমাৰ দেশত আমাৰ বাই-ভনীসকল সুৰক্ষিত নহয়। আপুনি শান্তিত থাকিব পাৰিবনে আপোনাৰ ছোৱালীজনী বা আপোনাৰ পত্নী ৰাতি ৮ বজালৈকে ঘৰ নোসোমালেহি ? মই নোৱাৰোঁ। মোৰ ভয় লাগে। কাম কৰিবলৈ ওলাই যোৱা ছোৱালীজনীকো শান্তিত থাকিবলৈ নিদিয়ে কিছুমান মানুহে। অপ্ৰিয় হ’লেও সত্য যে আমাৰ আশে-পাশে এনেকুৱা মানুহৰ অভাৱ নাই। ধুনীয়া ছোৱালী এজনী দেখিলে চকু যোৱাটো বেলেগ কথা আৰু ধুনীয়া ছোৱালী এজনী দেখিলেই ছোৱালীজনীক কল্পনাতে নগ্ন কৰি পেলোৱা বেলেগ কথা। মোৰ চাৰিওপিনে থকা এই মানুহবিলাকৰ কাৰণে মোৰ ভয় লাগে, খং উঠে।

(৬)

১৯৬১ চনতে যৌতুক লোৱা বন্ধ কৰিবলৈ আইন প্ৰণয়ন হোৱাৰ পাছতো যৌতুক প্ৰথা জানো লোপ পালে ? এনেকুৱা চিন্তাধাৰাৰ মানুহো আছে যাৰ এজন ল’ৰা আৰু এজনী ছোৱালী আছে, তেওঁ কয় যে ছোৱালীজনীৰ বিয়াৰ সময়ত দিবলগীয়া সকলো টকা-পইচা ল’ৰাটোৰ বিয়াৰ সময়ত আদায় কৰিব লাগিব। অসমত যদিও তুলনামূলকভাৱে কম যৌতুক প্ৰথা, বা সত্যমেৱ জয়তেত যদিও অসমৰ জীয়ৰী এগৰাকীয়ে সকলোৰে সমুখত উত্তৰ-পূৱত যৌতুক প্ৰথা নাই বুলি অসম তথা উত্তৰ-পূৱৰ নাম উজলাইছে তথাপি অসমত জানোঁ সঁচাকৈয়ে নাইকিয়া হৈছে এই প্ৰথা ? নিজ চকুৰে দেখা নাপলেও বাতৰি-কাকতৰ খবৰ হৈ আহে এনে নিৰ্যাতনৰ বলি হোৱা ছোৱালীবোৰ।

এবাৰ ট্ৰেইনেৰে গৈ আছোঁ হায়দৰাবাদৰপৰা দিল্লীলৈ। যাত্ৰাপথত সহযাত্ৰী হিচাপে পালোঁ ভাৰতীয় ৰাজহ সেৱা বিভাগৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া। তেওঁৰ প্ৰতিটো কথাই তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্ব তথা জ্ঞানৰ পৰিচয় দিছিল। তেওঁ কৈছিল যৌতুক বন্ধ হ’ব লাগে, চৰকাৰে নিয়ম কৰিছে বন্ধ কৰিবলৈ। পিছে আজিকালি বেলেগ ধৰণৰ যৌতুক এবিধৰো সৃষ্টি হৈছে। ধনী ব্যক্তি এজনে নিজৰ জীয়েকক বিয়া দিবৰ কাৰণে আই.এ.এচ অফিচাৰ এজন বিচাৰিব। বিয়াৰ কাৰণে কোটিলৈকে টকা দিবলৈও সাজু থাকিব। অফিচাৰজনেও টকাও ল’ম আৰু ছোৱালীও ল’ম এই মনোভাৱেৰে বিয়া-বাৰু পাতি তাৰ পাছত সুখেৰে(?) জীৱন নিৰ্বাহ কৰে। এইটোও জানো যৌতুকেই নহয় ?

(৭)

শিক্ষাৰ ক্ষেত্রত আজি মহিলাই সফলতাৰ শিখৰত আৰোহণ কৰিছে। তাত কোনো সন্দেহ নাই। কিন্তু তথাপি কিবা এটা খুঁত ৰৈ গৈছে ক’ৰবাত। সেইকাৰণেই বোধহয় কেৰালা আৰু মিজোৰামক বাদ দি বাকীকেইখন ৰাজ্য বা কেন্দ্ৰীয় শাষিত অঞ্চলত পুৰুষৰ সাক্ষৰতাৰ হাৰৰ তুলনাত মহিলাৰ সাক্ষৰতাৰ হাৰ কম। অলপ আগতে উনুকিয়াই অহা কেৰালাৰ উন্নত অৱস্হাৰ বাবে বোধহয় মহিলাৰ সাক্ষৰতাই এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছে বুলি নকলেও বুজিব পাৰি। মিজোৰামৰ কথাটো নাজানোঁ অৱশ্যে। অসমৰ শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ ক্ষেত্রত আমোল পৰিৱৰ্তন আনিছোঁ বুলি টেট উত্তীৰ্ণ শিক্ষকসকলক নিয়োগপত্র দিবলৈকে লাখ-লাখ ৰাজহুৱা ধনৰ শৰাধ পাতি সৰুসজাইত সভা পাতি সকলোৰে পৰিচিত কুটিল হাঁহিটো মাৰি ঘৰুৱা নিউজ চেনেলটোত দিনৰ দিনটো লেকচাৰ মাৰিলেই উন্নতি হৈ নাযায়। অসমৰ বহুতো মানুহৰে এতিয়াও ধাৰণা এয়েই যে ছোৱালীক পঢ়ুৱাই শুনাই কি হ’ব কাইলৈ বেলেগৰ ঘৰলৈ উলিয়াই দিয়াৰ পাছত ভাতৰ চৰুতহে হাত দিবগৈ লাগিব। এনে ধাৰণাৰে পৰিচালিত কিছুমান অভিভাৱকে পঢ়িবলৈ ইচ্ছা থকা ছোৱালীজনীক হ’ম চায়েন্সত মেজৰ লৈ পঢ়িবলৈ কোৱা নিজেই দেখা পাইছোঁ। “আগলৈ কৰিবলগীয়া কাম অলপমান শিকি ল এতিয়াই, সৰুৰেপৰা কামত নলগাই তহঁতে ঘৰুৱা কাম নজনাই হ’লি । বিয়া দিয়াৰ পাছত কি কৰিবিগৈ?” এইখিনিতে ৰাইজৰ সুবিধাৰ্থে এটা কথা জনাই থৈছোঁ দেই, এইবছৰৰ পৰা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ভাৰতৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিভাগসমূহত স্নাতকোত্তৰ শিক্ষাৰ নামভৰ্তিৰ তথা মাহিলী ভাতাৰ বাবে আয়োজন কৰা Graduate Aptitude Test in Engineering (GATE) পৰীক্ষাত ছোৱালীৰ বাবে বিনামূল্যে প্ৰ-পত্র পূৰণৰ সুবিধা দিছে। সুবিধাসমূহ লোৱা উচিত।

 

(৮)

চাকৰিৰ ক্ষেত্রটো মহিলা হোৱাটোৱে বহু সময়ত হেঙাৰ হৈ ঠিয় দিয়ে। বৰ্তমান কোনো কোনো ঠাইত মহিলাসকলে টেক্সিচালকৰ ভূমিকা পালন কৰিবলৈও আগবাঢ়ি অহা দেখি ভাল লাগিছে। সেনাবাহিনীটো মহিলাসকলক কিছুমান পদবীত অন্তৰ্ভুক্ত কৰা নহয়। এই ক্ষেত্রত অৱশ্যে কাৰো বিশেষ ক’বলগীয়া নাই। যুদ্ধবন্দীসকলৰ ওপৰত হোৱা অমানৱীয় অত্যাচাৰৰ কথা চিন্তা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে। মহিলা যুদ্ধবন্দীসকলৰ ওপৰত কি অত্যাচাৰ হয় তাৰ কথা আকৌ বেলেগকৈ ক’বলৈ নাযাওঁ, ইতিহাস তথা বুৰঞ্জীয়েই সাক্ষী এই ক্ষেত্রত।

(৯)

বৰ্তমান সময়ৰ কিছুমান ছোৱালীৰ মনোভাৱ দেখিলে মূৰটো টিঙিচকৈ উঠে। তেওঁলোকৰ মতে অত্যাধুনিক কাপোৰ পিন্ধি দেহা উদঙাই ফুৰাটো আধুনিকতা। মোৰ খং উঠে সেই ছোৱালীবোৰক দেখিলে (মোৰ মনৰ কথাটোহে কৈছো দেই, তাৰ কাৰণে কোনোবাই মোক বেয়া পালেও পাব পাৰে ) । মই কোনো ব্ৰহ্মচাৰী নহয় যে মই কেতিয়াও কোনো ছোৱালীলৈ মূৰ তুলি চোৱা নাই বা কোনো দুৰ্বল মুহুৰ্তত মোৰ মনত কোনো ছোৱালীৰ ছবি এখন নহাকৈ আছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি এই দেহ-প্ৰদৰ্শনক সমৰ্থন কৰিম। এয়া অৱশ্যে একান্ত ব্যক্তিগত কথা।  কাৰো ব্যক্তি স্বাধীনতাৰ ওপৰত মোৰ মাত মতাৰ অধিকাৰ নাই আচলতে।

মোখনী: আমি উন্নতি কামনা কৰোঁ। আমি এনে এখন ৰাজ্য তথা দেশ কামনা কৰোঁ যত কোনো ব্যভিচাৰ নাথাকিব, দুৰ্নীতি নাথাকিব (যিটো হয়তো মোৰ এই জনমত দেখাৰ আশা অতি ক্ষীণ), নিজৰ মাকৰ বয়সৰ মহিলাসকলক সকলোৱে মাকৰ দৰে জ্ঞান কৰিব, নিজৰ পুত্রীৰ বয়সৰ ছোৱালীক নিজৰ ছোৱালী হেন জ্ঞান কৰিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments