নাৰীয়ে কিয় কান্দে? (অঞ্জল বৰা)

এটা সৰু ল’ৰাই তেওঁৰ মাকক সুধিলে, “তুমি কিয় কান্দা মা?”

“কাৰণ মোক ইয়াৰ প্ৰয়োজন হয় সোণ৷” তেওঁ উত্তৰ দিলে৷

“মই বুজি পোৱা নাই,” ল’ৰাটোৱে ক’লে৷

মাকে ল’ৰাটোক বুকুৰ মাজত আকোৱালি ধৰিলে আৰু ক’লে, “আৰু তুমি কেতিয়াও বুজিব নোৱাৰিবা৷”

কেইদিনমানৰ পিছত ল’ৰাটোৱে তেওঁৰ দেউতাকক সেই একেই প্ৰশ্নটো কৰিলে, “মায়ে কিয় কোনো কাৰণ নোহোৱাকৈ কান্দি থাকে?”

“সকলো নাৰীয়েই কোনো কাৰণ নোহোৱাকৈয়ে কান্দে,” দেউতাকে অৱজ্ঞাসূচকভাৱে উত্তৰ দিলে৷
কিন্তু সৰু ল’ৰাটোৱে, নাৰীয়ে কিয় কান্দে তাক জানিবলৈ অধিক উত্সুক হৈ উঠিল৷ অৱশেষত তেওঁ এজন বিদ্বান মানুহক লগ পালে৷ ল’ৰাটোৱে ভাবিলে “এই বিদ্বান মানুহজনে নিশ্চয় উত্তৰটো জানিব৷”
হে বিদ্বান পুৰুষ! “নাৰীয়ে অতি সহজতে কিয় কান্দিব পাৰে?”

বিদ্বান মানুহজনে উত্তৰ দিলে:

“যেতিয়া ভগৱানে নাৰীক স্ৰজন কৰিছিল তেতিয়া তেওঁক বিশেষভাৱে গঢ়ি তুলিছিল৷ তেওঁ নাৰীৰ বাহু দুটা অধিক শক্তিশালী হিচাপে গঢ়িছিল যাতে আনে আৰাম নোপোৱালৈকে গোটেই পৃথিৱীখনৰে তেওঁ বোজা কঢ়িয়াব পাৰে৷

ভগৱানে নাৰীক সন্তানৰ জন্মৰ সময়ত আৰু সন্তানে এৰি থৈ যোৱা দুয়োটা সময়তে সহ্য কৰিব পৰাকৈ এটা আভ্যন্তৰীণ শক্তি প্ৰদান কৰিছে৷

তেওঁ নাৰীক এনে এটা বলিষ্ঠ মন প্ৰদান কৰিছে যাতে কোনো ধৰণৰ আপত্তি নথকাকৈ সকলো আঁতৰি যোৱাৰ পিছতো তেওঁৰ পৰিয়ালৰ অসুখ-অশান্তিৰ সময়ত যত্ন ল’ব পাৰে৷

ভগৱানে নাৰীক এটা সংবেদনশীল মন প্ৰদান কৰিছে যাতে যিকোনো পৰিৱেশতে তেওঁ তেওঁৰ সন্তানক ভাল পাব পাৰে, যদিও সন্তানে তেওঁক কেতিয়াবা বেয়া ব্যৱহাৰ কৰে বা মনত দুখ দিয়ে৷

ভগৱানে তেওঁক তেওঁৰ স্বামীৰ মনৰ পৰা চিন্তাবোৰক, তেওঁৰ ভুলবোৰ আৰু বিশেষ আচৰণবোৰ কঢ়িয়াই নিব পৰাকৈ এটা দৃঢ় মন প্ৰদান কৰিছে যাতে স্বামীৰ হৃদয়খন সুৰক্ষিত কৰিব পাৰে৷ ভগৱানে তেওঁক এই কথা জানিব পৰাকৈ জ্ঞান প্ৰদান কৰিছে যে এজন ভাল স্বামীয়ে কেতিয়াও তেওঁৰ পত্নীৰ মনত আঘাত নিদিয়ে, কিন্তু কেতিয়াবা ভগৱানে তেওঁৰ দৃঢ়তাৰ পৰীক্ষা কৰে আৰু দ্বিধাহীনভাৱে তেওঁৰ কাষত থিয় হৈ থাকিবলৈ শক্তি প্ৰদান কৰে৷

আৰু শেষত, ভগৱানে নাৰীক চকুপানী প্ৰদান কৰিছে৷ এইয়া কেৱল তেওঁৰ আৰু যেতিয়াই প্ৰয়োজন হয় ইয়াক উলিয়াব পৰাকৈ তেওঁৰেই হৈ থাকে৷ ইয়াৰ বাবে তেওঁক কোনো কাৰণ, কোনো ব্যাখ্যাৰ প্ৰয়োজন নাই, এইয়া কেৱল তেওঁৰ৷

তুমি চোৱা মোৰ সোণ, এগৰাকী নাৰীৰ সৌন্দৰ্য তেওঁৰ কাপোৰত নাথাকে যাক তেওঁ পিন্ধি আছে, তেওঁৰ মুখত নাথাকে বা তেওঁৰ গহনা আৰু চুলিত নাথাকে৷ এগৰাকী নাৰীৰ সৌন্দৰ্য কেৱল তেওঁৰ চকুত চাবা, কাৰণ সেইখনেই তেওঁৰ হৃদয়লৈ যোৱাৰ প্ৰধান প্ৰবেশদ্বাৰ – এখন এনে স্থান য’ত ভালপোৱা বিচাৰি পোৱা যায়৷
…………………………….
ইংৰাজীৰ পৰা অনুবাদ৷ লেখক-অজ্ঞাত

 

মোৰ মাৰ কেৱল এটা চকু:


মোৰ মাৰ কেৱল এটা চকু! মই তেওঁক বেয়া পাওঁ…!! মায়ে সদায় নিজৰ এই অৱস্থাৰ বাবেও বৰ হাঁহিয়াতৰ পাত্ৰ হৈছিল ৷ তেওঁ আমাৰ পৰিয়ালটোক পোহপাল দিবৰ কাৰণে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে খাদ্য তৈয়াৰ কৰিছিল ৷ এদিন মই প্ৰাথমিক বিদ্যালয়ত থাকোঁতে মায়ে মোক মাত লগাবলৈ আহিছিল আৰু মই আন বন্ধুসকলৰ ওচৰত বৰ লাজ পাইছিলোঁ৷ “তেওঁ কেনেকৈ মোক আনৰ ওচৰত অপমানিত কৰিব পাৰে?” তাকে ভাবি মই তেওঁক উপেক্ষা কৰিছিলোঁ, আৰু তেওঁলৈ এটা ঘৃণা মিশ্ৰিত দৃষ্টি প্ৰকাশ কৰি তাৰ পৰা দৌৰি আহিছিলোঁ ৷ পিছদিনা শ্ৰেণীকোঠাত মোৰ বন্ধুসকলে মোক ভেঙুচালি কৰি জোকাবলৈ ধৰিছিল “ইইইইই, তোমাৰ মাৰ কেৱল এটা চকু, এটা চকু !!!

সেই কথাটো ভাবি মই নিজকে আত্মগোপন কৰিবলৈ লৈছিলোঁ ৷ লগতে মাকো অৱজ্ঞাৰ দৃষ্টিৰে চাইছিলোঁ ৷ এদিন মাক ক’লোঁ, “যদি তুমি কেৱল মোক হাঁহিয়াতৰ পাত্ৰ কৰিবলৈকে জীয়াই আছা, তেন্তে তুমি কিয় মৰি থকা নাই?” মোৰ মায়ে একো সঁহাৰি নিদিছিল… আনপিনে মই মাৰ দ্বিতীয় এটা কথা শুনিবলৈও তাত অপেক্ষা নকৰিছিলোঁ, কাৰণ মই সম্পূৰ্ণৰূপে খঙত সেই ঠাই পৰিত্যাগ কৰিছিলোঁ আৰু তেওঁৰ অনুভৱবিলাকক কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ ৷

মই মাৰ লগত একেলগে থকাতো কঠিন হৈ পৰিছিল ৷ মনতে ঘৰ পৰিত্যাগ কৰাৰ কথা ভাবিছিলোঁ আৰু তেওঁৰ লগত কোনো সম্পৰ্ক ৰাখিব নিবিচাৰিছিলোঁ ৷ মই বৰ কষ্টৰে প্ৰাথমিক শিক্ষাখিনি গ্ৰহণ কৰিলোঁ আৰু এদিন বিদেশত শিক্ষা গ্ৰহণৰ সুবিধা পাই গুছি আহিছিলোঁ ৷ তাৰ পিছত মই বিয়া পাতিলোঁ ৷ মই নিজাকৈ চহৰত এটা ঘৰ কিনিলোঁ৷ মোৰ নিজাকৈ ল’ৰা-ছোৱালী হ’ল আৰু মই মোৰ পত্নীৰ সৈতে সুখেৰে বসবাস কৰিলোঁ ৷ এদিন হঠাৎ, মোৰ মায়ে মোক দেখা কৰিবলৈ আহিল ৷ তেওঁ বহু বছৰ ধৰি মোক দেখা নাছিল আৰু তেওঁৰ নাতি-নাতিনীকো লগ পোৱা নাছিল ৷

তেওঁ যেতিয়া মোৰ দুৱাৰৰ সন্মুখত উপস্থিত হ’ল, মোৰ ল’ৰা-ছোৱালীকেইটাই তেওঁক দেখি বৰ ভয় খালে আৰু মই নমতাকৈ বিনা অনুমতিত অহা বাবে চিঞৰি উঠিলোঁ ৷ মই তেওঁক দুৱাৰৰ বাহিৰলৈ ঠেলি দি ক’লোঁ “তুমি মোৰ ঘৰলৈ আহি মোৰ ল’ৰা-ছোৱালীক ভয় খুৱাবলৈ কেনেকৈ সাহস কৰিলা !!” এতিয়াই !! ইয়াৰ পৰা আঁতৰি যোৱা !!

লগে লগে মায়ে উত্তৰ দিলে “অ’হ, মই দুঃখিত৷ মই ভুল ঠিকনাত আহিলোঁ৷” আৰু লগে লগে তেওঁ আঁতৰি গ’ল৷

এদিন মোৰ প্ৰাথমিক বিদ্যালয়খনৰ পৰা ন-পুৰণি সতীৰ্থ সন্মিলনী সম্পৰ্কীয় এখন চিঠি মই লাভ কৰিলোঁ৷ সেয়ে মই মোৰ পত্নীক ব্যৱসায়িক কামৰ ফাঁকি দি মোৰ পুৰণি বিদ্যালয়খনত উপস্থিত হ’লোঁ৷ ন-পুৰণি সতীৰ্থ সন্মিলনীৰ পিছত মোৰ মনৰ কৌতুহল নিবাৰণৰ বাবে মোৰ পুৰণি ঘৰটোৰ ফাললৈ যাত্ৰা কৰিলোঁ ৷

মোৰ পুৰণি ঘৰটোৰ কাষতে থকা ব্যক্তিজনে ক’লে যে ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে ৷ কথাষাৰ শুনি মোৰ এটোপালোঁ চকুলো ওলাই নাহিল ৷ সেই সময়তে তেওঁ মোৰ হাতত মায়ে দি থৈ যোৱা এখন চিঠি তুলি দিলে ৷

মোৰ অতি মৰমৰ সোণ,

মই সকলো সময়তে তোমাৰ কথাই ভাবি থাকোঁ ৷ মই অতি দুঃখিত যে মই তোমাৰ ঘৰলৈ গৈ ল’ৰা-ছোৱালীকেইটাক ভয় খুৱালোঁ ৷

মই শুনি অতি আনন্দিত হৈছোঁ যে তুমি ন-পুৰণি সতীৰ্থ সন্মিলনীলৈ আহিছা ৷ কিন্তু মই বিচনাৰ পৰা উঠি তোমাক চাব পৰাকৈ সক্ষম নহয় ৷ মই অতি দুঃখিত যে, তোমাক সৰুৰে পৰাই মই লাজত পেলাব লগা হৈছিল ৷

কিন্তু আনন্দৰ কথা যে তুমি পৃথিৱীখন চাই থাকিব পাৰিছ……..তুমি যেতিয়া অতি সৰু হৈ আছিলা, তোমাৰ এটা দুৰ্ঘটনা হৈছিল আৰু তোমাৰ এটা চকু নষ্ট হৈ গৈছিল ৷ কেনেকৈ তুমি এটা চকুৰে ডাঙৰ-দীঘল হৈ আনৰ হাঁহিয়াতৰ পাত্ৰ হোৱাতো মই চাই থাকিব পাৰোঁ !!!! সেয়ে মই নিজৰেই এটা চকু তোমাক দান দিছিলোঁ ৷

মই আজি অতি গৰ্ব অনুভৱ কৰোঁ মোৰ সোণ, যি মোৰ কাৰণে, মোৰ ঠাইত থাকি, মোৰ দৃষ্টিৰে ইমান সুন্দৰ পৃথিৱীখন চাই থাকিব পাৰিছে ৷ কুশলে থাকিবা ৷

বহুত বহুত মৰমেৰে,
তোমাৰ ‘মা’৷
……………………………
লেখক অজ্ঞাত, ইংৰাজীৰ পৰা অনুবাদ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments