নাৰীসংগ: অজয়লাল দত্ত

(The Company of women ৰ স্ৰষ্টা খুশৱন্ত সিং দেৱৰ শ্ৰীচৰণত)
খুৱ সযতনে আপোনাৰ বুকুখন আজুৰিব;
জানো, তাতেই আলফুলে পৰি আছে
আপোনাৰ ৰঙীন দিবাস্বপ্ন,
জীৱন-যৌৱনৰ খন্তেকীয়া বালিভোজ,
আপোনাৰ প্ৰিয়- নাৰীসংগ……
মনত আছেনে
তাইৰ ফুটফুটীয়া ফ্ৰকত অঁকা সপোনবোৰৰ কথা,
আপোনাৰ উদ্দাম উৎপাতত যে
তাই নাম দিছিল আপোনাক- কচুগুটি, কচুগুটি৷
চুৱা-চুইৰ খেলখনত
কঁপি কঁপি সাক্ষী হৈছিল নেকি
কোনোবা জোপোহা জাৰ্মানী বন?
জানো, লাহে লাহে
আপোনাৰ ভাল লগা হৈ আহিছিল
নীলা পাৰিৰ চাদৰ লোৱা, কিতাপেৰে বুকু ঢকা মাইনাৰ জাক
কাৰোবাৰ হাঁহি, কাৰোবাৰ চাৱনি,
কাৰোবাৰ ওঁঠ,কাৰোবাৰ লাস্যময়তা…..
বাচে-ঘাটে আপোনাৰ চুই চাবলৈ
মন গৈছিল, এগৰাকী নাৰী
হেঁপাহ ৰাখিছিল
কাষৰ চিটত বহকহি কোনো সুগন্ধিময়ী,
আৰু স্পৰ্শক হৈ উঠক
আপোনাৰ কিলাকুটি…..
সঁচা কথা ক’ব
আৰ-তাৰ সঁচা-মিছা, অভিসাৰী যাত্ৰাৰ কাহিনীয়ে
আপোনাক কৰি তুলিছিল আহ্লান্বিত!
ব্যভিচাৰী নিষিদ্ধ সোৱাদৰ বাবে প্ৰৰোচিত;
আপোনাৰ চকুৱে বিচাৰি ফুৰিছিল
চঞ্চলা-চপলাৰ দুচকু;
যাৰ দুবাহুত মাৰ নিয়াব খুজিছিল
যৌৱনৰ জোঁৱাৰ ভাটা……
কুমাৰী নাৰী আপোনাৰ বাবে
প্ৰলোভন হৈ উঠিছিল,
যিদৰে মুজাহিদীনৰ বেহেস্তত ৰখা হৈছে
এসত্তৰটা কুমাৰীত্বৰ গাজৰ…..
গাৰুৰ তলৰ সাহিত্যত আপুনি ডুৱ গৈছিল
নগ্ন ছবিৰ সাগৰত সাঁতুৰিছিল;
আৰু নাৰ্চিচাছ হৈ উঠিছিল
মাজে মাজে, কাতৰতাত…
আপুনি বাৰু ৰমনীয় ভাৱনাবোৰক
জীয়া ঢলত উটাই দিছিল নেকি ভূৰ-বান্ধি?
যি ডুলি ডুলি নাচি গৈছিল
পাপ-পূণ্যৰ তুলাচনীত……
আপুনি বিহুৱা আছিলনে?
পাইছিল নেকি ব’হাগৰ বলীয়া বতৰত
প্ৰিয় নাচনীৰ স’তে খেৰদ`মৰ উমাল অনুভৱ…..
আপুনি এদিন চৰাইখানালৈ গৈছিল, পান্থশালালৈ
অথচ পাণ কৰিব পৰা নাছিল নৃত্যৰতা নাৰীৰ মদিৰা;
আৰু
নিচা ফালি উকলিয়াই দিছিল সেই
পণ্যৰ পৃথিৱীত৷
জানো, কৃত্ৰিমতা আপোনাৰ সহ্য নহয়
সঁচাত অথবা নিচাত…
চেৰেং চেৰেংকৈ মনত পৰিছিল
কুটুমৰ জীয়েকৰ আপং
শেনচোৱাৰ ঘৰৰ শলিতা জ্বলোৱা সাজ
আৰু তাৰ মাতাল নিচাত
সৰিয়হতলিত তৰা লিখা ৰাতিৰ কথা;
কিদৰে মোহনীয় হৈ উঠিছিল
জানমণিৰ কেঁচা মৰমৰ
সঁচা সপোন…..
এদিন আপুনি হোমৰ জুইৰ উম লৈছিল,
আৱিষ্কাৰৰ সকলো উত্তাপ হেৰুৱাই;
দিনবোৰ লাহে লাহে বিস্বাদ, ৰাতিবোৰ যেন ৰংহীন
সেয়ে ঘৰত দেৱীহেন পত্নীৰ বৰ্তমানতো
“চুৰেইল” এজনীৰ ৰামধেনুৰ সপোনে খেদি ফুৰিছিল
নেকি আপোনাক, অহৰহ……
বলুকাত বিয়লি বেলা বুলি
কীৰ্তনত বাসনাবোৰ জাহ দিয়ে আপুনি;
তথাপিও ক’ৰবাত পোহপাল দিয়ে
পুৱতি নিশা কেঁচা-ফুল ভঙাৰ অনাথ হেঁপাহ৷
বৰনৈৰ বৰসোঁত, আজি বৰবিলৰ জলতৰংগ
সোঁৱৰণিত বাজি ৰয়
ৰঙীন দিবা-স্বপ্ন,
জীৱন যৌৱনৰ খন্তেকীয়া বালিভোজ
আপোনাৰ প্ৰিয়-নাৰীসংগ৷
(পুৰুষৰ মনোজগত, বাস্তৱ জগতত নাৰীসংগৰ তাড়ণাক অন্বেষণ কৰাৰ প্ৰয়াসেৰে ২০১০চনতে এটা কবিতাৰ ৰূপ দিয়াৰ প্ৰচেষ্টা হাতত লৈছিলোঁ ৷ প্ৰেৰণা আছিল খুশৱন্ত সিংৰ বিতৰ্কিত উপন্যাস “দ্যা কম্পেনীজ অৱ অমেন” খন৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments