নাৰীৰ ঋতুস্ৰাৱ, চেনিটেৰী নেপকিন আৰু কিছু কথা- মেঘালী দিহিঙীয়া

সিদিনা স্বাস্থ্য সম্পৰ্কীয় প্ৰশিক্ষণ এটাত উপস্থিত আছিলো৷ প্ৰশিক্ষক চিকিৎসকজনে বিশেষ বিষয় এটাৰ ওপৰত বিশেষ শাৰীৰিক অৱস্থাত ঔষধৰ পৰা হ’ব পৰা পাৰ্শ্বক্ৰিয়া সম্পৰ্কে কিছু কথা কৈ আছিল৷ নজনা কথা কিছুমান আমি নিজেও সুধি লৈছিলো৷ তেনেতে দেখিলো জেষ্ঠ ছাৰ এজনে বহীত কিবা এটা লিখি উঠি গৈ প্ৰশিক্ষক মহোদয়ক দেখুৱাইছে৷ প্ৰশিক্ষকে কথাটো পঢ়ি তেওঁৰ লগতে আমিও শুনাকৈ সুন্দৰকৈ প্ৰশ্নটোৰ উত্তৰ দি লৈ ছাৰক যথেষ্ট সৌজন্যৰে ক’লে, “এইটো কথা আপুনি বহীত লিখি সোধাৰ কোনো প্ৰয়োজন নাই, একেবাৰে স্বাভাৱিক কথা এয়া৷“
প্ৰশ্নটো আছিল মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱৰ বিষয়ে৷ সেই সময়ছোৱাত ঔষধ খোৱাত কিবা সমস্যা আছেনেকি এই বিষয়ে ছাৰে সুধিছিল৷ প্ৰশ্নটো সকলোৱে শুনাকৈ সুধিবলৈ তেখেতে চাগে সংকোচ কৰিলে, কিন্তু তৎসত্ত্বেও তেখেতে চিকিৎসকক যে সেই দৰকাৰী প্ৰশ্নটো সোধাৰ প্ৰয়োজনবোধ কৰিলে সেই কথাটোৱেই আমাৰ মন ভাল লগাই দিলে৷ কাৰণ প্ৰশিক্ষণটোত আমি বহুকেইগৰাকী মহিলা প্ৰশিক্ষাৰ্থীও উপস্থিত আছিলো, এই কথাটো প্ৰথমেই আমাৰ মনলৈ অহাটো উচিত আছিল৷ প্ৰচলিত কিছু নিয়ম অথবা বহুদিনীয়া অভ্যাসৰ বাবে সংকোচবোধ কৰাটোও নিতান্তই স্বাভাৱিক, কিন্তু বিষয়টো আলোচনালৈ অনাত ছাৰৰ consciousness দেখি মনটো ভাল লাগি থাকিল৷

কিছুদিনৰ আগতে মহিলা এগৰাকীয়ে তেওঁৰ ছোৱালীৰ বিশেষ সমস্যা এটাৰ কথা মোৰ সৈতে পাতিছিল৷ তেখেত নিৰক্ষৰ আৰু আৰ্থিকভাৱেও পিছপৰা৷ “ডাক্তৰৰ ওচৰলৈ যাম বুলি ভাবিছো, হ’লেও আপোনালোক কিতাপ চিতাপ পঢ়া মানুহে জানিবনেকি বুলিহে সুধিলো“ – তেখেতে কৈছিল৷ সমস্যাটো বিশেষ গুৰুতৰ নাছিল, নতুনকৈ ঋতুমতী হোৱা কিশোৰীৰ ক্ষেত্ৰত এনে দুই এটা সৰু সমস্যা দেখা দিয়াটো স্বাভাৱিক৷ যি সামান্য জানো তেখেতক কৈছিলো আৰু “মতা মানুহৰ আগত এইবোৰ কথা ক’বলৈ লাজ লাগে বাবে ডাক্তৰৰ ওচৰত যোৱা নাই“ বুলি কোৱা মানুহগৰাকীক বুজাইছিলো এয়া আচলতে একেবাৰে স্বাভাৱিক কথা৷ সেই “লাজ লাগে“ বোলা কাৰণটোৱে অলপ বেয়া লগালেও পিছপৰা অৱস্থা আৰু নিৰক্ষৰতা সত্ত্বেও যে মানুহগৰাকী পুৰণিকলীয়া কিছু ৰীতি নীতিতকৈ স্বাস্থ্য সম্পৰ্কে অধিক সচেতন সেই কথাটোতে মনটো ভাল লাগিল৷

কথাবোৰ আচলতে এনেকুৱাই৷ ৰীতি নীতিবোৰ এফালে আৰু health and hygiene আনফালে৷ আৰু এই health and hygiene ৰ কথাটো বেছি জৰুৰী৷ যোৱা দহবছৰৰ আগৰ তুলনাত আজিকালি পঢ়া শুনাত পিছপৰা অথবা গাওঁ অঞ্চলৰ মানুহো এইক্ষেত্ৰত যথেষ্ট সচেতন হোৱা যেনেই লাগে৷ আজিকালি প্ৰায়সকল মহিলাই আগৰদৰে সাধাৰণ কাপোৰ আদিৰ সলনি চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে৷ কিনিবলৈও আগৰ দৰে তেনেকৈ সংকোচবোধ নকৰাই হৈছে৷ অৱশ্যে বহুতৰে আৰ্থিক অৱস্থাৰ তুলনাত এয়া কিছু ব্যয়বহুল সেয়াও স্বীকাৰ কৰিবলগীয়া৷ কিন্তু চিনেমা বনাই বা ফেচবুকত চেনিটেৰী পেডৰ সৈতে ফটো দি সাধাৰণ জনতাৰ মাজত জাগৰণৰ সৃষ্টি কৰাটোৱেই নহয়, চেনিটেৰী পেডৰ সঠিক ব্যৱহাৰ সম্পৰ্কে জনোৱাটোও বিশেষ জৰুৰী৷ এনে পেডসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত স্বাস্থ্যসন্মত কিছু তথ্য যেনে ৪/৫ ঘণ্টাতকৈ অধিক একেটা পেড ব্যৱহাৰ নকৰা অথবা বজাৰত পোৱা কি ধৰণৰ (ড্ৰাই, কটন ইত্যাদি) পেড আচলতে ব্যৱহাৰ কৰাটো দৰকাৰী এইধৰণৰ কথাবোৰ অধিক প্ৰচাৰ হ’ব লাগে৷ কেতিয়াবা এই চেনিটেৰী পেডৰ ভুল ব্যৱহাৰো স্বাস্থ্যৰ বাবে মাৰাত্মক হৈ পৰিব পাৰে, এই কথাটো সকলোৱে জনা উচিত৷ এই চেনিটেৰী পেডসমূহত থকা plastic materials, fibre, dioxin আদি মহিলাৰ শৰীৰত cancer, infertility, birth defect, bacterial growth or other infection ৰ কাৰক হ’ব পাৰে৷ ’পেডমেন’ চিনেমাখন মই চোৱা নাই, তাত এইখিনি কথা উল্লেখ কৰা হৈছে নে নাই মই নাজানো, কিন্তু চেনিটেৰী পেডৰ ব্যৱহাৰ সম্পৰ্কে জাগৰণ আনিবলৈ যাওঁতে এইখিনি কথা অন্তৰ্ভুক্ত হোৱাটো অত্যন্ত জৰুৰী৷

বাকী থাকিল পুৰণিকলীয়া ৰীতি নীতিবোৰৰ কথা, তেন্তে এইবোৰৰ বাবে নিজে নিজৰ মানসিকতা আৰু চিন্তাধাৰা সলনি নকৰিলে কোনো জাগৰণেও এইবিলাক সলাব নোৱাৰে৷ বহু শিক্ষিত মানুহেও এই অযুক্তিকৰ কথাবোৰ আজিও খামুচি ধৰি থকা দেখিছো৷ অপ্ৰিয় হ’লেও সত্য যে এইক্ষেত্ৰত মহিলাসকলেই বেছি ধৰি ৰাখিব খোজে এনে অদৰকাৰী নীতি নিয়মবোৰ৷ তদুপৰি ধৰ্মীয় গোড়ামি বা অত্যধিক নাম প্ৰসঙ্গ আদিৰ সৈতে জড়িতসকলৰ ঘৰতো এইবিলাকৰ প্ৰচলন বেছিকৈ দেখা যায়৷ আজিৰ দিনতো বহুতো নাৰীয়ে মাহেকীয়া ঋতুস্ৰাৱৰ দিনকেইটাত সাত আঠদিনলৈকে ৰান্ধনিশালৰপৰা দূৰত থাকে, দিনে এসাজ লঘোণে থাকে, মাটিত শোৱে৷ সেইকেইদিনত অস্পৃশ্য হৈ থকা নাৰীগৰাকীক কিবা বস্তু এটা দিবলৈকো চাৰিইঞ্চিৰ ব্যৱধানৰপৰা তেওঁক স্পৰ্শ নকৰাকৈ দিয়া হয়, আনকি নিজৰ স্বামীৰ বাইকখনতো বহিবলৈ দিয়া নহয়৷ আৰু এইধৰণৰ অদ্ভুত নিয়মবোৰ পুৰুষতকৈ অধিক মহিলাইহে বেছিকৈ ধৰি ৰখা যেন লাগে, ভুক্তভোগীয়েও পাপ হোৱাৰ ভয়ত কোনোধৰণৰ প্ৰতিবাদ নকৰে৷ বহু পৰিয়ালত এইবিলাক প্ৰথা আজিও চলিয়েই আছে, লাগিলে ঘৰৰ মানুহ যিমানেই শিক্ষিত নহওক কিয়৷ ভণ্টি এজনীৰ বিয়াত দেখিছিলো, হ’বলগা শহুৰৰ ঘৰৰ কথামতে যৌতুকৰ লগতে প্লাষ্টিকৰ এখন টুলো লৈ গৈছিল কাৰণ সেই বিশেষ দিনকেইটাত সেই বিশেষ টুলখনৰ বাদে আন কোনো আসনতে বহা নিষেধ৷ মাহটোৰ আন দিনকেইটাত সেই টুলখন আছুতীয়াকৈ থৈ দিয়াৰ ব্যৱস্থা আছিল কিয়নো আন দিনবোৰত সেই ’চুৱা হোৱা দিনৰ’ টুলখন চুলেও আকৌ লেঠা লাগিব৷

কিছুমান কথা আমি মানো আৰু কিছুমানে নামানে, অথবা আনে মনা বহু কথা আমি মানি নলওঁ৷ আৰু সেই মতান্তৰ থকা বহুতক হাজাৰ যুক্তিৰেও বুজাব পৰা নাযায়, বিশেষকৈ যেতিয়া কথাবোৰ ধৰ্ম অথবা গোড়ামি কিম্বা কিছু অন্ধবিশ্বাসৰ ভেঁটিত হয়৷ গতিকে এইবোৰ আন কোনোৱে নহয়, একমাত্ৰ নিজেইহে সলনি কৰিব পৰা কথা৷ নাৰীসকলে নিজে অযুক্তিকৰ কথাবোৰৰ প্ৰতিবাদ কৰক, নহ’লে আজি আপোনালোকে ভুগিবলৈ পোৱাখিনি আপোনালোকৰ সন্তানেও ভুগিব লাগিব, দিন যিমানেই আধুনিক হৈ নাযাওক কিয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক