নাৰী (-চেকুয়’ ঈবা)

নাৰী
-চেকুয়’ ঈবা৷

তোমাৰ প্ৰেমত আকণ্ঠ ডুব গৈ মই যে ভজন গাব নাজানো, প্ৰেমৰসৰ চেতাৰ যে মই বজাব নাজানো
মই যে নহওঁ কলিযুগত তোমাৰ ৰাধিকা
যমুনাৰ তীৰত পিছে আজিও হাজাৰ হিয়াৰ কান্দোন
তোমাৰ ভক্তি প্ৰেমৰ বাবে নহয় পিছে সেয়া
কানাইৰ বাঁহিৰ মূৰ্চনাত নিজক হেৰুওৱা বাউলী বতীয়া ৰাধা যে মই নহ’লো
– ৰাধিকা, যি অপ্ৰাপ্তিৰ মাজতো বিচাৰি পায় প্ৰাপ্তিৰ পূৰ্ণতাrumini
আৰু মই যে বিচাৰি ফুৰো প্ৰাপ্তিৰ আঁচলত অপ্ৰাপ্তিৰ শূন্যতা৷
মই অনাৰ্য্য জীয়ৰী ৰুক্মিনী
তোমাৰ প্ৰেমৰ বাবে ত্যাগ কৰিব পাৰোঁ
পিতৃ ৰাজ্য কুণ্ডিল নগৰ ও পিতৃ ধৰ্ম
মোক নালাগে এনে সমাজ য’ত মোৰ ভাল পোৱা বন্দী হয়৷ গোপনে পলাই যাবলৈয়ো ভয়
নকৰো তোমাৰ স’তে
মই সত্যভামাৰ স’তে সতিনী খাতিবলৈয়ো ৰাজী আছো৷ কাৰ খোপাত শুৱাব পাৰিজাত? ? ?
মোৰ যে আশা আৰু সপোন বহুত
আৰু আছে অনেক কামনা বাসনা
বাহ্যিক কিম্বা আভ্যন্তৰিণ৷
সৃস্থিৰ অনেক ৰূপ মই – যুগ যুগ ধৰি মই নাৰী, মই প্ৰকৃতি
মই. দেৱী, মানৱী মই, সতী – সাবিত্ৰী, বেউলা -দময়ন্তী, ৰাধিকা – দ্ৰৌপদী
আদিকে ধৰি অনেক মোৰ প্ৰেমৰ গাথা
দানৱৰ প্ৰেমতো পৰো মানৱৰ প্ৰেমতো পৰো – মই যে নাৰী
মোৰ প্ৰেমত পৰিলে দানৱ মানৱ হয়, মোৰ প্ৰেমত হাৰিলে মানৱ দানৱ হয়
কাৰণ – মই যে নাৰী, মই. যে প্ৰকৃতি৷
হে মুৰুলীধৰ ৰাধাৰ কানাই, তোমাৰ প্ৰেমৰ গাথা কোৱা, ক’ত তোমাৰ. প্ৰেম? ? ?
তুমি যে ব্যৱহাৰ কৰি আহিছা মোক
যুগ যুগান্তৰৰ পৰা, দেৱীৰ ৰূপতো মানৱী ৰূপতো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments