নাৰী, তুমি অৰ্ধ আকাশ (প্ৰদ্যুত জ্যোতি শইকীয়া)

নাৰী, তুমি অৰ্ধ আকাশ

প্ৰদ্যুত জ্যোতি শইকীয়া

 


‘নাৰী তুমি অৰ্ধ আকাশ’-এইবাৰৰ সাহিত্য.অৰ্গৰ লিখনিৰ বিষয়বস্তু দেখি চিন্তা কৰি আছিলো । কিবা এটা লিখিব লাগে । কিবা এটা বিষয় বস্তু বাচি লৈ লিখাটো মোৰ সাধ্যৰ বাহিৰত । তথাপিও কিবা কিবি ভাবি লিখি পেলালোঁ অলপমান ।

আজিৰ পৰা ৩২ বছৰ আগতে ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিনত এটা প্ৰকাণ্ড পৰিয়াললৈ ডাঙৰ বোৱাৰী হৈ আহিছিল এজনী কম বয়সীয়া ছোৱালী । শুৱনি কৰিছিলহি প্ৰকাণ্ড পৰিয়ালটোৰ বৰঘৰ । তেতিয়া তেখেতৰ বয়স ১৭ নে ১৬ । প্ৰবেশিকা পৰীক্ষাৰ বাবে হোৱা প্ৰবেশ পৰীক্ষাত বহিছিলহে মাত্ৰ । তাকো জীৱনৰ হাজাৰ বাধাৰ মাজত । নিজৰ ঘৰতেই মাহীমাকৰ অত্যাচাৰত সৰুতেই এঘৰীয়া হ’ল । তাৰ পাছত ভায়েক ভনীয়েক কেইটা আৰু মাকেই সাৰথি আছিল । একমাত্ৰ ভায়েক আৰু ভনীয়েক তিনিজনীৰে সৈতে পাৰ কৰি আছিল জীৱন মানুহগৰাকীয়ে । প্ৰথমে নিজেই আচৰিতে হৈছিল তেখেত, ইমান উচ্চ ঘৰৰ লগত নিজৰ বিয়া কেনেকৈ ঠিক হ’ল ?  প্ৰথমে ভালেই লাগিছিল । ইমান কম বয়সতে বিয়া মানে কি হয়তো বুজি উঠা নাছিল তেখেতে । বিয়া মানে ভাবি আছিল দৈনিক ভাত ৰন্ধা , শাহু-শহুৰ কথা শুনা , খেতি বাতিত সহায়ৰ হাত আগবঢ়োৱা । পিছে নিয়তি হয়তো হাঁহি আছিল তেখেতেৰ ভাৱনাৰ ওপৰত । এটা নিষ্ঠুৰ পৰিহাস তেখেতৰ বাবে উপহাৰ হিচাপে থৈ দিছিল নিয়তিয়ে । বিয়া সামাজিক ভাৱে হৈ গ’ল । ফুলশয্যাৰ নিশা উদ্ধাৰ কৰিলেহি জীৱনৰ কৰুণতম সত্যটো । তেতিয়াহে গম পালে তেওঁ, যে পাছৰ গোটেই জীৱন কটাবলগীয়া মানুহজনৰ মানসিক বৄদ্ধি এটা সৰু ল’ৰাৰ স্তৰতে ৰৈ গৈছে । কি ৰোগ গম পোৱা নাছিল তেতিয়া । আৰু এতিয়াও পোৱা নাই হয়তো । কিন্তু বুজি উঠিছিল যে আগন্তুক কটাবলগীয়া জীৱনটোত মানুহজনৰ অৱদান নূন্যতম হ’ব । হয়তো সেইদিনাই আকৌ মাকৰ ঘৰলৈ ঘূৰি যাবগৈ পাৰিলেহেঁতেন । পিছে নোৱাৰিলে । ভায়েক আৰু ভনীয়েক কেইজনীৰ চেহেৰাই মনত পৰিল চাগৈ । হয়তো কিবা অনামী ভয়েই হেঁচা মাৰি ধৰিছিল । কোনে জানে ? পঢ়া শুনাৰ দুৰ্দান্ত হেপাঁহ ৰখা মানুহজনীয়ে মনতে এটা আশা পুঁহি ৰাখিছিল কিজানি আকৌ এবাৰ প্ৰবেশিকাত বহিব পাৰিয়েই । কিন্তু তিনিটা দেৱৰ, তিনিজনী ননদ আৰু শাহু শহুৰেৰে পৰিবেষ্টিত প্ৰকাণ্ড ঘৰখনৰ প্ৰকাণ্ড প্ৰকাণ্ড কথা বতৰাবোৰৰ মাজত ডাঙৰ বোৱাৰীৰ সেই আশাটো ক’ৰবাত হেৰাল । যেনেকৈ ঘৰখনৰ প্ৰকাণ্ড চোতালখনত ধূলিকণাবোৰ হেৰায়  ঠিক তেনেকৈয়েই । তাতে এজন অকঁৰা মানুহৰ পত্নী । কোনেনো গুৰুত্ব দিয়ে বাৰু ? লাহে লাহে সময়ে পাখি মেলিলে । তিনিটা বছৰতে মানুহজনী দুটা সন্তানৰ মাক হ’ল । পিছৰ পাঁচটা বছৰত এজনী ননদৰ বিয়া হ’ল । দুটা দেৱৰ শিক্ষা সাং কৰি ঘূৰি আহিল ।মৰমিয়াল শাহুৱেক স্বৰ্গগামী হ’ল । এই পাঁচ বছৰৰ শেষৰৰ ফালে আকৌ এটা ল’ৰা সন্তানৰ মাক হ’ল তেখেত । দুদিন পিছতেই পিছে এইবাৰ ঘৰৰ উচ্চ শিক্ষিত দেৱৰ দুজন গৰজি উঠিল  “হোঃ । গিৰিয়েক অঁকৰা বুলি গম নাপায় নেকি ?  আকৌ এটা যে ? পানীত ডুবাই মাৰি পেলা সেইটোক ” । “কোনে খুৱাব , দেউতাৰ সকলো ইনকাম শুহি আছে সেইকেইটাই । কাম কৰিলেহে খাবলৈ পাব ইহঁতে ” । ভাতৰ কাঁহীত ঠেকেচা পৰিল । সেইয়া কিজানি বহুত দিনৰ পৰা লুকাই থকা মনটোহে আছিল সিঁহতৰ । সেইয়াই আৰম্ভণী । কনমাণিটো আৰু বাকী দুটাক সাৱটি এচুকত বহি ৰৈছিল মানুহজনী । উচুপি উঠিছিল মানুহজনীয়ে । তেতিয়া বাহিৰত গিৰিয়েকে এটা ধুনীয়া পখিলাৰ পাছত দৌৰা আৰম্ভ কৰিছিল । আকৌ ভূতৰ ওপৰত দানহ পৰাদি শহুৰ ৰিটায়াৰ হ’ল । পেঞ্চন নাই । মাজু ননদজনীৰ বিয়াত সাঁচতীয়া টকাও শেষ কৰিলে শহুৰে । ডাঙৰ দুজনেও সুযোগ বুজি গন্ধৰ্ব বিবাহ কৰাই মূল ঘৰ এৰি আঁতৰি গ’ল । বিপদে যেন লগ নেৰিলে মানুহজনীক । আগন্তুক সময়ত সাৰথি হ’ব পৰা ডাঙৰ ল’ৰাটোৰ ৰোগ ধৰা পৰিল । প্ৰচুৰ প্ৰতিভা থকা ল’ৰাটোৱে শিশু বিজ্ঞান সমাৰোহত যোগদানৰ বাবে প্ৰস্তুতি চলাই আছিল । পিছে যোগদান কৰা নহ’ল । ৰোগৰ নাম ক’লে ডাক্তৰে । “লিউকেমিয়া” । নুবিজিলে মানুহজনীয়ে । সকলো সাঁচতীয়া টকা উৰুৱাই দিলে ল’ৰাটোৰ নামত । পিছে একো কামত নাহিল । মেডিকেল কলেজত তিনিমাহ ডাক্টৰী বিদ্যাৰ্থীৰ “স্পেচিমেন” হৈ পৰি থকাৰ পাছত গুচি গ’ল মানুহজনীৰ প্ৰথম সন্তানটো । ভগৱানৰ ওপৰত বিশ্বাস হেৰাল । নদীত উটুৱাই দিলে সকলোবোৰ ভগৱানৰ বস্তু । নিজত বিশ্বাস কৰিলে । সৰু ননদজনীৰ বিয়া দিলে কষ্টৰে । মাজু ল’ৰাটোক আগবঢ়াই দিলে জীৱন যুজঁলৈ । পাছে পাছে নিজেই । ভগৱান নোহোৱাকৈ যেন কামবোৰ হ’ল । মানুহজনীৰ দুখবোৰ অলপ পাতলিল । আগুৱাই আনিলে সৰু ল’ৰাটোকো । কাৰো সহায় নোহোৱাকৈ । অকলেই । মাজতে শৰীৰৰ এটা অংগ কাম নকৰা হৈ গ’ল । তথাপিও নৰ’ল মানুহজনী । মাজু ল’ৰাটোৱেও হাৰ নমনাকৈ নিজৰ পৰিচয় দিলে । এটা নিজস্ব পৰিচয় দিলে দুইটা সন্তানকে । এজন ব্যৱ্সায়ী আৰু চৰকাৰী চাকৰি আৰু সৰুটোক ডাক্তৰী পঢ়ুৱালে । তাৰ মাজতে শহুৰেও মেলানি মাগিলে । লাহে লাহে জীৱনটোৱে এটা নতুন মোৰ ল’লে । এতিয়াও মানুহজনী আছে । পঢ়াৰ দুৰন্ত হেপাহৰ বাবেই পঢ়িব পৰাৰ ভিতৰত প্ৰান্তিক , দৈনিক পেপাৰ , সৰুটোৱে গঢ়ি তোলা লাইব্ৰেৰীটোতেই সোমাই থাকে । লগত মাইনাছ পাৱাৰৰ চচমাযোৰ । যেন জিৰণি লোৱাৰ সময় । আজিও সোধা নাই কাকো মানুহজনৰ কি ৰোগ হৈছে আচলতে ?  প্ৰয়োজনো বোধ কৰা নাই । কিন্তু ৩২ বছৰীয়া যুগ্ম জীৱনত এবাৰো টানকৈও কোৱা নাই নিজৰ মানুহজনক । জীৱনে সকলো পূৰ্ণতা পোৱাৰ পাছ্তো কিন্তু এতিয়াও লাগে যেন তেওঁক খুন্দিয়াই থাকে এটা দুঃখবোধে । সম্পূৰ্ণ নোহোৱাৰ এটা দুঃখবোধে । কি এই দুখ ? উপৰোক্ত মানুহগৰাকীৰ কথাবোৰ এখন অসমাপ্ত উপন্যাসৰ সাৰাংশৰ দৰেই । আচলতে নাৰীয়ে জীৱনত কেইবাটাও চৰিত্ৰ ৰৄপায়ন কৰে । সৰুতে কাৰোবাৰ জীয়াৰী । কাৰোবাৰ ভন্টী । ডাঙৰ হৈ কাৰোবাৰ পত্নী , বোৱাৰী , মা , বৌয়েক আৰু শেষত আইতা আৰু কিবা কিবি । কাৰোবাৰ জীৱনত সকলোবোৰ ভূমিকা পালন কৰাৰ সুযোগ থাকে, কাৰোবাৰ নাথাকে । কিন্তু সকলো মহিলাৰে নিজৰ মনৰ মানুহজনৰ আগত প্ৰেয়সীৰ ৰূপ এটাত থকাৰ হাবিয়াস থাকে । সেয়া লাগে বিবাহৰ আগতেই হওঁক বা পাছতেই হওঁক । ঘৰৰ পৰা ঠিক কৰাই হওঁক বা নিজৰ পচন্দৰেই নহওঁক কিয় ! মনৰ মানুহজনৰ লগত এষাৰ মনৰ কথা , এষাৰ মৰমৰ মাত । কিন্তু প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো উপেক্ষিত হৈ ৰয়  কিছু মানুহ । জীৱন যুঁজৰ বাবেই হওঁক বা ভাগ্য বা নিয়তিৰ পৰিহাস যিয়েই নোবোলোঁ আমি , যি উপেক্ষিত হয় তেওঁহে বুজে তাৰ বেদনা । তাতকৈ ভয়ানক হৈ উঠে যেতিয়া নিজৰ মানুহজনক নিজৰ ল’ৰাৰ দৰে আপডাল প্ৰতিপাল কৰিব লগা হয় । আনহাতে নিজৰ সন্তানকো সমাজত প্ৰতিষ্ঠা কৰাৰ বাবে সংগ্ৰাম কৰিব লগা হয় । তাৰ বাবে নিজৰ বুলি থকা সকলোবোৰ, ত্যাগ কৰাতো আছেই ।  তেতিয়া আৰু সেই নাৰী অৰ্দ্ধ আকাশ হৈ নাথাকে । এক বিশাল আকাশ বুলিবই লাগিব । বাকীবোৰৰ বাবে নহ’লেও অন্ততঃ সেই দুটা সন্তান যাৰ মূৰৰ ওপৰত এখনেই আকাশ আৰু সেইজন পতিৰ বাবে, যি নিজৰ জীৱনটোকে  ভালকৈ পৰিচালনা কৰিব নোৱাৰে । হয়তো সেই মানুহগৰাকীক এনে এটা দুখেই আৱৰি আছে । কোনেও বুজিব নোৱাৰে । নেদেখাজনৰ বাহিৰে । জীৱনৰ পূৰ্ণতাই হয়তো লাহে লাহে সকলোবোৰ দুখ নাইকিয়া কৰিব তেখেতৰ । আমাৰ সমাজতো তেনে নাৰীৰ সংখ্যা প্ৰচুৰ আছে । প্ৰতিগৰাকী তেনে মাতৃ আৰু পত্নীলৈ শতকোটি প্ৰণাম ।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক