নাৰী তুমি অৰ্ধ আকাশ (নিবেদিতা হাজৰিকা)

নাৰী তুমি অৰ্ধ আকাশ

নিবেদিতা হাজৰিকা

কাব্যিক উপমাৰে ক’বলৈ গ’লে – ‘নাৰী তুমি অৰ্ধ আকাশ, নাৰী তুমি অনন্যা । মৰম নামৰ শব্দৰ তুমিয়েই উৎস। জীৱনৰ প্ৰতি কোঁহে কোঁহে, তোমাৰ যাদুকৰী হাতৰ পৰশে আনি দিয়ে নতুন ছন্দ’। চীনৰ প্ৰতিবাদী লেখক মাও-চে-তুঙে কৈছিল –‘অৰ্ধ আকাশ নাৰীৰ হাতত’। সমাজখন পুৰুষ প্ৰধান হ’লেও সমাজৰ অৰ্ধ সংখ্যক নাৰীয়েই। এই সুজলা সুফলা ধুনীয়া পৃথিৱীখনত পুৰুষৰ যিমান অধিকাৰ নাৰীৰো সিমানেই অধিকাৰ। কিন্তু সমাজ আকাশৰ অৰ্দ্ধাংশস্বৰূপ নাৰীৰ সমুখত আজি বিৰাট প্ৰত্যাহ্বান !! পুৰুষৰ অবিহনে নাৰীৰ যিদৰে কল্পনা কৰিব নোৱাৰি সেই দৰে নাৰীৰ অবিহনেও পুৰুষ বৰ্তি থাকিব নোৱাৰে ;  সৃষ্টি অসম্ভৱ, সমাজো অসম্ভৱ। ব্ৰহ্মাই সৃষ্টি কাৰ্য কৰিবৰ কাৰণে তেওঁৰ সোঁ অংশৰ পৰা পুৰুষক আৰু বাওঁ অংশৰ পৰা নাৰীক সৃষ্টি কৰিছিল। সেই কাৰণেই পুৰুষক অৰ্দ্ধাঙ্গ আৰু নাৰীক অৰ্দ্ধাঙ্গিনী বোলা হয়। বাইবেলৰ মতে ‘আডম’ক ঈশ্বৰে প্ৰথমে সৃষ্টি কৰাৰ পিছত তেওঁৰ নিসংগতা দূৰ কৰিবলৈ আডমৰ বুকুৰ কামিহাড় এডালৰ পৰা ‘ইভ’ৰ সৃষ্টি কৰিলে।

 

 

নাৰীয়ে স্বীকৃতি পাই আহিছে শক্তিৰ আধাৰ ৰূপেও। আনহাতে বৈদিক যুগৰ পৰা বৰ্তমানলৈকে সমাজ আৰু জাতি গঠনত নাৰীৰ অনবদ্য অৱদান আৰু ভূমিকা সৰ্বজনবিদিত । গাৰ্গী, মৈত্ৰেয়ী, গায়ত্ৰী, অনুসূয়া আদি অনেক জ্ঞানী আৰু বিদুষী নাৰীৰ কাহিনীৰে ভাৰতীয় ইতিহাস উজ্জ্বলি আছে আজিও।  আধ্যাত্মিকতাৰ দিশতো ভাৰতীয় সমাজত নাৰীক বিশেষ মৰ্যাদা প্ৰদান কৰি অহা হৈছে। ইমানৰ পিছতো কিন্তু মহাকাব্যৰ যুগৰ পৰা বৰ্তমানলৈকে নাৰীৰ প্ৰতি কৰা বৈষম্যমূলক আচৰণৰ এটা প্ৰশ্ন সদায় থাকি গ’ল! সেয়ে হয়তো কেতিয়াবা এগৰাকী নাৰীৰ প্ৰকৃত স্থান বিচাৰিবলৈ গৈ আউল লগা অৱস্থা এটাৰ সৃষ্টি হয়। ইতিহাসৰ এক জ্বলন্ত উদাহৰণ –কৌৰৱৰ ৰাজ সভাত দ্ৰৌপদ-নন্দিনী দ্ৰৌপদীৰ নিৰ্যাতন । এই ক্ষেত্ৰত কিন্তু এটা কথাই আমাক কিছু উৎসাহিত কৰে। সেয়া হ’ল দ্ৰৌপদীৰ কৃষ্ণৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু ভক্তিৰ দ্বাৰা নিজেই নিজক চৰম সংকটৰ পৰা ৰক্ষা কৰা কথাটো। দুঃশাসনে যেতিয়া ৰজঃস্বলা দ্ৰৌপদীক ৰাজসভালৈ টানি আনি বিবস্ত্ৰা কৰিবলৈ উঠি পৰি লাগিছিল তেতিয়া তাত পিতামহ ভীষ্ম ,দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, মহামন্ত্ৰী বিদূৰকে ধৰি দ্ৰৌপদীৰ পাঁচজনকৈ স্বামী নিস্তব্ধ হৈ বহি থকাত দ্ৰৌপদী ক্ৰোধ আৰু ঘৃণাত থকথককৈ কঁপি উঠিছিল আৰু কম্পিত কণ্ঠেৰে কৈছিল –‘স্তব্ধ হোৱা দুঃশাসন। মোৰ অঙ্গ স্পৰ্শ নকৰিবা।  মই নাৰী; লাজ,নাৰীৰ ভূষণ। পুৰুষেই নাৰীৰ লাজ। আকৌ সেই পুৰুষেই নাৰীৰ লাজ হৰণকাৰী । ইয়াত কোনো পুৰুষ নাই। আছে কেৱল ক্লীৱ আৰু নৰপশু’। দ্ৰৌপদীয়ে অন্তৰেৰে ধিক্কাৰ দিছিল পঞ্চপাণ্ডৱক। কিয়নো হিয়াভগা কৰুণ বিননিয়ে তেওঁলোকৰ অন্তৰ স্পৰ্শ নকৰিলে। কেৱল স্পৰ্শ কৰিলেগৈ কৃষ্ণকহে। দ্ৰৌপদীৰ অন্তৰৰ একান্ত ভকতিৰ বাবেই জগতৰ স্বামী কৃষ্ণই বস্ত্ৰৰূপ ধাৰণ কৰি দ্ৰৌপদীৰ লাজ নিবাৰণ কৰিছিল। দ্ৰৌপদীৰ এই কৃষ্ণ ভক্তিয়ে তেতিয়া ৰাজসভাত থকা সকলোকে স্তম্ভিত কৰি তুলিছিল। সেয়েহে আধ্যাত্মিক দিশত ভাৰতীয় নাৰী সমাজক আগবঢ়াই নি সকলো নাৰীৰে আদৰ্শনীয় আৰু অনুকৰণীয় নাৰী হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল পুণ্যশ্লোকা দ্ৰৌপদীয়ে।

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় অসমীয়া নাৰী সকলো কোনো ক্ষেত্ৰতে পিছপৰি থকা নাই। অসমীয়া নাৰীয়েও কেৱল গতানুগতিক কামতে ব্যস্ত নাথাকি পুৰুষৰ সমানে ৰাজকাৰ্য চলাইছিল, ৰণাংগণলৈ গৈছিল, সমাজ গঠনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দৰে শাসনকৰ্ত্তা, মূলা গাভৰুৰ দৰে বীৰাংগনা, কুৰঙ্গনয়নী, পিজৌ গাভৰুৰ দৰে কূটনীতিবীদ আদি সাহসী, হিৰণ্যগৰ্ভা নাৰী সকলে জন্ম লৈছিল এইখন অসমতে। অসম বুৰঞ্জীৰ পাতত পতিভক্তি আৰু দেশভক্তিৰ অনন্য নিদৰ্শনেৰে উজ্জ্বলি থকা আন এগৰাকী অসমীয়া নাৰী হ’ল ‘জয়মতী’। ১৭শ শতিকাৰ আহোম ৰাজত্ব কালত হোৱা অশান্ত ৰাজনৈতিক পৰিস্থিতি আৰু ৰাজ্য বিপ্লৱৰ অৱসান ঘটাই দেশত পুনৰ শান্তি প্ৰতিষ্ঠা কৰি দেশবাসীলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা দূৰদৃষ্টিসম্পন্না, ৰাজনৈতিকভাৱে সচেতন এই গৰাকী মহীয়সী নাৰীয়ে মৰ্যাদাৰ যুঁজত প্ৰাণ আহুতি দি দেখুৱাই গ’ল সাহস আৰু ত্যাগৰ চূড়ান্ত নিদৰ্শন। তেওঁ মুখ বন্ধ কৰি কৰা অভিনৱ প্ৰতিবাদৰ কাহিনীয়ে নাৰী সকলক এতিয়াও সাহস যোগায়; এতিয়াও সোঁৱৰাই দিয়ে নাৰীৰ সবল স্থিতিৰ কথা। ইয়াৰ পৰাই আমি শিক্ষা পাওঁ যে জীৱনত সন্মুখীন হৈ অহা প্ৰতিটো সমস্যা প্ৰতিহত কৰিবলৈ প্ৰয়োজন হয় সাহস, ধৈৰ্য আৰু ইচ্ছাশক্তি। এই ক্ষেত্ৰত আমি বেছি দূৰলৈ নগৈ  সমাজৰ বিভিন্ন ক্ষেত্ৰত আত্মনিয়োগ কৰা অসমৰে চন্দ্ৰ প্ৰভা শইকীয়ানী, নলিনীবালা দেৱী, নিৰ্মল প্ৰভা বৰদলৈ, মামণি ৰয়ছম গোস্বামী আদি বিদূষী নাৰী সকলৰ জীৱন যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াই উপলদ্ধি কৰিব পাৰোঁ যে সুখ-দুখ, বিৰহ-বেদনা, ঘাত-প্ৰতিঘাত একোৱেই নাৰীৰ জীৱনক স্থবিৰ কৰিব নোৱাৰে যদিহে মনটোক সুন্দৰ ভাৱে পৰিচালনা কৰাৰ ক্ষমতা থাকে।

বৈদিক যুগৰে পৰা ক্ৰমবিৱৰ্ত্তনৰ মাজেৰে আহি নাৰীয়ে আজিৰ অৱস্থা পাইছেহি। সময়ৰ পৰিৱৰ্তনৰ লগে লগে নাৰীৰ সাজ-সজ্জা, ব্যক্তিত্ব আদিলৈয়ো আহি পৰিছে কিছু নতুনত্ব, কিছু পৰিৱৰ্তন । নিজৰ অস্তিত্ব ৰক্ষাৰ সজাগতা আৰু সচেতনতাই নাৰীক জোঁকাৰি গৈছে। ফলস্বৰূপে যুগে যুগে চলি অহা অন্যায়, উৎপীড়নৰ বিৰুদ্ধে গঢ়ি উঠিছে এক নীৰৱ আন্দোলন। এতিয়া বিশ্বায়নৰ যুগ। সম্প্ৰতি বিশ্বায়নৰ প্ৰভাৱে নাৰী সমাজকো ভালদৰে জোঁকাৰি গৈছে। নাৰী শক্তি যে এখন ৰাষ্ট্ৰৰ ভৱিষ্যত,উন্নতিৰ লাইখুটা সেই কথা যেন সকলোৱে অনুভৱ কৰিছে পুনৰবাৰ। সমগ্ৰ বিশ্বতে নাৰী সৱলীকৰণৰ জোঁৱাৰ উঠিছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে নাৰীৰ প্ৰতিনিধিত্ব বা আঁচনি নিৰ্দ্ধাৰণ। ইয়াৰ প্ৰকৃত অৰ্থ হ’ল নাৰীক অৰ্থনৈতিক ভাৱে স্বাৱলম্বী কৰি গঢ়ি সমাজত নিহিত হৈ থকা নাৰী বিৰোধী ব্যাধিবোৰ নিৰ্মূল কৰি ভৱিষ্যত প্ৰজন্মক সচেতন নাগৰিক কৰি গঢ়ি তোলা আৰু এখন সুস্থ সমাজ সৃষ্টি কৰি স্বাধীনতাৰ সোৱাদ উপভোগ কৰিবলৈ দিয়া। কিন্তু প্ৰকৃততে দেখা গৈছে যে নাৰীৰ বাবে হোৱা আৰ্ন্তজাতিক সন্মিলন, চৰকাৰী আঁচনি আদিয়ে নাৰী সকলৰ অৰ্থনৈতিক স্থিতি আশানুৰূপভাৱে সবল কৰিব পৰা নাই। ৰাজনৈতিক মেৰপাকৰ বাবেই হওঁক বা শক্তিশালী নাৰী সংগঠনৰ অভাৱতেই হওঁক এই আঁচনি সমূহৰ ৰূপায়নৰ গতি অতি মন্থৰ হোৱা দেখা যায়। তাৰোপৰি বিশ্বায়নৰ সোৱাদ  (কম্পিউটাৰ,ইন্টাৰনেট আদি) বিশেষকৈ নগৰ অঞ্চলত বাস কৰা উচ্চ আৰু মধ্যবিত্ত খিনিয়েহে ল’ব পাৰিছে। অথচ ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ গাঁও অঞ্চলত বাস কৰা নাৰী সকল বহু পৰিমাণে বঞ্চিত হৈ আছে। যি কি নহওঁক আমি অনুভৱ কৰোঁ নাৰীয়ে নিজকে সকলো ক্ষেত্ৰত সৱল কৰিবলৈ হ’লে প্ৰথমেই নিজৰ মানসিক চিন্তা-ধাৰাৰ পৰিৱৰ্ত্তন কৰিব লাগিব। অন্ধবিশ্বাস,কু-সংস্কাৰ, কিছুমান অযথা নীতি-নিয়মৰ পৰা মুক্ত হৈ মানসিক স্বাধীনতা লাভ কৰিব পাৰিলেহে নাৰীমুক্তি আন্দোলন সফল হ’ব। আনহাতে সমাজৰ প্ৰাণকেন্দ্ৰ ঘৰখনেই হৈছে শিক্ষাৰ আদিমূল। ইয়াত মাতৃৰূপী নাৰী গৰাকীয়েই সন্তানক আঙুলি ধৰাই জীৱনৰ আদি পাঠ আৰম্ভ কৰে। গতিকে ইতিবাচক চিন্তাশীল মনঃস্তত্ত্বৰে নাৰীয়ে নিজৰ ঘৰখনলৈ যোগোৱা অৱদানৰ জৰিয়তে সমাজৰ আমূল পৰিৱৰ্ত্তন ঘটাই নাৰী আন্দোলন কৃতকাৰ্য কৰি তুলিব পাৰে।

নাৰী আৰু পুৰুষ, ইজনে সিজনৰ পৰিপূৰক । পুৰুষৰ প্ৰগতিত নাৰীৰ হাত থকা আৰু ঠিক তেনেকৈ নাৰীৰ প্ৰগতিটো পুৰুষৰ হাত থকা বুলি কোৱা কথাষাৰ আমি কোনেও নুই কৰিব নোৱাৰোঁ । সম্প্ৰতি অৰ্থনৈতিক দুৰৱস্থাৰ পৰা উদ্ভৱ হোৱা আৰ্থসামাজিক সমস্যা সমূহে মুঠ জনগণৰ সৰহ সংখ্যক পুৰুষ নাৰীকে জৰ্জৰিত কৰি ৰাখিছে । সেয়েহে সামাজিক মৰ্যাদা,স্থিতি বা সন্মান প্ৰাপ্তিৰ বাবে প্ৰত্যেক মানুহকে লাগিব জীৱনটোক সুন্দৰৰূপে অৰ্থবহভাৱে গঢ়ি তোলাৰ এক সংগ্ৰামী জীৱনযাত্ৰা। পুৰুষ সকলেও জন্মগত ভাবে কোনো বিশেষ প্ৰতিভা বা স্বকীয়তা লৈ নাহে। নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকেও কষ্ট, ত্যাগ আৰু সাধনা কৰিব লগা হয়। সফল নাৰী সকলৰ জীৱনৰ পৰাও আমি সেই শিক্ষাকেই পাওঁ। একাগ্ৰতা আৰু সংগ্ৰাম অবিহনে মৰ্যাদাপূৰ্ণ জীৱনপ্ৰাপ্তি সম্ভৱ নহয়। তথাপিও দেখা যায় সুবিধা পালেই নাৰীক হেয় প্ৰতিপন্ন কৰাৰ মানসিকতাই  সমাজত এতিয়াও যেন শিপাই আছে ; যিয়ে নেকি নাৰীৰ প্ৰকৃত স্থিতিৰ ক্ষেত্ৰত কেতিয়াবা অন্তৰায় ৰূপে ঠিয় দিয়ে ক’ব নোৱাৰাকৈয়ে। সেয়েহে ভাৱো নাৰীৰ মৰ্যাদা আৰু সন্মান প্ৰাপ্তিৰ বাবে আজি নাৰী পুৰুষ দুয়ো পক্ষৰে প্ৰচেষ্টা আৰু সদ্ভাৱৰ অতি প্ৰয়োজন। সবল নাৰী আৰু সৎ পুৰুষৰ সন্মিলিত প্ৰচেষ্টাতহে এখন সুন্দৰ আৰু নিকা সমাজ গঢ় লৈ উঠাটো সম্ভৱ হ’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments