নাৰী দিৱসৰ কিছু চিন্তা -ডা° হিতেশ্বৰ শৰ্মা

ৰোনাল্ড আলমেৰ ফিচাৰ( Ronald Almyer Fisher) এগৰাকী পৰিসংখ্যা বিদ তথা জিনীয় বৈজ্ঞানিক (geneticist) আছিল৷ ১৯৬২ চনত মৃত্যু বৰণ কৰা এইগৰাকী বিজ্ঞানীয়ে প্ৰায় অকলেই পৰিসংখ্যা বিজ্ঞানৰ ভেটি নিৰ্মাণ কৰি থৈ যোৱা বুলি বহুতেই কব খোজে৷ ১৯৩০ চনত তেওঁ “The genetical theory of natural selection“ নামৰ গ্ৰন্থত উল্লেখ কৰে যে যৌন প্ৰজননৰ দ্বাৰা বংশ বৃদ্ধি কৰা জীৱ সমূহৰ লিংগৰ অনুপাত প্ৰায় ১ঃ১ হয়৷ যদিহে এই অনুপাতৰ দীৰ্ঘকালীন সময়ৰ বাবে তাৰতম্য ঘটে তেতিয়া প্ৰজাতি বিনাশ হয়৷ যদি সেয়াই হয় মানুহৰ ক্ষেত্ৰত পুৰুষ মহিলাৰ অনুপাতটোও ১ঃ১ হোৱাটো বাঞ্ছনীয়৷ ফিচাৰৰ এই ক্ৰমবিকাশৰ আৰ্হিটো এটা গুৰুত্বপূৰ্ণ বিষয়৷ ইয়াৰ ওপৰতে ভিত্তি কৰি দেশত পুৰুষ আৰু মহিলাৰ অনুপাতৰ বিষয়টো বিবেচনা কৰা হয়৷ সেয়েহে সামান্য ইফাল সিফাল হলেও প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ১০০০জনী মহিলা হোৱাটো বাঞ্ছনীয়৷
২০১১ চনৰ লোকপিয়ল মতে ভাৰতত এই অনুপাত ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৪০ জনী৷ ২০০১ চনত এই সংখ্যা আছিল ৯৩০ জনী৷ দহ বছৰত পৰা এই সংখ্যা কিছু উন্নত দেখা গৈছিল যদিও বিশ্বৰ গড়়ৰ হিচাপে ভাৰত এতিয়াও বিশ্বৰ ২০১খন দেশৰ ভিতৰত ১৯২ স্থান হে দখল কৰিবলৈ সক্ষম হৈছে৷ ভাৰতত কেৱল কেৰেলা আৰু পুড্ডুচেৰীত হে প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ক্ৰমে ১০৮৪ আৰু ১০৩৭জনী নাৰী আছে ৷ উত্তৰ ভাৰতত এই সংখ্যা ৯০০ তকৈও কম৷ ডাঙৰ কথা বিগত ৭, ৮ বছৰত এই অনুপাতৰ উন্নতি গতি অতি মন্থৰ৷ এই বৈষম্যৰ মূল কাৰণ হ’ল শিক্ষা, নাৰী সৱলীকৰণত বাধা, লিংগ বৈষম্য, ভ্ৰূণ হত্যা ইত্যাদি৷ গতিকে দেখা যায় যে মহিলাৰ শিক্ষা সৱলীকৰণ আদিত দেশ খনৰ কৰিবলগীয়া বহুত আছে৷
২০০৩ চনত মনিষ ঝাই মাতৃভূমি বুলি এখন চিনেমা উলিয়াইছিল৷ মনিষ ঝাই বাতৰি কাকতত এটি খবৰ পঢ়িবলৈ পাইছিল যে এখন গুজৰাটত এখন গাওঁ আছে য’ত কোনো মহিলা নাই৷ ইয়াৰ কাৰণ বিচাৰ খোচাৰ কৰি পালে যে ভাৰতত দুখলগাকৈ নাৰী অৱহেলিত হৈ আহিছে লগতে নিৰ্যাতন, যৌতুকৰ বাবে হত্যা, ভ্ৰূণ হত্যা আদিৰ দ্বাৰা বৈষম্যৰ স্বীকাৰ হৈ আহিছে, সেয়াই আছিল তেওঁৰ চিনেমাৰ উৎস৷ চিনেমা খনে মহিলা বিহীন ভবিষ্যতৰ কুৎসিত তথা ভয়ংকৰ অৱস্থাটোৰ এখন বাস্তৱ ছবি ডাঙি ধৰিবলৈ সক্ষম হৈছিল৷ ২০১১ চনৰ লোকপিয়লে দেখুৱাই দিলে যে ভাৰত এখন, চিনেমা খনত দেখুওৱাৰ দৰেই, লিংগ বিষম (gander imbalance) দেশৰ ফালে আগবাঢ়ি গৈ আছে৷
আজি মহিলাৰ সৱলীকৰণ, শিক্ষা, স্বাস্থ্য আনকি মহিলাৰ বাবে সংৰক্ষণৰো ব্যৱস্থা ভাৰতে কৰিছে তথাপিও কিন্তু সমস্যাৰ সমাধান হোৱা নাই৷ কৰ্মক্ষেত্ৰত মহিলা আগবাঢ়ি আহিবলৈ এইখিনিয়েই যথেষ্ট নহয়৷ মহিলাই আগবাঢ়ি আহিবলৈ এতিয়াও উপযুক্ত পৰিবেশ এটা গঢ় লৈ উঠা নাই৷ এতিয়াও কৰ্ম ক্ষেত্ৰত এগৰাকী মহিলাই বহু সময়ত নিৰাপত্তাৰ অভাৱ অনুভৱ কৰে৷ এগৰাকী কৰ্ম্মৰত মহিলাই গৃহিণীৰ দায়িত্বও সমানে পালন কৰি যাব লগীয়া হয় য’ত বহু ক্ষেত্ৰত পৰিয়ালৰ পৰা প্ৰয়োজনীয় সহযোগৰ পৰা বঞ্ছিত হয়৷ আটাইতকৈ ডাঙৰ অসুবিধাৰ সন্মুখীন হয় কৰ্মৰত মাতৃ সকল৷
চৰকাৰে মাতৃৰ সুবিধাৰ বাবে ২০১৭ চনত আইন সংশোধনী কৰি ২৬ সপ্তাহলৈ প্ৰসুতি জনিত ছুটী বৃদ্ধি কৰে৷ লগতে যি কোনো প্ৰতিষ্ঠানত য’ত ৫০ জনতকৈ বেছি মহিলা কৰ্মচাৰীয়ে কাম কৰে তাত শিশুৰ যতনৰ (Crèche facility ) ব্যৱস্থা নিশ্চিত কৰে৷ কিন্তু বাস্তৱত চৰকাৰী প্ৰতিষ্ঠানেই হওক বা বেচৰকাৰী প্ৰতিষ্ঠানেই হওক শিশুৰ যতনৰ (Crèche facility) ব্যৱস্থা দেখা নাই৷ অৱশ্যে দুই এটা ব্যতিক্ৰমী ব্যক্তিগত প্ৰতিষ্ঠানত সেই সুবিধা নথকা নহয়৷ তথাপিও আইনৰ এই সংশোধনে মহিলাৰ চাকৰিত অংশগ্ৰহণ বৃদ্ধি কৰিব পৰা নাই৷ বিশ্ব বেংকৰ এক প্ৰতিবেদনৰ তথ্য অনুসৰি কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ ১৯৯০ চনত ৩৫% পৰা ২০১৭ চনত ২৭% লৈ হ্ৰাস পায়৷ ইয়াৰ বাবে জগৰীয়া কৰিছে ব্যক্তিগত খণ্ডক৷ ব্যক্তিগত খণ্ডই মুনাফাৰ খাতিৰত সাধাৰণতে এগৰাকী মহিলা কৰ্মীক ইমান ৰেহাই দিব নোখোজে আৰু আওপকীয়া ভাবে তেনেকুৱা কৰ্মচাৰীৰ প্ৰতি কোনো আগ্ৰহ নেদেখুৱায়৷ দোষ যাৰেই নহওক ভুক্ত ভোগী কিন্তু মহিলা সকলেই হৈ আহিছে৷
আজি মহিলাখিনি আগবঢ়াই আহিবলৈ উপযুক্ত পৰিবেশ এটাৰ বৰকৈ প্ৰয়োজন অনুভৱ হয়৷ কথাবোৰ তৃণমূল পৰ্যায়ত গভীৰ ভাবে বিবেচনা নকৰিলে বা এক ব্যবহাৰিক সমাধান উলিয়াব নোৱাৰিলে মহিলা সৱলীকৰণ কেৱল এটা শ্ল’গান হিচাপে পৰি ৰ’ব৷
তথ্যসূত্ৰঃ
1.
Efron, Bradley. R. A. Fisher in the 21st century (Invited paper presented at the 1996 R. A. Fisher Lecture). Statist. Sci. 13 (1998), no. 2, 95–122. doi:10.1214/ss/1028905930. https://projecteuclid.org/euclid.ss/1028905930
2.
Fisher, R.A. 1930 The Genetical Theory of Natural Selection, Clarendon Press, Oxford
3.
http://censusindia.gov.in/…/ind…/Final_PPT_2011_chapter5.pdf
4.
“Matrubhoomi (2003)”. New York Times.
5.
https://labour.gov.in/…/Maternity%20Benefit%20Amendment%20A…
6.
https://data.worldbank.org/indicator/SL.TLF.CACT.FE.ZS…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments