নাৰী দিৱস নাৰীবাদ আৰু মই ( অনামিকা বৰুৱা )

নাৰী দিৱস নাৰীবাদ আৰু মই

অনামিকা বৰুৱা

৮ মাৰ্চত বছৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় । আচলতে দিৱস মানেনো কি ? কোনো এটা দিন বিশেষভাবে বিশেষ উদ্দেশ্য বা কাৰণত উদ্‌যাপন কৰা হয় , এয়ে নহয় জানো? যেনে বিষ্ণু দিৱস, জ্যোতি দিৱস, শিশু দিৱস, শিক্ষক দিৱস ইত্যাদি ইত্যাদি। এই দিৱসবিলাকৰ তাত্‌পৰ্য্য বহলাই নকলেও হ’ব। কিন্তু নাৰী দিৱস! বিশেষভাবে এটা দিন উদ্‌যাপন কৰাটোৱে বাৰু কি সূচায়? নাৰী জাতি বিলুপ্তিৰ পথত তাক সংৰক্ষণ কৰাৰ প্ৰয়োজন ? নে অস্তিত্ব ৰক্ষাৰ দৌৰত সঁচাকৈয়ে নাৰীৰ অস্তিত্ব আজি বিপদাপন্ন ? এয়া নাৰীৰ প্ৰতি সন্মান নে অপমান নে জনজাগৰণৰ এটা প্ৰচেষ্টা ? ইমান ডাঙৰ ডাঙৰ কথাবোৰ নুবুজোঁ । মই সৰু মানুহ । সৰু সৰু কথাতে সুখ দুখ বিচাৰি পাওঁ । বিচাৰি ফুৰোঁ । মানুহজনে কেতিয়াবা এই লৈ অভিযোগ কৰে কিনো তুমি সৰু সৰু কথাতে ইমানকৈ লাগি থাকা বুলি। তেওঁক এতিয়া মই কেনেকৈ বুজাওঁ মোৰ পৃথিৱীখনেই যে সৰু। আধাফুটা কলিটোতে মই সমস্ত সৌন্দৰ্য্য বিচাৰি পাওঁ! কোমলকৈ ওলোৱা সেউজীয়া পাতটিতে মই জীৱনৰ সন্ধান পাওঁ ! এটোপাল নিয়ৰতে মই আকাশৰ ৰামধেনুৰ সাঁতোৰঙ বিচাৰি পাওঁ! এটা পৰশ এটা চুমা এটা আলিঙ্গনে মোৰ জীৱন জোৰা তৃষ্ণা নিৰ্পাবিত কৰিব পাৰে! নুবুজে তেওঁ। তেওঁৰ বাবে এইবোৰ সাধুকথা। অথচ সাধুকথাই যে মোৰ প্ৰিয় !!! সৃষ্টিকৰ্তাই যেতিয়া জীৱৰ সৃষ্টি কৰিছিল তেতিয়া তেওঁ নিশ্চয় জীৱজগতৰ পাৰিপাৰ্শ্বিকতা আৰু ভাৰসাম্যতা ৰক্ষা কৰিব পৰাকৈয়ে জীৱৰ সৃষ্টি কৰিছিল। ৰং ৰূপ গুণ আকাৰ প্ৰতিটো ক্ষেত্ৰতে ভিন্নতা ৰাখিয়েই জীৱৰ সৃষ্টি কৰিছিল। স্বৰূপভেদে সকলো জীৱৰ মাজতেই বৈষম্য বিৰাজমান, ঐক্য মাথো এটাতে আমি পৃথিৱী নামৰ গ্ৰহটোৰ বাসিন্দা। একেই বায়ু পানী সেৱন কৰিয়েই সকলো প্ৰাণীয়ে জীৱন ধাৰণ কৰিছোঁ। এটা সৰু উদাহৰণ দিওঁ -যদি সৃষ্টিকৰ্তাই ১০টা বাঘৰ বিপৰীতে ১০টা হৰিণা সৃষ্টি কৰিলে হয় আৰু থাওকতে বাঘে হৰিণাকেইটা খাই পেলোৱাৰ লগে লগেই হৰিণাৰ প্ৰজাতি পৃথিৱীৰ পৰা লোপ পালে হয়। তাৰপাছত লাহে লাহে খাদ্যৰ অভাবত বাঘকেইটাই মৃত্যুবৰণ কৰাৰ লগে লগে বাঘৰ প্ৰজাতিও পৃথিৱীৰ পৰা নি:শেষ হৈ গ’ল হয়। বহুক্ষেত্ৰত এনেকুৱা হৈছেও। যিদিনাৰ পৰাই মানুহে প্ৰকৃতিক নিজ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ লৈছে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হৈছে। ইয়াৰ ফলাফলে কি ভয়াবহ পৰিণতি কঢ়িয়াই আনিছে সেয়া সকলোৰে চকুৰ আগত। সৃষ্টিৰ পাতনিৰে পৰাই কেৱল মানুহ বুলিয়ে নহয় গছ-গছনি, পশু-পক্ষী সকলো প্ৰজাতিতে দুটা ভাগ বা প্ৰকাৰ আছে; সহজ অৰ্থত সেয়া হৈছে মতা আৰু মাইকী। জীৱ জগতৰ অস্তিত্ব বৰ্তাই ৰখাৰ স্বাৰ্থতে দুই লিঙ্গৰে সমান অবদান আছে। মতা আৰু মাইকী দুয়োৰে সঙ্গমৰ ফলতহে পুনৰ আৰু এটা নতুন জীৱৰ সৃষ্টি হয় আৰু ক্ৰমান্বয়ে এনেদৰেই প্ৰত্যেক প্ৰজাতিৰে জীৱৰ বিস্তাৰ হয়। এই সম্পৰ্কত সৰুতে হোৱা মোৰ এটা উপলব্ধিৰ কথা কওঁ। দেউতাৰ চাকৰি থাকিলেও চাৰিটা ল’ৰা ছোৱালীৰ পঢ়া-শুনাৰে সৈতে আমাৰ ছজনীয়া পৰিয়ালটো চলা-মেলাত প্ৰায়ে কষ্ট হয়। সেয়ে মায়ে হাঁহ কুকুৰা পুহিছিল আৰু সেইবোৰ চোৱাচিতাৰ ভাৰ মোৰ ওপৰত পৰিছিল। কণী পৰাৰ পাছত কুকুৰাবোৰে উমনি লয়। ময়ো কুকুৰাজনীয়ে উমনি লোৱা দেখি বাহটো ঠিক ঠাক কৰি দি ১৫টা কণী উমনি ল’বলৈ দিলো। সময় হোৱাৰ পাছতো পোৱালি নোলোৱা আৰু কণীবোৰ ক’লা পৰা দেখি এদিন এটা কণী ভাঙি চালো। দুৰ্গন্ধত মোৰ বমি হৈ গ’ল। কণীকেইটা গেলিছিল। পাছত এনাইয়ে মাত্ৰ কৈছিল যে মতা কুকুৰা নাছিল কাৰণেই পোৱালি নোলাল। কথাটো বহুত ডাঙৰ হোৱালৈকে মোৰ বাবে সাঁথৰ হৈ আছিল। এতিয়া মোৰ প্ৰশ্নটো হ’ল জীৱ জগতৰ সকলোতে মাইকীবোৰৰ সহ-অৱস্থান অনস্বীকাৰ্য্য। তেনেস্থলত জীৱশ্ৰেষ্ঠ মানুহ হৈয়ো কিয় নাৰীয়ে আকৌ সুকীয়াকৈ নিজৰ অস্তিত্বৰ বাবে সংগ্ৰাম কৰিব লগা হ’ল? ইয়াৰ বাবে দায়ী কোন? অকল পুৰুষসকলেই ইয়াৰ বাবে জগৰীয়া নে কিছুদূৰ নাৰীসকলো তাৰবাবে জগৰীয়া ? প্ৰত্নপ্ৰস্থ যুগতও জীয়াই থাকিবলৈ পুৰুষ নাৰী সকলোৱে একেলগে উমৈহতীয়াভাবে সংগ্ৰাম কৰিছিল। আদিতে পৰিয়াল বিস্তাৰত নাৰীগৰাকীৰ কষ্টক স্বীকাৰ কৰিয়েই হওক বা আন কাৰণতে হওক নাৰীয়েই একোটা দলৰ মূৰব্বী আছিল । কিন্তু কালক্ৰমত মানৱ সভ্যতাৰ বিকাশৰ লগে লগে সমাজ সৃষ্টি হোৱাৰ পৰাই শাসনৰ বাঘজৰী পুৰুষৰ হাতলৈ গ’ল আৰু নাৰীৰ স্থান অৱনমিত হৈ গৈ থাকিল গৈ থাকিল গৈয়েই থাকিল।(এই কথাখিনি ৰাহুল সংস্কৃত্যায়েনৰ ভল্গাৰ পৰা গংগা নামৰ কিতাপখনত খুউব সুন্দৰকৈ বৰ্ণিত আছে।)…আৰু আজি একবিংশ শতিকাত ভৰি দিও আমি সঁচা অৰ্থত মানুহ হোৱাৰ স্বীকৃতি নাপালো। অতীজতে এসময়ত পুৰুষশাসিত সমাজত নাৰীৰ স্থান ক’ত আৰু কি ৰূপত আছিল তাক আজি আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। প্ৰথম অৱস্থাত নাৰী নিজেও কিন্তু নিজৰ উন্নতিৰ বাবে উন্মুখ হৈ উঠা নাছিল। বৰং দুখ যাতনা অপমান লাঞ্চনা গঞ্জনা এই সকলোবোৰ নিয়তি অথবা ভাগ্যৰ লিখন বুলিয়ে মানি আহিছিল। বহুত বেছি দূৰলৈ যাব নালাগে, এটা মাত্ৰ শব্দ “বঙহৰদেউ” বুলি মতাৰ কাৰণেই আইদেউ সণ্দিকৈৰ একাকীত্বৰ যন্ত্ৰণাই আমাক তাকেই কৈ নাযায় নে? আশাপূৰ্ণা দেৱীৰ প্ৰথম প্ৰতিশ্ৰুতি, সুৱৰ্ণলতা আৰু বকুলকথাত সেই সময়ছোৱাৰ জীৱন্ত বৰ্ণনা দিয়া আছে। পঢ়োতেই মোৰ গাৰ নোম ডাল ডাল হৈ গৈছিল। যিয়ে তাক ভোগ কৰিছিল তেওঁলোক বাৰু কেনেকৈ জীয়াই আছিল? পূৰবী বৰমুদৈৰ ৰূপোৱালী নৈৰ সোণোৱালী ঘাটতো আছে এটা জীৱনতে ক্ৰমাত যন্ত্ৰণাৰ পৰা মুক্তিৰ হাতবাউলি স্বীকাৰ কৰা এজন বুৰঞ্জী লিখাৰ মানুহৰ কথা। এই কিতাপসমূহ আচলতে একো একোখন দলিল। জীৱন আৰু যন্ত্ৰণাৰ জীৱন্ত কিংবদন্তি। আজিকালি কাগজে পত্ৰই, টি.ভি-ৰেডিঅ’ৰ বাতৰিবোৰতো প্ৰয়ে শুনা যায় নাৰীবাদৰ কথা। নাৰীৰ অত্যাচাৰৰ কথা। নাৰীৰ সম অধিকাৰৰ কথা। তাৰবাবে অনেক অনুষ্ঠান প্ৰতিষ্ঠানো ওলাইছে। আইন কানুনো হৈছে। ভাল কথা। কিন্তু অধিকাৰ কোনোবাই কাৰোবাক দিব পৰা বস্তু নে অৰ্জন কৰা বস্তু ? ইয়াক কিনিব পৰা যায় নে ? এইক্ষেত্ৰত অধিকাৰ বুলি কোৱাতকৈ মই অৰ্হতা অথবা যোগ্যতা বুলি ক’বলৈ ভাল পাম। মোৰ যোগ্যতাৰে মোৰ সন্মুখত থকাজনক মই যিদৰে প্ৰভাৱাম্বিত কৰিব পাৰিম তেওঁৰ পৰা সেইদৰেই প্ৰত্যুত্তৰ বা সঁহাৰি পাম।…..উন্নতিৰ চুড়ান্ত শিখৰত উপনীত হৈয়ো শুনিবলৈ পাওঁ যৌতুকৰ বাবেই বোৱাৰী হত্যাৰ কথা । বিয়া দিব নোৱাৰি মাক দেউতাকৰ হতাশাক প্ৰত্যক্ষ কৰিব নোৱাৰি আত্মহত্যা কৰা দুৰ্ভগীয়া গাভৰুহঁতৰ কথা। এতিয়াও চলিয়ে আছে গোপনে ভ্ৰুণ হত্যাৰ কাৰবাৰ। নাৰীচক্ৰৰ হাতত পৰি শ শ জীয়ৰী বোৱাৰীয়ে কদৰ্য্য জীৱনত ভৰি দিয়াৰ খবৰে এতিয়াও তোলপাৰ কৰে চৌদিশ। এইখন ভাৰততে বিহাৰত এখন গাঁও আছে য’ত ছোৱালীবোৰৰ কেতিয়াও বিয়া নহয় , মাত্ৰ দামৰ বিনিময়ত ছোৱালীবোৰে পুৰুষৰ শৰীৰৰ দাবী পূৰণ কৰে। বহুত বছৰ আগতে বহাগতে পাতি যাওঁ বিয়া বুলি এখন কিতাপ পঢ়িছিলোঁ। তাতো পাইছিলো পৃথিৱীৰ প্ৰতিটো প্ৰান্ততে কিদৰে নিয়মৰ নামত নাৰীবোৰ পুৰুষৰ হাতৰ পুতলা আছিল। পশুতকৈয়ো নিম্নস্তৰৰ আছিল নাৰীসকলৰ জীৱন। বাকী ৰজা মহাৰজা বাদ্‌শ্বাহবোৰৰ জাক জমকতা আমোদ প্ৰমোদৰ আঁৰত থকা কেলেংকাৰীবোৰৰ কথা ন’কলোৱেই যেনিবা! পুৰুষশাষিত সমাজত পুৰুষৰ দম্ভ আছে তাত সন্দেহ নাই। কিন্তু পুৰুষক “পুৰুষ” হোৱাৰ গৰ্ব অনুভৱ কৰিবলৈ দিয়ে কোনে ? নাৰীসকলেই নহয় জানো ? কিন্তু আমি নাৰীসকলনো নিজকলৈ কিমান সজাগ ? কথাই কথাই ধৰ্ণা দিয়া , কথাই কথাই নাৰী অধিকাৰক লৈ আন্দোলন কৰা নাৰীসকল সঁচাকৈয়ে সচেতননে ? সাধাৰণভাবে চাবলৈ গ’লে এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে যেতিয়া সমাজৰ অনুমতি লৈ এটা বান্ধোনত বান্ধ খায় তাক বিয়া বোলে । তাৰপাছত বংশ আগবঢ়াই নিবলৈকে হওক বা বৃদ্ধ বয়সত তেওঁলোকৰ সাৰথি হ’ব বুলি ভবাৰ স্বাৰ্থতে হওক সন্তানৰ আমন্ত্ৰন কৰে । সন্তান জন্মাৰ এই প্ৰক্ৰিয়াটোত দুয়োজনেই সমান অংশীদাৰ। পুৰুষৰ শুক্ৰাণুৱে ডিম্বাণু নিষিক্ত কৰি দিয়াৰ পৰা আৰু নাৰীৰ জৰায়ুৱে তাক ধাৰণ কৰি সন্তানটো প্ৰসৱ কৰালৈকে সমস্ত ঘটনাটোৱেচোন পৰস্পৰে পৰস্পৰৰ প্ৰতি নিৰ্ভশীলতাকে সূচায়। তথাপিও প্ৰায়ে কিয় দেখা যায় নাৰীগৰাকীক গৰ্ভৱতী কৰিয়ে পুৰুষসকলে দ্বায়িত্ব এৰে । তাৰমানে এইটো নেকি যে পুৰুষৰ পুৰুষত্ব একমাত্ৰ সেই কাৰ্য্যটোৱে প্ৰতিফলিত কৰে ? মানুহ হোৱাৰ , নিজকে মানুহ বুলি কোৱাৰ আন একো কৰ্তব্যবোধ বা দ্বায়িত্ববোধ তেওঁলোকৰ নাইনে ? এখন্তেকৰ কাৰণে হ’লেও তেওঁলোকে কিয় নাভাবে যে নাৰী নাথাকিলে পুৰুষো নাথাকিব। পুৰুষ নিজে স্বয়ংসম্পূৰ্ণ নহয় । নাৰীও নিজে নিজে পূৰ্ণ নহয় । পুৰুষ নাৰী দুয়ো এখন নদীৰ দুটি পাৰ । এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । সংসাৰ বুলি ক’লে অলপ দিয়া লোৱা , অলপ এৰা ধৰা ,অলপ বুজা পৰাৰ যি নিৰৱিছিন্ন ধাৰা সি সমান্তৰালভাবে চলি থাকিলেই সংসাৰখন সুখৰ হৈ উঠে। কিন্তু কাৰ্য্যত: কি দেখা যায় ? পুৰুষজনে পুৰুষ হোৱাৰ অহংকাৰতে হওক বা প্ৰচলিত চিন্তাধাৰাক প্ৰতিফলিত কৰিয়ে হওক বা আৰ্থিক নিৰাপত্তা দিয়াৰ যুক্তিতে হওক সংসাৰ নামৰ বোজাটো নাৰীগৰাকীৰ মূৰত জাপি দিয়ে। পুৰণিকালৰ কথা বেলেগ আছিল। ঘৰখন চলাবলৈ পুৰুষজনে অহৰহ অৰ্থ উপাৰ্জনত বা খাদ্য সংগ্ৰহত ব্যস্ত থাকিব লগা হৈছিল আৰু বংশৰক্ষাৰ বাবে সন্তান জন্ম দি সিহঁতক প্ৰতিপাল কৰি ঘৰুৱা কামকাজত নাৰীগৰাকী ব্যস্ত থাকিব লগা হৈছিল। সময়ৰ গতিত ইয়েই চাগে পুৰুষক শক্তিমান আৰু নাৰীক অবলা হিচাবে চিহ্নিত কৰিলে আৰু ক্ৰমবিবৰ্তনত আজি নাৰীয়ে নিজৰ অস্তিত্ব বিচাৰি সংগ্ৰাম কৰিব ল’গা হ’ল। যাৰ পৰিপ্ৰেক্ষিত্বত নাৰীবাদে গা কৰি উঠিল। কিন্তু ইয়ো যেন এক প্ৰহসন মাথোন!! বহুত বেছি বিতৰ্কৰ মাজলৈ নাযাওঁ। যুগে যুগে নাৰী অবহেলিত হৈ আহিছে সেয়া সঁচা কথা। সীতাৰ পৰা জয়্মতীলৈকে সমস্ত ঘটনাৰাজিতেচোন টোপ টোপ কৈ বেদনাৰ ৰসেই নিগৰে । আজিওটো তাৰ ৰেঙনি জিলিকে সময়ে সময়ে ! ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ পৌৰাণিক কালত পুৰুষৰ যেনেকৈয়ে ইচ্ছা তেনেকৈয়ে নাৰীসকলক ভোগ কৰিছিল । তাৰবাবে নাৰীসকলৰ ইচ্ছা অনিচ্ছাক গুৰুত্ব দিয়া দূৰৰ কথা সোধাৰো প্ৰয়োজনবোধো কৰা নাছিল । কিন্তু নাৰী জানো মাত্ৰ এটা ভোগৰ আহিলা ? মাত্ৰ এটা শৰীৰ ? শৰীৰটোক বাদ নাৰীৰ আন একো নাই ? মন নাই ? আত্মা নাই ? একেজনীয়ে নাৰী যি সময় আৰু প্ৰয়োজনসাপেক্ষে মাতৃ , ভগ্নী , পত্নী , বান্ধৱী , প্ৰেয়সী অথবা শুভাকাংক্ষী হ’ব পাৰে । আকৌ পুৰুষো একেখিনিয়ে নহয় জানো যিয়ে নাৰীক পদদলিত কৰি আকৌ নাৰীকেই শক্তিৰূপত পূজা কৰে ? আচলতে বিভ্ৰান্তিটো ক’ত ? পুৰুষে ভাবে নাৰী অবলা । নাৰীৰ চিন্তাৰ দৌৰ সীমিত। ৰূপ লাবণ্য লৈয়ে সততে সজাগ নাৰীয়ে প্ৰতিটো ক্ষেত্ৰতে পুৰুষৰ সমানে খোজ দিব নোৱাৰে । কিবা কাৰণত দিব পাৰিলেও তাক কৰাৰ সুবিধা দিলেই পুৰুষৰ পুৰুষ হোৱাৰ অহংকাৰ খৰ্ব হ’ব । ছলে বলে কৌশলে নাৰীক শাসন কৰাৰ সান্দহ খোৱা বালি তল যাব । আনহাতে দুগৰাকীমান নাৰী বা মহিলা গোট খালেই কি কৰে ? সাধাৰণ শাক খোৱা ভাত খোৱা কথা পাতিয়েই ইজনীৰ সিজনীৰ কথা গায় বা লগায় এচোৱা দীঘলীয়া সময় অবাবতে নষ্ট কৰে । (যিটোৰ গইনা লৈয়ে পুৰুষে নাৰীক ইতিকিং কৰে ।) এই অবাবতে কটোৱা সময়ছোৱাত তেওঁলোকে দেশৰ আৰু দহৰ উপকাৰত আহিব পৰা কিবা এটা ভাল কাম কৰিব পাৰে । তাকে নকৰিলেও নিজৰ ঘৰখনৰ , নিজৰ সন্তানৰ , নিজৰ মনটোৰে উত্‌কৰ্ষ সাধন কৰিব পাৰে । এটা সত্‌ উদ্দেশ্যৰে নিজে ভাল কিবা এটা কৰি আন দহগৰাকীকো তাৰবাবে আকৰ্ষিত কৰি তাত যোগ দিবলৈ আহ্বান কৰিব পাৰে । আমাৰ আৰু এটা বদনাম আছে মাইকী মানুহৰ পেটত কথা নাথাকে। মাইকী মানুহৰ পেটত কথা নথকাৰ শাওপাত দিছিল যুধিষ্ঠিৰে মাতৃ কুন্তীৰ কাৰণে। কুৰুক্ষেত্ৰ যুদ্ধত কৰ্ণৰ মৃত্যুৰ পাছতহে যেতিয়া কুন্তীয়ে পাণ্ডৱৰ আগত কৰ্ণৰ জন্ম ৰহস্য তুলি ধৰিছিল তেতিয়া যুধিষ্ঠিৰে সমগ্ৰ নাৰীজাতিক শাওপাত দিছিল যে নাৰীয়ে কেতিয়াও কোনো কথা গোপন কৰিব নোৱাৰিব বুলি। কিন্তু এই অভিশাপক নস্যাত্‍ কৰিছিল অসম গৌৰৱ সতী জয়মতীয়ে । জেৰেঙাই আজিও জয়মতীৰ কথা গৌৰৱেৰে ৰিঙিয়াই ! আচলতে অতীজতে হওক বা এতিয়াতে হওক পুৰুষ বা নাৰী পৰস্পৰে পৰস্পৰৰ প্ৰতি কিছুমান ভুল ধাৰণা লৈ আহিছে বা ভুল ধাৰণাৰ বলি হৈছে। এইটো ন’কলেও সকলোৱে বুজে যে পুৰুষ কিম্বা নাৰী এটা আনটোৰ পৰিপূৰক। পুৰুষে নাৰীক মাত্ৰ এটা শৰীৰ, এটা পণ্য সামগ্ৰী বুলি ভবা ধাৰণাটো সলাব লাগিব। শৰীৰৰ মাজেৰে নাৰীৰ মূল্যাংকন কৰা ভুলটো শুধৰাব লাগিব। প্ৰথম এই এটা ভুলৰ শুধৰণি হোৱাৰ লগে লগে বাকী ভুলবোৰে হয়তো প্ৰথমটোৰ হাতত ধৰি এটা দুটাকৈ শুদ্ধ হৈ গৈ থাকিব। তাৰবাবে আমি নাৰীসকলো সচেতন হ’ব লাগিব। অবলা সজায় নিজকে পুৰুষৰ হাতৰ পুতলা হ’বলৈ এৰি দিব নালাগিব। সৌন্দৰ্য্যৰ নামত অৰ্ধনগ্ন হৈ নিজক পণ্য সামগ্ৰী কৰি তোলাৰ মানসিকতা এৰিব লাগিব। দেখাক দেখি আধুনিকতাৰ নামত পশ্চিমীয়া সভ্যতাক অনুকৰণ কৰিবলৈ গৈ আজি আমি এনেকুৱা কিছুমান আচৰণ কৰিবলৈ লৈছো যিবোৰে আমাৰ মানুহ হোৱাৰ গৰ্বত আঘাট সানিছে । এইবোৰত উদ্‌গনি যোগাইছে তথাকথিত আধুনিক চিন্তাধাৰাৰ নৈশ ক্লাব পাৰ্টিবোৰে, সাজ সজ্জাৰ নামত আধা নাঙঠ দেহাৰ বেহা, অতি আধুনিক হ’বলৈ গৈ মানবীয় প্ৰমূল্যক ভৰিৰে মোহাৰি মানসিকভাবে ৰোগগ্ৰস্ত হোৱা এচাম মানুহ নামৰ অনৈতিক কাণ্ড কাৰখানাই। প্ৰত্যকেজনেই প্ৰকাশ্যেই নহলেও অপ্ৰকাশ্যভাবে হ’লেও ভাবে যে পুৰুষ আৰু নাৰীৰ মাজত শাৰীৰিক সম্বন্ধৰ বাদে আন কোনো সম্বন্ধ হ’ব নোৱাৰে। একমাত্ৰ এই ধাৰণাটোৰ বাবেই , কি পুৰুষ কি নাৰী সকলোৱে মানৱ জাতিৰ নামত কলংক। মই অন্ততঃ তেনেকৈ নাভাবো। শৰীৰটো বাদ দি মানসিকভাবে সম্পৰ্ক এটা কিয় জীয়াই ৰাখিব নোৱাৰি ? ইয়াত কোনো সন্দেহ নাই যে পেটটোৰ দৰে শৰীৰটোৰো এটা নিৰ্দিষ্ট দাবী আছে। তাক পূৰোৱাটো আমাৰ জীৱনৰে এটা অংশ। কিন্তু একমাত্ৰ শৰীৰটোৰ দাবীক প্ৰাধান্য দি বাকী অনুভুতিবোৰক আওকান কৰাটোতে বোধকৰোঁ ভুল হয় । সিদিনা মোক এজনে প্ৰশ্ন কৰিছিল যে নিষিদ্ধতাৰ প্ৰতি মানুহৰ ইমান হেঁপাহ কিয় ? মই কৈছিলো যি সহজলভ্য নহয় সি নিষিদ্ধ আৰু সেয়ে সেইটোৰ প্ৰতি মানুহৰ হাবিয়াস বেছি। তাক পোৱাৰ বাবে উত্সুকতা বেছি। কথাপ্ৰসংগতে ক’ব পাৰি মুক্ত যৌনাচাৰ অসম নেলাগে সমগ্ৰ ভাৰততে সমৰ্থনযোগ্য নহয়। সংবিধানমতেই প্ৰাপ্তবয়স্ক হ’লেহে বিয়াত বহিব পাৰি আৰু তাৰ পাছতহে যৌনতাৰ ন্যায্যতা আহি পৰে। কিন্তু বৰ্তমান কি দেখা যায় ? এচাম অসুস্থ মানুহৰ বিকৃত মানসিকতাৰ বাবেই দিনে দিনে ব্যভিচাৰে দুৰাৰোগ্য ব্যাধিৰ দৰে গোটেই দেশখনক ছানি ধৰিছে। যাৰ পৰিণামস্বৰূপে আমি আমাৰ মূল্যবোধ হেৰুৱাইছোঁ । কেৰোণটো কিজানি তাতেই। এহাল পুৰুষ নাৰী লগ হৈ যেতিয়া এখন সংসাৰ পাতে আৰু বংশ বিস্তাৰৰ বাবে সন্তান জন্ম দিয়ে ল’ৰা হওক বা ছোৱালী হওক দুয়োটাকে সৰুৰে পৰাই সম ব্যৱহাৰ কৰিব লাগে । সমান শিক্ষা দিব লাগে । সুস্থ ৰুচিবোধ আৰু সুস্থ বিবেকৰ ভেটি সৰুতেই গঢ়ি দিব লাগে । এজনৰ আনজনৰ প্ৰতি থকা দায়বদ্ধতা আৰু নিৰ্ভৰশীলতাৰ পাঠ সৰুতেই দিব লাগে । পিতৃ-মাতৃ দুয়োৰে বিশ্বাস আৰু সহযোগিতাৰ সন্তুলন দেখি সন্তানে যাতে নিজে নিজেই বুজি উঠে দয়া মৰম সন্মান আত্মীয়তা মানবীয়তা সততা আদি শব্দবোৰৰ সঁচা অৰ্থ। হয়তো উঠি অহা নতুন প্ৰজন্মক উচিত শিক্ষা দিব পাৰিলে আহিবলৈ ধৰা দিনবোৰত বৰ্তমানে থকা আসোঁৱাহবোৰ আঁতৰ হ’ব। এইক্ষেত্ৰত মাক-দেউতাক দুয়োৰে সমান দায়িত্ব আছে। উন্নতিৰ জখলাত বগোৱাৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ মানো উন্নত হৈছে। আৰু তাৰ কাৰণে অৰ্থ উপাৰ্জনৰ দায়িত্ব পি্তৃ-মাতৃ দুয়োয়ে পালন কৰে বাবে সন্তান অথবা সংসাৰৰ দায়বদ্ধতাও দুয়োয়ে সমানে পালন কৰিব লাগে। কিন্তু কাৰ্য্যতঃ সেইটো দেখা নাযায় । মোৰ লগৰে মহিলা সহকৰ্মীসকলক প্ৰায়ে পাকঘৰটো ডাকঘৰলৈ তুলি অনা দেখো । ৰন্ধন প্ৰকৰণৰ পৰা আৰম্ভ কৰি বিউটি পাৰ্লাৰলৈকে কৰা আলোচনাবোৰত কিন্তু কোনো অৰ্থবহ চিন্তা অথবা নিজৰ মৰ্য্যদা বৰ্তাই ৰখাৰ কোনো আভাস নাথাকে। পুৱা গধূলি মানুহজনৰ আ‍লমৰাতেই ব্যস্ত থাকে আইদেউসকল। মানুহজনে যি কয় সেয়ে হ’ব। বিয়াৰ পাছত যে নিজাববীয়াকৈ কিবা সিদ্ধান্ত ল’ব সেয়া যেন অলীক কল্পনা। যেন বিয়াৰ নামত এটা চুক্তি কৰিছে খাবলৈ পিন্ধিবলৈ জীয়াই থাকিবলৈ। নিজৰ কোনো সুকীয়া পৰিচয় নাই। কোনো সুকীয়া আত্মমৰ্য্যদা নাই। হাঁহিমুখে স্বীকাৰ কৰি লৈছে এটা দাসীৰ জীৱন!(তাৰপাছতো নাৰীবাদৰ আন্দোলনৰ যুক্তিযুক্ততা মই বিচাৰি নাপাওঁ)। মোৰ অবাক লাগে। নোৱাৰিলোঁ মই আন দহজনী পত্নীৰ দৰে মোৰ হাঁহি কান্দোন মান অভিমানবোৰ বন্ধকত থ’বলৈ । বিবহিতা বেশ্যা হ’বলৈ । মই পত্নী ঠিকেই কিন্তু পাটিৰ তিৰোতা নহয়। এই লৈ আমাৰ মাজত বহুদিন বহু ৰাতি তৰ্কও হৈছে। অলপ অশ্লীলতাৰ দোষে চুইছে ক্ষমা কৰিব। কোনো ভদ্ৰ মহিলাই নিজৰ সংসাৰৰ কথা এনেকৈ নকয়। কিন্তু ভদ্ৰতাৰ মুখা পিন্ধি ফুৰা কিমান দম্পত্তি বন্ধঘৰৰ মাজত সঁচাকৈ সুখী বাৰু? যদি সুখীয়ে তেন্তে পুৰুষে পৰনাৰীক লৈ বা নাৰীয়ে পৰপুৰুষক লৈ কৰা ব্যভিচাৰে সমাজ কলুষিত কৰেনে ? এচাম নাৰী-মাংসলোভী পুৰুষৰ বাবেই বেশ্যাৰ সৃষ্টি হোৱা নাইনে ? শৰীৰটোকে আহিলা হিচাপে লৈ এচাম নাৰীয়ে সহজে ধন ঘটাৰ পথ উলিয়াই নিজৰ লগতে সমাজৰো ক্ষতি সধা নাইনে ? তেনেহ’লে অধিকাৰ কাক লাগে ? কিয় লাগে ? কি বুলি লাগে ? মোক লাগে নাৰী বুলি নহয় মানুহ বুলি মূৰ দাঙি থিয় দিয়াৰ অধিকাৰ। আৰ্থিক সামাজিক নৈতিকভাবে পুৰুষে পাব পৰা সকলোখিনি অধিকাৰ । পিতৃ-মাতৃৰ বিয়োগত পুত্ৰ সন্তানৰ দৰে পুত্ৰীয়েও মুখাগ্নি কৰিব পৰা অধিকাৰ। মোৰ এগৰাকী ভণ্টি আছে। ভালপাই বিয়াত বহিছিল তাই। এতিয়া তাই প্ৰায়ে মোৰ ওচৰত অভিযোগ কৰে মানুহটোৱে তাইক গুৰুত্ব নিদিয়ে। মাথো প্ৰয়োজনৰ সময়তহে তাইক ব্যৱহাৰ কৰে। তাইক দিবপৰা কোনো উত্তৰ মোৰ হাতত নাই। কিয়নো যিমান দিনৰ পৰা মই তাইক দেখিছোঁ তাই কামৰ ভিতৰত খোৱা আৰু শুৱাৰ বাহিৰে একোৱেই নকৰে। অলপ অসুখীয়া বুলিয়ে তাইৰ মানুহটোৱে কামলৈ যোৱাৰ আগতে নিজে ৰান্ধি বাঢ়ি খাই বৈ তাইলৈ খোৱা টেবুলত সজাই থৈ যায় । মই যিমান দিন তাইৰ ঘৰলৈ গৈছো সি থকা অবস্থাত চাহকাপো সিয়ে দিছে। এতিয়া তাহাঁতৰ এটা ল’ৰাও আছে। সি তাইৰ কষ্ট হ’ব বুলি কাম কৰা ছোৱালী এজনীও যোগাৰ কৰি দিছে। বাগান এখন নতুনকৈ খুলিবলৈ লৈছে সি। দিনৰ দিনটো পৰিশ্ৰম কৰি আহিও কেতিয়াবা সি ভাত ৰান্ধি খোৱায় তাইক। তাইকে মই সুধিছিলো সি সকলো কৰাৰ বিনিময়ত যদি তোক পোৱাৰ হাবিয়াস কৰে তেন্তে তাৰ ভুল ক’ত হ’ল ? তাক প্ৰতিবাদ কৰিব পৰাকৈ তই কি কৰ ? ঘৰৰ কাম কাজ কৰি ল’ৰাটোকো চোৱাৰ উপৰিও তাৰ হিচাপ নিকাচ ৰখাত তই যদি তাক অলপ সহায় কৰিলি হয় (ঘৰত কম্পিউটাৰ আছে) নিশ্চয় তাৰ আগত মূৰ তুলি কথা ক’ব পৰা সাহসকণ তোৰ থাকিল হয় । কিন্তু ? তাই মোক উভতি ধৰিছিল তইতো তেনেকে কবিয়েই কাৰণ তোৰ চাকৰি আছে। হয় মোৰ চাকৰি আছে। তাৰকাৰণে মোৰ চিন্তাধাৰা আনতকৈ কিছু সুকীয়া। তথাপিও মোৰো দ্বিধা আছে। মোৰো অভিযোগ আছে । মানুহজনক মই প্ৰায়ে আভিযোগ কৰোঁ একো নিদিলে আপুনি মোক । কি নাপালোঁ সেয়া মই বুজোঁ, কিন্তু কি দিব নোৱাৰিলে সেয়া আজি ইমান বছৰেও তেওঁ বুজি নাপালে। নোৱাৰিলে তেওঁ মোক মোৰ আকাশ দিব। নোৱাৰিলে তেওঁ মোৰ অভিমান ভাঙিব। নোৱাৰিলে তেওঁ মোৰ দুচকুত সপোন সজাব । ভালনাপাওঁ মই তেওঁক কিন্তু অসন্মান নকৰোঁ । মোৰ নোপোৱাখিনিৰ বাবে মই মোৰ সংসাৰৰ পতন মাতি আনিব নোৱাৰোঁ । মোৰ সন্তান দুটিৰ অনিষ্ট কৰিব নোৱাৰোঁ। অপূৰ্ণতাখিনিৰ বাবেই তেওঁক অপমান কৰিব নোৱাৰিম। কাৰণ তেওঁক অপমান কৰা মানে মই নিজেইচোন অপমানিত হোৱা। মিচেছ বৰুৱাই মোৰ একমাত্ৰ আৰু শেষ পৰিচয় নহয় । মই অনামিকা। স্বাভিমানী মই। আত্মনিৰ্ভশীলতাই মোৰ স্বাভিমানক ধৰি ৰখাত সহায় কৰিছে ঠিকেই কিন্তু স্বাভিমান জীয়াই ৰখাৰ স্বাৰ্থতেই কাৰো দাসী হ’ব নোৱাৰিম মই । খুব সৰুতে মিচ্‌ গৌহাটী বুলি এখন কিতাপ পঢ়িছিলো । বোধকৰোঁ লিখক আছিল ড. দিলিপ দত্ত । উপন্যাস আছিল নেকি সেইখন মোৰ একো মনত নাই। থুলমূলকৈ তাৰ এটা ৰেঙনি মনত আছে–এজনী ছোৱালী সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়লাভ কৰি বিদেশ ভ্ৰমণৰ সুবিধা লাভ কৰিছিল। অসমতহে তাই বিখ্যাত বিদেশততো তাইক কোনেও চিনিয়ে নাপায়। পাকচক্ৰত পৰি ছোৱালীজনীয়ে দুজন বিদেশী বন্ধুৰ সান্নিধ্য লাভ কৰিছিল। বন্ধু দুজনৰ লগত তাই প্ৰায়ে ঘূৰে ৰেস্তোৰাঁবোৰত খোৱা বোৱা কৰে কিন্তু সদায় খৰচ সেই বন্ধু দুজনে বহন কৰে । আৰু শেষত এদিন সেই বন্ধু দুজনে তাইৰ লগত কৰা খৰচৰ প্ৰতিদান স্বৰূপে তাইক উপভোগ কৰিলে । দুৰ্য্যোগ পাৰ হৈ যোৱাৰ পাছত তাই এনেকুৱা এজন মানুহৰ সান্নিধ্য পালে যি তাইক স্বাভিমানৰ অৰ্থ শিকালে । মূল অৰ্থটো হ’ল তুমি সদায় আনৰ পৰা সিমানখিনিহে ল’বা যিমানখিনি তুমি দিব পাৰা । সেই কিতাপখন পঢ়াৰ পাছৰ পৰাই মই মোক লৈ সচেতন হৈছিলোঁ । কথাখিনিয়ে মোৰ মনত ইমান দকৈ শিপাই গ’ল যে আজিও কাৰোবাৰ পৰা কিবা এটা লবলৈ মোৰ সংকোচ হয়। (….তুমি মোক ভাল নোপোৱা নাই। নালাগে পাব। কিন্তু মোৰ শৰীৰটো পাবলৈ মিছাকৈ মোক ভালপাওঁ বুলি নকবা। সৌন্দৰ্য্য কেৱল শৰীৰতে নাথাকে। মনতো থাকে। যিদিনা তুমি মোৰ শৰীৰৰ সীমা পাৰ হৈ মোৰ মনৰ খবৰ বিচাৰিবা সিদিনাই চাগে তুমি সঁচা অৰ্থত মোৰ প্ৰেমিক হ’বা।) নাৰীমনে যিকোনো সম্পৰ্কৰ স্থায়ীত্ব বিচাৰে । পুৰুষেও চাগে এটা নিৰ্দিষ্ট ঠিকনা বিচাৰে । ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ অনুৰাধাৰ দেশ পঢ়ি উঠি তেনেকৈয়ে ভাবিছিলো মই।…. পাৰাপাৰহীন সাগৰৰ মাজত দিনৰ পাছত দিন পাৰ কৰা নাবিক সকলে এটা নাৰী শৰীৰৰ বাবে লালায়িত হৈ উঠে।… কিন্তু ডেনিছে যেতিয়া মিচেচ্‌ ডালভিৰ হৃদয়ৰ ঠিকনা পালে তেতিয়া এটা সৰু শিশু হৈ ডেনিছেও ডালভিৰ বুকুত মুখ লুকুৱালে।….সহজতে সমাধান হ’ব পৰা কথাবোৰকে মানুহে জটিল কৰি তোলে । নাৰী “নাৰী” হৈয়ো মানুহ। মানুহ হিচাবে এজন পুৰুষে যি পাব পাৰে এগৰাকী নাৰীয়েও তাক পাব পাৰে। তাৰবাবে কোনেও কাৰো গালৈ বোকা নচতিয়াই এটা সুস্থ আলোচনাৰে যদি সমস্যাবোৰ সমাধান কৰে তেতিয়াহে চাগে মানুহ হৈ জন্ম লোৱাৰ সাৰ্থক হ’ব। যিদিনাই পুৰুষে সৌন্দৰ্য্য বিচাৰি নাৰীৰ শৰীৰটোলৈ নাচায় দুচকুলৈ চাবলৈ শিকিব সিদিনাৰ পৰাই চাগে নাৰীয়েও সুন্দৰতাৰ নামত অৰ্ধ উলঙ্গ হৈ পুৰুষক প্ৰলোভিত কৰিবলৈ এৰি পেলাব । সিদিনাৰ পৰাই পৃথিৱীয়েও কদৰ্য্যতাৰ কালিমা ধুই নিকা হৈ জীৱনৰ জয়গান গাব। কোনো নাৰীবাদৰ প্ৰয়োজন ন’হব।…..আজিৰ দিনটোতে মই সকলো পুৰুষকে ক’ব খোজোঁ…. “মই তোমাৰ অৰ্ধাঙ্গিনী নহয় সঙ্গিনীহে। অংকশায়িনী নহয় সহযাত্ৰীহে। তোমাৰ প্ৰতিটো পল অনুপল মই যদি অনুৰাগেৰে ৰঞ্জিত কৰি সুখেৰে উপচাই তোলো তেন্তে তাৰবাবে এটা হাঁহি মোৰো প্ৰাপ্য। তোমাক পূৰ্ণ কৰাৰ বিনিময়ত মই যদি ৰিক্ত হৈ পৰোঁ তেন্তে বৃথা তোমাৰ জীৱন। তুমি যদি পুৰুষ মই নাৰী। তোমাৰ বাবে মই বিকিনি পিন্ধি ৰেম্পত খোজ দিব নোৱাৰিব পাৰোঁ কিন্তু হিয়াৰ উম বিচাৰা যদি যুগে যুগে তোমাৰ হৈ তোমাৰ কাষত থকাৰ প্ৰতিশ্ৰুতি দিব পাৰোঁ । চৰ্ত মাথো এটাই মোৰ আত্মাত দাগ পেলাব নোৱাৰিবা । বুকুৰ আঁচল খহাই পিয়াহ পলুৱাব নোৱাৰিবা । কাৰণ মই মানবী……।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক