নাৰী-শোষণমূলক সামাজিক পৰম্পৰা, জাতীয় সংস্কৃতি, জাতীয়তাবাদ, ইত্যাদি (জীতেন বেজবৰুৱা)

Created with Microsoft Fresh Paint

পৰম্পৰাৰ ওপৰত মানৱতাবাদী যুক্তিৰ প্ৰচণ্ড আক্ৰমণ একান্তই প্ৰয়োজনীয় আৰু বাঞ্ছনীয় – পৰম্পৰাৰ মাজত যদি ভাল বস্তু থাকে তেন্তে সি নিজেই টিকি থাকিব, নহ’লে যুক্তিৰ আক্ৰমণত সি বাগৰি পৰাই স্বাভাৱিক। তাত সমাজ-সংস্কৃতি সংকটাপন্ন হ’ব বুলি ভয় খাবলৈ কিটো আছে? যুক্তিৰ ঢোকাত টিকিব নোৱৰা আৰু সমাজৰ সকলো সদস্যৰ প্ৰতি ন্যায়ৰ পৰিচয় নিদিয়া পৰম্পৰা কিছুমানক ‘জাতীয় সংস্কৃতি’ৰ নামত কিয় সুৰক্ষা দিব বিচৰা হয়, মূল প্ৰশ্ন এইটোহে। ই অৱধাৰিতভাৱেই ‘জাতীয় সংস্কৃতি’ তথা জাতীয়তাবাদ সম্পৰ্কত সংশয়ৰ সৃষ্টি কৰে। ৰাজনৈতিক সম্ভাৱনা আৰু স্বপ্নৰ পশ্চাদপসৰণ তথা পতনৰ ফলত যিকোনো মতাদৰ্শই প্ৰতিক্ৰিয়াশীল আৰু আত্মৰক্ষামূলক হৈ পৰাটো স্বাভাৱিক – এই অৱস্থাত মতাদৰ্শই সকলোধৰণৰ অস্বস্তিকৰ প্ৰশ্ন আৰু বিকল্প কণ্ঠক প্ৰতিৰোধ কৰি নিজৰ অধিকৃত পৰিসৰটো সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত অধিক উগ্ৰ ভূমিকা পালন কৰে। গতিকে সাম্প্ৰতিক প্ৰেক্ষাপটত ‘জাতীয় সংস্কৃতি’ বা জাতীয়তাবাদৰ যিকোনোধৰণৰ সমালোচনাক জাতিবিৰোধী বা জাতিদ্ৰোহী বুলি অভিহিত কৰাটো, তাক নিছক ভোগবাদী নস্যাৎপ্ৰৱণতা বা উত্তৰাধুনিক ধৃষ্টতা বুলি সংজ্ঞায়িত কৰাটো বৰ এটা আচৰিত কথা নহয়। উত্তৰাধুনিক তত্ত্বই কেনেকৈ সাম্ৰাজ্যবাদী শক্তিক সহায় কৰিছে সেই কথা আমাৰ বহুজনে আঙুলিয়াই দিছে, কিন্তু সেই সমালোচনা যিটো জাতীয়তাবাদী বৃত্তৰ ভিতৰত আবদ্ধ আছে সেই বৃত্তৰ ভিতৰতো একেধৰণৰ শোষণ বিদ্যমান। যিকোনো ৰাজনৈতিক তত্ত্বই বাহিৰৰ শোষণৰ বিৰুদ্ধে আমাক সংগঠিত কৰাৰ সমান্তৰালভাৱে সি নিজে সৃষ্টি কৰিব পৰা আভ্যন্তৰীণ শোষণৰ সম্ভাৱনাসমূহো তাত্ত্বিকভাৱেই মোকাবিলা কৰিব পাৰিব লাগিব – আভ্যন্তৰীণ শোষণসমূহক কেৱল কোনোবা বিপথগামী বা উগ্ৰবাদীৰ কাৰ্যকলাপ বা তত্ত্বৰ ভুল প্ৰয়োগৰ পৰিণতি বুলি কৌশলগত অৱস্থান ল’লেই নহ’ব। নাৰীৰ প্ৰতি বৈষম্যমূলক আৰু শোষণকাৰী ‘জাতীয় সংস্কৃতি’ৰ বিচাৰতো সেয়ে জাতীয়তাবাদক জবাবদিহি কৰাটো জৰুৰী।

আনহাতে, ‘নাৰীৰ মনৰ কথা নাৰীয়েহে বুজে’ – এইধৰণৰ কাঠামোও প্ৰকৃততে নাৰী শোষণৰে অংগ : ইয়াত নাৰীসমাজক এক সংকীৰ্ণ নাৰীসুলভ পৰিসৰৰ মাজত আবদ্ধ কৰি ৰাখিব বিচৰা হয় যাৰ ভিতৰত তেওঁলোকে নিঃসংকোচে আৰু ‘নাৰীত্ব’ৰ সকলো মৰ্যাদাৰে বাস কৰিব পাৰে, কিন্তু যাৰ বাহিৰত তেওঁলোকৰ বিচৰণ বাঞ্ছনীয় নহয়। গতিকে নাৰী-সম্পৰ্কীয় প্ৰসংগত নাৰীক সৰ্বোচ্চ আসন দিয়া যাব, কিন্তু তাৰ বাহিৰত সমাজ, অৰ্থনীতি, ৰাজনীতি আদি বিভিন্ন বিষয়ত তেওঁলোকক পুৰুষৰ সমমৰ্যাদা দিয়া নাযাব (পুৰুষসকলে নাৰী-সম্পৰ্কীয় বিষয়ত বিনম্ৰ অজ্ঞতা প্ৰকাশ কৰিব পাৰে, কিন্তু বহল পৰিসৰত তেওঁলোক অল ৰাউণ্ডাৰ) – নাৰীয়ে খুব বেছি ‘নাৰীৰ দৃষ্টিকোণৰপৰা’ সেইসমূহ বিষয়ত মত আগ বঢ়াব পাৰিব। গতিকে ‘নাৰীয়েহে নাৰীৰ মনৰ কথা বুজে’ কথাটো ‘নাৰীয়েই নাৰী নিৰ্যাতনৰ কাৰণে দায়ী’ বা ‘অসমীয়া সংস্কৃতি পতনৰ মূলতে দায়ী নাৰী’ আদি উক্তিৰ সৈতে একেটা ভাবাদৰ্শগত পৰিয়ালৰ সদস্য। দ্বিতীয়তে, পৰম্পৰাই ‘অপৱিত্ৰ’ বুলি কোৱা কথা-কাণ্ডসমূহ ‘অপৱিত্ৰ’ হয়নে নহয় সেইটো বিচাৰ কৰাটো মূল কথা নহয়, মূল কথাটো হ’ল ‘পৱিত্ৰতা’ৰ ধাৰণাটোৰ বিনিৰ্মাণ কৰাহে। পৱিত্ৰতাৰ ধাৰণাটো আমাৰ সমাজ আৰু পৰিয়াল, উভয় ব্যৱস্থাৰে এক ভিত্তিমূলক ধাৰণা – সেয়ে দৈনন্দিন জীৱনৰপৰা সমূহীয়া পৰিসৰলৈকে সকলো স্তৰতে ইয়াৰ সৰ্বব্যাপ্ত প্ৰতাপ। সাধাৰণ উদাহৰণ দুই-এটা ল’ব পাৰি। সোঁহাতখন পৱিত্ৰ, কিন্তু বাঁওহাতখন অপৱিত্ৰ, কাৰণ সেইখনেৰে গু চফা কৰো। শৰীৰৰ ওপৰৰ অংশও ভাল, তলৰ অংশও ভাল (ভাবকচোন ভৰিহালক বুজাবলৈ কিমানটা পৱিত্ৰতাধাৰী শব্দ আছে – চৰণ কমল, পদ ছায়া তলে, পাদপদ্ম আদি – আচলতে ভৰিৰ এই মহিমান্বয়ন আৰু স্তৱগান সামন্তীয় সংস্কৃতিৰ অংশবিশেষ), কিন্তু মাজৰ অংশটো বুজাব নোৱৰাধৰণে অপৱিত্ৰ – গতিকে আমি এনেধৰণে গোটেই জীৱনটো জীয়াই থাকো যেন আমাৰ শৰীৰৰ মাজৰছোৱাৰ অস্তিত্বই নাই। পুৰুষ আৰু নাৰীৰ যৌনাংগ বুজাবলৈ অসমীয়া ভাষাত কোনো সাৰ্বজনীন আৰু ‘ভদ্ৰ’ থলুৱা শব্দ নাই (যিদৰে আমি হাত, ভৰি, মুখ, চুলি, পেট আদি ফৰফৰাই কৈ যাব পাৰো) – যৌনতা, যৌনাংগ এইবোৰ শিক্ষিত শ্ৰেণীয়ে কোৱা তৎসম শব্দ, যি তাৰ ইংৰাজী শব্দসমূহৰো সহজ ব্যৱহাৰ কৰে, যিকেইটা কোল-মুণ্ডাৰীয় উৎসৰ শব্দ আছে (কেলা আদি) সেইসমূহ হ’ল ‘অসভ্য’ : তাৰ মানে সৰ্বসাধাৰণ অসমীয়া মানুহে সাধাৰণভাৱে আৰু সহজভাৱে যৌনতা সম্পৰ্কীয় কোনো কথাই নাপাতিব, যদি কেতিয়াবা পাতে সেয়া নিশ্চিতভাৱে হ’ব ‘লেতেৰা’, ‘অশ্লীল’।, প্ৰকৃততে পৱিত্ৰতা হ’ল এক দ্বৈতবাদী ধাৰণা যি পৱিত্ৰ আৰু অপৱিত্ৰৰ মাজত এক দুৰ্লংঘ্য প্ৰাচীৰ থিয় কৰাই অপৱিত্ৰৰ ওপৰত পৱিত্ৰৰ শোষণ আৰু অৱদমনক দৈৱিকীকৰণৰ জৰিয়তে ন্যায্যতা প্ৰদান কৰে। সমাজত নাৰীসত্তাক সংজ্ঞায়িত কৰা হয় পৱিত্ৰতাৰ ধাৰণাৰে : এফালে মাতৃত্বৰ মহিমান্বয়ন আৰু আনফালে যৌন আত্মচেতনাৰ দৈত্যায়ন (demonisation)।

সি যি নহওক, পৱিত্ৰতাৰ ধাৰণাটোৰ দিশৰপৰা, বিশেষকৈ নাৰীৰ প্ৰসংগত, জাতীয়তাবাদো ধৰ্মৰ সমধৰ্মী এক মতাদৰ্শ। জাতীয়তাবাদে নিজকে ৰাজনীতি আৰু ইতিহাসৰ ঊৰ্ধ্বৰ এক পৱিত্ৰ বেদীত প্ৰতিষ্ঠিত কৰিব খোজে – লগতে ই পৱিত্ৰতাৰ জ্যোতিৰ্মণ্ডলেৰে আৱৰা জাতিটোৰ এক সাংস্কৃতিক শাহ নিৰ্মাণ কৰে যাৰ প্ৰতি জাতিৰ সদস্যসকলৰ প্ৰশ্নহীন আনুগত্য বিচৰা হয়। পৱিত্ৰতাৰ সজাত বন্দী নাৰীৰ ধাৰণাটো নিঃসন্দেহে ধৰ্মীয় ঐতিহ্যৰ উত্তৰাধিকাৰ, কিন্তু – সামাজিক পৰিসৰত নাৰীৰ সহজ বিচৰণৰ বাট মুকলি কৰাৰ সমান্তৰালভাৱে – ভাৰতৰ স্বাধীনতা আন্দোলন তথা পৰৱৰ্তী কালৰ ৰাষ্ট্ৰ-পৰিচালিত জাতীয়তাবাদে এই ভাবধাৰাত ন ন ভালেমান উপাদান সংযোজিত কৰিছিল। স্বাধীন ভাৰতবৰ্ষত সৰ্বোচ্চ স্থানত তুলি ধৰা দুটা ভাবধাৰা আছিল – মাতৃ হিচাপে জাতিৰ ধাৰণা আৰু ৰোমাণ্টিক প্ৰেমৰ ধাৰণা। প্ৰথমটোৱে সূচায় মাতৃত্বৰ গৰিমায়ন আৰু দ্বিতীয়টোৱে যৌনতাৰ সংযত ব্যক্তিবাদী প্ৰকাশ। অতীতৰ অন্ধবিশ্বাসপূৰ্ণ-সংকীৰ্ণ প্ৰথাবদ্ধ সমাজৰপৰা মূৰ দাঙি উঠা ভাৰতীয় জাতিৰ বাবে প্ৰয়োজনীয় আছিল এক ছেকুলাৰ আধুনিক ৰাজহুৱা সংস্কৃতি গঢ়ি তোলা আৰু তাৰ মাজতে থাকি জাতীয়তাবাদৰ নিৰংকুশ আধিপত্য বৰ্তাই ৰখা : ধৰ্মীয় ঐতিহ্য আৰু আধুনিকতাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা উক্ত দুই ভাবধাৰাই দুই কূল ৰক্ষা কৰিছিল। ৰোমাণ্টিক প্ৰেমে ৰাজহুৱা পৰিসৰত নাৰীৰ বিচৰণক স্বাভাৱিক ৰূপ দিছিল, কিন্তু সি একে সময়তে নাৰীৰ ‘শিশুকৰণ’ (infantilisation) ঘটাইছিল যাতে পুৰুষৰ একাধিপত্য অটুট থাকে। আনহাতে, মাতৃ হিচাপে জাতিৰ ধাৰণাটোৱে জাতি আৰু মাতৃক একাকাৰ কৰি নাৰীৰ ওপৰত পৱিত্ৰতাৰ ধাৰণাৰ প্ৰয়োগক এক প্ৰাতিষ্ঠানিক ৰূপ দিছিল। জনপ্ৰিয় সংস্কৃতিতেই ইয়াৰ দেধাৰ প্ৰমাণ পোৱা যায়। ‘মাদাৰ ইণ্ডিয়া’ চিনেমাখন জাতি আৰু মাতৃৰ একীকৰণৰ এক উৎকৃষ্ট উদাহৰণ। পুৰণি হিন্দী চিনেমাবিলাকত নায়িকাগৰাকীৰ সীতা, সাৱিত্ৰী টাইপৰ পৱিত্ৰ আৰ্য নাম থাকে যিসকল আদৰ্শ ভাৰতীয় আধুনিক নাৰী, কিন্তু আন এবিধ নাৰী থাকে যিসকল যৌনভাৱে উচ্ছৃংখল আৰু বেপৰোৱা আৰু তেওঁলোকৰ নামবোৰ হয় পশ্চিমীয়া নতুবা নিম্নশ্ৰেণীগত। প্ৰথম শ্ৰেণীৰ নাৰীৰ কণ্ঠদান সদায়েই কৰে লতা মংগেশকাৰে (কণ্ঠৰ ৰাজনীতি সম্পৰ্কে পাছত বহলাই লিখিম), দ্বিতীয় শ্ৰেণীৰ শ্ৰেণীৰ কণ্ঠদান কৰে কিছুমান গায়িকাই যাক আদৰ্শ নাৰীকণ্ঠ বুলি গ্ৰহণ কৰা নহয়। এইবোৰ ৰাজনীতি আজিও সমানে সক্ৰিয়। ‘পৰদেশ’ চিনেমাত খুব সম্ভৱ, ভোগবাদী, তৰল পশ্চিমীয়া সংস্কৃতিৰ প্ৰতিনিধি প্ৰস্তাৱিত দৰাজনৰপৰা নায়িকাক ৰক্ষা কৰি উদ্ধাৰ কৰে নায়ক শ্বাহৰুখ খানে, আৰু নায়িকাৰ নামটো হ’ল ‘গংগা’।, গতিকে সাধাৰণভাৱে ক’ব পাৰি যে জাতীয়তাবাদে নাৰীৰ ক্ষেত্ৰত পৱিত্ৰতাৰ ধাৰণাটো অধিক সবলভাৱেহে বৰ্তাই ৰাখে। হিন্দু জাতীয়তাবাদে শত্ৰুৰ হাতৰপৰা ৰক্ষা কৰিব বিচাৰে কাক – নাৰী, মন্দিৰ আৰু গৰুক। এই তিনিওবিধেই পৱিত্ৰতাৰ প্ৰতিমূৰ্তি। ‘গো জাতীয়তাবাদ’ৰ বিপৰীতে সেয়ে দলিত লেখক কাঞ্চা ইলাইয়াই ‘মহিষ জাতীয়তাবাদ’ৰ (buffalo nationalism) কথা কৈছে। গতিকে কেৱল ‘জাতীয় সংস্কৃতি’ৰ সহজ বিধানে নাৰী শোষণৰ প্ৰশ্নটো নাইকিয়া কৰিব নোৱাৰে, জাতীয়তাবাদৰ আভ্যন্তৰীণ শোষণৰো স্বৰূপ উন্মোচন কৰিব লাগিব। থূলমূলকৈ বিক্ষিপ্তভাৱে দুটামান কথা ক’লো – এইসমূহ কথা আৰু আনুষংগিক প্ৰশ্নসমূহৰ বহল আলোচনা অদূৰ ভৱিষ্যতে আমাৰ প্ৰবন্ধ-পাতিত পঢ়িবলৈ পাব। ধন্যবাদ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক