নাৰী (স্মৃতিৰেখা ভূঞা)

‘নিপীড়িত দৰিদ্ৰ জনতাৰ আশা মই/ তেওঁলোকৰ বৰ্ণিল সপোনৰ জুমুঠি মই / মই তেওঁলোকৰ দুখী প্রাণৰ সৰল প্ৰাৰ্থনা ।’
কবি স্মৃতিৰেখা ভূঞা কলমত প্ৰাণৱন্ত হৈ উঠিছে নাৰী অদম্য শক্তি, হিমালয়সদৃশ দৃঢ়তাৰ লৌহ কঠিন ছবি। নৰকৰ দ্বাৰত নিকৃষ্ট ধূলিকণাৰ দৰে বিসৰ্জন দিলেও বায়ুৰ দৰে জীয়াই থাকে নাৰী।

নাৰী

স্মৃতিৰেখা ভূঞা

তোমাৰ হৃদয়ত মই তিতালাউ হৈ গজিছো,
যদিও তুমি মোক হিয়াৰ সমস্ত বিৰক্তিৰে

বুৰঞ্জীৰ অতল গহ্বৰত দলিয়াই দিব পাৰা
নৰকৰ দ্বাৰত নিকৃষ্ট ধূলিকণাৰ দৰে বিসৰ্জিব পাৰা
তথাপি মই জীয়াই থাকিম।
মোৰ পদধ্বনিয়ে, বেসুৰা গীতৰ কলিয়ে
তোমাৰ বিৰক্তিৰ জুইত ঘিউ ঢালিব পাৰে
কাৰণ মই ঘৰচিৰিকাৰ দৰে জঁপিয়াই খোজকাঢ়ি ভাল পাওঁ
সুহুৰিয়াই সুহুৰিয়াই গান গাওঁ,
আশাবোৰ ফিনিক্সৰ দৰে মৰি মৰি জী উঠে ।
মোৰ চঞ্চলতাই তোমাক পীড়া দিয়ে নেকি?
কাৰণ মই সোৱণশিৰিত সোণ বিচাৰি পোৱাৰ দৰে হাঁহো ।
তুমি মোক ক’লা পৰা কলিজাৰে
কুঁজা হৈ পৰা বিচৰা নেকি ?
বিচৰা নেকি চকুৰ পানীৰে মোৰ দুগাল তিতি থকা,
আত্মাৰ গভীৰলৈকে দুৰ্বল কান্দোন ভিৰ কৰা ?
তুমি মোক শব্দবাণেৰে আহত কৰিব পাৰা
তোমাৰ খঙাল দুচকুৰে ভস্ম কৰিব পাৰা
অপৰিসীম ঘৃণাৰে মৃত্যু উপহাৰ দিব পাৰা
তথাপি মই বায়ুৰ দৰে জীয়াই থাকিম ।
মোৰ আবেদনময়ীতাই তোমাক হতাশ কৰে নেকি ?
হীৰা, মুকুতা পাই আত্মহাৰা হোৱাৰ দৰে মই নাচো,
মোৰ শৰীৰ, এই যৌৱন দেখি তুমি আচৰিত হোৱা নে ?
বৰ্তমানৰ সকলো ৰুঢ়তাক সিঞাৰি মই জীয়াই থাকো।
বেদনাময় অতীতৰ ভেটিতেই মোৰ জন্ম;
মই এখন বিস্তীর্ণ ক’লা আকাশ,
মই অন্ধকাৰ ৰাতিৰ হিংসা আৰু ভয়ক জয় কৰো
ফৰকাল পুৱাত প্ৰাণ ভৰি উশাহ লওঁ।
মোৰ উত্তৰাধিকাৰ প্ৰদত্ত উপহাৰেৰে
মই বাৰম্বাৰ ধ্বংসস্তুপৰ পৰা মূৰ দাঙি উঠো,
নাৰী মই, সময়ৰ সহযাত্ৰী,
নিপীড়িত দৰিদ্ৰ জনতাৰ আশা মই
তেওঁলোকৰ বৰ্ণিল সপোনৰ জুমুঠি মই
মই তেওঁলোকৰ দুখী প্রাণৰ সৰল প্ৰাৰ্থনা ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments