নাৰ্ছিংহোমবোৰ যদি একো একোখন ইনড’ৰ ষ্টেডিয়াম হ’লঃহেঁতেন ! -(আব্দুছ ছাজিদ)

ABDUS SAJID1 _anubhab

বেমাৰ আৰু ৰাজনীতি… এই দুবিধ আলোচনাৰ পৰা নিজকে নিলগত ৰাখোঁ৷ কোনোবা বন্ধুৱে বেমাৰ, দৰব, নাৰ্ছিংহোম, আই.চি.ইউ. আদিৰ কথা পাতি থকা যেন পালে প্ৰসংগ সলনি নোহোৱালৈকে অকণমান আঁতৰত ৰওঁ৷ একেদৰে ৰাজনীতি বিষয়ক কথাতো ফালৰি কাটোঁ৷ এই দুইৰে অভিজ্ঞতা একেবাৰে নাই৷ আন কথাত, ডাক্তৰ নহওঁ৷ এতেকে, কাৰো প্ৰাণ বচাব নোৱাৰোঁ৷ ৰাজনীতিকো নহওঁ৷ গতিকে দেশ বচাবও নোৱাৰোঁ৷ বিপৰীতে, কিছুমান মানুহক লক্ষ্য কৰোঁ, ৰাজনীতিৰ কথা এনেকুৱাকৈ যে ক’ব পাৰে! আচৰিত হওঁ আৰু মনতে ভাবোঁ, এই এক্সপাৰ্টজন কিয়যে মন্ত্ৰীসভাত নাই? মুখ্য মন্ত্ৰীৰ মুখ্য উপদেষ্টা হিচাপে তেওঁহে ফিট মানুহ আছিল ! আন কিছুমানে আকৌ বেমাৰ আৰু দৰৱৰ বিষয়ে বহুত কথাই জানে৷ তেতিয়া ভাবোঁ, মূধাফুটা চিকিৎসকেই কিজানি ইমানখিনি নাজানে! কিবা ভুলক্রমেহে এওঁ নোবেল বঁটা প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছে! জীৱন পথত এনেকুৱা মানুহবোৰ পাওঁ আৰু কথা-বতৰাত বিস্মিত হওঁ৷

নিজৰ সাধাৰণ মগজুৱে ঢুকি পোৱা চিন্তাৰে মাজে মাজে অইন এটা কথা ভাবোঁ৷ নাৰ্ছিংহোমবোৰ যদি একো একোখন ইনড’ৰ ষ্টেডিয়াম হ’ল হয়! সেইবোৰ এনেকুৱা একোটা শক্তিশালী “ৱেলনেচ চেণ্টাৰ” হোৱাটো বিচাৰোঁ, যাৰ সংস্পৰ্শত থাকিলে মানুহৰ বেমাৰ-আজাৰ হোৱাৰ সম্ভাৱনাই নাই৷ সেইবোৰ হ’ব লাগে স্বাস্থ্য, খাদ্য আৰু ক্রীড়া প্ৰশিক্ষণৰ কেন্দ্ৰস্থল৷ এক্সচাৰচাইজ এণ্ড ফিটনেচ, জিমনেছিয়াম, ৰেকেট এণ্ড ক’ৰ্ট গেমছ, চুইমিং পুল, ইনড’ৰ ফুটবল, লাইব্ৰেৰী ইত্যাদি ইত্যাদিবোৰৰ হাই-টেক ব্যৱস্থাপনাৰে ভৰি থাকিব লাগে প্ৰতিটো কেন্দ্ৰ৷ তাত শিশুৰ পৰা বৃদ্ধলৈ, পুৰুষ-মহিলা প্ৰত্যেক মানুহকে নিয়মিত চৰ্চা কৰাৰ সুবিধা দিব লাগে৷

অ’ত-ত’তযে মেডিকেল কলেজবোৰ নিৰ্মাণ কৰি থকা হৈছে, (আমাৰ ঘৰৰ পিছফালেও এখন হৈ আছে) সেইবোৰৰ সংখ্যাধিক্যই মানুহৰ স্বাস্থ্যৰ আগতকৈ অৱনতি হৈছে বুলিয়ে স্পষ্ট ইংগিত বহন কৰা নাইজানো? স্বাস্থ্য যদি ভালেই, তেতিয়াহ’লে চিকিৎসালয় লাগে কিয়? যিমানেই হস্পিতাল বাঢ়িব, ফাৰ্মাচী বাঢ়িব, লেবৰেটৰী বাঢ়িব, বুজি পাব লাগিব যে বেমাৰ-আজাৰ বাঢ়ি আছে৷ বুজিব লাগিব যে মানুহ শাৰীৰিক, মানসিক, স্নায়ৱিকভাৱে পূৰ্বতকৈ দুৰ্বল হৈছে আৰু জীৱনো ক্ৰমে হানিৰ দিশেহে গৈ আছে৷ এতেকে এইবোৰ ৰোধ কৰা দৰকাৰ৷ দৰব, ইনজেকচন, অ’পাৰেচন, ডাক্তৰ, নাৰ্চ এইবোৰৰ প্ৰয়োজন নাথাকিবহে লাগে৷ সেইবোৰ কমাবলৈহে আঁচনি ল’ব লাগে৷ গতিকে নিৰোগী আৰু স্বাস্থ্যৱান হ’বলৈ যি যি কৰিব লাগে, যি তৰহৰ খাদ্য খাব লাগে, যি ধৰণৰ লাইফ ষ্টাইল অনুসৰণ কৰিব লাগে, যি পৰ্যায়ৰ চিন্তন-মনন, চৰ্চা আৰু বোধোদয় হ’ব লাগে, তাৰহে উচিত প্ৰশিক্ষণ দিব লাগে, তাৰহে নিয়মিত কুচকাৱাজ চলিব লাগে, তাৰহে ইতিবাচক পদক্ষেপ ল’ব লাগে৷

নিতৌ এঘণ্টা ষ্টেডিয়ামলৈ যোৱা মানুহ কিমান আছে? ‘মৰ্ণিং ৱাক ইজ গুড ফৰ হেলথ’ আপ্তবাক্যষাৰ নিৰহ-নিপানীকৈ জানিলেও প্ৰকৃততে কিমানে কৰে? বেমাৰৰ প্ৰতি ভয়াতুৰ মানুহৰ সংখ্যাটো হ’লে অসীম৷ তাক বুকুত হাত দি ক’ব পাৰি৷ নিজৰ জীৱটোৰ প্ৰতি, জীয়াই থকাৰ প্ৰতি মোহ বা মায়াই হৈছে ইয়াৰ একমাত্ৰ কাৰণ৷ আৰু প্ৰাণটোক যেনেতেনে বচাই ৰাখিবলৈকে নাৰ্চিংহোম লাগে!

জীৱটোৰ দৰে জীৱনো নিজা নিজা৷ জীৱন ধাৰণৰ ধৰণ-কৰণো নিজা নিজা৷ জীয়াই থকাৰ কলা আহৰণো ব্যক্তিগত বিষয়৷ সকলোৰে ঊৰ্ধ্বত গৈ মাথোঁ আশা কৰিব পাৰোঁ, সকলো মানুহ আজীৱন নিৰোগী হওক৷ ডাক্তৰ আৰু দৰৱৰ প্ৰয়োজন কমি আহক৷ সকলোজন স্বাস্থ্যৱান আৰু সবল হওক৷ নাৰ্ছিংহোম গুচি ইনড’ৰ ষ্টেডিয়াম হওক৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments