নাৱৰীয়া: সাৰংগ পাণি ৰাজকোঁৱৰ

সন্ধিয়াৰ আগে আগে,

ঠিক আবেলি যেতিয়া হয়..

উদং দুচকুৰে দেখি নোপোৱা জখলা বগাই নামি অহা বেলিটো হেৰায় যায়

কাৰোবাৰ চোতালত, কাৰোবাৰ বিষাদ বুকুত, কোনো জয়াল বাঁহনিৰ আঁৰত৷

মানুহবোৰে বেলিৰ পিছে পিছে বাট লয়..

ঘূৰি আহে ঘৰলৈ; নেদেখে বেলি, দেখে পোহৰ৷

আবেলিৰ আকাশে অভিমান কৰে…

…অপ্ৰাপ্তি, অসম্পূৰ্ণতাত সীমিত হৈ পৰে আকাশ…

সি গৈ থাকে

ক্ৰমশ:

বঠাৰ কোব চুটি কৰে..

ৰৈ পৰে সি

ৰৈ পৰে নাও

দুপৰীয়া বন্ধা খৰিৰ মোঠা জাপে নাওখনত

জী উঠে নাওখন

তাৰ লগতে জী উঠে সময়বোৰ

অভিমানী আকাশে পোহৰ সিঁচে তাৰ বুকুত, নৈৰ বুকুত..

তাৰ ভৰিৰ তলৰ শিলবোৰ জিলিকি উঠে,

নৈখনে, তৰাবোৰে শুভেচ্ছা জনায়৷

অনুভৱৰ সোঁত বয়, অপ্ৰকাশিত অনুভৱবোৰ..

যিহেতু, সি নাৱৰীয়া৷
____________________________________

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments