নিঃশব্দ – নীত কাশ্যপ

বিলাসী কোঠাটোত অন্ধকাৰ পোহৰৰ মায়াখেল৷ ফুলকটা ত্ৰিপদী মেজখনৰ ওপৰত অনাদৃত ভাৱে সজাই থোৱা আছে একালৰ চঞ্চলা তানপুৰাখন৷ বহল শুভ্ৰ চোফাখনত অৰ্ধশায়িত হৈ পৰি আছে ৰাগিণী বৰুৱা৷ নিশ্চুপ৷ নিশব্দ! নিশব্দতাৰ মাজতো সৃষ্টিৰ কিবা অৱকাশ থাকিব পাৰেনে? অনুভৱ কৰিবলৈ কাণ উনাই ৰয় তেওঁ৷ আধা খোলা খিৰিকীখনেৰে পাতল পৰ্দা এখন কঁপাই সোমাই অহা পাতলীয়া বতাহজাকত হঠাৎ বাঙ্ময় হৈ উঠে চোফাৰ ওপৰত ওলমি থকা ’উইণ্ডচাম’টো৷ ধৰফৰাই উঠে ৰাগিণী বৰুৱা৷ খপজপকৈ উঠি গৈ এখন এখনকৈ বন্ধ কৰি দিয়ে সকলোবোৰ খিৰিকী৷ আৱদ্ধ বতাহজাক নিঃশব্দ হৈ পৰে৷ চকুমুদি পুনৰ চোফাত শুই পৰে তেওঁ৷

««»»

ৰাগিণী বৰুৱা৷ যাৰ সংগীতৰ ৰাগত মন্ত্ৰমুগ্ধ হৈ ৰয় অগণন লোক৷ শাস্ত্ৰীয় সঙ্গীতৰ শিল্পী ৰাগিণী বৰুৱা যেন স্বয়ং দেৱী সৰস্বতীৰ মানৱী অৱতাৰ! গুণমুগ্ধই তেওঁক তেনেকৈয়ে প্ৰশংসা কৰে৷ মিচিকিয়াই হাঁহে তেওঁ৷ অতি প্ৰশংসাই তেওঁক প্ৰৰোচিত কৰিবলৈ নোৱাৰে যদিও অন্তৰৰ অতল গহ্বৰত অনুভৱ কৰে সাধনা ফলৱতী হোৱাৰ অমৃত সুখ৷ তানপুৰাত হাত থৈ তেওঁ গাই যায়৷ সন্মোহিত হৈ ৰয় লাখ লাখ অনুৰাগী৷

-‘আপোনাৰ আহিবলগীয়া সন্তানটি ভৱিষ্যতে কি হোৱাতো বিচাৰে?

উৎসুক মানুহবোৰৰ প্ৰশ্নত অপ্ৰস্তুত হৈ পৰে তেওঁ৷ বুকুত দগমগাই উঠে পুৰণি সেই একেটাই সপোন৷ তেওঁৰ সন্তান হওক তেওঁতকৈও বহু বেচি সমাদৃত শিল্পী৷ যাৰ কণ্ঠত বশীভূত হৈ ৰ’ব সমগ্ৰ পৃথিৱী৷ সঙ্গীত৷ লাহে লাহে তেওঁৰ পুত্ৰ সঙ্গীত ডাঙৰ হয়৷ এমাহ, দুমাহ, এবছৰ …আন্দোলিত হৈ ৰয় ৰাগিণী বৰুৱাৰ মন-মগজু৷ সজাগ হৈ ৰয় কৰ্ণ কুহৰ, পুত্ৰৰ প্ৰথম মাতটো শুনিবলৈ৷

– ‘কন্ঠনলীত থকা বিসংগতিৰ ফলত আপোনাৰ পুত্ৰ আজীৱন মূক হৈ ৰ’ব৷’

ডাক্টৰৰ কথা শুনি বজ্ৰাহত হৈছিল ৰাগিণী বৰুৱা৷ থৰ লাগি চাই ৰৈছিল একলা-দুকলাকৈ বাঢ়ি অহা পুত্ৰক৷ যেন মূক এক সৰু পুতলা৷ নিঃশব্দতা হ’ব যাৰ আমৰণ সংগী৷ দিন নাযায় ৰাতি নুপুৱায় ৰাগিণী বৰুৱাৰ! লাহে লাহে পুত্ৰৰ নিঃশব্দতা নিজেও আঁকোৱালি ল’বলৈ সিন্ধান্ত লয় তেওঁ৷ আজিকালি তেওঁ খুব কমকৈ কথা কয়৷ অপৰিহাৰ্য কথাখিনিৰ বাহিৰে আন কথা ক’বলৈ মন নাযায়৷ সঙ্গীত জগতৰ লগত সকলো সম্পৰ্ক ছিন্ন কৰি বহুদিন বহুৰাতি তেওঁ কেৱল নিঃশব্দতাক অনুভৱ কৰিব চেষ্টা কৰিছে৷ নিঃশব্দতাত সৃষ্টিৰ কিবা অৱকাশ থাকিব পাৰেনে?

««»»

বছৰ বাগৰি গ’ল৷ দিনটোৰ বেছিভাগ সময় বন্ধ কোঠাটোৰ ভিতৰত নিসংগ হৈ নিঃশব্দতাক অনুভৱ কৰে একালৰ সঙ্গীতৰ নক্ষত্ৰ ৰাগিণী বৰুৱাই৷ তেওঁৰ উপেক্ষিত হৈয়েই ডাঙৰ হোৱা তেওঁৰ মূক পুত্ৰ সঙ্গীত এতিয়া পাঁচ বছৰীয়া৷
তানপুৰাখনলৈ চাই মগন হৈ আছে ৰাগিণী বৰুৱা৷ বন্ধ কোঠাটোলৈ মৃদুকৈ ভাঁহি আহিছে কুলিৰ মাত৷ কোঠাটোৰ ভিতৰতেই তেওঁ অনুমান কৰিছে বসন্ত আহিছে৷

– ধা-ধিন-গা-কা-না-না-টা-টি … হঠাৎ কাষৰ কোঠাৰ পৰা ভাঁহি অহা তবলাৰ মৃদু তালত কঁপি উঠিল ৰাগিণী বৰুৱা৷ নিতাল মাৰি ৰ’ল কিছুসময়৷

…টিৰাকিতা-টিটা-টিন-টু… বন্ধ দুৱাৰ খুলি কাষৰ কোঠালৈ দৌৰ মাৰে তেওঁ৷ যেন নিজৰ দৃষ্টিকেই বিশ্বাস কৰিব পৰা নাই তেওঁ৷ পাঁচ বছৰীয়া পুত্ৰৰ কোমল আঙুলি তবলাৰ ওপৰত৷ কঁপি উঠিল ৰাগিণী বৰুৱাৰ সমগ্ৰ সত্তা৷ ধুঁৱলী-কুঁৱলী হৈ পৰিছে সকলো৷ পুত্ৰ সঙ্গীতৰ আঙুলিবোৰ যেন এখন নিৰৱধি নৈৰ ঢৌ৷ শব্দ ৰুদ্ধ হ’লেও ৰুদ্ধ নহয় সৃষ্টি৷ কাষত বহি পৰিল ৰাগিণী বৰুৱা৷ যেন মোহিত যশোদাই বিভোৰ হৈ চাইছে নিজ দুলালক৷ বছৰ বছৰ ধৰি ৰুদ্ধ হৈ থকা ৰাগিণী বৰুৱাৰ কণ্ঠৰে নিগৰিত হ’ল ৰাগ বসন্ত৷ ধূপ কাঠিৰ ধোঁৱাৰ দৰে বিয়পি পৰিছে তেওঁৰ কণ্ঠ আৰু পুত্ৰৰ তবলাৰ তালৰ লহৰ৷ যেন কিছুসময়ৰ কাৰণে সন্মোহিত হৈ থমকি ৰৈছে বিশ্ব-ব্ৰহ্মাণ্ড৷
■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক