নিঃস্বাৰ্থ ত্যাগ মূল- কিৰণ চাহু ভাবানুবাদ-বিকু

এখন গাঁৱত বহু বছৰৰ পুৰণি এজোপা ডাঙৰ বৰগছ আছিল । গাঁৱৰ সকলো লোকেই গছজোপাৰ ছাঁত জিৰাইছিল, গাঁৱৰ মহিলা সকলে প্ৰতিটো উৎসৱতে গছ জোপাক পূজাও কৰিছিল । গছ জোপাইও এনেকৈ গাঁওবাসীসকলৰ উপকাৰ সাধন কৰি আৰু মান্যতা লাভ কৰি বৰ আনন্দ পাইছিল । ক্ষন্তেকীয়া জীৱন কালতে মানুহক সুখে দুখে এনেকৈ উপকাৰ কৰিব পৰা কথা চিন্তা কৰি গছ জোপাই নিজকে ধন্যও মানিছিল । এনেকৈ সময় অতিবাহিত হৈ গৈ আছিল ।

পিছে, কালৰ গতিত কিছুবছৰৰ পিছত গছজোপাৰ আয়ুস কমি আহিবলৈ ধৰিলে । কালক্ৰমত ডাল পাতবোৰ শুকাবলৈ লাগিল আৰু শিপা বিলাকো এতিয়া দুৰ্বল হৈ আহিবলৈ ধৰিলে ।

গাঁৱৰ ৰাইজে গছ জোপাৰ এনে অৱস্থা দেখি কিন্তু অকণো বিচলিত নহল । অন্যপ্ৰকাৰে তেওঁ লোকে এতিয়া গছ জোপা কাটি দিয়াৰ কথা চিন্তা কৰিলে আৰু ইয়াৰ কাঠেৰে গৃহহীন সকলৰ কাৰণে একোটাকৈ ঘৰ সাজি দিয়াৰ সিদ্ধান্ত কৰিলে ।

গতিকে ইয়াকে ভাবি তেওঁলোকে হাতত কৰত কুঠাৰ লৈ গছ জোপা কাটিবলৈ বুলি আহিল । গাঁৱৰ ৰাইজে এনেদৰে গছজোপা কাটিবলৈ অহা দেখি বৰগছ জোপাৰ কাষতে থকা অন্য এজোপা গছে ক’লে, “ককা, আপোনাৰ এই মানুহবিলাকৰ স্বভাৱৰ ওপৰত অলপো খং উঠা নাইনে ? তেওঁলোক কেনে স্বাৰ্থপৰ,যেতিয়া তেওঁলোকক আপোনাৰ আৱশ্যকতা আছিল,তেতিয়া আপোনাক পূজা কৰিছিল । কিন্তু এতিয়া আপোনাৰ ক্ষয় হোৱা দেখি আপোনাক কাটিবলৈ আহিছে ।”

তেতিয়া বুঢ়া বৰগছ জোপাই দ্বিধাহীন ভাবে একেষাৰে সেই গছজোপাক বৰ আচৰিত ধৰণে উত্তৰ দিলে, “নহয় বোপা, মইতো এই কথাটোত মনত অকণো দুঃখ পোৱা নাই, বৰঞ্চ এটা কথা ভাবি মই অতি আনন্দিত হৈছোঁ যে, মৰাৰ পিছতো মই আজি কাৰোবাক উপকাৰ কৰি যাব পাৰিছো ।”

বন্ধুসকল, পৰোপকাৰী সকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি পৰোপকাৰৰ বেলিকা যদি প্ৰয়োজন হয়, নিজৰ জীৱন ত্যাগ কৰিবলৈকো অকণো কুণ্ঠাবোধ নকৰে । তেওঁলোকৰ জীৱন ত্যাগৰ বিনিময়ত যদি আন দহ জনৰ উপকাৰ বা সুখ হয়, সেই সুখকে তেওঁলোকৰো নিজৰ সুখ বুলি ভাৱি মৃত্যুক আনন্দেৰে আঁকোৱালি ল’ব বিচাৰে । ইয়াৰ জ্বলন্ত উদাহৰণ আমাক দধীচি মুনিয়ে দি থৈ গৈছে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments