নিঅ’ নই চলচ্চিত্ৰ আৰু সমসাময়িক অপৰাধজনিত ঘটনা ( ৰাজীৱ কুমাৰ বৰদলৈ )

কিছুদিনৰ আগতে বাতৰিত পাইছিলো পানবজাৰ চাইমন হাইচৰ স্বত্বাধিকাৰিক ভৃত্যই টকা পইচাৰ লোভত হত্যা কৰাৰ কথা৷ আৰক্ষীৰ তৎপৰতাত ধৰা পৰাৰ কথাও পাইছিলো৷ আজি পালো শিশু আদিশ্ৰী দত্তৰ বনকৰা মহিলাৰ দ্বাৰা অপহৰণ, পুলিচৰ যোৰদাৰ অভিযানত উদ্ধাৰ ও অপৰাধী কৰায়ত্ত৷ প্ৰকৃততে বিশ্বত এইধৰণৰ অপৰাধজনিত ঘটনা নিতৌ ঘটি থাকে৷ বেছিভাগ ঘটনা জনসাধাৰণে নজনাকৈয়ে অন্ধকাৰত থাকে৷ যিবোৰ অলপ উচ্ছস্তৰীয় অপৰাধজনিত ঘটনা কেনেবাকৈ ফ’কাচত আহে আৰু মেডিয়াইও গুৰুত্বপূৰ্ণ বুলি ভাবি প্ৰচাৰ কৰে৷ কিছুমান অপৰাধজনিত ঘটনা কেনেবাকৈ বহুল প্ৰচাৰ হৈ দেশযোৰি আলোডণ তোলে৷ ইন্দ্ৰানী মূখাৰ্জী জিয়েকক হত্যা কৰাৰ ঘটনা হল এনে ইদাহৰণ৷

ফিল্ম নইৰ বা নিঅ নই হল চলচ্চিত্ৰৰ এনে এটি ধাৰা( Genre) যত নায়ক বা নায়িকাক প্ৰচলিত নায়ক বা নায়িকাৰ দৰে উপস্থাপন নকৰি এণ্টিহিৰ’ ৰূপে উপস্থাপন কৰা হয়৷ এই ধৰণৰ চলচ্চিত্ৰত প্ৰ’টাগনীষ্টৰ অন্ধকাৰ অপৰাধজনিত কাণ্ডকাৰখানাৰ দিশটোক প্ৰাধান্য দিয়া হয়৷ নায়ক বা নায়িকাৰ অপৰাধ প্ৰৱণতা, ব্যভিচাৰ, অবৈধ প্ৰেম, অবৈধ যৌনাচাৰ, হত্যা, ডকাইতি, উচ্ছাকাংখ্যাৰ বাস্তৱিক উপস্থাপন হল নিঅ নই বা ফিল্মনই চলচ্চিত্ৰৰ প্ৰধান বৈশিষ্ট্য৷ DRISHYAM (অজয় দেৱগণ অভিনিত), আৰু BODLAPUR বা Raman Raghav হল তেনে ধৰণৰ চলচ্চিত্ৰ, ’ গেংচ অৱ ৱাচেপুৰ’ হল নিঅ নই চলচ্চিত্ৰৰ বিশুদ্ধ উদাহৰণ৷ এই ধাৰাৰ চলচ্চিত্ৰত নায়ক নায়িকা অপৰাধি বা অপৰাধত লিপ্ত হলেওঁ চিনেমাখনত আকৌ নায়ক নায়িকাকে প্ৰাধান্য দিয়ে যদিওঁ তেওলোক কিন্তুু খলনায়ক নহয়, মানে চিনেমাৰ প্ৰচলিত খলনায়কৰ দৰে নহয়৷ আমেৰিকা বা ইউৰোপত ১৯৫০ ৰ পৰা ১৯৯০ লৈকে এই ধাৰাৰ চলচ্চিত্ৰ সমূহে কিন্তু উপস্থাপনত সম্পূৰ্ণ বাস্তৱক ভিত্তি কৰি নিৰ্মান কৰিছিল আৰু বিষয় বস্তুত বাস্তৱৰ সম্পূৰ্ণ প্ৰতিফলন কৰিছিল৷ প্ৰধানকৈ ব্যাপক নগৰীকৰণ, উদ্যোগীকৰণ, পুজিবাদী স্বাৰ্থপৰতা, ভোগবাদে আমেৰিকা আৰু ইউৰোপৰ সমাজক সেই সময়ত(এতিয়াওঁ) বাৰুকৈয়ে জোকাৰি গৈছিল৷ আমিযে ভ্ৰমণ কাহিনীবোৰত সেইবোৰ দেশৰ বৰ মনোমোহা সুন্দৰ কথা কিছুমানৰ বৰ্ণনা পাওঁ বা মন মুহি নিয়া বিনয়ী, সদাচৰণৰ বৰ্ণনা লিখকবোৰেযে লিখে প্ৰকৃততে এনে লেখাই সেইবেৰ দেশৰ প্ৰকৃত ছবিখন দাঙি নধৰে, এখন সমাজৰ বা দেশৰ প্ৰকৃত ছৱিখন প্ৰতিফলন কৰে সেইদেশৰ সমসাময়িক সাহিত্য বা চলচ্চিত্ৰইহে৷ (এই ধৰণৰ ভোগবাদে আমাৰ সমাজকো এতিয়া স্পৰ্শ কৰিছেহি৷ প্ৰকৃততে যোৱা দুটা দশকধৰি আমাৰ সমাজত এইধৰণৰ অপৰাধ জনিত ঘটনা আছৰিত ধৰণেৰে বাঢিব ধৰিলেহি৷ ) বিভিন্ন কাৰণত – গোলকীয় বজাৰ ব্যৱস্থা, পন্য সামগীৰ উভৈনদী, কিন্তু মানুহে কিনিব নোৱাৰা বৈষম্যমূলক অৰ্থনৈতিক অৱস্থা, বা তেনে কাৰণত মানুহবোৰ বলি হৈ পৰিছিল আশা আকাংখ্যাৰ বাস্তৱ ভিত্তিহীন এক ধৰণৰ মানসিক ৰোগত যাৰ বাবে অপৰাধ হৈ পৰিল নিত্য সংগী আৰু তেনে কামৰ বাবে কিছুমানে অপৰাধ কৰিবলৈ অকনো কুণ্ঠাবোধ নকৰিছিল৷ সাফল্যৰ নিগনি দৌৰত আগবাঢ়িবৰ বাবে কিছুমানে লৈছিল অনৈতিক পন্থা৷ ফলত হত্যা আৰু প্ৰৱঞ্চনা, ব্যভিচাৰ আৰু অভৈধ প্ৰেম –প্ৰীতিয়ে এচামৰ মনোজগতত অবাধে বিচৰণ কৰিছিল৷ ভোগবাদে মানুহৰ নৈতিক অধপতনহে ঘটাইছিল৷ নিঅ’ নই বা ফিল্মনই চলচ্চিত্ৰত নাৰীৰ অপৰাধৰ অন্ধকাৰ কাণ্ড-কাৰখানা বা কৰ্ম-কাণ্ডইয়ো প্ৰাধান্য পায়৷ উচ্চাকাংখ্যা আৰু অবৈধ প্ৰেম যৌনাচাৰৰ দিশটো এই ধৰণৰ চলচ্চিত্ৰ্ত বাস্তৱ উপস্থাপন কৰা হয়৷ GONE GIRL হল যোৱাবছৰৰ তুমুল আলোৰণ সৃষ্টি কৰা এগৰাকি চতুৰ নাৰীয়ে অপৰাধ কৰি বাছি যোৱাৰ কাহিনীৰ বাস্তৱ উপস্থাপন কৰা হৈছে৷ সেইদৰে MISERY আৰু BOUND হল তেনেধৰণৰ নাৰীৰ অপাধজনিত নিঅ’ নই বা ফিল্ম নই চলচ্চিত্ৰ৷ হলিউদৰ বিখ্যাত পৰিছালক কুয়েনটিন টাৰাণ্টিনো হল এই ধাৰাৰ চলচ্চিত্ৰৰ নামকৰা পৰিছালক৷ প্ৰকৃততে গল্প, উপন্যাস বা চলচ্চিত্ৰৰ সৃষ্টি সমূহ হল বাস্তৱ সমসাময়িক সমাজৰেই প্ৰ্তিফলন৷ এই ধাৰাৰ চলচ্চিত্ৰত কাল্পনিক কাহিনীয়েও প্ৰাধান্য পায় কিন্তু বাস্তবৰ ঘটনাকহে বাস্তৱিক উপস্থাপনত গুৰুত্ব দিয়া হয়৷ প্ৰকৃততে এই ধাৰাৰ চলচ্চিত্ৰত অপৰাধিৰ অপৰাধক “গ্লৰিফাই’’ কৰা নহয়৷ অপৰাধ অপৰাধেই বা ইয়াৰ পৰিণতিও ঋণাত্মকেই৷ অৰ্থাৎ অপৰাধিৰ অপৰাধক “বীৰত্বপূৰ্ণ” কৰ্ম হিচাপে দেখোওৱা নহয়৷

(অতি শেহতীয়াকৈ বলিউদৰ ৰুস্তম আৰু মাদাৰি অপৰাধ জনিত ঘটনাৰ আলমত নিৰ্মিত যদিও সেইদুখন এই ধাৰাত নপৰে )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক