নিউটনৰ প্ৰিন্সিপিয়া আৰু ঈশ্বৰ বিশ্বাসৰ মৃত্যু – ডা: অজিত কুমাৰ পটঙ্গীয়া

প্ৰাচীন ধৰ্ম্মগ্ৰন্থসমূহ এৰি বিশ্বৰ ইতিহাসত যিকেইখন গ্ৰন্থই মানুহৰ চিন্তাজগতত গভীৰ প্ৰভাৱ পেলাই আহিছে তাৰ ভিতৰত প্ৰথম হৈছে কাৰ্ল মাৰ্ক্সৰ ’দাচ কেপিটেল’ আৰু তাৰ পাছতেই দুখন বিজ্ঞানৰ গ্ৰন্থ – নিউটনৰ ’প্ৰিন্সিপিয়া মেথামেটিকা’ আৰু আৰু ডাৰউইনৰ ’অৰিজিন অফ স্পেচিছ’৷ যোৱা বছৰ ১৪ ডিচেম্বৰ তাৰিখে নিউয়ৰ্কৰ ক্ৰিষ্টিজ অক্সন’ সংস্থাৰ পৰা এক অজ্ঞাত পৰিচয়ৰ ব্যক্তিয়ে’প্ৰিন্সিপিয়া মেথামেটিকা’ৰ প্ৰথম প্ৰকাশৰ এটা কপি ৩৭লাখ আমেৰিকান ডলাৰেৰে ক্ৰয় কৰে, যি বিজ্ঞান বিষয়ৰ কিতাপ নিলামৰ ক্ষেত্ৰত সৰ্বোচ্চ মূল্য৷ আমি আলোচনা কৰিব খুজিছো আজিৰ পৰা ৩৩০বছৰ আগতে প্ৰকাশ পোৱা এই প্ৰিন্সিপিয়া মেথামেটিকা (অসমীয়াত: প্ৰাকৃতিক দৰ্শনৰ গাণিতিক সুত্ৰ)গ্ৰন্থ লেখাৰ পটভূমি কি আছিল অৰ্থাৎ তেওঁৰ চিন্তাৰ উৎস কি আছিল? মানুহৰ মাজত এটা ধাৰণা প্ৰচলিত হৈ আহিছে (বা প্ৰচলন কৰা হৈছে) যে নিউটন আছিল এজন সমাজবিমুখ এক্সেণ্ট্ৰিক জিনিয়াচ৷ তেনে এজন আত্মকেন্দ্ৰীক বিজ্ঞানীৰ সন্মুখত গছৰ পৰা টুপুক কৈ সৰি পৰা এটা আপেল দেখি তেওঁৰ মগজত বল বিজ্ঞানৰ এক যুগান্তকাৰী চিন্তাৰ উদয় হ’ল, সেইয়া এক কাল্পনিক কাহিনীৰ বাহিৰে একো নহয়৷ প্ৰকৃততে তেওঁৰ বৈজ্ঞানীক সূত্ৰবোৰৰ চিন্তা আহিছিল তৎকালীন সমাজৰ বাস্তৱ সমস্যাবোৰৰ পৰায়েই৷
নক’লেও হ’ব যে বিজ্ঞানৰ ইতিহাস বিশ্ব ইতিহাসৰেই অংগ৷ ইতিহাসক আমি কিভাবে বিচাৰ কৰিম তাৰ দুটা দৃষ্টিভংগী আছে৷ এটা হৈছে ৰাজা-বোৰৰ ক্ষমতা আৰোহন-অৱৰোহন, সাম্ৰাজ্যবোৰৰ উত্থান-পতন আৰু ব্যক্তিসমূহৰ কীৰ্তি শৌৰ্য্য-বীৰ্য্যৰ সমাহাৰ হিচাবে দেখুৱাতো৷ বিদ্যালয়-মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক ইতিহাস এনেদৰেই পঢ়োৱা হয়৷ এইটো হ’ল সমাজত প্ৰচলিত দৃষ্টিভংগী৷ অন্য এটা দৃষ্টিভংগীৰ তুলি ধৰিছে মাৰ্ক্স আৰু এংগেলছে, য’ত সমাজৰ বিভিন্ন ঐতিহাসিক স্তৰত জনসাধাৰণৰ জীৱনযাত্ৰা আৰু জীৱিকা আৰু তাৰ মাজত নিহিত থকা উৎপাদিকা শক্তিৰ বিকাশ তথা ইতিহাসৰ গতিপথ বুজাৰ চেষ্টা কৰা হয় উৎপাদিকা শক্তি আৰু উৎপাদনৰ সম্পৰ্কৰ মাজৰ দ্বন্দ্ব্বৰ যোগেদি৷ এই দ্বিতীয়টো দৃষ্টিভংগীত ব্যক্তিৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’লেও মুখ্য নহয়৷ প্ৰকৃততে এইটোৱেই বিজ্ঞানসন্মত দৃষ্টিভংগী৷ এখন প্ৰকৃত শোষণমুক্ত বিশ্ব গঢ়াৰ ঐতিহাসিক প্ৰয়োজনক স্বীকাৰ কৰি অন্য এক বিশ্লেষণ দাঙি ধৰা হয় এই দৃষ্টিভংগীৰ যোগেদি৷ গতিকে নিউটন আৰু তেওঁৰ সৃষ্টি প্ৰিন্সিপিয়া মেথামেটিকাক গভীৰ ভাবে বুজিবলৈ হ’লে তৎকালীন সমাজৰ উৎপাদিকা শক্তিৰ বিকাশ আৰু তাৰ পোহৰত তত্ত্বগত সমস্যাবিলাক বুজিব লাগিব৷ (বৰিছ হেছেন, চোভিয়েট ৰাছিয়া, বিজ্ঞান ইতিহাস সন্মিলন, লণ্ডন, ১৯৩১)
নিউটনৰ পুৰ্ববৰ্তী সময়তে সামন্ততান্ত্ৰিক সমাজৰ হাজাৰ বছৰৰ অন্ধকাৰময় মধ্যযুগীয় সমাজ ভাঙি নতুন পুঁজিবাদী সমাজৰ জন্ম হৈছিল৷ আত্মনিৰ্ভৰ গ্ৰামীণ অৰ্থনীতিৰ মাজত যি বণিকগোষ্ঠী গঢ়ি উঠিছিল তেওঁলোকে কেৱল বস্তু কিনাবেচাতে আবদ্ধ নাথাকি উৎপাদন কৰিবলৈও আৰম্ভ কৰিছিল৷ আৰম্ভণিতে সেইয়া আছিল ক্ষুদ্ৰ ক্ষুদ্ৰ কুটিৰ শিল্পৰ উদ্যোগ৷ ১৬০০-১৭০০ শতিকা জুৰি লাহে লাহে উৎপাদনৰ পৰিমাণ বৃদ্ধি হৈ থাকে, লগতে উৎপাদকৰ আৰ্থিক ক্ষমতা আৰু ৰাজনৈতিক প্ৰভাৱো বৃদ্ধি পাবলৈ আৰম্ভ কৰে৷
উৎপাদিকা শক্তিৰ এই বৃদ্ধিয়ে বিজ্ঞানৰ সন্মুখত কিছুমান নতুন নতুন দায়িত্ব আনি দিলে৷ বিপুল পৰিমাণৰ উৎপাদিত সামগ্ৰী ব্যৱসায়ৰ প্ৰয়োজনত দূৰ ঠাইলে পঠোৱাৰ আৱশ্যক৷ অথচ সেই সময়ত ৰাস্তা-ঘাটৰ যোগাযোগ ব্যৱস্থা আছিল অতি অনুন্নত৷ বেছি সামগ্ৰী কঢ়িয়াৰ সুবিধা নাছিল, গতিও আছিল অত্যন্ত ধীৰ৷ তাৰ তুলনাত জলপথেদি পৰিবহণৰ যোগেদি বেছি সামগ্ৰী পৰিবহণ কৰিব পৰা হৈছিল, গতিও আছিল বেছি৷ জলপথেদি বেছি সামগ্ৰী পৰিবহণ কৰিবলৈ জাহাজৰ নক্সা উন্নত কৰাৰ প্ৰয়োজন হৈছিল৷ আৰু তাৰ বাবে পানীত উপঙি থকা বস্তুৰ স্থিতিশীলতাৰ নিয়মবোৰ জনা দৰকাৰ৷ সেয়েহে হাইড্ৰোষ্টেটিকছৰ অধ্যয়নৰ প্ৰয়োজন হৈছিল৷
সমুদ্ৰ পৰিবহণৰ ক্ষেত্ৰত অন্যতম সমস্যা আছিল সমুদ্ৰৰ মাজত জাহাজৰ অৱস্থান নিৰ্ণয়৷ এই অসুবিধাৰ বাবে সেই সময়ত জাহাজবোৰ উপকুলৰ কাষে কাষে চলাচল কৰিছিল৷ ইয়াৰ ফলত গন্তব্য স্থান পাওঁতে বহত বেছি পথ অতিক্ৰম কৰিব লগা হৈছিল৷ পথ সংক্ষেপ কৰিবলৈ নাবিকসকলে অতীতৰ পৰায়েই বিভিন্ন সময়ত গ্ৰহ তৰাৰ অৱস্থানৰ দ্বাৰা দিশনিৰ্ণয় কৰাৰ চেষ্টা চলাই আহিছিল৷ গতিকে বাস্তৱ প্ৰয়োজনতে মানুহে গ্ৰহ-তৰাৰ প্ৰতি কৌতূহলী হৈ তাৰ গতিৰ নিয়মসমূহ আৰু বিভিন্ন সময়ত পৃথিবীৰ পৰা ইয়াৰ অৱস্থান জনাৰ বাবে অধ্যয়নত নিয়োজিত হয়৷
উৎপাদনৰ প্ৰয়োজনতে যেতিয়া বেছি পৰিমাণৰ লোহা, তাম আদি ধাতুবোৰৰ প্ৰয়োজন দেখা দিলে, তেতিয়া খনিশিল্প এটা বৃহৎ শিল্প হিচাবে গঢ়ি উঠিল৷ লগে লগে গভীৰ খনিৰ পৰা পানী পাম্প কৰি বাহিৰ কৰা, খনিশ্ৰমিকসকলৰ শ্বাস-প্ৰশ্বাসৰ বাবে খনিৰ ভিতৰত বতাহৰ প্ৰৱেশ কৰোৱা, খনিজ পদাৰ্থ সহজে বাহিৰলৈ অনা আদিৰ বাবে বিজ্ঞানৰ বলবিদ্যা আৰু ৰসায়ন বিজ্ঞানৰ উন্নতৰ বাবে বিজ্ঞানীসকল গৱেষনাত নিয়োজিত হ’ল৷
সেই সময়ত পুৰণা সামন্তপ্ৰভু-ৰাজন্যবৰ্গ আৰু উদীয়মান পুঁজিপতি-বুৰ্জোৱাশ্ৰেণীৰ মাজৰ দ্বন্দ্ব্বই সশস্ত্ৰ সংগ্ৰামৰ ৰূপ লয়৷ ফলত যুদ্ধ-বিগ্ৰহ বৃদ্ধি পায়৷ যুদ্ধৰ প্ৰয়োজনতো বিজ্ঞানে আগ্নেয়াস্ত্ৰত অগ্নিসংযোগৰ পাছত কি প্ৰক্ৰিয়া ঘটি কিমান জোৰে, কিমান দূৰ যাব, তাৰ গতিপথ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, তাৰ গতিৰ ওপৰত মাধ্যাকৰ্ষণ আৰু বায়ুৰ বাধাৰ প্ৰভাৱ আদি অধ্যয়ন কৰাৰ ফলত ধংসাত্মক অস্ত্ৰ-সস্ত্ৰ নিৰ্মাণৰ লগতে নানা ধৰণৰ মানৱ কল্যাণৰ উপযোগী আৱিষ্কাৰো হ’ল৷
দেখা গ’ল যে সেই যুগত উৎপাদিকা শক্তিৰ অগ্ৰগতিয়ে বিজ্ঞানৰ সন্মুখত কিছুমান বাস্তৱ প্ৰশ্ন তুলি ধৰিছিল৷ মূলত সেইবোৰ আছিল বলবিদ্যা (মেকানিক্স)ৰ সমস্যা৷ উৎপাদিকা শক্তিৰ অব্যাহত বিকাশ নিৰ্ভৰ কৰিছিল সমস্যাবোৰৰ তত্ত্বগত বৈজ্ঞানীক সমাধানৰ ওপৰত৷
প্ৰিন্সিপিয়া মেথামেটিকা গ্ৰন্থখনত নিউটনে ঠিক এই কামটোৱেই কৰিছিল৷ বিদ্যালয়-মহাবিদ্যালয়ত নিউটনীয় বিজ্ঞান হিচাবে তিনিটা গতি সূত্ৰ আৰু মহাকৰ্ষণ তত্ত্বয়েই পঢ়োৱা হয়৷ এইকথা মূলত প্ৰিন্সিপিয়াৰ তৃতীয় খণ্ডৰ বিষয়-বস্তু৷ আন দুটা খণ্ডত নিউটনে উদস্থিতিবিদ্যা, উদগতিবিদ্যা, ৰোধক মাধ্যমত বস্তুৰ গতি ইত্যাদি বিষয়ক তত্ত্ব গঢ়ি তুলিছিল৷
আচলতে মানুহে তাৰ চিন্তাৰ উপাদান সংগ্ৰহ কৰে তাৰ চাৰিওফালে থকা সমাজখনৰ পৰা৷ সমাজৰ নানা চিন্তাই সেই সময়ৰ মূল শ্ৰেণীদ্বন্দ্ব্বকেই প্ৰতিফলিত কৰে৷ কিছুমান চিন্তাই পুৰণা সমাজক ধৰি ৰাখিব বিছাৰে, পুৰণা সমাজৰ ৰুচি-সংস্কৃতিক প্ৰতিফলিত কৰে৷ আনহাতে সমাজ পৰিবৰ্তনৰ বাবে নতুন উন্নত সমাজৰ শ্ৰেণী চিন্তাও সমাজলৈ আহে৷ নান চিন্তাৰ ঘাত-প্ৰতিঘাতৰ মাজৰ পৰায়েই প্ৰত্যেক মানুহে তাৰ চিন্তাৰ তথ্য সংগ্ৰহ কৰে৷ কোনো বিশেষ সময়ত সকলোতকৈ প্ৰগতিশীল যি চিন্তা, সি যিজন মানুহৰ মাজেদি সকলোতকৈ সুন্দৰ ভাৱে প্ৰতিফলিত হয়, তেওঁয়েই জ্ঞান-বিজ্ঞান ক্ষেত্ৰত সুদূৰপ্ৰসাৰী অৱদান ৰাখিব পাৰে৷ এয়াই ঘটিছিল নিউটনৰ মাজেদি৷
যিকোনো সমাজৰ অৰ্থনৈতিক ভিত্তিৰ ওপৰতে তৈয়াৰ হয় সাংস্কৃতিক উপৰিসৌধ৷ নিউটনৰ পুৰ্ববৰ্তী কাল মধ্যযুগত প্ৰায় হাজাৰ বছৰ জুৰি কটকটিয়া ধৰ্মবিশ্বাসৰ বান্ধোনে জ্ঞান-বিজ্ঞানৰ চৰ্চা স্তব্ধপ্ৰায় কৰি পেলাইছিল৷ মানুহে সকলো প্ৰশ্নৰ উত্তৰ বিছাৰিছিল বাইবেল, এৰিষ্টটল আৰু টলেমিৰ লেখাত৷ প্ৰত্যেক প্ৰশ্নৰে চাৰ্চ-অনুমোদিত উত্তৰ আছিল৷ তাৰ বাহিৰে উত্তৰ বিছৰাটো আছিল ধৰ্মদ্ৰোহিতাৰ সমপৰ্য্যায়ৰ৷
’ঈশ্বৰৰ সৰ্বোত্তম সৃষ্টি মানুহৰ বাসস্থান পৃথিবীৰ অৱস্থান বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰত আৰু পৃথিবীৰ চাৰিওফালে এক জটিল ৰূপত ঘূৰিছে সূৰ্য্য আৰু অন্যান্য গ্ৰহ-নক্ষত্ৰ’ – এইয়া আছিল সেইসময়ত বিশ্বব্ৰহ্মাণ্ডৰ ৰূপটোৰ সম্পৰ্কেও চাৰ্চ অনুমোদিত টলেমিৰ ব্যাখ্যা৷ ইয়াৰ বাহিৰে অন্য ধৰণে ব্যাখ্যা কৰিব বিছাৰিলে মানুহে কঠিন শাস্তিৰ সন্মুখীন হৈছিল৷ এই বিশ্বাস লৈয়েই মানুহে শ শ বছৰ চলি আহিছিল৷
ৰেনেছা বা নৱজাগৰণৰ আৰম্ভণিতে নিকোলাছ ক’পাৰনিকাছে টলেমিৰ সূত্ৰ অনুসৰি গ্ৰহবোৰৰ জটিল গতি ব্যাখ্যা কৰিবলৈ গৈ যি এক সমস্যাত পৰিল তাৰ পৰা অনুমান কৰিলে যে বিশব্ৰহ্মাণ্ডৰ কেন্দ্ৰত পৃথিবী – এই ধাৰণাটো সঠিক নহয়৷ প্ৰকৃততে সূৰ্য্যক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে পৃথিবী আৰু অন্য গ্ৰহবোৰহে ঘূৰিছে৷ গতিশীল পৃথিবীৰ পৰা গতিশীল গ্ৰহবোৰ আমি দেখো বাবেই সেইবোৰৰ গতি জটিল যেন ভাব হয়৷ এই চিন্তা আছিল ধৰ্ম্মদ্ৰোহীতাৰ সমান৷ ১৫৪৩ চনত ক’পাৰনিকাছৰ গ্ৰন্থখন যিসময়ত প্ৰকাশ পাইছিল, তেতিয়া তেওঁ মৃত্যুশৰ্য্যাত, গতিকে তেওঁ শাস্তিৰ সন্মুখিন হ’ব লগা নহ’ল৷ কিন্তু জিওৰ্দানো ব্ৰুনুয়ে যেতিয়া মুকলিকৈ ক’পাৰনিকাছৰ মত সমৰ্থন কৰিলে, তেতিয়া তেওঁক ধৰ্ম্মদ্ৰোহীতাৰ শাস্তি হিচাবে ৰাজহুৱা ভাবে পুৰি মৰা হয়৷ সেইয়া আছিল ১৬০০চনৰ কথা৷
গেলিলিওয়ে সেইসময়ত তেওঁৰ সদ্যনিৰ্মিত টেলিস্কোপৰ জৰিয়তে আকাশৰ জ্যোতিস্কসমূহৰ পৰ্য্যবেক্ষণ আৰম্ভ কৰিছিল৷ তেওঁ দেখিলে যে চন্দ্ৰত বহুতো পাহাৰ আছে, সূৰ্য্যৰ কলংক, চন্দ্ৰৰ দৰে শুক্ৰ গ্ৰহৰো উজ্জ্বলতাৰ হ্ৰাস-বৃদ্ধি ঘটে৷ দেখিলে বৃহস্পতিৰ চাৰিটা উপগ্ৰহ, শনিৰ বলয়৷ তেওঁৰ এইবোৰ ব্যাখ্যা চাৰ্চ-অনুমোদিত টলেমিৰ তত্ত্ব নহয়, ক’পাৰনিকাছৰ তত্ত্ব, ফলত ১৬৩৩ চনত চাৰ্চৰ বিচাৰসভাত তেওঁৰ বিচাৰ হ’ল আৰু ধৰ্ম্মদ্ৰোহীতাৰ অপৰাধত জীৱনৰ বাকী সময়চোৱা বন্দীশালত কটাব লগা হ’ল৷ তেওঁ এই সম্পৰ্কে লিখা গ্ৰন্থ প্ৰকাশ হ’ল সেইসময়ৰ নৱজাগৰণ আন্দোলনৰ পীঠস্থান হলেণ্ডৰ পৰা৷
কিন্তু সেইসময়ত মানুহৰ চিন্তাজগতত নৱজাগৰণৰ প্ৰবল বতাহ৷ তাক কোনে ৰোধিব পাৰে? গেলিলিওৰ ব্যতিক্ৰমী চিন্তাৰ প্ৰভাৱক ৰূদ্ধ কৰিব পৰা নগ’ল৷ ইতিমধ্যে ডেনমাৰ্কৰ জ্যোতিৰ্বিদ টাইকো ব্ৰাহে (১৫৪৬-১৬০২) গ্ৰহবোৰৰ অৱস্থান আৰু গতি খালি চকুৰে যিমানপাৰি নিখুঁতভাৱে পৰ্য্যবেক্ষণ কৰা সম্ভৱ সেইয়া কৰিছিল আৰু তাক লিপিবদ্ধ কৰিছিল৷ তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সহকাৰী জন কেপলাৰে (১৫৭৬-১৬৩০) সেই তথ্যসম্ভাৰ বিশ্লেষণ কৰি তেওঁৰ নিজস্ব বিশ্বাসৰ সপক্ষে প্ৰমাণ যোগাৰ কৰিব বিছাৰি ফলাফল হিচাবে পালে ক’পাৰনিকাছ আৰু গেলিলিওৰ বক্তব্যৰ সত্যতা৷ টাইকো ব্ৰাহৰ পৰ্য্যবেক্ষণ যে ভুল সেই কথা তেওঁ মানি ল’ব পৰা নাছিল৷ সেয়েহে শেষ পৰ্য্যন্ত নিজৰ ধৰ্ম্মবিশ্বাসৰ বিৰুদ্ধে গৈয়ো সমৰ্থন কৰিলে সত্যক, প্ৰকাশ কৰিলে তেওঁৰ তিনিটা বিখ্যাত সূত্ৰ৷
ইয়াৰ পৰা অধ্যয়নশীল মানুহে মানুহে বুজিছিল যে, ইমান দিনে মানুহে যি চিন্তা, যি বিশ্বাস কৰি আহিছিল, সেইবোৰৰে আৰু কাম নচলিব৷ নতুন ধৰণে চিন্তা কৰিব লাগিব৷ ইমানদিনে যিবোৰ বিশ্বাস কৰা হৈছিল সেইবোৰৰ প্ৰত্যেকটো কথাই খুটিনাতি মাৰি বিশ্লেষন কৰিব লাগিব৷ প্ৰকৃতিজগতৰ পৰা নতুন জ্ঞান আহৰণ কৰিব লাগিব৷ কিন্তু তাৰ পদ্ধতি কি হ’ব?
পদ্ধতিৰ প্ৰশ্নত এটা গুৰুত্বপূৰ্ণ দিশ দেখুৱাইছিল গেলিলিওৱে৷ প্ৰাচীনকালৰ পৰাই মানুহে নানা প্ৰশ্নৰ উত্তৰ বিছাৰি হাবাথুৰি খাই আহিছিল, কিন্তু পদ্ধতি আছিল ব্যক্তিমুখী (চাবজেক্টিভ)৷ এই পদ্ধতিত, কোনো প্ৰশ্নৰ উত্তৰ কি হ’ব পাৰে তাকে লৈ একো একোজন চিন্তাশীল মানুহে গভীৰভাবে চিন্তা কৰিছিল৷ তেওঁৰ চেতনাত উত্তৰটো যেনেকৈ আহিছিল, তেওঁৰ ওচৰত সেইটোৱেই আছিল প্ৰশ্নটোৰ উত্তৰ৷ তেওঁ সেইভাবেই প্ৰশ্নটোৰ উত্তৰটো প্ৰচাৰ কৰিছিল৷ অন্য এজন মানুহে হয়তো চিন্তা কৰি সেই একেটা প্ৰশ্নৰে ভিন্ন উত্তৰ পাইছিল৷ অৰ্থাৎ এটা প্ৰশ্নৰে বহতো উত্তৰ হ’ব পাৰে৷ সাধাৰণ মানুহ, এনেধৰণৰ কোনো চিন্তাশীল ব্যক্তিৰ অনুগামী হৈছিল৷ তেওঁৰ মতত বিশ্বাসী হৈছিল৷ প্ৰাচীন গ্ৰীক বা ৰোমান যুগত বা প্ৰাচীন ভাৰতত চিন্তা-চেতনাৰ ৰূপটো আছিল এনেধৰণৰ৷ লক্ষণীয় যে চিন্তাটো সঠিক হ’ল নে নাই হোৱা তাক বিচাৰ কৰাৰ কোনো পদ্ধতি নাছিল৷ গেলিলিওয়েই প্ৰথমে কৈছিল, আমি যি চিন্তা কৰিছো, বিশ্বাস কৰিছো, সেইয়া ভুলো হ’ব পাৰে৷ চিন্তাটো সঠিক নে ভুল সেইয়া বিচাৰ কৰা হ’ব প্ৰকৃতি বিজ্ঞানৰ পৰ্য্যবেক্ষণ আৰু পৰীক্ষাৰ মাজেদিয়েই৷ পিচাৰ হেলনীয়া স্তমভৰ ওপৰৰ পৰা এটা ডাঙৰ আৰু এটা সৰু পাথৰৰ খণ্ড পেলাই তেওঁ দেখুৱালে যে – ইমান দিনৰ বিশ্বাস ভুল, বেছি ওজন থকা ডাঙৰ বস্তু আগতে মাটিত নপৰে, দুয়োটাই একে সমান সময়তে মাটিত পৰে৷ পেণ্ডুলামৰ ওপৰত আৰু অন্য ধৰণৰ বস্তুৰ গতিৰ ওপৰত নানা ধৰণৰ পৰীক্ষা কৰি গেলিলিওয়ে দেখুৱালে যে অতীতৰ বহুতো বিশ্বাসেই ভ্ৰান্ত৷ ইয়াৰ দ্বাৰা তেওঁ যি পদ্ধতিৰ জন্ম দিলে সেইটোক কোৱা হয় বস্তুমুখী (অবজেক্টিভ) পদ্ধতি৷
এই সুত্ৰৰ আলম লৈ ইংৰাজ দাৰ্শনিক পণ্ডিত ফ্ৰান্সিচ বেকনে(১৫৬১-১৬২৬)কৈছিল, প্ৰকৃতিজগত সন্বন্ধে আমি জ্ঞান আহৰণ কৰিব লাগিব এক নতুন ধৰণৰে৷ আৰু তাৰ বাবে লাগিব আমাৰ পূৰ্বধাৰণামুক্ত মনৰ এক ব্যাপক পৰ্য্যবেক্ষণ৷ জড়জগত, জীৱজগত, গ্ৰহ-নক্ষত্ৰৰ ব্যাপকভাবে পৰ্য্যবেক্ষণ কৰি প্ৰচুৰ তথ্য সংগ্ৰহ কৰিব লাগিব৷ তাৰ পাছত সেই তথ্যৰ পৰা আহৰণ কৰা যুক্তি(ইণ্ডাক্টিভ লজিক)ৰ জৰিয়তে সাধাৰণ সত্য কৰি গঢ়ি তুলিব লাগিব তত্ত্ব৷ এই কাম কোনো এজন বিজ্ঞানীৰ দ্বাৰা অকলে কৰাতো সম্ভৱ নহয়৷ বহুতো বিজ্ঞানীয়ে যৌথভাৱে কাম কৰিব লাগিব৷ এই চিন্তাৰ পথতে ইউৰোপৰ নানা দেশত গঢ়ি উঠিল বিজ্ঞানীসকলৰ নানা সংগঠন, ৰয়েল চচাইটিসমূহ৷ ইংলণ্ডত প্ৰথম ৰয়েল চচাইটি গঢ়ি উঠিছিল ১৬৬৩ চনত৷
ফৰাচী দাৰ্শনিক ৰেনে ডেকাৰ্টে(১৫৯৬-১৬৫০)কৈছিল, বিজ্ঞান ঠিয় হ’ব লাগিব যুক্তিৰ ভিত্তিত, বিশ্বাসৰ ভিত্তিত নহয়৷ কোনো চিন্তাৰ সপক্ষে সঠিক যুক্তি দিব পৰাতোয়েই সত্যত উপনীত হোৱাৰ উপায়৷ যুক্তিৰ সফল প্ৰয়োগ গণিতৰ মাধ্যমেদিহে সম্ভৱ, সেয়েহে বৈজ্ঞানীক তত্ত্বক প্ৰকাশ কৰিব লাগিব গাণিতিক ৰূপত৷ আৰু গণিত কেইটিমান স্বত: সিদ্ধ সিদ্ধান্ত(এক্সিওম)ৰ পৰা অৱৰোহী যুক্তি(ডিডাক্টিভ লজিক)ৰ ওপৰত ভিত্তি কৰি চলে, গতিকে তেওঁ অৱৰোহী যুক্তিধাৰাৰ প্ৰয়োগৰ ওপৰত জোৰ দিলে৷ তেওঁ নিজে কাৰ্টেচিয়ান জ্যামিত্ৰিৰ জন্ম দি এই প্ৰয়োগৰ পথো দেখুৱালে৷
দেখা গ’ল বেকন আৰু ডেকাৰ্টে যি দুটা কৰ্ম্মপন্থাৰ দিশ দেখুৱালে, সেই দুটা পৰস্পৰৰ পৰিপূৰক৷ দুয়োটাই বিজ্ঞানৰ অগ্ৰগতিৰ ক্ষেত্ৰত অপৰিহাৰ্য্য৷ আৰু এই দিশ দুটাৰ অৱলম্বন কৰি বিজ্ঞান খুউব দ্ৰুত গতিত আগুৱাই গ’ল৷ ফলত ইয়াৰ পৰবৰ্ত্তি সময়ত আমি ৰবাৰ্ট বয়ল, ৰবাৰ্ট হুক, লিউয়েনহক, এডমণ্ড হেলি আৰু নিউটনৰ দৰে দিকপাল বিজ্ঞানীসকলক পাওঁ৷
লক্ষণীয় ভাবে, হাজাৰ বছৰৰ বন্ধ্যাত্বৰ পাচত মানুহৰ চিন্তাজগতত অৱিশ্বাস্য ভাবে দ্ৰুতগতিৰে এই পৰিবৰ্ত্তন ঘটিছিল৷ নিকোলাছ ক’পাৰনিকাছৰ গ্ৰন্থ প্ৰকাশ হৈছিল ১৫৪৩ চনত৷ আৰু যি বছৰ গেলিলিওৰ মৃত্যু হয়, সেই ১৬৪২ চনতে নিউটনৰ জন্ম৷ অৰ্থাৎ ১০০ বছৰৰ ভিতৰতেই সমাজত এনে এচাম মহামানৱৰ জন্ম হ’ল যি ইতিহাসত ’যুক্তিৰ যুগ’ৰ সৃষ্টি কৰিলে৷ কিন্তু তেতিয়াওঁ চাৰ্চৰ একচ্ছত্ৰী প্ৰভাৱে সাধাৰণ মানুহৰ চিন্তাজগতক অন্ধতা, গোঁঢ়ামী, কুপমণ্ডুকতাৰে আবৰি ৰাখিছিল৷ আনকি কেপলাৰৰ নিজৰ মাক ডাইনী অপবাদত বহু বছৰ কাৰাৰুদ্ধ আছিল৷ শিক্ষিত মানুহৰ একাংশৰ মাজত চাৰ্চ অনুমোদিত জ্ঞান সন্বন্ধে সন্দেহ দেখা দিছে মাত্ৰ৷ ’বিশ্বজগতৰ সকলোৰে সৃষ্টিকৰ্ত্তা আৰু নিয়ন্ত্ৰক ঈশ্বৰ’ – সেই ধাৰণাৰ ওপৰত তেতিয়ালৈকে কোনো আচোৰ পৰা নাছিল৷ বিশ্ববিদ্যালয়সমূহো তেতিয়া স্কলাষ্টিচিজিমৰ জোৰদাৰ চৰ্চা ক্ষেত্ৰ৷
এনে এক সাংস্কৃতিক পৰিমণ্ডলতেই নিউটন জন্মহৈ ডাঙৰ-দীঘল হৈছিল৷ সমাজত প্ৰচলিত নানা চিন্তা, আদৰ্শ, ঘাত-প্ৰতিঘাতৰ পৰা ৰছদ-পাতি সংগ্ৰহ কৰিয়েই গঢ়ি উঠিছিল তেওঁৰ মানসিক জগত৷ এই দিশটোক ভালকৈ ধৰিব নোৱাৰাৰ ফলত কিছু বিজ্ঞান ঐতিহাসিকে নিউটনৰ ধৰ্ম্ম বিশ্বাস, এলকেমি চৰ্চা আদিকো গুৰুত্ব সহকাৰে লয়৷ প্ৰকৃততে এইয়া হোৱাতো স্বাভাৱিক৷ ধৰ্ম্মীয় প্ৰভাৱমুক্ত মন গঢ়ি উঠাৰ বাস্তৱ ক্ষেত্ৰখন তেতিয়াও সম্পূৰ্ণ তৈয়াৰ হোৱা নাছিল৷ এজন মানুহৰ মূল্যায়ণ কৰিব লাগিব, তেওঁৰ মাজত সেই সমাজত আবিৰ্ভাৱ হোৱা নতুন অগ্ৰগামী চিন্তা আৰু পুৰণা পশ্চাৎগামী চিন্তা – এই দুই ধৰণৰ চিন্তাৰ মাজত কোনটো চিন্তাৰ বেছি প্ৰতিফলন ঘটিছে, তাৰ ভিত্তিত৷ এই দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে দেখা যাব যে, নিউটনৰ মাজেদিয়েই ’যুক্তিৰ যুগ’ৰ পৰা উদ্ভুত চিন্তাৰ এক সৰ্ব্বোন্নত ব্যক্তিকৃত প্ৰকাশ ঘটিছিল৷
নিউটনীয় বলবিদ্যাৰ মূল বক্তব্যটো কি? নিউটনৰ আগতেও বস্তুৰ গতি মানুহে দেখি আহিছে – সূৰ্য্য-চন্দ্ৰ-গ্ৰহবোৰৰ গতি, ধনুৰ পৰা এৰি দিয়া তীৰৰ গতি ইত্যাদি৷ কিন্তু সেই গতিৰ কাৰণ মানুহৰ জ্ঞাত নাছিল৷ সেয়েহে মানুহে সকলো ধৰণৰ গতিৰ কাৰণ হিচাবে কোনো অতিপ্ৰাকৃতিক শক্তিৰ হাত থকা বুলি ভাবিছিল৷ যিদৰে মানুহে সাৰথিৰ দ্বাৰা ৰথ পৰিচালনা কৰা দেখিছিল, তেনেদৰে তেওঁলোকে ভাবিছিল চন্দ্ৰ-সূৰ্য্যক-গ্ৰহবোৰো ঈশ্বৰে পৰিচালনা কৰে৷ আনকি ধনুৰ পৰা এৰি দিয়া তীৰো কোন পথেৰে যাব সেইয়াও ঈশ্বৰৰ নিৰ্দেশেৰে স্থিৰ হয় বুলি ভাবিছিল৷ সেই কাৰণে এৰিষ্টটলৰ তত্ত্ব অনুযায়ী ভবা হৈছিল, গতিৰ বাবে সকলো সময়তে বলপ্ৰয়োগ কৰিবই লাগিব৷ অৰ্থাৎ গতি থাকিলে বলপ্ৰয়োগকাৰী শক্তি এটা থাকিবই লাগিব৷
গেলিলিওয়ে দেখুৱালে, বলে গতিৰ সৃষ্টি কৰে – এই ধাৰণা ভ্ৰান্ত৷ বলে গতিৰ পৰিবৰ্ত্তন ঘটায়, বলে যি সৃষ্টি কৰে তাক আমি ত্বৰণ বুলি কওঁ৷ বলে গতিৰ সৃষ্টি নকৰে৷ কথাটো নিউটনে সূত্ৰবদ্ধ কৰিলে – বাহিৰৰ পৰা বল প্ৰয়োগ নকৰিলে, স্থিৰ বস্তু সদায় স্থিৰ হৈ থাকিব আৰু চলি থকা বস্তু সমান বেগত সৰলৰেখাত গতি কৰি থাকিব৷ ইয়াৰ অৰ্থ হ’ল, গতি দেখিলেই সদায় বলপ্ৰয়োগকাৰী কোনো কাৰকক বিচাৰিব নালাগে, বৰং গতিৰ পৰিবৰ্ত্তন দেখিলেহে বলপ্ৰয়োগকাৰী বিচাৰিব লাগে৷ এই বিশ্বজগতৰ সকলোৰে পৰিচালনাৰ ঈশ্বৰৰ ভূমিকাৰ ইয়াৰ যোগেদি নৎসাৎ কৰা হ’ল৷
তথাপিও, গতিৰ পৰিবৰ্ত্তন আমি বহুক্ষেত্ৰতে দেখি থাকো৷ পৃথিবীৰ চাৰিওফালে চন্দ্ৰৰ আবৰ্ত্তনতো প্ৰতিমুহূৰ্ত্ততে গতিৰেই পৰিবৰ্ত্তন৷ এই ক্ষেত্ৰত কোনে বল প্ৰয়োগ কৰিছে? নিউটনে দেখুৱালে যে এই বল সৃষ্টি হৈছে মাধ্যাকৰ্ষণৰ বাবে৷ ই বস্তুজগতৰ সাৰ্ব্বজনীন ধৰ্ম্ম, যি নেকি গাণিতিক সূত্ৰৰ দ্বাৰা সূত্ৰবদ্ধ৷ তাৰ অৰ্থ হৈছে বল প্ৰয়োগো ঈশ্বৰৰ ইচ্ছা-অনিচ্ছাৰ ফলত হোৱা নাই৷ ঈশ্বৰৰ ভূমিকা আৰু হ্ৰাস পালে৷
তাৰ পিছত দেখুৱালে যে – বল প্ৰয়োগ কৰিলে গতি কিমান সলনি হ’ব, সেইয়াও গণিতৰ সূত্ৰৰে বন্ধা৷ বল = ভৰ X ত্বৰণ৷ ইয়াৰ পৰা যিকোনো বস্তুৰ গতি সম্পৰ্কিত এটা ডিফাৰেন্সিয়েল সমীকৰণ পোৱা যায়, যিটো সমাধান কৰিব পাৰিলে যিকোনো প্ৰাৰম্ভিক অৱস্থাৰ পৰা আৰম্ভ কৰি ভৱিষ্যতত সেই বস্তুৰ অৱস্থান আৰু গতি অংক কৰি উলিয়াব পৰা যায়৷ দেখা গ’ল যে এই পদ্ধতিৰ জৰিয়তে চন্দ্ৰ বা গ্ৰহবোৰৰ অৱস্থান কোন দিনা কি হ’ব, সেইয়া অংক কৰি নিৰ্ণয় কৰিব পৰা হৈছে আৰু ইয়াৰ দ্বাৰা কৰা ভৱিষৎবাণীবোৰো মিলি গৈছে৷ আনকি নিউটনৰ জীৱনকালতে তেওঁৰ বন্ধু এডমাণ্ড হেলিয়ে এটা ধুমকেতুৰ ওপৰত এই পদ্ধতি প্ৰয়োগ কৰি কৈ দিছিল যে ধুমকেতুটো ৭৬ বছৰৰ মূৰে মূৰে পুনৰ পুনৰ একে অৱস্থানত দেখা যাব৷ ইমান দিনৰ পাছত নিউটন বা হেলি কোনো জীয়াই নাথাকিলেও হেলিৰ ধুমকেতুটো ৭৬ বছৰৰ মূৰে মূৰে আমাক দেখা দি আহিছে৷
ইয়াৰ অৰ্থ হৈছে, গ্ৰহ-নক্ষত্ৰৰ গতিত ঈশ্বৰৰ কোনো অৱদান নাই৷ মানুহেই অংক কৰি কৈ দিব পাৰে আগন্তুক দিনবোৰত কাৰ অৱস্থান ক’ত হ’ব৷ ধনুৰ পৰা এৰি দিয়া কাৰ আৰু বন্দুকৰ পৰা এৰি দিয়া গুলিৰ গতিতো ঈশ্বৰৰ কোনো হাত নাই৷ সেইবোৰৰ গতিপথত হ’ব অৰ্ধবৃত্তকাৰ, বায়ুৰ বাধাৰ ফলত সেইবোৰ পথৰ পৰা সামান্য বিচ্যুত হ’ব পাৰে মাথো৷ কি পৰিমাণৰ হ’ব, সেইয়াও দেখুৱাই গ’ল নিউটনে৷ অৰ্থাৎ গতিৰ কোনো পৰ্য্যায়তে ঈশ্বৰৰ হস্তক্ষেপৰ কোনো সুযোগ আৰু নাথাকিল৷
দীৰ্ঘকাল ভাৱবাদৰ প্ৰবল আধিপত্যত ৰাহুগ্ৰস্ত হৈ থকাৰ পাছত এইবাৰ মানুহৰ চিন্তা জগতলৈ ঘূৰি আহিল বস্তুবাদ – নিউটনীয় বিজ্ঞানৰ প্ৰত্যক্ষ প্ৰভাৱতেই৷ প্ৰিন্সিপিয়া মেথেমেটিকাৰ ঐতিহাসিক গুৰুত্বও তাতেই৷
তেতিয়াও সমাজত ধৰ্ম্মীয় চিন্তাৰ প্ৰভাৱ প্ৰবল৷ ঈশ্বৰৰ ভূমিকা এনে ধৰণৰে গুৰুত্বহীন হৈ যোৱাতো বহুতেই সহজ ভাৱে মানি ল’ব নোৱাৰিলে৷ তেওঁলোকে ক’লে, কোনো বস্তু গতিশীল হৈ থাকিলে সি চিৰকাল গতিশীল হৈ থাকিব সেইয়া বাৰু মানি ল’লো, কিন্তু এই বিশ্বব্ৰহ্মাণ্ডত প্ৰথমবাৰ কোনে গতি সৃষ্টি কৰিলে? প্ৰথম হেঁচাটো কোনে মাৰিলে? তেওঁলোকে ক’লে – সেই কামটো কৰিছিল ঈশ্বৰে৷ এইভাবেই আহিল প্ৰাইম মুভাৰৰ ধাৰণা৷ নিজৰ ধৰ্ম্ম বিশ্বাসৰ ফলত নিউটনে নিজেও এই মত সমৰ্থন কৰিলে৷
এইয়া আছিল সেই যুগৰ সীমাবদ্ধতা, সম্পূৰ্ণ প্ৰভাৱমুক্ত বিশ্বদৰ্শন গঢ়ি উঠাৰ ভেটি তেতিয়াও তৈয়াৰ হোৱা নাছিল৷ সেইয়া সম্ভৱ হ’লহি উনবিংশ শতাব্দীত আহি৷ সেই পৰ্য্যন্ত বিজ্ঞানৰ যি আৱিষ্কাৰ তাৰ ওপৰত ভিত্তি কৰি মাৰ্ক্স আৰু এংগেলছে ক’লে, ’এটা সময়ত বস্তু আছিল গতিহীন, তাৰ পাছত আন এটা সময়ত গতিৰ সঞ্চাৰ হ’ল’ – এনেধৰণে ভবাটো অবৈজ্ঞানীক কথা৷ বস্তু আবহমান কালৰ পৰায়েই গতিশীল৷ বস্তু আছে মানে সি গতিৰ মাজতেই আছে৷ গতি হৈছে বস্তুৰ উপস্থিতিৰ প্ৰকাশ৷
নিউটনীয় বিজ্ঞানৰ জৰিয়তে সূৰ্য-চন্দ্ৰ-গ্ৰহ-নক্ষত্ৰৰ গতিৰ যিটো ৰূপ মানুহৰ সমূখলৈ আহিল, সি হ’ল গাণিতিক গতিসূত্ৰৰ নিয়মৰে বন্ধা এটা যান্ত্ৰিক ৰূপ৷ গতিসূত্ৰৰ নিয়ম মানিয়েই নিৰ্দিষ্ট কক্ষপথত এইবোৰ ঘূৰিছে, ঘড়িৰ কাঁটা যিদৰে নিৰ্দিষ্ট গতিত ঘূৰি থাকে৷ ভাব হয় সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনেই এটা বিশাল যন্ত্ৰ৷ প্ৰত্যেকটি বিশেষ বস্তুৰ গতি সেই বিশাল যন্ত্ৰৰ যন্ত্ৰাংশৰ দৰে, যি যাৰ নিজৰ কাম প্ৰতিনিয়ত কৰি গৈছে৷ এই ভাবধাৰাৰ পৰায়েই যি চিন্তাধাৰাৰ জন্ম হ’ল সি হ’ল বস্তুবাদী – সেই অৰ্থত সি প্ৰচলিত নানা ভ্ৰান্ত ধাৰণাৰ পৰা মানুহক মুক্ত হোৱাত সহায় কৰিছে- কিন্তু তাৰ ৰূপ আছিল যান্ত্ৰিক৷
এই যান্ত্ৰিক বস্তুবাদৰ প্ৰভাৱত পৰবৰ্ত্তী সময়ত বহুতো বিজ্ঞানীয়ে জীৱজন্তু আনকি মানুহকো বিশ্লেষণ কৰিছে একো একোটা যন্ত্ৰ হিচাবে৷ সঠিক বস্তুবাদী দৰ্শন গঢ়ি উঠাৰ বাবে অপেক্ষা কৰিব লগা হৈছে আৰু এশ-ডেৰশ বছৰ৷ এটা সময়ত হেগল-ডাৰউনৰ পথেদি আগবাঢ়ি মাৰ্ক্স-এংগেলছে জন্ম দিলে দন্দমূলক বস্তুবাদৰ৷
নিউটনৰ ’প্ৰিন্সিপিয়া মেথামেটিকা’ কিতাপখন মানুহৰ চিন্তাৰ অগ্ৰগতিৰ পথত এটা গুৰুত্বপূৰ্ণ ধাপ৷ প্ৰিন্সিপিয়া মানুহৰ মাজলৈ অহাৰ আগৰ মানুহৰ চিন্তা আৰু তাৰ পিছৰ মানুহৰ চিন্তাৰ মাজত পাৰ্থক্য বহুত৷ আজি আমি বিশ্বইতিহাসৰ এই ধাপটো চিনিব লাগিব, আৰু সেই কালৰ ঐতিহাসিক সীমাবদ্ধতাক অতিক্ৰম কৰা সঠিক বিজ্ঞান-দৰ্শনক চিনি উলিয়াব লাগিব যিয়ে আমাৰ সমগ্ৰ বিশ্বসমাজক প্ৰগতিৰ সঠিক পথেদি আগবঢ়াই নি এখন প্ৰকৃত শোষণমুক্ত সমাজ গঢ়াত দিকনিৰ্দেশনা দিব৷
****************************************************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments