নিচাগ্ৰস্ত! (জ্যোতিৰূপম দত্ত)

: “পৰি যাব চাবি! লাহে লাহে! ”, পংকজৰ সাৱধানবাণী শুনি ইনামুলে ৰঙচুৱা পনীয়া দ্ৰৱ্যখিনি লাহে লাহে সাৱধানেৰে গিলাছটোত বাকি ল’লে৷ তাৰ পাছত জোখমতে পানী ঢালি গিলাছটো ঠিক কৰি ৰঞ্জন বহি থকা মুঢ়াটোৰ কাষতে থ’লে৷ কোঠাটো একেবাৰে বিশৃংখল হৈ আছিল৷

: “নীতিশ কুমাৰে একদম ঠিক সিদ্ধান্ত লৈছে দেই! মহাজোঁটৰ চৰকাৰখনে আৰম্ভণিতেই নৱম শ্ৰেনীলৈ পঢ়া উপ-মুখ্যমন্ত্ৰী, দাগী মন্ত্ৰীৰ সমাহাৰ আদি বিভিন্ন বিতৰ্কত সোমাই পৰাৰ মুহুৰ্ততে এই সিদ্ধান্ত লোৱা মুখৰ কথা নহয় কিন্তু৷ অহা বছৰৰ এক এপ্ৰিলৰ পৰা ৰাজ্যখনত মদৰ প্ৰচলন বন্ধ! আমাৰ এইফালেও এনেধৰণৰ কিবা চিন্তা চৰ্চা চলি আছে নেকি বাৰু? ” পংকজে পঢ়ি থকা বাতৰি কাকতখন জাপি থৈ লাহেকৈ কলে৷

: “কি যে হ’ব নহয়! দিনকাল বোৰ তেনেই সলনি হ’ল৷ ”

ইনামুলে তাৰ হাতত থকা গিলাছটো লাহে লাহে লৰাই লৰাই কৈ গ’ল৷

“সিদিনা আমাৰ চুবুৰীয়া অনিল শইকীয়াৰ চাৰি বছৰীয়া ছোৱালীজনীৰ জন্মদিনলৈ মাতিছিল৷ তিনিআলিৰ ৰ’দালি ৰেষ্টোৰাঁত জন্মদিনৰ পাৰ্টি৷ শইকীয়া ঘৰৰ কাষৰে মানুহ, সেয়ে গধূলিকৈ গ’লো জন্মদিন বুলি৷ সিদিনা জন্মদিনৰ বাবে গোটেই ৰেষ্টোৰাঁখনেই ‘বুক’ কৰিছিল৷ গৈ দেখিলো, ধুনীয়াকৈ সজোৱা ৰেষ্টোৰাঁখনত সৰু সৰু ল’ৰা-ছোৱালীবোৰে দৌৰি-ধাপলি খেলি পৰিবেশটো ভাল লগা কৰি পেলাইছে৷ আগৰ দিনৰ দৰে আজিকালি মুকলিত উশাহ অকণো ল’ব নোৱাৰা সেই অকণমানি কেইটাৰ আনন্দ দেখি মনটো ভাল লাগি গ’ল৷ বাপেকে মোক দেখি মাতি আথে-বেথে মাত এষাৰ দিলে আৰু বহিবলৈ ক’লে৷ অলপ পাছতে তেখেতে আহি ক’বলৈ লাগিল, মানে সৰুবোৰে ইয়াত খেলি থকাৰ ব্যৱস্থা কৰা হৈছে আৰু কাষৰ কোঠাটোতে ড্ৰিংকছৰো যোগাৰ কৰা হৈছে! কি ক’ম আৰু! মোৰ চকু কপালত উঠিল বুইছ! চাৰিবছৰীয়া ছোৱালীজনীৰ জন্মদিনত মদৰ পাৰ্টি! ”,

: “সেইবোৰ কথা বাদ দে৷ এইফালে চা! ক’ম হ’ল নেকি বাৰু? ”, পিংকুৱে হাতৰ গিলাছটো ডাঙি সুধিলে৷

: “নাই নাই, ঠিকে আছে৷ কেবল লাহে লাহেকৈ মাৰি যা! ”, ৰঞ্জনে ক’লে৷

কোঠাটোত চিলিঙত এলান্ধুৰে আৱৰা এটা ষাঠি ৱাটৰ পুৰণি লাইট এটা জ্বলি আছিল৷ বিশৃংখল কোঠাটোত তিনিজন যুবক, ৰঞ্জন শৰ্মা, ইনামুল আহমেদ আৰু পিংকু মানে পংকজ ইংতি৷ উচ্চশিক্ষিত নিবনুৱা যুবক কেইজনৰ কথাত যতি পেলাই কাষৰ অট্টালিকাটোৰ পৰা চিঞৰ বাখৰ ভাঁহি আহিল৷

: “আকৌ আৰম্ভ হৈ গ’ল! বুজিছ’, প্ৰায়েই মাজৰাতি এই নাটকখন আৰম্ভ হয়৷ ক্লাব, বাৰ, পাৰ্টিৰ পৰা আহি চাকৰ-নাকৰেৰে গিজগিজাই থকা প্ৰকাণ্ড ঘৰটোত এই মানুহ হালে কালৈকো ভ্ৰুক্ষেপ নকৰি কাজিয়া কৰাত ব্যস্ত হয়৷ দুয়ো দুয়োৰে চৈধ্য পুৰুষ উজাৰি গালি পাৰে, এটাই আনটোৰ দোষবোৰ চিঞৰি চিঞৰি গোটেই চুবুৰীটোকে শুনায়৷ ইফালে পিছদিনা একেলগে মৰ্ণিং ৱাকলৈ যাব, বজাৰলৈ যাব, চিনেমা চাব, একেলগে ‘চেলফি’ তুলি ফেচবুকত ‘ফিলিং অৱছাম ৱিথ হাবী! ’ বুলি আপডেটো দিব, মুঠতে অদ্ভুত কাৰবাৰ! এতিয়া মদৰ নিচাত দুয়ো ক’ব নোৱাৰা হৈ সাৰে থকা পৃথিৱীখনক মনোৰঞ্জনৰ খোৰাক যোগান ধৰি আছে৷ ”, ইনামুলে কলে৷

: “ডাঙৰবোৰ বাৰু যেন তেন৷ সৰুবোৰ একা! সিদিনা ৰমেনৰ দোকানলৈ ব্লেড এখন বিচাৰি গ’লো৷ দোকানত দুজন চেঙেলীয়াই কিবা কিবি কিনি থকা দেখি মই অলপ ৰ’ব লগীয়া হ’ল৷ চেঙেলীয়া দুজনে দুবটল ক’কাকোলা, বাদাম, চিপছৰ পেকেট দুটামান লৈ ৰমেন দোকানীক কেইটামান প্লাষ্টিকৰ গিলাছ খুজিলে! মোৰ বুজিবলৈ বাকী নাথাকিল আৰু! মোক সম্পূৰ্ণৰূপে উপেক্ষা কৰি সিহঁতৰ এটাই ‘বস্তুটো’ সাবধানেৰে ৰখা হৈছে নে নাই বুলি কৈ লগৰটোৰ বেগটো বাহিৰৰ পৰাই পৰীক্ষা কৰি চালে৷ বেগটোত মদৰ বটল দুটা আছিল! ল’ৰাকেইটা একাদশ বা দ্বাদশমানৰ হ’ব৷ ভাবি চাছোন বিয়লি চাৰে চাৰি বজাত টিউশ্যনলৈ ওলাই অহা সেই ফুকলীয়া কেইটিয়ে মদ খোৱাৰ বাবে যো-জা চলাইছে! ”, ৰঞ্জনে লাহে লাহে গিলাছটো লৰাই লৰাই কলে৷

: “তেনে নহৈ আৰুনো কি হ’বলৈ আছে বাৰু? কেচুঁৱা জন্ম হলে মদৰ পাৰ্টি! অন্নপ্ৰাসন্ন খাবলৈ অহা আলহীকো মদ যাচিব! সৰু সৰু ল’ৰা-ছোৱালীৰ জন্মদিনৰ দিনাও মদেৰে আপ্যায়ন নকৰিলে নহয়েই দেখোন বহুতৰে! ঘৰলৈ অহা আলহীক আগতে সোধা হৈছিল যে কি খাব, চৰবত নে চাহ? এতিয়া সোধা হয় চাহ নে মদ? বিয়াৰ ক্ষেত্ৰত এইবোৰ আকৌ এখোপ চৰাহে হৈছে৷ এখন বিয়া মানেই যেন আৰম্ভণিৰ পৰা শেষলৈ সকলোফালে কেবল মদ খোৱাৰহে প্ৰতিযোগিতা৷ বিয়াৰ কেইদিনমান আগতে বিয়াঘৰৰ খবৰ লোৱাৰ চেলু লৈ, দৰাঘৰৰ বেচ্চেলৰ্‌ছ পাৰ্টিৰ নামত, আনকি জোৰোণৰ দিনাও অলপ ৰঙীন নহ’লে নচলেই নহয়৷ বিয়াৰ দিনাটো আৰু ক’বই নেলাগে, ৰাতিৰ ভাগলৈ এই কাৰবাৰবোৰ আৰু বেছি হৈ পৰে৷ মদ খাই অহা এপাল দৰাঘৰীয়াৰ উৎপাত সহ্য কৰি হলেও কন্যাদায়গ্ৰস্ত ঘৰখনে দোভাগ ৰাতি কইনাঘৰত এমখা মদাহীক আলপৈচান ধৰি থকা দৃশ্যটো আজিকালি তেনেই সুলভ হৈ পৰিছে৷ ”, পংকজৰ কথাত যেন খঙৰ সুৰ এটা৷

: “পৰিমিত পৰিমানত মদ খোৱাতো দূষণীয় নহয়৷ ব্যক্তিগত পৰ্য্যায়ত মদ খোৱা কথাত কাৰো একো কবলগীয়া নাথাকে৷ কিন্তু খাই বৈ ৰাজহুৱাকৈ অশোভনীয় কাৰ্য্য কৰাটোহে দূষণীয়৷ পিকনিক, পূজা, বিহু সকলোতে আজিকালি এটুপি ধৰি উদ্ভণ্ডালি নকৰিলে নহয়েই দেখোন৷ পৃথিৱীৰ প্ৰায়বোৰ দেশতে খাদ্যপ্ৰণালীৰ অংশ স্বৰূপে মদৰ প্ৰচলন অতীজৰে পৰা আছে৷ আমাৰ জনজাতিবোৰৰ বহু ধৰ্মীয় নীতি-নিয়মতো মদৰ প্ৰচলন আছে৷ কিন্তু আজি কালিৰ দৰে ইমান ব্যাপক কাৰবাৰ আগতে নাছিল৷ আগতে দিনটোৰ হাড়ভগা পৰিশ্ৰমৰ অন্তত ঘৰলৈ আহি জনজাতীয় লোক এজনে ঘৰতে তৈয়াৰ কৰা এপিয়লা মদ সেৱন কৰা কথাটো দৈহিক ভাৱে কোনো ক্ষতিকাৰক নাছিল৷ তাৰ বিপৰীতে আজিৰ দিনত কাম বন নকৰি পুৱাৰ পৰা গধূলিলৈকে ‘মোৰ পইছা আছে, খামেই’ বুলি টেটুলৈকে সস্তীয়া মদ এসোপা গিলি থকা কথাটো সহ্য নহয় আৰু মোৰ! মই কি ক’ম ৷ মোৰেই পৰিয়ালৰ মানুহবোৰৰ এনে কাৰবাৰ! ”, পংকজে খঙেৰে কৈ উঠিল৷

: “বাদ দে এইবোৰ৷ এইটো বটল শেষ৷ তোৰ ভৰিৰ কাষত থকা সেই সৰু বটলটো দেচোন৷ বটলটোৰ তলিত অলপহে আছে৷ একেবাৰে শেষ কৰিয়েই থওঁ আজি! দুখৰ কথা আৰু এটা শুন৷ ৰক্তদানৰ নিচিনা পুণ্যৰ কথা নাই বুলি আমি সকলোৱে জানো৷ পিছে মদ খোৱাৰ পিছত তিনিদিনমানলৈ বোলে তেজত এলকহলৰ অৱশিষ্ট থাকি যায় ৷ মদ খোৱাৰ প্ৰায় ৭২ ঘণ্টা পাছতহে মানুহ এজনে তেজ দিব পাৰে হেনো৷ ৰক্তদান কৰিবলৈ তেজত এলকহলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিলেহে ব্লাড বেংকসমূহে তেনে তেজ গ্ৰহণ কৰে৷ ভাবি চাছোন, ঘৰৰ বিপদৰ সময়তো মদাহীকেইটাই নিজৰ তেজ দি প্ৰিয়জনৰ জীৱন বচাব নোৱাৰিব! আৰু আছে ৰ’৷ এতিয়া ঠাণ্ডাৰ দিন অহাৰ লগে লগে ‘থলুৱা খাদ্যমেলা’ৰ নামত চহৰৰ মাজমজিয়াত গাহৰি পোৰা আৰু মদৰ বেহা চলিব নহয়৷ চাই থাক! সংস্কৃতি ৰক্ষাৰ নামত মদ আৰু পোৰা গাহৰিৰ বেহা! আবকাৰী, আৰক্ষী, প্ৰশাসনলৈ বুঢ়া আঙুলি দেখুৱাই জনজাতীয় লোক-সংস্কৃতি বুলি মদ-মাংসৰ দোকানৰ পয়োভৰ! কেনেবাকৈ যদি বাহিৰৰ অতিথি এজনে তেনে ‘জনজাতীয় লোক-সংস্কৃতি’ প্ৰত্যক্ষ কৰি সেই ‘অভিজ্ঞতা’ৰ বৰ্ণনা অসমৰ বাহিৰত দাঙি ধৰিবলৈ হয়, তাত আমাৰ নাকটো ক’ত থাকিব বাৰু? ”, ইনামুলে নিজৰ হাতৰ পৰা গিলাছটো থেকেছা মাৰি থৈ কৈ উঠিল৷

: “অলপ ঢালি দিও ৰ’৷ এইখিনি শেষ কৰ আজি৷ ”, ৰঞ্জনে ইনামুলক কৈ উঠিল৷

: “আৰু এটা কথা শুন, এই ড্ৰাই ডে’ কেইদিনৰ কথা দেখোন অসম বন্ধৰ দৰেই৷ পেপাৰে-টিভিয়ে সকলোৱে খুব ‘পাব্লিছিটি’ দিয়ে ‘ড্ৰাই ডে’ আৰু ‘অসম বন্ধ’ৰ৷ যাতে আগদিনাই সকলোৱে ‘ষ্টক’ ‘ফুল’ কৰি ৰাখিব পাৰে৷ ক’ৰ পৰা আহি কি হৈ গ’লো অ’! এনিশাতে গড় মৰা সাহসী অসমীয়াৰ পৰা সোৰোপা অকামিলা হৈ পৰিলো দেখোন! এতিয়া ৰাস্তা ঘাটবোৰো উন্নত হৈছে৷ লগতে ৰাস্তাৰ কাষত ৰেষ্টোৰাঁ, ধাবাবোৰো কাঠফুলাৰ দৰে য’তে ত’তে হৈছে৷ তাৰ সমানুপাতিক ভাৱে পথ-দুৰ্ঘটনাও বেছি হৈছে৷ কাৰণটো সকলোৱে জানেই৷ ”, ইনামুলে এইবাৰ থিয় দি কঁকালটো পোন কৰিলে৷

: “নতুন ঠাই এখনলৈ গৈ শাক-পাচলি, গাখীৰ, কণী বা আন খাদ্য সামগ্ৰী কিনিবলৈ দোকান-পোহাৰবোৰৰ অৱস্থানবোৰ জানিবলৈ বেছ কিছু সময়ৰ প্ৰয়োজন হয় কিন্তু এতিয়া এই মুলুকত আন নহ’লেও দহ টকীয়াৰ পৰা দহহেজাৰ টকীয়া মদৰ বটল পোৱা দোকানৰ অৱস্থান হেলাৰঙে উলিয়াব পাৰি৷ ”, ইমান পৰে মনে মনে থকা ইংতিয়ে কৈ উঠিল৷

: “ঐ! মোৰ হৈ গ’ল৷ খোৱাপানী আছে যদি অলপ দেছোন৷ ”, ৰঞ্জনে ইনামুলক উদ্দেশ্যি কৈ উঠিল৷

সি পানী খাই খাই লাহে লাহে কৈ গ’ল৷

: “সকলোতকৈ বেছি খং উঠে শ্মশানলৈ মদৰ বটল কঢ়িওৱা দেখিলে৷ শৱ-সৎকাৰৰ নিচিনা কঠিন সময়খিনিতো মদৰ পয়োভৰ৷ ভাৰাক্ৰান্ত মন এটি লৈ অন্তিমবাৰৰ বাবে মৃতকক দৰ্শন কৰিবলৈ গৈ দেখো যে চিতাত মৃতকক তোলাৰ আগতেই বটল গিলাছ সাজু! আনকি বহুক্ষেত্ৰত স্বচক্ষুৰে দেখিছো মদৰ যোগান নহ’লে শ্মশানত প্ৰয়োজনীয় আত্মীয়, বন্ধু-বান্ধৱৰ অনুপস্থিতিৰ কথা! ”

: “শেষ হ’ল বাৰু৷ চাওঁ, সেইফালে ডাঙি ধৰচোন! মই এইফালে ধৰিছো বাৰু৷ ”, ইনামুলে কলে৷

পংকজ আৰু ৰঞ্জনে পোষ্টাৰ কালাৰৰ বটলকেইটা, ৰঙৰ ব্ৰাছকেইডাল আৰু ৰং মিহলোৱা লেতেৰা গিলাছ কেইটা আঁতৰাই ইমান পৰে তিনিও ৰং কৰি থকা কাপোৰখন দাঙি ধৰিলত পিছদিনাখনলৈ সিহঁতৰ সংঘৰ উদ্যোগতে হ’বলগীয়া সভাখনৰ বাবে হাতেৰে অঁকা ডাঙৰ বেনাৰখনত ডাঙৰকৈ লিখা শব্দকেইটা এলান্ধু লাগি লেতেৰা হোৱা বাল্বটোৰ সেমেকা পোহৰত উজলি উঠিল –

“নিচামুক্ত সমাজ এখন গঢ়ো আহক”!Nichagrosto_JYotirupam Dutta

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bhaskar jyoti sarma
3 years ago

একে পথৰ পথিক আমিও।