নিচা (দেৱ প্ৰতীম হাজৰিকা)

মদৰ পাতল নিচা আৰু সেই ছোৱালীজনীৰ গীত৷ এনে বৰষুণৰ বতৰত ইয়াতকৈ আমেজ আৰু ক’ত পাম! মদো এটা অদ্ভুত বস্তু, ইয়াৰ সৃষ্টি কৰা জনে যে কিমান মহান কাম কৰি গ’ল গমেই নাপায় কিজানি৷ এই যে ছোৱালীজনী, তাইৰ নাম ঠিকনা একোৱে নাজানো, পিছে ৰাতি হোৱাৰ লগে লগেই তাই গীত জুৰে৷ তাইৰ সুমধুৰ কণ্ঠ বহু দুৰৰ পৰা ভাঁহি আহে ৷ তাইৰ গীতে মোৰ মনত কেনে নিচাৰ সৃষ্টি কৰে হয়তো তাইয়ো নাজানে৷

মই হলো নিজৰ পৰাই পলাই ফুৰা মানুহ৷ দিনৰ দিনটো নিজকে কামৰ মাজত ডুবাই ৰাখিয়েই ভাল পাওঁ৷ ৰাতি হ’লেই মদৰ পাতল নিচা আৰু সেই ছোৱালীজনীৰ গীতৰ মাজত নিজকে ডুবাই ৰাখো৷ বেছি মানুহৰ লগত মোৰ সংযোগ নাই৷ ঘৰৰ লগতো মোৰ ইমান কথা নহয়৷ এক কথাত মই ঘৰলৈ নাযাওঁয়েই৷

(২)
মোৰ ঘৰৰ ঠাইডোখৰত বেছি মানুহ নাই৷ মোৰ ভাড়া ঘৰটো মিলাই দহ ঘৰমানহে হ’ব৷ মোৰ ঘৰৰ মালিক ইয়াত নাথাকে, চহৰত থাকে৷ চাকৰিসূত্ৰে বদলি হৈ অহা প্ৰায় ছমাহেই হ’ল, কিন্তু কাৰো লগত মই চিনাকি হোৱা নাছিলো৷ মাথো বাহিৰত থকা চাহ দোকানীজনৰ লগতহে চিনাকি হৈছিলো, তেওঁৰ নামটো ৰহীম আছিল৷ তেওঁৱেই মোৰ মদৰ যোগান ধৰি দিছিল৷ তেওঁক মই সেই ছোৱালীজনীৰ গীতৰ কথা কওঁ, তাইৰ সুন্দৰ কণ্ঠৰ কথাও কওঁ৷ কিন্তু ৰহীমে বাৰে বাৰে এনে গীত কেতিয়াও শুনা নাই বুলিয়ে কয়৷

কেতিয়াবা তেওঁ মোক এইবোৰ মোৰ মনৰ ভ্ৰম বুলিও কয়৷ কিন্তু মোৰ মনে নামানে, সদায় একে ভ্ৰম হ’ব জানো?

(৩)
গাওঁ অঞ্চলত চাকৰি কৰাৰ আমেজেই বেলেগ৷ চহৰৰ হাই-উৰুমি ইয়াত নাই, আছে মাথো শান্তি৷ শান্তি বিচাৰিয়ে এদিন সকলো এৰি আহিছিলো৷ অশান্ত মনটোক শান্ত কৰিবলৈয়ে এনেদৰে ইয়াত এনেদৰে থকাৰ সিদ্ধান্ত লৈছিলো৷

: ৰহীম দা, আজি যোগাৰ হ’ল নাই৷
: আপুনি কি চিন্তা কৰিছে৷ একদম ৰেডি আছে৷ কিন্তু আপুনি খোৱাটো আজি নাপালো৷ বেলেগ এটাহে আনিলো৷
: আৰে, হ’ব একো নাই৷ নাই মোমাইতকৈ কণা মোমায়েই ভাল৷

ৰহীমে কেতিয়াও নাম নুশুনা মদৰ বটল উলিয়াই মোৰ হাতত দিলে৷

: ৰহীম দা, এইটো কি নতুন নেকি৷ দেখা নাই কেতিয়াও৷
: নতুন বুলিয়েই কৈছে৷ যেনেতেনে আনিছো, একো মালেই নাই আজি৷
: তেন্তে ৰাতি আহিব, নিমন্ত্ৰণ থাকিল দেই৷

ঘৰলৈ আহিয়েই প্ৰথমে ভাতকেইটা বনাই লওঁ৷ পাছলৈ মদৰ নিচাত ভাত বনোৱাটো ইমান সহজ নহয়৷ ৰহীম দাক কৈ থ’লে কেতিয়াবা মাংস বনাই থয়৷ আজি তেনে মাংসৰেই ৰাতিৰ সাজ খাম, লগতে অলপ মদৰ লগতো খাব লাগিব৷ ৰহীম দাও আহিব৷

(৪)
হঠাৎ বাহিৰত হোৱা চিঞৰটোত সাৰ পালো৷ মুৰটো গধুৰ যেন লাগিছিল৷ নিচা ভালকৈয়ে হৈছে মোৰ৷ ৰহীম দাই দিয়া মদটো বৰ শক্তিশালী আছিল৷ ঘড়ীলৈ চালো, তেতিয়া মাজৰাতিৰ তিনিটা বাজিছিল৷ এইটো সময়তে ছোৱালীজনীয়ে গীত গাই থাকে৷ আজি তাই গোৱা নাছিল৷ ভাতখিনিও প্ৰেছাৰ কুকাৰতে তেনেকৈয়ে পৰি আছিল৷ মানে মই ভাত খোৱা নাই৷

মোৰ একো কথাই মনত পৰা নাছিল৷ মনত পেলাবলৈ চেষ্টা কৰিলো৷ কিন্তু মনলৈ একো নাহিল৷ তেনেতে বাহিৰত বহুতো মানুহৰ খোজৰ শব্দ শুনিলোঁ৷

(৫)
কোনোবাই ৰহীমক ৰাতি হত্যা কৰিছিল৷ মুৰত কোনোবাই ডেগাৰ ভৰাই চকু দুটা উলিয়াই পেলাইছিল৷ এক নৃশংসনীয় হত্যা৷ কোনে এনেদৰে হত্যা কৰিব পাৰে একোৱেই বুজিব পৰা নাছিলো৷ ৰাতি আঠটালৈকে তেওঁ মোৰ লগতেই কথা পাতি আছিল৷ মই একো বুজিব পৰা নাছিলোঁ৷

ঘৈণীয়েকে পুলিচক কোৱা মতে তেওঁ মোৰ ওচৰলৈ যাওঁ বুলি কৈ ৰাতি নটামান বজাত ঘৰৰ পৰা ওলাই আহিছিল৷ পুলিচৰ যিমান পাৰি সিমান সহায় কৰিবলৈ চেষ্টা কৰিলো৷ কিন্তু সি মোক লগ কৰিবলৈ অহাৰ কথা মনলৈ নাহিল৷

প্ৰথমাৱস্থাত পুলিচে মোক সন্দেহৰ চকুৰে চাইছিল৷ কিন্তু মইতো একো কৰা নাছিলোঁ৷ পুলিচে মোক এৰি দিছিল৷

(৬)
শান্তি বিচাৰি অহা মনটো আকৌ অশান্ত হৈ পৰিছিল৷ মদ এবটল কিনি আনি সোনকালেই ঘৰ সোমালো৷ ৰহীমক ইমান নৃশংসভাৱে কোনে হত্যা কৰিব পাৰে তাকেই ভাবিবলৈ ধৰিলো৷ ভাত খাবলৈ মন নাছিল৷ মদৰ গিলাচত সোহা মাৰি লাহে লাহে সকলো কথা মনত পেলাবলৈ চেষ্টা কৰিবলৈ ধৰিলো৷ কিন্তু কোনো কথাই মনলৈ নাহিল৷

: কি হ’ল, কি ভাবিছা?
এক নাৰী কণ্ঠস্বৰ আহি মোৰ কাণত পৰিল৷ চিনাকি চিনাকি লগা মাতটো শুনি উচপ খাই পৰিলোঁ৷
: কোন? কোনে মাতিছে?
: কি মোক ধৰিব পৰা নাই? এনেকৈ ধৰিব নোৱাৰে নে?
মোৰ ভয় লাগিবলৈ ধৰিলে৷

: আপুনি যিয়েই নহওক, সন্মুখলৈ আহক৷
: ইমান দিনে মোৰ গীত শুনোতে সন্মুখলৈ আহিবলৈতো কোৱা নাছিলা, আজি কিয় কৈছা?
মানে সেই গীত গোৱা ছোৱালীজনী৷ কিন্তু এনেদৰে, কেনেকৈ…..মদৰ নিচা বেছি হৈছে নেকি?
: নাই হোৱা মদৰ নিচা৷ মই সঁচাকৈয়ে তোমাক মাতিছো৷ পাহৰিলাই নেকি মোক? মোৰ গীত শুনিবলৈ তুমি কি কি কৰা নাই৷ তাৰ মানে মোক তুমি পাহৰিছা?

☆★☆

৮-৪৫ হৈছে৷ ৰহীমে আজি মোৰ লগত খোৱাৰ কথা কৈছিল৷ তেখেত আহি থাকিব, মই আৰম্ভ কৰি দিওঁ৷ ন বজাত ৰহীমো আহি পালেহি৷

: ৰহীম দা, আজি অত বছৰে অকলেই মদ খাই আছিলো৷ আজি আপুনি মোৰ লগত খাবলৈ আহিছে, থেংকছ এ’ লট!
: আৰে দাদা, কিনো কথা কয়, আপুনিয়েতো কৈছিল আহিবলৈ৷
: মই কৈছিলো, অ’ ঠিকেই মইয়ে কৈছিলো৷ আজি আপুনিও সেই ছোৱালীজনীৰ গীত শুনিব লাগিব৷ মোক এনেয়ে মিছলীয়া বুলি কৈ থাকে নহয়৷
: নাই মিছলীয়া বুলি কোৱা নাই, শুনা নাই কাৰণেহে কৈছিলোঁ৷
: আৰে খাওঁক, মদ খাওঁক৷ আস্ , তাই গীত জুৰিলেই৷ তাইৰ গীত কেনে সুমধুৰ ৷ শুনিছেনে?
: নাই শুনা দাদা, মই হ’লে একো শুনা নাই৷ চাওঁ, আৰু অলপ মদ খালে শুনোৱেই কিজানি?
: অ’, পুৰা খাওঁক, পুৰা খাওঁক৷

এঘণ্টাৰ পাছত:
: মই হ’লে কোনো গান-চান শুনা নাই দেই৷ আৰু মই যাওঁ, মানুহজনীয়ে খং কৰিব৷
: আবে কি কথা কয় আপুনি, শুনা নাই নেকি ৷ আপুনি পাগল হ’ল নেকি৷ চাল্লা গান শুনা নাই, কলা নেকি আপুনি৷
: আপোনাৰ নিচা বেছি হৈছে, শুই থাকক৷
: নিচা!! মইটো সদায় নিচাতেই থাকো, তাইৰ গীতৰ নিচা৷ তাই আপোনাক বিচাৰিছে, তাইক হেনো আপোনাৰ চকুকেইটা লাগে৷ আপুনি তাইক দেখা নাপায় নহয়, চকু কেইটা দিয়ক, দেখি যাব৷
: কি কথা কৈছে আপুনি, মই যাওঁ৷

ৰহীম দাই কিবা কোৱাৰ আগতেই দীঘল দেগাৰখন তেওঁৰ মুৰৰ ইপাৰ-সিপাৰ হৈ গৈছিল৷ এতিয়া চকু দুটা তাইক দিব পাৰিলেই হ’ল৷ তাই মোক গীত শুনাই থাকিব, তাইৰ মনপৰশা গীত৷

(৭)
আকৌ বেলেগ এডোখৰ ঠাইলৈ বদলি হৈছিলো৷ ঠাই বদলি হৈছিল, কিন্তু পৰিবেশ একেই৷ অশান্ত মনটোক শান্ত কৰিব পৰা এক পৰিবেশ৷ একো হাই-উৰুমি নাই আৰু ৰাতিৰ লগে লগে আছে মদৰ পাতল নিচা আৰু সেই অচিনাকি ছোৱালীজনীৰ সুমধুৰ গীত৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক