নিজস্ব (অভিজ্ঞান ফুলকোঁৱৰ)

বেলি জ্বলি থাকে সুদূৰত
আৰু ইয়াত
মোৰ চুলিৰ জোপোহাত অগ্নিদগ্ধ হয় দুখৰ এন্টাৰ্কটিকা
নখত আঁকি লওঁ
মোৰ ভৱিষ্যতৰ কজলা মানচিত্ৰ
তোমাৰ ওঁঠত জ্বলি ৰয়
মোৰ ওঁঠে শুহিব নোৱাৰা জুইৰ আঙঠা
আৰু
মোৰ কলিজাত গোট মাৰে তোমাৰ চুবুৰীৰ জোনাক|

ৰাতি বাহিৰত এজাক দোপালপিতা বৰষুণ হয়
ভিতৰত নিতাল মাৰে অবৈধ অভিসাৰ
টাকুৰি ঘূৰে মোৰ বাসনাৰ পাগুৰি
মুগাৰঙী তৰলত সাঁতুৰি ফুৰোঁ

সপোন বুলি সপোনতে চক খাই উঠোঁ

ওঁঠৰ কোঁৱাৰি ফালি
বৈ আহে এটা পিয়াহ
জীৱনক জীৱন কৰি তোলাৰ পিয়াহ

আইঐ দেহি
মোৰ হাতৰ গুল্মজাতীয় গছ
মৰি নেথাকিবি নুফুলাকৈ
চাৰিওফালে
মোৰ চিনাকি বতাহ

বুকুৱে খেদি ফুৰে বুকু
বুকুৱে হেনো বোকাত পেলাই বুকু
ভাঙি যায় মনৰ কেঁচা জেওৰা

এটা কথা ঠিক
কোনেও নুবুজা প্ৰশ্ন এটাৰ উত্তৰ হৈ
ৰোৱাৰ কামনা মোৰ নাই

দূৰত বাজি উঠে এজাক ৰ’দ

মোৰ ৰ’দত তিতাৰ এলাহ
আৰু তোমাৰ মোৰ ঘাম চোৱাৰ হেঁপাহ
ৰিক্ত হৈ সিক্ত হোৱাৰ মন
স্বপ্নাতুৰ দেশত সপোনৰ দাম

ৰ’বা,
আহিবলৈ দিয়া এনে এটা ঋতু
বাজিবলৈ দিয়া এনে এটা গান
আৰম্ভ হ’বলৈ দিয়া এনে এটা উত্‍সৱ
য’ত মই অকলে কলিজাত বান্ধি আনিম
এটা নোপোৱা সন্মানৰ নাম|
এখন নথকা আসনৰ মান|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক