নিজৰ পৃথিৱী, নিজৰ দেশ, নিজৰ মানুহ (ড° মাখনলাল দাস)

নিজৰ পৃথিৱী, নিজৰ দেশ, নিজৰ মানুহ

(মূল (হিন্দী): ডঃ সত্যমিত্ৰ ডুবে’, নবেম্বৰ ৯, ১৯৯০, ডিব্ৰুগড়, অসম)

সংস্কৃতিৰ ৰথ-যাত্ৰাৰ উষা-কালৰে পৰা

এই পৃথিৱী, ইয়াৰ ইতিহাস প্ৰবাহ,

ইয়াৰ সন্তান, ইয়াৰ মানুহৰ

উত্থান, পতনৰ অনেক ছবি মোৰ চকুত

ইতিহাসৰ সুৰুঙাৰে ভাঁহি উঠে৷

বন, প্ৰান্তৰৰ মাজৰ ঋষি-মুনিৰ প্ৰতিধ্বনি,

সংঘম্ চৰণম্ গচ্ছামিৰ সমবেত সংকল্প,

শিলালিপিত অংকিত উদাত্ত মানবীয় ভাববোধ,

দৰ্শন, সাহিত্য, সংগীত, কলা, ৰাজধৰ্ম,

বিজ্ঞানৰ উচ্চতম উপলব্ধি,

শংকৰ, কবীৰ, নানকৰ ঝংকাৰিত বাণী,

দীন-ই-ইলাহী আৰু সুমধুৰ প্ৰয়োগ সমন্বয়ৰ৷

===============================

 

আকৌ আনটি সুৰুঙাৰে ওলাই আহে

মোৰ ধৰিত্ৰী আইৰ আন এখনি ছবি

সংঘৰ্ষ জৰ্জৰিত,

ভেদভাব, অস্পৃশ্যতাৰে পংকিল,

পৰাজয়, অপমানত ম্ৰিয়মান,

স্পন্দনহীন, ধৰাশায়ী, প্ৰলাপ বকি থকা৷

===============================

 

তাৰপাছত ঘুৰি থকা কালচক্ৰৰ মাজেৰে

মানুহ আৰু সমুদায়ৰ অনস্বৰতাৰ শাশ্বত বিশ্বাসে

এই ধৰাৰ কঁপনিক এটি স্পন্দনলৈ পৰিৱৰ্তিত কৰে

আৰু আমাৰ বোকাৰে ভৰা চকুত আকৌ এবাৰ

স্বৰাজ, সুখ, সমতা, সম্পন্নতাৰ

দীপ জিলমিলাই উঠে৷

================================

 

অৱশেষত মাজনিশাৰ সময়ত

যেতিয়া গোটেই জগত শুই আছিল,

এখনি প্ৰাচীন দেশ

এখনি স্বতন্ত্ৰ ৰাষ্ট্ৰ-ৰাজ্য ৰূপে সাৰ পাই উঠিছিল৷

ঘৃণা, মৰা-কটা, বিভাজন,

জ্বলিথকা, ধোঁৱাৰে ভৰা ঘৰ,

মৰাশৰ দুৰ্গন্ধৰে ভৰা ৰেলগাড়ীবোৰ

কিছুসময়ৰ বাবে পাহৰি

আমি পতাকা নমালো আৰু সলালো৷

আসনত বহুৱালো নিজৰ আপোনসবক,

ঢোল-নাগাৰা বজালো,

আমি শিশুবোৰে শিশুসুলভ উত্সাহেৰে

ত্ৰিৰংগ পতাকা লৈ শোভাযাত্ৰা উলিয়ালো৷

=============================

 

তাৰপাছত আৰম্ভ হ’ল আমাৰ অন্য এক ৰথ-যাত্ৰা

এক নতুন প্ৰভাতৰ প্ৰতীক্ষা,

মানুহ, পৃথিৱী আৰু কাৰখানাৰ মাজত

নতুন সম্বন্ধৰ সপোন৷

য’ত মানুহে ভাবে, বুজি পায়,

য’ত হয় সমাজ শোষণমুক্ত, ভয়মুক্ত, হিংসামুক্ত,

আৰু আমি প্ৰচেষ্টা চলালো দেহ-মন লগাই,

এখনি ৰামধেনু সদৃশ আকৰ্ষণীয় দিগন্তলৈ আগুৱাবলৈ৷

=================================

 

কিন্তু আমাৰ ৰথৰ চকা

ক’ৰবাত সোমাই পৰিল বোকাত

আমাৰ সপোনবোৰ ভাগি গ’ল ক’ৰবাত,

আমাৰ কল্পনাবোৰ চিটিকি পৰিল ভগা-কাঁচৰ দৰে,

আমাৰ দিশবোৰ ক’ত যেন আবৰি ধৰিলে কুঁৱলীয়ে ৷

=================================

 

চিন্তাৰ এই প্ৰক্ৰিয়াত বিৰাম দি

সূত্ৰধাৰে পিছৰ পৰা ফুচফুচায়,

এই দেশত যোজনা-ভৱন আছে,

চাউথ আৰু নৰ্থ ব্লকৰ সৌধৰ তলত

চেপেটা হৈ আছে অগণন ফাইল,

ডাঙৰ বিভাগ, ডাঙৰ বিষয়া আছে,

গৱেষণা-সংস্থা, বিশেষজ্ঞ আছে,

এই মূৰ্খতা আছে যে

ইমানবোৰ ডাঙৰ মহাপ্ৰভুক

মানুহে সেই ভিৰৰ ভাগ বুলি ভাবে

যি চতুৰ আৰু সময়ৰ প্ৰবাহৰ স’তে

ব’বলৈ আৰু সুৰক্ষিত থাকিবলৈ

তত্পৰ লোকৰ সৈতে মিলি হয়৷

===============================

 

যদি আমাত বিবেক আৰু দায়বদ্ধতা আছে তেন্তে

আহাঁ! সমবেত গৌতমৰ বাণীত আকৌ সংঘৱদ্ধ হোৱা,

নিজৰ ৰক্তাক্ত ভৰিত

সেই পুৰণি লাখুটি লৈ

মানুহৰ শকতি আনো,

আহাঁ! নতুন শিলালিপি ৰচনা কৰোঁ,

আহাঁ, বলৰামৰ দৰে নিজৰ হালকে অস্ত্ৰ কৰি তুলোঁ,

কাৰখানাৰ ঘূৰন্ত চকৰিক ৰূপান্তৰিত কৰোঁ সিংহনাদলৈ,

যাতে ৰাজনীতি কেৱল এমুঠি লোকৰ

শোষণৰ খেল হৈ ৰৈ নাযায়৷

আহাঁ সংকল্পৱদ্ধ হৈ

নিজৰ পৃথিৱী, নিজৰ দেশখনক

অসমতা, শোষণ, হনা-খোঁচা,

ভয়, হিংসা, আতংকৰ অন্ধকাৰৰ পৰা মুক্ত কৰি

সমবেত স্বৰেৰে কওঁ

অ’ মোৰ সপোনৰ পৃথিৱী!

অ’ মোৰ সপোনৰ দেশ!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments