নিতাইপুখুৰী ধিতাইপুখুৰী (-মুণিমন্ত শইকীয়া)

কোনো এবছৰত নিতাইপুখুৰী আৰু ধিতাইপুখুৰী স্কুলৰ পৰীক্ষাৰ্থী আৰু উত্তীৰ্ণৰ হাৰ তুলনা কৰি কোনখন স্কুলৰ শতকৰা উত্তীৰ্ণৰ হাৰ অধিক নিৰ্ণয় কৰিবলৈ দিয়া অংক এটা তাহানি ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠত আছিল৷ নাম দুটাৰ সাদৃশ্য-উচ্চাৰণ আদিয়ে ঠাই দুখনৰ সম্পৰ্কত মনলৈ এক কাল্পনিক ধাৰণা আনি দিছিল৷ এই ঠাই দুখননো ক’ত নজনাকৈয়ে তালৈ যাবলৈ বা চাবলৈ এক অহেতুক ইচ্ছা জাগিছিল তেতিয়াই৷ সুবিধাটো ওলাল ১৯৯২-৯৩ চনত যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত৷ লগৰীয়া এজনৰ যহতে সেই সুবিধা ওলাল৷ ঠাই ডোখৰৰ অৱস্থিতি সম্পৰ্কে জ্ঞাত নাছিলোঁ যদিও ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পোৱা ডিমৌৰ পৰা উপপথেৰে সোমাই গ’লেই যে নিতাইপুখুৰী ঠাই ডোখৰ পোৱা যাব তাক জানি ললোঁ৷
যোৰহাট পৰিবহণ নিগমৰ বাছ আস্থানত নিৰ্দিষ্ট সময়ত উপস্থিত হৈ টিকট কাটি এসময়ত বাছত উঠিলোঁ৷ যাত্ৰা আৰম্ভ হ’ল৷ বিভিন্ন যাত্ৰীৰ মন্তব্য সমূহৰ পৰা বুজিব পাৰিলোঁ যে যোৰহাট পৰিবহণ নিগমৰ পৰা যোৱা বাছ সমূহৰ ভিতৰত আটাইতকৈ ঘেগেলা বুলি দূৰ্নাম থকা এখন বাছ এই নিতাইপুখুৰীলৈ যোৱাখন আৰু আনখন হ’ল যোৰহাটৰ পৰা টীয়ক হৈ চেলেংহাটলৈ যোৱা বাছখন৷
এসময়ত বাছখন গৈ ডিমৌ বাছ আস্থানত ৰ’ল৷ সৰহ সংখ্যক লোক তাতে নামিল, নতুনকৈ কিছু উঠিল৷ পুনৰ যাত্ৰা নিতাইপুখুৰীলৈ বুলি৷ বেলি বহিবলৈ বেছি সময় নাই৷ “ইমান দেৰি লাগিছে আজি“-মানুহবোৰে কোৱাকুই কৰিছিল৷ য’তে ত’তে গাড়ী ৰখাই মানুহ উঠোৱা নমোৱা কৰি সময় নষ্ট কৰাত মইয়ো বিৰক্ত হৈছিলোঁ৷ যাত্ৰাপথত সচৰাচৰ বাছৰ খিৰিকীৰ কাষত বহি বাহিৰলৈ চাই আপোনপাহৰা হৈ যাবলৈ মই ভাল পাওঁ৷ দুয়ো কাষৰ পুৰণি আচল গাঁৱৰ চিনাকি পৰিৱেশ চাই চাই আগবাঢ়িলোঁ৷ ধূলিময়, ওখোৰা-মোখোৰা জৰাজীৰ্ণ পথ৷ মাজতে এডোখৰ ঠাইত অলপ বেছি সময়েই ৰখালে৷ ড্ৰাইভাৰে গাড়ীৰ ষ্টাৰ্ট বন্ধ নকৰাকৈয়ে কাৰোবাৰ লগত কথাত মগ্ন৷ কণ্ডাক্টৰক দেখিলোঁ ওচৰৰ সৰু গুমটি এখনত তামোল পাগুলি থকা৷ কোনো যাত্ৰীৰ প্ৰতিবাদ নাই৷ প্ৰতিবাদ কৰি হেনো লাভো নাই৷ এই ৰাস্তাত গাড়ী হেনো ড্ৰাইভাৰ কণ্ডাক্টৰৰ মৰ্জিৰ ওপৰতহে চলে৷ কথাষাৰৰ প্ৰমাণো নিজে দেখিলোঁ৷
সাঁজ লাগিল, আন্ধাৰ হ’ল৷ খিৰিকীৰে বাহিৰলৈ একো নেদেখা হ’লোঁ৷ সেই সময়কণহে বিৰক্তিকৰ হ’ল৷ এজন দুজনকৈ মানুহ নমাই অৱশেষত বাছ খনত মোৰ বাদে আৰু তিনিজন যাত্ৰীহে ৰ’লগৈ৷ তাৰে এগৰাকী বৃদ্ধা৷ বৃদ্ধাৰ চিন্তা বেছি, নিতাইপুখুৰী আস্থানত নামি তাৰ পৰা আকৌ দুই কিঃমিঃ মান যাব লাগিব৷ বৃদ্ধাই সোনকাল কৰিবৰ বাবে প্ৰথমতে মৰমেৰে, পিছত খঙেৰেও কৈ চালে৷ নাই, তেওলোকৰ কাণসাৰ নাই৷
কিছুসময় পিছত কণ্ডাক্টৰজন এবাৰ আহি বৃদ্ধাগৰাকীৰ ঘৰ কোন ঠাইত সুধি গ’লহি৷ বৃদ্ধাই ক’লে৷ পুনৰ সোনকাল কৰাৰ অনুৰোধো  জনালে৷ এনেকৈয়ে গৈ থাকিল বাছ৷ এইবাৰ আৰম্ভ হ’ল নতুন এক পৰ্বৰ৷ পদূলি মুখে মুখে গাড়ী
ৰখাবলৈ ললে ড্ৰাইভাৰে৷ এক নতুন অথচ সজীৱ দৃশ্য দেখিলোঁ এইবাৰ৷ পদূলি মুখত ৰখাই ড্ৰাইভাৰে হৰ্ণ মাৰে–“পপ, পপ“৷ চাপৰ বাৰান্দাৰে কুঁজা হৈ ভিতৰৰ পৰা তিৰোতা এগৰাকী হাতত টিপচাকি অথবা
লণ্ঠন লৈ ওলাই আহে আৰু জোৰকৈ চিঞৰি মাত দিয়ে–“নাই “ আন কেইবাঘৰৰ পদূলিতো একে ঘটনাৰ পুনৰাবৃত্তি৷ সেই একে টিপচাকি /লণ্ঠনলৈ প্ৰৱেশ আৰু উত্তৰ “নাই৷ “অৱশেষত এটা পদূলিত সেউজ
সংকেত মিলিল৷ ড্ৰাইভাৰ-কণ্ডাক্টৰ গপগপাই নামি গ’ল৷ দুজন যাত্ৰীয়ে পৰিস্থিতি দেখি তাতে নামি বাকীখিনি খোজ কাঢ়ি যোৱাৰ সিদ্ধান্ত ললে৷ তেতিয়াও কিছুদূৰ আছেই৷ বৃদ্ধা আৰু মোৰটো আন উপায়
একো নাই৷ বহি থকাৰ বাদে আন গত্যন্তৰ নাই৷ এনেয়ে কথা পাতি থাকিলোঁ৷ বিশ মিনিটমানৰ মূৰত হাঁহি- ফূৰ্তিৰে দুয়ো ওলাই আহিল৷ মোক ক’ত নামিম সুধিলে৷ পুনৰ যাত্ৰা৷ মোক পুনৰ জনালে যে বেলেগ এটা
ৰাস্তাৰে তেঁওলোকে গাড়ী নি বৃদ্ধাক ঘৰৰ পদূলিত নমাই থৈহে বাছ আস্থানলৈ ঘূৰিব৷ মোৰ আপত্তি নাছিল৷ ড্ৰাইভাৰ-কণ্ডাক্টৰৰ মানৱীয়তাত মই অভিভূত হ’লো৷ যি বেয়া ধাৰণা তেওঁলোকৰ প্ৰতি
আছিল সি মুহূৰ্ততে দূৰ হ’ল৷ বাছ আস্থানত বন্ধু ৰৈ আছিল৷ মই সকলো বিৱৰি ক’লোঁ৷ তেওঁ মন্তব্য দিলে–“ইয়াৰ মানুহ বোৰো একেই, বৰ মৰমিয়াল৷ বাহ্যিক ৰূপ যি নহওক আন্তৰিকতা প্ৰত্যেকৰে
আছে৷ “ এতিয়াৰ নিতাইপুখুৰীলৈ গ’লে এইবোৰ গাজাখুৰী গল্প যেন লাগিব৷ মোৰ প্ৰায়ে মনত পৰে সেই ড্ৰাইভাৰ-কণ্ডাক্টৰ দুজনলৈ৷ তেওঁলোক বা ক’ত আছে? জীয়াই বা আছে নে নাই? কামনা কৰিছোঁ তেওঁলোক য’তেই আছে তাতে  সুখেৰে সুন্দৰকৈ জীয়াই থাকক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments