নিতাইবুঢ়ীৰ সাধু (মাধুৰিমা ঘৰফলীয়া)

– মাকতিয়েকে, এই বুঢ়ীয়ে যেতিয়া কিবা এটা কয় গাতেই নালাগে। কটা পা এতিয়া মজা। বোলো আহাৰ ষাঁঠ লাগিছে যেতিয়া এদিনলৈ হালখন খতি কৰ। নাই মাকতিয়েকে, মোৰ কথা শুনিবলৈ সিহঁতৰ সময় আছে নে? বাপেৰে জীয়াই থাকোঁতে সেই ষাঁঠ লগা কেইদিন বাৰীতেই সোমাবলৈ নিদিছিল। কিজানি কোনোবাই গছৰ পৰা কিবা চিঙেই। সোপাই নিয়ম নীতি ধোঁৱাচাঙত তুলিলি। মই তেতিয়াও সহি থাকিলোঁ, সিদিনা হালখন নিলি নিলিয়েই, আকৌ পথাৰৰ পৰা আহি সেইখনহে কৰিব লাগে নে?

 

নিতাইবুঢ়ীৰ মুখখন খোল খোৱাৰ লগে লগে গোটেই ঘৰখন চুপ-চাপ হৈ গ’ল। বোৱাৰীয়েক কপাহীয়ে গৈ টিউৱেলৰ পাৰৰ ক্ষয় গৈ গৈ সৰু হৈ পৰা কাঠচটাত থুকুচি থুকুচি কাপোৰ এসোপা ধুবলৈ আৰম্ভ কৰি দিলে। ডাঙৰ নাতিনী ৰুমীয়ে গামলা এটাত মাটি আৰু গোবৰ মিহলি কৰি ঘৰৰ মজিয়া মচিবলৈ ল’লে। সৰুজনীয়ে বাপেকলৈ বুলি চাহপানীৰ কেটলীটো জুইত বঢ়ালে গৈ। কেৱল সাত বছৰীয়া নাতিয়েক কণমইনাইহে বুঢ়ীয়ে খুন্দনাত খুন্দি থকা তামোলৰ ভাগ ল’বলৈ বুঢ়ীৰ কাষতে বহি থাকিল।

– শুনিছ নে বোৱাৰী টোপালা এটা এতিয়াই বান্ধ। সকাম এভাগি পাতিবই লাগিব। মই অলপ পাছত কলিমন বেজৰ ওচৰলৈও যাম। কিবা বিধান(!) দিবও পাৰে নহয়।

– টোপোলা বান্ধিলে কি হয়নো অ’ আইতা?

এনে এটা গুৰুতৰ বিষয়ত গুৱাল গালি দি থকাৰ সময়ত এনে প্ৰশ্ন আনে কৰা হ’লে বুঢ়ীৰ মাথা গৰম হৈ গ’লহেঁতেন। পিছে এতিয়া প্ৰশ্ন কৰিছে বুঢ়ীৰ নাতিয়েকে। গতিকে খং সামৰি, খুন্দনাৰ পৰা গুৰি তামোলখিনি উলিয়াই, অলপ তাক দি বাকীখিনি মুখত ভৰাই ক’লে-

– টোপোলা মানে, কিবা বিপদ বিঘিনি হ’লে আমাৰ মানুহে বুঢ়াগোসাঁইলৈ বুলি তামোল পাণ এযোৰ টোপোলা বান্ধি ঘৰৰ চাকি জ্বলোৱা ঠাইত থৈ দিয়ে। আৰু বিপদ বিঘিনিবোৰ আঁতৰ হ’লেই সকাম এটা পাতিম বুলি বুঢ়াগোসাঁইক কথা দিয়ে। মানে তোৰ ভাষাত ক’বলৈ গ’লে শপত খায়।

– অ’… এতিয়া যে আমাৰ দেউতাৰ গা ভাল নাই সেইবাবেই টোপোলা বান্ধিব লাগে ন’?

– অ’ সেইবাবেই। মাৰে বাপেৰে আক’ মন কাণেই নকৰে নহয়।

নিতাইবুঢ়ীৰ পুতেক মহেনৰ অসুখ হৈছে। অসুখ মানে মত্‌গজ মানুহটো বিচনাৰ পৰা উঠিবই নোৱাৰা হ’ল। দুদিনৰ আগত সি দুপৰীয়া হাল বাই আহি ঘৰৰ সমুখৰ স্কুলৰ ফিল্ডত থকা পুৰণি বৰজোপাৰ ডাল এটা কাটিলেগৈ। সেইজোপা ৰজাদিনীয়া গছ। তাত হেনো বহুতে বুঢ়াগোসাঁইক জিৰণি লৈ থকাও দেখিছে। কোনোৱে কোনোৱে দেও ভূতো দেখিছে বোলে। কোনেও তাত উঠিবলৈকে সাহ নকৰে, ডাল কটাটো দূৰৈৰ কথা। গছজোপাৰ এটা ডাল পথালিকৈ গছ বঢ়াদি বাঢ়ি  গৈ ৰাস্তাৰ সোঁমাজ পাইছিলগৈ। আৰু মানুহ-দুনুহ অহা যোৱাত অসুবিধা কৰিছিল। গাঁৱৰ ৰাইজে বহুদিনৰ পৰা ডালটো কটাৰ বাবে যো-যা চলাইছিল যদিও কোনেও ডাল কাটিবলৈ আগবাঢ়ি অহা নাছিল। সিদিনা কিবা জঁক উঠাত মহেনে অকলে গৈ কুঠাৰ এখনেৰে ডালটো কাটি পেলালেগৈ। মহেনে এনেও নীতি নিয়ম বৰকৈ নামানে। দেও ভূততো একেবাৰে বিশ্বাস নকৰে। সি যদি কাৰোবাক অলপ সমীহ কৰে সেয়া তাৰ মাক। সিদিনা বৰগছৰ ডাল কাটি থকাৰ সময়ত মাক ঘৰত নাছিল। নহ’লে সি কাটিব পাৰেনে। পাছত কথাটো গম পাই মাকে ভালকৈ গালি এজাউৰি পাৰিলে। সেই ৰাতিয়েই মহেনৰ তীৰ কঁপে জ্বৰ উঠিল। লগতে ভ্ৰমো বকিলে। কপাহীয়ে গোটেই ৰাতি মহেনৰ কপালত গামোচা তিয়াই তিয়াই লগাই থাকিল। নিতাইবুঢ়ীও শুব নোৱাৰিলে। কেনেকৈনো শুব পাৰিব। একমাত্ৰ পুতেকটো বিচনাত চটফটাই থাকিলে কোনজনী মাকে শান্তিৰে শুব পাৰে। পুৱালৈ জ্বৰ অলপ কমিল যদিও দুৰ্বল হৈ যোৱাৰ বাবে মহেন বিচনাৰ পৰা উঠিবই নোৱাৰিলে। যোৱা দুটা দিন তেনেকৈয়ে গৈছে। একপ্ৰকাৰে ক’বলৈ গ’লে হঠাতে গোটেই ঘৰখনৰ সুখবোৰ হেৰাই যোৱা যেন হৈছে।

– এই কথাই কথা নহয় বুজিছ বোৱাৰী, মই বেজৰ ঘৰৰ পৰা আহোঁ। তই টোপোলাটো আগ কৰিবি।

নিতাইবুঢ়ীয়ে অলপ ভাল চাই কপাহী চাদৰ এখন গাত লৈ টিউৱেলৰ কাষ পালেগৈ। কপাহীৰ তেতিয়া কাপোৰ ধুই প্ৰায় শেষ হৈছিল। শাহুৱেকৰ কথা শুনি অলপ সন্দেহৰ সুৰত সুধিলে-

– মই টোপোলা পুৱাই আগ কৰিলোঁ। পিছে ইমান দূৰ বাট আপুনি যাব পাৰিব জানো?

– হেহ, এই এবেগেত বাটহে। সাউতকে পামগৈ।

বুঢ়ীৰ কথা শুনি কপাহীয়ে আৰু আপত্তি নকৰিলে। এনেও বুঢ়ীয়ে পাঁচমাইল মান দূৰৈত থকা জীয়েকৰ ঘৰলৈ খোজকাঢ়িয়েই অহা যোৱা কৰে। গতিকে ভিতৰলৈ গৈ তামোল পাণ এযোৰ আৰু টকা পাঁচটা আনি বুঢ়ীক দিলেহি। বুঢ়ীয়ে সেইকেইটা হাত পাতি লৈয়ে ওলাই গ’ল।

– হেৰা শুনিছা।

মহেনৰ মাত শুনি শাহুৱেকক চাবলৈ এৰি কপাহী শোৱনি কোঠালৈ সোমাই গ’ল।

– আই ওলাই গ’ল নে?

– গ’ল।

– ভালেই হ’ল দিয়া। তুমি এটা কাম কৰাচোন। ৰমেনৰ ঘৰলৈ গৈ তাক চাইকেলখন লৈ আহিবলৈ কোৱাগৈ।

– কিয়?

– কিয় পাছত গম পাবা যোৱা। আই ঘূৰি অহাৰ আগতে মই মোৰ কামবোৰ কৰি লওঁ।

নিতাই বুঢ়ীয়ে এবেগেত বুলি কোৱা বাটচোৱা দুমাইলতকৈ কম নহয়। আহাৰ মহীয়া ৰ’দজাকত খোজ কাঢ়ি কলিমন বেজৰ ঘৰ পায়গৈ মানে বুঢ়ীৰ গোটেই গাটো ঘামে জেপজেপীয়া হৈ গ’ল। বেজৰ ঘৰৰ বাৰাণ্ডাতে বহি বুঢ়ীয়ে দীঘল দীঘলকৈ উশাহ দুটা ল’লে। বেজনীয়েও লৰালৰিকৈ কলহত থোৱা পানী এগিলাচত থেকেৰা দুটুকুৰা মান পিহি দিলেহি। থেকেৰা পানীকণ খাইহে বুঢ়ীৰ মুখৰ মাত ওলাল। কলিমন বেজ ঘৰতেই আছিল। বুঢ়ীৰ মুখত বিতং বাতৰি শুনি বেজে নিজৰ কাম আৰম্ভ কৰি দিলে। বুঢ়ীয়ে গভীৰ বিশ্বাসেৰে হাতযোৰ কৰি বেজৰ কামবোৰ চাই থাকিল। বেজৰ কঁপাল কোঁচ খোৱা যেন দেখিলে বুঢ়ীৰ জীৱ চিৰিং কৰি যায়। প্ৰায় দহ মিনিট মান কিবা কিবি আঁক-বাঁক কৰাৰ পাছত কলিমন বেজে মাত লগালে-

বুজিছে, এই মহেনক এইবাৰৰ পৰা তেনে কৰ্ম কৰিবলৈ নিদিব। অলপ নীতি নিয়ম মানিবলৈ ক’ব। আপোনালোকৰ ঘৰখনত বহুদিনৰ পৰাই গুৰুৰ দোষে চুইছে। এতিয়া তাৰ ফল সি মহেনেই পাইছে। তাতে বৰজোপাত থকা দেওটোৱে চল চায়েই আছিল। ভালকৈয়ে লম্ভিলে।

বেজৰ কথা শুনি নিতাইবুঢ়ীৰ মুখ শুকাই গ’ল। কোনোমতে মাতষাৰ উলিয়াই ক’লে-

– মই ক’ম ক’ম। পিছে এইবাৰলৈ সাৰিবৰ বাবে কিবা এটা বিধান দিয়ক।

– তাক পানী কাটি গা ধোৱাব লাগিব। তেহে সি গাটো টঙাব পাৰিব।

পানী কাটি গা ধুৱাব লাগিব বুলি কোৱাত নিতাইবুঢ়ীৰ মুখখন আৰু শুকাই গ’ল।

– দেউ ল’ৰাটো জ্বৰে বিষে বিচনাৰ পৰা উঠিবই পৰা নাই। এতিয়া যদি আকৌ পানী কাটি গা ধুৱাবলৈ যতনাব লগা হয় বহুত দেৰি হৈ নাযাব নে? পানী কাটি গা ধুৱাবলৈ জানো তিনিটা বোৱঁতী ঘাটৰ পানী আনিব নালাগিব? সিমানখিনি সময়তো আমাৰ হাতত নাই।

– সেইবোৰ চিন্তা নকৰিব। পানীখিনি বাৰু আবেলিলৈকে ময়ে যোগাৰ কৰি দিম। আমাৰ আশেপাশেই চোন কেইবাটাও ঘাট আছে। আপুনি আবেলিলৈ কাৰোবাৰ হতুৱাই পানীৰ টেকেলীটো নিয়াব। মই মন্ত্ৰ মাতি সাজু কৰি থ’ম বাৰু। আৰু শুনক, সেই পানীখিনিৰে বাৰীৰ বা বাঁহনিৰ চুকৰ কোনেও নেদেখা আছুতীয়া ঠাইত তাক গা তিয়াবলৈ যাবলৈ ক’ব। পানীখিনি মূৰত ঢলাৰ সময়ত মূৰৰ ওপৰত চাউল চলা চালনী এখন পাতি ল’বলৈ ক’ব। সেই চালনীৰ ফুটাৰেহে যাতে পানীখিনি তাৰ গাত পৰে। আৰু শেষত সেই তিয়নী কাপোৰসোপা আৰু টেকেলী, চালনী তাতে পেলাই পাছলৈ উভতি নোচোৱাকৈ ঘৰলৈ আহিবলৈ ক’ব। সেইবোৰ বস্তু কিন্তু পাছত কোনোবাই গচকিলেও বেমাৰ হ’ব। সেইবাবেই আছুতীয়া ঠাইত সেইদৰে গা তিয়াব লাগে।

নিতাইবুঢ়ীয়ে বেজে কোৱা প্ৰতিটো শব্দই বৰ মনোযোগৰে শুনিলে। বেজৰ ঘৰৰ পৰা ঘূৰি আহোঁতে গোটেই বাটচোৱা মহেনক মনৰ মাজতে গালি পাৰি আহিল। হওঁতে বোৱাৰীজনী বেয়া নহয়, তেওঁৰ প্ৰতিটো কথাই শুনে। পিছে এই মহেনৰ গাতহে কিবা বিজতৰীয়া বতাহ লাগিল। তাৰ বাবেই ঘৰখনৰ নিয়ম কানুনবোৰ শিথিল হৈ পৰিছে। আউবেলি ব’হাগ বিহুৰ কথাকে ধৰা হওক। গৰু গা ধোৱাৰ দিনা বুঢ়ীয়ে হাবিৰ পৰা জেজেলি পকা আৰু টিকনি বৰুৱাৰ লতা কেইডাল মান আনি ঘৰৰ দুৱাৰৰ চৌকাঠত লগাই থ’লে। তেনে লতা থাকিলে দেও ভূত ঘৰত সোমাব নোৱাৰে বোলে। ফুটক নহয় মহেনৰ কপালত তাৰ কাঁইটে। মাকৰ হাক বচনত নামানি সি সোপাই নি বাহিৰত দলিয়াই পেলালেগৈ। বোলে এই সোপাই হেনো কাৰোবাক কণাহে কৰিব। বুঢ়ীয়ে সেইদিনা মনৰ দুখতে একো কৰিবই খোজা নাছিল। গধূলি বেলিকা বোৱাৰীয়েকে জাক দি থকা মহেনক গৰুৰ বাবে পিঠা খুন্দোঁতে থাকি যোৱা খুদগুৰিখিনিৰ সৈতে নহৰু আৰু পানী মিহলাই নিয়ম অনুসাৰে ঘৰৰ চাৰিওফালে চটিয়াবলৈ দিলে। তেনে কৰিলেও হেনো দেও ভূত নাহে। মহেনে সেইটো নিয়ম মনা দেখিহে বুঢ়ীয়ে সেইবাৰ ঘৰখনত বিহু হ’বলৈ দিলে। নহ’লে সেইবাৰেই বুঢ়ীয়ে আত্মজাহ দিম বুলি পাঙিছিল।

– বোলে সেইটো বাপকণ নহয় নে ?

ঘৰৰ কাষৰ আলিৰকেঁকুৰিটো পাওঁতেই নিতাইবুঢ়ীৰ আলিৰ কাষৰে বাৰীখনলৈ চকু গ’ল।

– হয় আপাদেউ।

বাপকণে বাৰীৰ পৰাই উত্তৰ দিলে।

– বোলে সেইখনেৰে সেইজোপা কি কৰ?

নিতাইবুঢ়ীয়ে বাপকণৰ হাতত থকা কুঠাৰ খনলৈ আঙুলিয়াই দি সুধিলে। বুঢ়ীৰ প্ৰশ্নটো শুনিয়েই বাপকণৰ গা চেবালে। আজি তাৰ ভাগ্যত ভালকৈ এবকলা পৰিব চাগৈ। তথাপি নিজৰ ফালে জোৰ দি ক’লে

– এহ্ বৰমা ঘৰত খৰি এডোখৰো নাই, গতিকে এইজোপাকে কাটো বুলি ভাবিছোঁ।।

– খৰি নাই বাবেই ফলৰ গছজোপা কাটিবি নে? কেতিয়াবা ল’ৰা-লুৰিবোৰেই খায়। হেৰৌ, তেনে এজোপা গছ আকৌ ডাঙৰ হৈ ফল লাগিবলৈ কিমান সময় ল’ব কেতিয়াবা ভাবি চাইছনে?

– আপাদেউ, আজিকালি ল’ৰা ছোৱালীয়ে টেপৰ টেঙা নাখায়েই। সেইবাবেই এনেকুৱা গছ নাইকিয়াই হ’ল দেখা নাই।

বাপকণে কাটিবলৈ লোৱা গছজোপাৰ ফালে চাই ক’লে।

– নাইকিয়া হ’ল বাবেহে যি এজোপা দুজোপা গছ আছে তাক কাটিব নালাগে। নহ’লে কোনোবা এদিন ছবি দেখাইহে ল’ৰা ছোৱালীক চিনাকি কৰিব লাগিব এইজোপা চা টেপৰ টেঙাৰ গছ। এইটো টেপৰ টেঙা, পকিলে খাবলৈ বৰ ভাল। তাতে এই গছজোপাৰে ঢেঁকী সাজিবলৈ কিমান ভাল হয় পাহৰিলি নেকি?

নিতাইবুঢ়ীৰ কথা শুনি বাপকণ সেমেনা-সেমেনি কৰি ৰ’ল।

– খৰি নাই যদি আমাৰ বাঁহনিৰ পৰা গছ এডাল কাটি আনিবি। কিন্তু এইডাল নাকাটিবি।

বাপকণৰ উত্তৰলৈ বাট নাচাই বুঢ়ীয়ে ঘৰৰ ফালে খোজ ল’লে। তেওঁ ভালকৈয়ে জানে তেওঁ মানা কৰি থৈ অহাৰ পাছত বাপকণে সেইজোপা গছ নাকাটে। কাটিবলৈ সাহো নকৰে।

ঘৰ পাই দেখিলে মহেনে বাৰাণ্ডাতে চকী এখনত আঁউজি বহি আছে। বুঢ়ীয়ে মহেনৰ কপাল খন চুই চালে। অলপ অলপ গৰম হৈ আছে। শাহুৱেকৰ আগমনৰ কথা গম পাই কপাহীয়েও পানী এঘটি লৈ ওলাই আহিল। বুঢ়ীয়ে পানী ঘটিৰে মুখখন ধুই বাৰাণ্ডাতে বহি ক’লে

– বোৱাৰী, মই কৈছিলোঁ নহয় ইয়াৰ গাত বৰজোপাৰ দেওটো লাগিব পাই। বেজেও তাকে ক’লে জাননে। নহ’লে জানো কথা নাই বতৰা নাই তেনেকৈ হৌহৌ কৈ জ্বৰ উঠে নে।

– আই, বেমাৰে জাননী দি নাহে।

মাকৰ কথাত ৰস পাই মহেনে মাত লগালে। মহেনৰ কথা শুনি বুঢ়ীয়ে চকু ঘোপা কৰি ভিতৰ সোমালগৈ। কপাহীয়ে অসহায় চকুৰে গিৰিয়েকলৈ চালে।

আবেলিলৈ কলিমন বেজৰ মন্ত্ৰপুত পানীখিনি বুঢ়ীয়ে ঘৰলৈ অনালে। পানীখিনি অনাৰ আগতেই বুঢ়ীয়ে বোৱাৰীয়েকক বাৰে বাৰে কৈ আছিল, পুতেকক যেনে তেনে কৰি হলেও গা তিয়াবলৈ মান্তি কৰাব লাগিব। নহ’লে গা ভাল নহ’ব।

পিছে বুঢ়ীয়ে ভবাৰ দৰে পানী টেকেলীটো লৈ বেছি যুঁজ বাগৰ কৰিব লগা নহ’ল। মহেনে নিমাতেই বেজে কোৱাৰ নিয়মত গা তিয়াই আহিল।

ৰাতিলৈ জ্বৰ একেবাৰে কমিল বুলিয়েই ক’ব পাৰি। ভাতৰ পাতত বহি বুঢ়ীয়ে ফৰ্ফৰাই কলিমন বেজৰ গুণ বখানিবলৈ আৰম্ভ কৰিলে।

– হেৰা, ঔষধ কেইটা আনাহে।

ইতিমধ্যে ভাত খাই উঠা মহেনৰ মাতত বুঢ়ীয়ে নিজৰ বকলা বন্ধ কৰি চকু দুটা বহল কৈ মেলি তাৰ ফালে চালে।

– দেৱাই! কিহৰ দেৱাই?

বুঢ়ীৰ প্ৰশ্ন শুনি মহেনে মিচিকিয়াই হাঁহিলে। পিছে একো নকলে। ৰহস্য ভাঙিলেহি বোৱাৰীয়েক কপাহীয়ে-

– আই, অথনি আপুনি ওলাই যোৱাৰ পাছত এখেত ৰমেনৰ লগত বগৰিটিঙত থকা ডাক্তৰখানালৈ গৈছিল। ডাক্তৰে বেজী দুটা দিলে বোলে আৰু কিবা কিবি দেৱাই অলপো দিলে। সেইখিনি খোৱাৰ পাছৰে পৰা জ্বৰটো কমিলচোন। গাৰ বিষো নাইয়ে হেনো।

কপাহীৰ কথা শুনি বুঢ়ীৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ। ডাক্তৰ বুলিলেই বুঢ়ীৰ নোম ডাল ডাল হৈ পৰে। সেই সিচুকৰ অকণৰ ঘৈণীয়েকজনী বাঁকে পাওঁতে বেজালি নকৰি তেনে ডাক্তৰক দেখুওৱাৰ বাবেই মৰা নাছিল নে! আৰু বুঢ়ীৰ যে আৰু এটা পুতেক আছিল, ভৰ ডেকা বয়সৰ সেই ল’ৰাটো এনেকুৱা এটা জ্বৰতেই বুঢ়ীৰ বুকুত জুই দি সিফলীয়া হ’ল। সেয়াও বেজৰ কাষ নাচাপি ডাক্তৰৰ দেৱাই খুৱাই থকাৰ বাবেই নহয় জানো? কত মানুহ এই ডাক্তৰ মখাই মাৰিছে। তাতকৈ বহু বেছি মানুহ কলিমন বেজেই বচাইছে!

– এই ঘৰৰ মানুহে আকৌ সেই বিজতৰীয়া সোপাৰ কাষ চাপিছে! মই পাৰোঁতেই সেই টিকা ফটা ৰ’দত গৈ বেজৰ পৰা বিধান আনিছিলোঁ গৈনে! তহঁতি মোৰ কথা উপলুঙা কৰ? মই ভবাবোৰ এনেই ভাবোঁ বুলি ভাব?

বকি বকি বুঢ়ীয়ে ভাত খাই থকা কাঁহীখন ঠেলা মাৰি আঁতৰাই দিলে।

মহেনে মাকলৈ চালে। সি জানে, দুৰাৰোগ্য ৰোগত মৃত্যু হোৱা তাৰ ককায়েকৰ মৃত্যুৰ বাবে মাকে আজিও ডাক্তৰকেই জগৰীয়া কৰে। সেই আঘাতত তেওঁ আজিও জ্বলি পুৰি আছে। মাকে চাগৈ ভয় কৰে কিজানি সিও তেনেকৈ হেৰাই যাব! আবেলি সেইবাবেই সি মাকে আনি দিয়া পানীখিনিৰে গা তিয়াইছিল। যদিও সেইবোৰত তাৰ তিলমানো বিশ্বাস নাই, কেৱল মাকৰ মনটো ভাল লাগক বুলিয়েই কৰিছিল। মাকলৈ তাৰ বিৰাট মৰম লাগি গ’ল। আয়ৈ দেহি কমটো আজলী নে তাৰ এই মাকজনী। সি মাকৰ কাষ চাপি গৈ ক’লে

– আই, সেই ঔষধবোৰ মই কিবা এনেয়েহে খাইছোঁ। মই জানো নহয়, মই ভাল হৈছোঁ তই সেই কলিমন বেজৰ পৰা আনি দিয়া পানীখিনিৰে গা তিয়াইহে। মই ডাক্তৰক বিশ্বাস নকৰোঁ নহয়, মই তোক বিশ্বাস কৰোঁ বুজিছ, তোক।

নিতাই বুঢ়ীয়ে পুতেকলৈ চালে। বুঢ়ীয়ে বুজি পাইছে পুতেকে আচলতে কোনটোক বেছি বিশ্বাস কৰে, ডাক্তৰৰ দেৱাই নে কলিমন বেজে দিয়া পানীখিনি। তথাপি বুঢ়ীৰ মনটো ভাল লাগি গ’ল। পুতেকে যে সকলোতকৈ বেছি তেওঁকে বিশ্বাস কৰে।

নিতাইবুঢ়ীৰ সোলা মুখখনত এটা বহল হাঁহি বিয়পি পৰিল।

 

এইফালে বুঢ়ীয়ে হাঁহিলে, সিফালে বৰ জোপাত থকা দেওটো ছটফটাই উঠিল। মাকৰ পুতেকৰ প্ৰতি থকা এনে টান আৰু পুতেকৰ মাকৰ প্ৰতি থকা এনে মৰমে যে তাক সদায় বৰ গছতে ওলমি থাকিবলৈ বাধ্য কৰায়। বৰ খং উঠে তেতিয়া। বৰ খং উঠে। খঙতে সি টেঁটু ফালি যোৱা চিঞৰ এটা মাৰি দিলে। পিছে বৰজোপাৰ ধোন্দত থকা ফেঁচাকেইটাৰ বাহিৰে কোনেও তাৰ চিঞৰ নুশুনিলে; নিতাই বুঢ়ীৰ ঘৰৰ কথাটো বহু দূৰৈৰ কথা। কাৰণ বুঢ়ীৰ ঘৰখন সেই সময়ত বুঢ়ীৰ হাঁহিয়ে আৱৰি আছিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments