নিতাই বুঢ়ীৰ সাধু – মাধুৰিমা ঘৰফলীয়া

 

পথাৰখনৰ ঠিক মাজেদিয়ে জানটো বৈ গৈছে৷ ভৰ বাৰিষা জানটোৱে পথাৰখনে ভাৰ বব নোৱাৰা পানীবোৰ নৈলৈ বোৱাই নিয়ে৷ কেতিয়াবা আকৌ নৈয়ে পানীৰ ভাৰ ল’ব নোৱাৰিলে পানীবোৰ উভতি আহি পথাৰখন বুৰাই পেলায়৷ এই অনা-নিয়া কাৰ্যত মাছ অলপ আহি পথাৰৰ মাজত, জানখনৰ পাৰে পাৰে থকা কলমৌবোৰত আশ্ৰয় লয়হি৷ পথাৰৰ কামবোৰৰ পৰা আজৰি হ’লেই মানুহবোৰ সেই মাছবোৰ ধৰাত লাগি যায়৷ জাকৈ লোৱা গাভৰু বোৱাৰীয়ে জানখন ভৰি উঠে৷ কলমৌৰ মাজত খেপিয়াই খেপিয়াই এখন হাতৰে খামুচি ধৰিব নোৱাৰা সমান ডাঙৰ গৰৈমাছবোৰে খালৈবোৰ ভৰ্তি হৈ উঠে৷ আৰু গধূলি বেলিকা কাষতে মহ খেদাই খেদাই নিতাই বুঢ়ীৰ দৰে বয়সস্থসকলে সেই মাছবোৰ বাছিবলৈ লাগি যায়৷
-আমাৰ দিনত হেৰৌ এই মস্ত ডাঙৰ হেন গৰৈ, শল মাছ পাইছিলোঁ বুজিছ৷
নিতাই বুঢ়ীয়ে নিজৰ নাতিনীয়েকক হাত দুখনেৰে জোখ এটা দেখুৱাই কয়৷ নাতিনীয়েকে মূৰ জোকাৰি বিশ্বাস কৰা যেন দেখুৱালেও ভালকৈয়ে বুজি পায় আইতাকে যিমান ডাঙৰ জোখ দেখুৱাইছে সিমান ডাঙৰ গৰৈ মাছ আছে বুলি তাই আজিলৈকে শুনা নাই৷ তথাপি আইতাকৰ মনত দুখ নালাগক বুলিয়েই তাই শুনি যায়৷ নিতাই বুঢ়ীয়ে আৰু বহু কিবা কিবি সাধুৰ দৰে কৈ যায়৷ শেষৰটো মাছ বাছি হোৱালৈকে বুঢ়ীৰ কথাৰ বিষয়বস্তু মাছৰ পৰা গৈ বাঁহগছৰ আগত ওলমি থকা ভূতটোৰ কাষ পাইগৈ৷ কেনেকৈ বুঢ়ীয়ে সমনীয়াৰ সৈতে ভাওনা চাই উভতি আহোঁতে বাঁহগছৰ আগটোত উঠি ভূতটোৱে ৰাস্তা ভেটি ধৰিছিল, তেওঁলোকে কিমান সাহসৰে সেই ভূতটোক খেদিলে সকলোবোৰ!
সদায় কোৱা কথাবোৰো নাতিনীয়েকে মন দি শুনি থাকে৷ এনে নহয় যে তাই ৰস নাপায়, পায় কিন্তু কেতিয়াবা আমনি পোৱা যেন দেখুৱালে আইতাকে যিটোহে ভেকাহি মাৰে তাই চুপ-চাপ শুনি যায়৷
-হুহ আমি কোৱা কথাবোৰ এতিয়া সিহঁতৰ বাবে গছত গৰু উঠা যেন কথা হ’ল৷ হেৰৌ এই বুঢ়ীৰ মুখৰ কথা অৰথ নাইকিয়া হোৱা হ’লে দহো ৰাইজে পুৱাৰে পৰা ৰাতিলৈকে বিচাৰি নাহে৷
কথাটো হয় পিছে৷ কেৱল নিজৰ গাঁওখন বুলিয়েই নহয় ওচৰৰ গাঁৱৰ মানুহবোৰেও নিতাই বুঢ়ীক বিচাৰি আহে৷ কাৰোবাৰ গাভিনী গৰুজনীৰ পেট বেয়া হৈছে, কাৰোবাৰ ঘৰৰ লমালমে লাগি থকা অমিতাজোপাৰ অমিতাবোৰ সৰি পৰিছে, কোনোবাটোৱে আকৌ নিজেই টেঙা টেঙা উগাৰ আহি আছে বাবে মুখলগা ভাঙিবলৈ বুলি বুঢ়ীৰ ওচৰলৈ দৌৰি আহে৷ বুঢ়ীয়ে বিৰিণা এডালেৰে পানী এগিলাচত লৰাই লৰাই কিবা মন্ত্ৰ মাতে৷ মন্ত্ৰ মাতি থাকোঁতে যদি বুঢ়ীৰ ঘনাই হামি আহে তেতিয়া মুখ লগাটো হয় বুলি খাটাং হয়৷ পানীকণ নিবলৈ অহা গৰাকী যদি কোনোবা সমবয়সীয়া মহিলা হয় দুয়োগৰাকীয়ে আলোচনাত মিলিত হৈ যায় গাঁৱৰ কোনটো প্ৰাণীৰ মুখ লাগিব পাৰে!
কেৱল মুখলগা পানীকণ বুলিয়েই নহয় কাৰোবাৰ নকৈ জন্ম হোৱা কেঁচুৱাই দিন ৰাতি চিন নোহোৱাকৈ কান্দিলেও বুঢ়ীয়ে দিয়া সূতা এডাল পিন্ধাই দিয়ে৷
বুঢ়ীৰ প্ৰয়োজন সকলোতকৈ বেছি হয় নামঘৰত৷ সকলো নীতি নিয়ম বুঢ়ীৰ নখ দৰ্পণত৷ বুঢ়ী গাঁৱৰ প্ৰধান নামতি৷ মুঠতে সকলো ফালে নিতাইবুঢ়ীৰ ৰাজত্ব৷ গতিকে বুঢ়ীৰ নিজক লৈ অলপ অহংকাৰ নোহোৱা নহয়৷
শাওণ মাহ শেষ হওঁ হওঁ৷ ৰাইজে খেতি পথাৰ সামৰি অলপ জিৰণি লৈছে৷ বয়সীয়ালসকলে আগন্তুক ভাদমহীয়া নামঘৰৰ আঁচনিবোৰ কৰিছে৷ নিতাইবুঢ়ীৰ তামোল খুন্দা খুন্দনাটো এইকেইদিন বাৰুকৈয়ে ব্যস্ত হৈ পৰিছে৷ তেওঁৰ লগৰীয়া সকল ঘনাই আহি কথাবোৰ আলোচনা কৰিছেহি৷ নিতাইবুঢ়ীৰ গাতো উখল-মাখল লাগিছে৷ বাচি বাচি ধুনীয়া ৰিহাকেইখন উলিয়াই ৰ’দত দিছে৷ প্ৰধান নামতি গৰাকী হয় যেতিয়া অলপ চাফ-চিকুণ হৈ নামঘৰলৈ যাব লাগিব৷ পিছে এইবাৰ নিতাইবুঢ়ীৰ ভাগ্যত ভাদমহীয়া নামৰ প্ৰসাদৰ ভাগ নাছিল৷ নাম আৰম্ভ হোৱা দুদিনমানৰ আগত বাংগালোৰত থকা জোঁৱায়েকৰ ফোন আহিল৷ বাথৰুমত পিছল খাই বোলে জীয়েকৰ ভৰি ভাগিল, কঁকালৰ জোৰা লৰিল৷ হওঁতে ঘৰত কাম কৰা মানুহ আছে তথাপি আপদে বিপদে বুলি অকণমানি দুটাক চাবলৈ আপোন মানুহ এগৰাকী লাগে৷ আহিব পৰা মানুহ যিহেতু নিতাইবুঢ়ীৰ বাহিৰে কোনো নাই গতিকে তেওঁ যাব লাগে৷
ফোনটো পাই বুঢ়ী অলপ সময় দৰক লাগি ৰ’ল৷ এজনীয়ে জীয়েক৷ কিমান কষ্টৰে তাইক ডাঙৰ কৰিলে৷ তাই ভৰি, কঁকাল ভাঙি পৰি আছে মাকজনী হৈ তেওঁ নগ’লে হ’ব নে৷ কিন্তু ভাদ মহীয়া নামষাৰ!
পুতেকে সেইটো দোমোজাৰ কথা গম পাই ক’লে-নামষাৰ অহা বছৰো পাবি৷ এতিয়া ভণ্টিহঁতক তোৰ দৰকাৰ হৈছে৷ যা বুজিছ মা৷
অৱশেষত নিতাইবুঢ়ী বাংগালোৰলৈ বুলি ওলাল৷ যোৱাৰ আগতে সৰু বাল্টি এটাত পানী মুখ লগা পানী এখিনি জাৰি থৈ গ’ল৷ কোনোবাই বিচাৰিলে তাৰ পৰাই দিবি বোলে! বোৱাৰীয়েকে পুতেকলৈ কেৰাহিকৈ চাই পানীখিনি নি শাহুৱেকৰ ৰুমতে ভালকৈ ঢাকি থলেগৈ৷
এদিন দুদিনকৈ পুৰা এমাহ হ’বৰ হ’ল৷ জীয়েকৰ ভাল হৈ অহা ভৰিটো লৈ চাই নিতাইবুঢ়ীৰ উচপিচনি বাঢ়িবলৈ ধৰিলে৷
-বুজিছ আহোঁতে বগী কুকুৰাজনীয়ে কণী পাৰি আছিল৷ এই বোৱাৰীয়ে আকৌ সেইবোৰ বৰকৈ গুৰুত্ব নিদিয়ে৷ উমনি দিলে এসোপা কণী ঘোলা হ’ব এতিয়া৷
জীয়েকে ভেকাহি মাৰি কয়
-আজি ফোনত দেখোন সুধিছিলিয়েই কণীবোৰ ভাল হৈ আছে বুলি কৈছিল নবৌয়ে৷ আৰু কণী দুটামান ঘোলা হলেই পৃথিৱীখন নষ্ট হৈ নাযায় নহয়৷
জীয়েকৰ ধমকত বুঢ়ী মনে মনে থাকে৷ দিনবোৰ আকৌ পাৰ হয়৷
অৱশেষত পুৰা তিনিমাহৰ পাছত বুঢ়ী আহি ঘৰ পালেহি৷ আহিয়ে নিজৰ কোঠাৰ ভিতৰত থকা চকী এখনত জৰা পানী ভৰাই থৈ যোৱা বাল্টিটো ওভতাই থোৱা দেখিলে৷ তাৰমানে ৰাইজে পানী নি নি শেষ কৰিলে! বুঢ়ীৰ মুখত সন্তুষ্টিৰ হাঁহি এটা বিৰিঙি উঠিল৷ ভাগ্যই তেওঁৰ মনলৈ বুধিটো আহিল বুলিহে নহ’লে ৰাইজৰ কম অসুবিধা হ’লহেঁতেন নে৷
ভাত পানী খাই পাছফালৰ চোতালত বহোঁতেই বগী কুকুৰাজনীক এপাল পোৱালিৰ সৈতে মাটি খুচৰি থকা দেখিলে৷
-পোন্ধৰটা পোৱালি ওলাল মা৷ এটাও ঘোলা নহ’ল৷
কাষতে বহি তামোল কাটি থকা বোৱাৰীয়েকে নিতাইবুঢ়ীৰ চকুৰ দৃষ্টি অনুসৰণ কৰি ক’লে৷ বুঢ়ীয়ে একো নামাতিলে৷ তাৰ পাছত কিবা এটা মনত পৰাৰ দৰে সুধিলে
-জৰা পানীখিনি শেষ হোৱাৰ পাছত চাগৈ মানুহবোৰৰ বৰ অসুবিধা হ’ল ন?
বোৱাৰীয়েকে কিবা এটা কোৱাৰ আগতেই বুঢ়ীৰ ডিঙিত ওলমি থকা নাতিনীয়েকে মাত লগালে
-পানী নিবলৈ কোনো নাহিল নহয় আইতা৷ দেতাই সেইবাবেই পাছত পানীখিনি পেলাই দিলে৷ তেনেকৈ পানী গোটাই থলে মহে কণী পাৰে বোলে!
ঘটং!
বতাহ লাগি পাছফালৰ দুৱাৰখন বন্ধ হৈ জোৰেৰে শব্দ হৈ উঠিল৷ তেনে একেই এটা শব্দ নিতাইবুঢ়ীৰ বুকুতো হ’ল৷ নাতিনীয়েকে গম নাপালেও বোৱাৰীয়েকে যেন কিবা এটা অনুমান কৰিব পাৰিলে৷ চুচুক-চামাককৈ তেওঁ তাৰ পৰা উঠি গ’ল৷ আনফালে নিতাইবুঢ়ীৰ দৰক লাগি ৰ’ল৷ অতদিনে নিজৰ মাজত লৈ ফুৰা অহংকাৰৰ সৌধটো যেন হৰহৰাই খহি পৰিল৷ সন্দেহ এটা তেতিয়াই হৈছিল যিদিনা তেওঁ জীয়েকৰ হতুৱাই বাৰে বাৰে ভাদমহীয়া নামৰ খবৰ ল’বলৈ লগৰীয়াসকলৰ ঘৰলৈ ফোন লগাইছিল কিন্তু এবাৰ দুবাৰ সেইবোৰ কথা পতাৰ পাছত তেওঁলোকে ফোন নধৰাই হৈছিল৷ তথাপি নিজকে ইমান মূল্যহীন বুলি ভবা নাছিল! বুঢ়ীৰ মুখখন শেঁতা পৰি গ’ল৷
পিছদিনা দুপৰীয়া ভাত ঘুমটিটো মাৰিবৰ সময়তে বুঢ়ীৰ লগৰীয়া দুগৰাকী ওলালহি৷ শেঁতা পৰা বুঢ়ীৰ মনটো অকণমান চঞ্চল হৈ উঠিল৷ লগতে খুন্দনাটোও৷
-বুজিছ নিতাইনী সেই বীৰেণৰ পুতেকে ছোৱালী এজনী আনিলে৷ পলুৱাই৷ কালি তাকে বোলো ন ছোৱালী চাই আহোঁগৈ৷ আই অ’ মতা গোঁসাই ন-ছোৱালীৰ যিষাৰহে মাত, কাউৰীয়ে হাঁহ পোৱালি থপিয়াই নিলেও ভয়তে পেলাই থৈ যাব৷
দিহিঙীয়ানী বুঢ়ীৰ কথাত ৰস পাই বাকীকেইগৰাকী খিক-খিকাই হাঁহি উঠিল যদিও নিতাই বুঢ়ীয়ে মন খুলি হাঁহিব নোৱাৰিলে৷ তেওঁ মনে মনে আশা কৰি থাকিল দিহিঙীয়ানীহঁতে ভাদমহীয়া নামষাৰৰ কথা উলিয়াব৷ তেওঁ নোহোৱাৰ বাবে কিমান অসুবিধা হৈছিল সেইটো কওক৷ কিন্তু নামৰ কথাৰ কোনো উমঘামেই নাই৷
-কালি বুজিছানে ৰাতি সৰু নাতিটোৱে পেটটো খামুচি ধৰি কান্দিবলৈ লাগিল৷ সেই ৰাতিয়েই বাপেকে হস্পিটাললৈ লৈ গ’ল৷ কিবা বোলে গেছ নে কি হৈছিল হেনো৷ পিল দুটামান দিলে৷ খাই লৈহে শান্তিত আছে৷
পাগ উঠা তামোলৰ পিকখিনি চোতালৰ এমুৰে পেলাই আহি নামৰূপীয়ানীয়ে ক’লে৷ তাকে শুনি নিতাই বুঢ়ীৰ কপাল কোঁচ খাই আহিল৷
-কিয় মই আহিলোঁ বুলি গম পোৱা নাছিলি নেকি? মুখ লাগিব পায়৷ পানী অকন জৰাই নিয়া হলেই হৈছিল৷
-এহ বাইদেউ সেইবোৰ আমিহে বিশ্বাস কৰোঁ এই আজিকালি ল’ৰা ছোৱালীবোৰে সেইবোৰ কথা শুনিবই নুখোজে দেখোন! দেশ দুনীয়া সলনি হ’ল অ’৷
নামৰূপীয়ানীৰ কথাত গোটেইকেইগৰাকীয়ে হয় হয় বুলি হয়ভৰ দিলে৷ মাথোঁ নিতাইবুঢ়ী গহীন হৈ ৰ’ল৷
এপৰমান কথাৰ মহলাৰ মৰাৰ পাছত গোটেইকেইগৰাকী যাবলৈ ওলাল৷
-এইবাৰ পিছে ভাদমহীয়া নামষাৰ বৰ ধুনীয়াকৈ গ’ল নিতাইনী৷ তই নেদেখিলি৷ আমাৰ আজিকালি বোৱাৰীবোৰে বৰ ধুনীয়াকৈ কাম-কাজবোৰ কৰে৷
জপনা বন্ধ কৰিবলৈ বুলি লগতে ওলাই যোৱা নিতাইবুঢ়ীৰ মনত দিহিঙীয়ানীয়ে শেষৰকণ জুই ঢালি থৈ গ’ল৷ অৱশ খোজ তাতোতকৈ অৱশ মনেৰে আহি নিতাইবুঢ়ী বাৰণ্ডাত বহিলহি৷ বহুসময় তেনেকৈয়ে বহি থকাৰ পাছত কোনোবাই তেনেকৈ দেখিলে কি ভাবিব বুলি ভাবি লাহে লাহে গৈ শাকনিবাৰীত সোমালগৈ৷ মনটো ক’ৰবাত থাকিলেও অভ্যাসবশত হাতখনে ইডাল-সিডাল বন শাক ছিঙি থাকিল৷
-মা আহি ইয়াত আছেহি৷ ইফালে মই চাহ বাকি ৰৈ আছোঁ৷ বলক৷ চাওঁ শাকখিনি মোক দিয়ক৷
বোৱাৰীয়েক আহি কেতিয়া যে কাষ পালেহি বুঢ়ীয়ে গমেই নাপালে৷ হাতৰ মুঠিত থকা শাকখিনি বোৱাৰীয়েকৰ হাতত গতাই ঘৰলৈ বুলি খোজ ল’লে৷
গধূলি ভাতৰ পাতত বহিয়েই নাতিনীয়েকে চিঞৰি উঠিল
-আজি ভাত খোৱা টেবুলখন আইতা আইতা গোন্ধাইছে ন দেউতা?
-ও৷ ময়ো আজি ভাত শাকবোৰ মা মা গোন্ধ পাইছোঁ৷
-আজি মায়ে আপোনালোকে ভালপোৱা বনশাক ছিঙি আনি ৰান্ধিলে৷
বাপেক-জীয়েকৰ উৎসাহ দেখি বুঢ়ীৰ বোৱাৰীয়েকে মিচিকিয়াই হাঁহি উত্তৰ দিলে৷
-আস! আইতা নহ’লে যে এইখিনিৰ ইমান অভাৱ ইমানকৈ অনুভৱ কৰোঁ৷ আইতাৰ বাহিৰেও কোনেও এইখন আঞ্জা ইমান ধুনীয়া আৰু সোৱাদ লগাকৈ ৰান্ধিব নোৱাৰে৷
ভাত খাবলৈ বুলি হাতমুখ ধুই টেবুলৰ কাষ চপা নিতাইবুঢ়ী নাতিনীয়েকৰ কথা শুনি ৰৈ গ’ল৷ তেওঁ এবাৰ পুতেকৰ মুখলৈ আৰু নাতিনীয়েকৰ মুখলৈ চালে৷ উজ্জ্বল হৈ থকা মুখ দুখনে অতসময়ে মনৰ মাজত লৈ ফুৰা বোজাটো হৰহৰাই খহাই পেলালে৷
জোনটোৰ সমান হাঁহি এটা বিৰিঙাই তেওঁ ভাত খাবলৈ বহিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক