নিনাদিত_নিমিষ — পাপৰি মালা ভূঞা

“মা! মোক সাধু কোৱাহি! “
মোৰ ছোৱালী ত্ৰিশ বছৰীয়া যুৱতী আস্থাই এটি সৰু শিশুৰ দৰে থেনথেনায়।
সদায় শোৱাৰ আগতে অকণমান সানি শোৱা নাইট ক্ৰীমৰ টেমাটো মই নসনাকৈয়ে সামৰি থওঁ।
“মা পোতা পুখুৰীৰ বাঁকৰ সাধুটো ক’বা দেই। বাঁকে যে সৰু ল’ৰাটোৰ মূৰটো তললৈ দি পুখুৰীত পুতি থৈছিল ভৰি কেইটা ওপৰমূৱাকৈ!
জানা মা! মোকো সিহঁতে বাঁকে ধৰা দি জপটিয়াই ধৰিছিল। মুখত মাতিব নোৱাৰাকৈ গাৰু এটা সুমুৱাই দিছিল। ভৰি দুখন খুউব জোৰেৰে বহলাই দিছিল। তোমাৰ মনত আছেনে মা সেইদিনা পুৱা মই চেলোৱাৰ কামিজৰ সৈতে মিলাই দুহাতত এজাঁপ ৰঙীণ কাঁচৰ খাৰু পিন্ধিছিলোঁ সিহঁতে মোক যিমানে জপটিয়াই ধৰিছিল মই সিমানে হাত দুখন আঁছাৰিছিলোঁ। খাৰুৱে মোৰ হাত কাটি ৰঙা কৰি পেলাইছিল। এসময়ত মোক সিহঁতে লেতেৰা বিছনাখনৰ পৰা উঠাই আনিছিল। মোৰ হাতদুখনৰ দৰে বিছনা চাদৰখনো ৰঙা আছিল মা। মোৰ গোটেই গাত বিষ আৰু বিষ। আৰু মোৰ একো মনত নাই মা! “
আস্থাৰ টোপনি আহে। গাৰু এটা বুকুত সাৱটি তাই টোপনি যায়।
মই যেন এটা জড় পদাৰ্থ। শোৱনি-কোঠাটোৰ অন্য আচবাববোৰৰ দৰেই। কাষৰ শোৱনি-কোঠাটোৰ পৰা শ্যামলে কাঁহ মৰাৰ আৰু গিলাচত পানী বকাৰ শব্দ ভাঁহি আহে। মই এনেই এবাৰ নিজৰ চকু দুটা চুই চাওঁ। নাই শুকান।
আজি ছমাহে শ্যামল আৰু মই এনেদৰেই পাৰ কৰিছোঁ একো একোটা বিনিদ্ৰ ৰজনী।
বোবা সময়। বেদনাহত হৃদয় কিন্তু শুষ্ক চকু-মুখ।
জীৱনৰ বহু সমস্যাবহুল সময় শ্যামল আৰু মই হাতত হাত থৈ অসীম ধৈৰ্যৰে জয় কৰি আহিছোঁ। আনকি আমাৰ ল’ৰা আকুলে আমাৰ ওপৰত অভিমান কৰি চিৰদিনৰ বাবে আঁতৰি যোৱাৰ ভয়ানক সময়বোৰেও জহাই-খহাই পেলাব পৰা নাছিল আমাক।
হৰি নিব পৰা নাছিল শ্যামলৰ ওঁঠত লাগি থকা চিৰপ্ৰশান্ত হাঁহিটোও।
কিন্তু এতিয়া সময়বোৰ যেন দুঃসময়।
টোপনি খাটাংকৈ নাহিব বুলি জানিও মই দুটা টোপনি আহিবলৈ খোৱা টেবলেট খাই শুই থকা আস্থাৰ কাষতে দীঘল দি পৰোঁ।
চহৰৰ সামান্য নিৰ্জন গলি এটাত কঁৰাল বন্ধা তেজ আৰু সৰ্বশৰীৰত নখৰ আঁচোৰ আৰু দাঁতৰ কামোৰৰ চিনেৰে পৰি থকা অচেতন আস্থাক বুটলি আনি ঘৰ সুমুৱাবৰ দিনা শ্যামল আৰু মোৰ কাষত কোনো নাছিল।
দুদিনৰ পাছত বৰ্তমান এজন দায়িত্বশীল আৰক্ষী বিষয়া হৈ পৰা আমাৰ প্ৰথম সন্তান আকুল আহিছিল। সি মাথোঁন দুশাৰী কথাই কৈছিল
আস্থালৈ চাই কঠিন মাতেৰে কৈছিল, “ছোৱালী মানুহৰ তেজৰ বেছি গৰম হ’ব নালাগে! “
শ্যামলৰ ফালে চাই তাতোকৈ কঠিন সুৰেৰে কৈছিল, “ছিষ্টেম চেলেঞ্জ কৰি একো লাভ নাই“, “বিপৰ্যয় হে হয়।“
এৰা আমি সৰুৰ পৰা দিবলৈ যত্ন কৰা শিক্ষা আৰু সংস্কাৰবোৰৰ কোনো বৈষয়িক লাভালাভৰ বাবে কামত নহা দেখি ল’ৰাটোৰ অহৰহ ক’লা পৰি থকা মুখখনে মোক বিব্ৰত কৰি পেলাইছিল আনহাতে শ্যামলৰ কঠোৰ পৰিশ্ৰম আৰু সততাৰ ওপৰত গভীৰ বিশ্বাস। কথাবোৰ কিবা নিমিলা হৈছিল। তেনে দিনবোৰতে প্ৰতিপত্তিশালী মানুহ এজনৰ কন্যাৰ লগত আকুলৰ পৰিচয় ঘটিল। তাৰ পাছত কম সময়তে বহু বহু কিবা কিবি হৈছিল। আকুলৰ এটা সন্মানজনক চাকৰি, সেই ছোৱালীজনীৰ সৈতে তাৰ বিয়া। আৰু আমাৰ প্ৰায় সমবয়সীয়া কিন্তু আমাতকৈ স্বাস্থ্যবান সযত্ন পালিত আৰু পৰিছন্ন এহাল মানুহ আৰু সাধু কথাৰ ৰাজকুমাৰীৰ দৰেই ধুনীয়া এজনী ছোৱালীৰ সৈতে থাকিবলৈ আমাৰ ল’ৰাটো চিৰদিনৰ বাবে আমাৰ পৰা আঁতৰি গুছি গ’ল।
“ছিষ্টেম“ৰ সৈতে হাত মিলাই নিজৰ জীৱনটো সুন্দৰকৈ সজাই পেলোৱা ল’ৰাটোৰ বুকুত সদায় সময়ৰ সৈতে মিলিব নজনা বাপেকৰ প্ৰতি এবুকু বিৰক্তি আৰু ক্ষোভ।
’ছিষ্টেম’ৰ মাজত থাকিয়েই আকুলে হয়তো শিকিলে ছোৱালীৰ বেছি সাহ-পিত হোৱাটো বেয়া, ছোৱালী নিৰ্ভীক হোৱাটো বেয়া। শ্যামল আৰু মইটো কেতিয়াও সিহঁতক সৰুতে পৰা ল’ৰা-ছোৱালী বুলি ভাগ কৰি কথা শিকোৱা নাছিলোঁ।
আকুলক যিদৰে কৈছিলোঁ, “ল’ৰা মানুহে কান্দিব নাপাই বুলি কোনো কথা নাই বাবা বেজাৰ অথবা আনন্দ লাগিলে মানুহে কান্দিবই।“ আস্থাকো সেইদৰে শিকাইছিলোঁ ছোৱালীয়ে কেৱল শুকুলা ঘোঁৰাত উঠি অহা ৰাজকুমাৰৰ সপোন নেদেখে মানুহৰ সপোন আৰু আশাই পৰিধি নেমানে।
আকুল পৰৰ দৰে হৈ পৰাৰ পাছত আস্থাই আমাক আৱৰি সাৱৰি আমাৰ সাহস হৈ আমাৰ কাষত থিয় দিছিল। আকুলক বেয়া পাই নাথাকিবলৈ নিজৰ ঠাইত সকলো শুদ্ধ বুলি আমাক বাৰে বাৰে বুজাইছিল। সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰা ছোৱালী জনীয়ে বাতৰিকাকতৰ চাকৰিত সোমাইছিল কিন্তু দেউতাকৰ নীতিনিষ্ঠতা আৰু খেয়ালী স্বভাৱ কলপ কাটি অনা আস্থাই তিনি মাহৰ ভিতৰত দুখন কাকতৰ কৰ্তৃপক্ষৰ সৈতে মতৰ অমিল হৈ চাকৰি এৰিব লগা হোৱাত প্ৰমাদ গণিছিলোঁ মই।
তেনেকুৱা দিনবোৰতে আস্থাই তুষাৰক লগ পাইছিল। বিদেশৰ বিলাসী জীৱন আৰু শকত দৰমহাৰ চাকৰি ত্যাগ কৰি অহা তুষাৰে দেউতাকৰ মালিকানাধীন বাতৰি কাকত খনৰ জৰিয়তে সৎ আৰু নিকা সাংবাদিকতাৰ এক বাৰ্তা সমাজলৈ পঠিয়াব খুজিছিল। আস্থা তুষাৰৰ সহকৰ্মী হ’ল।
আমাৰ ঘৰলৈ প্ৰায়ে আহিবলৈ ললে ল’ৰাটো। বহু নিশালৈকে আড্ডা জমিছিল আস্থা তুষাৰ আৰু শ্যামলৰ, ৰাজনীতি সমাজনীতিৰ পৰা চলচ্চিত্ৰ নাটলৈকে খেলা ধুলাৰ পৰা ফুৰা চকালৈকে। পাকঘৰৰ কামৰ মাজে মাজে ময়ো ভাগ লৈছিলোঁ। আকুলৰ অনুপস্থিতিয়ে জঁই পেলোৱা ঘৰখন আকৌ সামান্য হ’লেও সজীৱ হৈ উঠিছিল।
তুষাৰৰ কাকতখনে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তাৰ লগে লগে বাঢ়িছিল আস্থাহঁতৰ দৰে কাকতখনৰ সাংবাদিকসকলৰ কামৰ প্ৰতিকুলতা। সমাজখনক খুলি খুলি খোৱা অন্যায় দুৰ্নীতিৰ বিপক্ষে মাত মাতিবলৈ যাওঁতে পেটৰ দায়ত কাম কৰা এই ল’ৰা-ছোৱালীবোৰৰ জীৱনলৈ প্ৰায়ে ভাবুকি আহিছিল।
আস্থাৰ ভয়-ভীত নোহোৱা নিৰ্ভীক স্বভাৱটোলৈ মোৰ সাংঘাতিক ভয় লগা হৈছিল। মই খুউব বেছি চিন্তা কৰোঁ বাবে কৰ্মক্ষেত্ৰত মুখামুখি হোৱা যিকোনো সমস্যাৰ কথা তাই শ্যামলৰ সৈতেহে আলোচনা কৰিছিল।
তথাপি সকলো জানিছিলোঁ মই। সন্তানৰ আনন্দ, বেদনা, পোৱা, নোপোৱাৰ খতিয়ান মাকে মুখ দেখিলেই বুজে মুখ ফালি বুজাব নেলাগে।
মই আস্থাক চাকৰিটো এৰি দিয়াৰ কথা সদায়েই ক’ব খুজিছিলো কিন্তু হেজাৰ বাধা বিঘিণি অতিক্ৰম কৰিও কামটো কৰি আস্থা অত্যন্ত সুখী আৰু সন্তুষ্ট আছিল। মই বাধা দিবলৈ বেয়া পাইছিলোঁ। শ্যামল আৰু মই সৰুৰে পৰা আকুল আৰু আস্থাক শিকাইছিলোঁ, “যি কামে তোমাক সুখী কৰে সেই কামহে কৰিবা।“ তদুপৰি শ্যামলে অৱসৰ পোৱাৰ পাছত অকল শ্যামলৰ পেঞ্চনৰ টকাকেইটাৰে আমাৰ চলিবলৈও অসুবিধা হৈছিল।
আস্থা হেৰাবৰ দিনা…….
“ মা চুচু লাগিছে“
আস্থাৰ টোপনি গধুৰ মাত। মোৰ ভাৱনাত যতি পৰে। আস্থাই আজিকালি অকলে পেচাব কৰিবলৈ যাবলৈও ভয় খাই আনকি দিনৰ ভাগতো। কোনোবাই ধৰিবলৈ জোপ লৈ থাকে বুলি কয়।
পোষ্ট ট্ৰউমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ।
আস্থাৰ অসুখটোৰ নাম। ডাক্তৰে তেনেকৈয়ে কৈছিল। আস্থাক বাথৰূমৰ পৰা আনি আকৌ শুৱাই দি ময়ো তাইৰ কাষতে আকৌ বাগৰি থাকোঁ। পুৱা চাৰি বাজিছে কাষৰ কোঠাটোৰ পৰা শ্যামলৰ নাকৰ শব্দ ভাঁহি আহিছে। হয়তো শেষ নিশালৈ টোপনি আহিল তেওঁৰ।
স্বাধীনতা দিৱসৰ অনুষ্ঠান আছিল আস্থা হেৰাবৰ দিনা সিহঁতৰ কাকতৰ কাৰ্যালয়ত। সেইদিনা আস্থাই এযোৰ বগা কুৰ্তা চেলোৱাৰ পিন্ধিছিল তাৰ সৈতে মিলাই এখন কমলা আৰু ডাঠ কলপতীয়া ৰং মিশ্ৰিত দোপাত্তা লৈছিল।
নিশা দহ বজালৈ ঘৰ আহি নোপোৱা আস্থাৰ বতৰা তাইৰ পৰিচিত কোনো সহকৰ্মী বন্ধু বান্ধৱে দিব নোৱাৰাত আউলী-বাউলী হৈ মই আৰু শ্যামল তাইক বিছাৰি ওলাইছিলোঁ।
শৰীৰৰ অজস্ৰ ঠাইত চিলনি আৰু এটা ৰুগীয়া মনেৰে সৈতে চিকিৎসালয়ৰ পৰা আস্থাক ঘৰলৈ আনিবৰ দিনা এপাল মানুহে আমাক ঘেৰি ধৰিছিল। কেমেৰাৰ লাইটৰ চিকমিকনিত আস্থাৰ গালত জিলিকি থকা চকুপানীবোৰ চিকমিকাই উঠিছিল। তথাপিও আস্থাই তেতিয়ালৈকে নিজক হেৰুৱাই পেলোৱা নাছিল।
চৌদিশে আস্থাৰ বাবে ন্যায় বিছাৰি মানুহবোৰ প্ৰতিবাদমুখৰ হৈছিল। মাৰ বান্ধি থিয় হোৱা মানুহবোৰে কোনোবাখিনিত মোক আৰু শ্যামলকো সাহসী কৰি তুলিছিল চাগে।
আস্থাইও শাৰীৰিক আঘাতবোৰ উপশম হোৱাৰ পাছত নিয়মীয়াকৈ চাকৰিলৈ যাব’লৈ আৰম্ভ কৰিছিল।
কিন্তু! আস্থা কেইদিনমান চাকৰিলৈ গৈ আৰু নগ’ল। পৰ্দাৰ ফাঁকেৰে এদিন মই দেখিছিলোঁ তাই শ্যামলক সাৱটি ধৰি হুকহুকাই কান্দিছিল। মুখেৰে কি কৈ আছিল মই শুনিবলৈ অথবা বুজিবলৈ যত্ন কৰা নাছিলোঁ।
কেইদিনমানৰ পাছতে তুষাৰৰ বিয়াৰ খবৰ আহিছিল। সেইদিনা প্ৰথম আস্থাই অস্বাভাৱিক আচৰণ কৰিছিল তাইৰ অতি মৰমৰ নোমাল ভালুক পুতলাটো চুৰী কটাৰী এখনেৰে কাটি নেফানেফ কৰি পেলাইছিল।
ডাক্তৰক দেখুৱাওঁতে সেই অসুখটোৰ নাম লৈছিল।
আমাৰ কাষে-পাজৰে থিয় দিয়া মানুহৰ জাকটো দেখোন ক্ৰমাৎ পাতলি পাতলি নোহোৱা হৈছিল।
আস্থা স্বাভৱিক হোৱাৰ সলনি তাইৰ মানসিক অস্থিৰতা বাঢ়িছিল। তেনেকুৱা দিনবোৰতে আমি থকা ভাড়া ঘৰটোৰ মালিকৰ ল’ৰা মুন এদিন পুৱাই আহি আমাৰ চৰা ঘৰটোত গহীন মুখেৰে বহিছিলহি। আকুল আস্থা আৰু মুন প্ৰায় সমবয়সীয়া। মুনৰ ভনীয়েক আইমনি সিহঁতকৈ অলপ সৰু। প্ৰায় বিশ বছৰো অধিক সময় এই ভাড়া ঘৰটোত আমি কটাইছোঁ। মুন আৰু আইমনিক মই সৰুৰে পৰাই আস্থা আৰু আকুলৰ সমানেই মৰম দি আহিছোঁ।
মুন উঠি যোৱাৰ বহু সময় পাছলৈকে শ্যামল আৰু মই একে ঠাইতে বহি থাকোঁ। মূৰৰ ওপৰত চাল এখন নোহোৱাৰ যি ভয়ে মোক অহৰহ খেদি ফুৰিছিল আজি সেই ভয়ে শ্যামলকো ভাৰাক্ৰান্ত কৰি পেলোৱাৰ দৰে মোৰ লাগে।
আচলতে চাকৰি কালত শ্যামলে ঘৰ বাৰী মাটি সম্পত্তিৰ দৰে বৈষয়িক বস্তৰ প্ৰতি কোনো আগ্ৰহেই নেদেখুৱালে। মই খেচখেচাই থাকিলেও তেওঁ হাঁহি এটাৰে সকলোবোৰ সামৰি থয়।
“ঘৰ! কেৱল শিল, বালি, ইটাৰে নিৰ্মিত কংক্ৰিটৰ অৱয়ব এটাকে ঘৰ বুলি নকয় মধু। শ্যামলে মোক কৈছিল। এইযে ল’ৰা-ছোৱালীহাল তোমাৰ আৰু মোৰ মাজত মৰম চেনেহৰ এনাজৰী ডাল নিকপকপীয়াকৈ বান্ধ খাই আছে এইয়াই ঘৰ। সিহঁতক শুদ্ধ শিক্ষা সংস্কাৰ দি আৰু সাহসী কৰি ডাঙৰ কৰিছোঁ সেয়াই ঘৰ। এই যে ঢেঁকীয়া শাক এমুঠি আনি দিলেও তুমি এখন অমৃতসম আঞ্জা ৰান্ধি পেলাব পাৰা এইয়াই ঘৰ। তোমাৰ তৃষিত ঘৰখন ল’ৰা-ছোৱালীক উপযুক্ত কৰি তুলিছোঁ সিহঁতে বান্ধি দিব দিয়া মোক নধৰিবা আৰু।“
কথাৰে মই শ্যামলক কাহিনীও বলে নোৱাৰিছিলোঁ। প্ৰচুৰ অধ্যয়ন কৰা শ্যামলে প্ৰতি মাহৰে সীমিত উপাৰ্জনৰ অধিকখিনি কিতাপ কিনিয়ে শেষ কৰিছিল। তদুপৰি তেওঁৰ ওচৰলৈ সহায় বিচাৰি অহা আৰ্তজনক তেওঁ কেতিয়াও বিমুখ নকৰিছিল। ঘৰৰ একমাত্ৰ ল’ৰা হিচাপে পোৱা পৈতৃক সম্পত্তিখিনিও তেওঁ নিজতকৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ভাই-ককাইৰ মাজত বিলাই দিছিল।
বৈষয়িক লালসা মোৰো তেনেকৈ নাছিল শ্যামলৰ মৰম আৰু সাহচৰ্যৰ উষ্ণতাই মোক আলফুলে মেৰিয়াই ৰাখিছিল। ঘৰ-বাৰীৰ কথা কেতিয়াবা বৰকৈ ভাবিলেও প্ৰায়ে তল পৰি গৈছিল।
মুনে আমাক ভাড়াতীয়া হিচাপে ৰাখিবলৈ অপাৰগতা প্ৰকাশ কৰিছিল। আস্থাৰ দৰে ছোৱালী এজনী ৰাখিলে ভনীয়েক আইমনিৰ বিয়া বাৰুত অসুবিধা সৃষ্টি হ’ব সি ভয় খাইছিল। ওচৰ চুবুৰীয়াৰ পৰাও আমি থকাক লৈ আপত্তি আহিছিল বোলে।
আমাৰ ঠিকনা সলনি হ’ল। আমি নতুনকৈ থাকিবলৈ লোৱা চুবুৰীটোত সম্ভ্ৰান্ত আড়ম্বৰ নাই। নতুন ঘৰটোত চৰকাৰী পাইপেৰে অহা পানী বাল্টিৰে পাকঘৰত ব্যৱহাৰৰ বাবে কঢ়িয়াব লাগে। বহু চুবুৰীয়া মহিলা গোট খায়।
এদিন এগৰাকীয়ে হেনা হুচা মাতেৰে মোক সুধিলে,
“আপনাৰ ছোৱালীটো বদনামী হোৱা বোলে! “
ইয়াত সকলোৱে কথাবোৰ খোলা-মেলাকৈ পাতে, কৈয়ো দিয়ে আগৰ সম্ভ্ৰান্ত চুবুৰীটোৰ দৰে পৰ্দাৰ আঁৰৰ পৰা আমাৰ ঘৰটোলৈ জুমি জুমি নেচায়। আমাৰ ঘৰটোলৈ বেঁকা দৃষ্টিৰে চাই দুই চাৰিজন গোট খাই সৰু সৰু মেলো নবহে।
নতুন পৰিৱেশটোৰ লগত একেবাৰে আস্থা জীণ যাব নোৱাৰে। তাইৰ অসুখটো বাঢ়ি আহে ডাক্তৰে কয় তাই খুউব ডাঙৰকৈ চক খোৱাৰ বাবে তাইৰ মানসিক ভাৰসাম্য নষ্ট হৈছে। তাই লাহে লাহে এটা শিশুৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। ভাত খুৱাই দিব লাগে, গা ধুৱাই দিব লাগে। সাধু কৈ শুৱাব লাগে। অচিনাকি মানুহ অচিনাকি পৰিৱেশ দেখিলেই সন্ত্ৰষ্ট হৈ পৰে। খুউব ভয়াতুৰ হৈ পৰে তাই। ডাক্তৰে হাত দাঙে উন্নত চিকিৎসাৰ বাবে উন্নত সুবিধা থকা চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে। শ্যামলৰ আৰু মোৰ তলি উদং অৱস্থাটোৰে সেয়া অসম্ভৱ হৈ উঠে। আস্থাক আমি বয়স আৰু পৰিস্থিতিয়ে দুৰ্বল কৰি পেলোৱা মানুহহালে যিমান পাৰি সিমান সবল কৰি ৰাখিবলৈ যত্ন কৰোঁ।
মাজতে এদিন আকুল আহিছিল। এজন দক্ষ আৰক্ষী বিষয়া হোৱাৰ উপৰিও সি আৰু তাৰ পত্নীয়ে সামাজিক আৰু সাংস্কৃতিক ৰাজহুৱা কৰ্মী হিছাপে বেছ সুনাম অৰ্জন কৰাৰ খবৰটো সি আমাক দিয়ে। তাৰ পাছত সি যথেষ্ট কঠিন স্বৰেৰে কৈ উঠে কেৱল আস্থাৰ বাবেহে সি কেতিয়াবা সাংঘাতিক লাজত পৰে।
শ্যামলে চাহ কৰি জগাওতেহে মই সাৰ পাওঁ। কথাবোৰৰ মাজত পাকঘূৰণি খাই কেতিয়ানো মোৰ চকু জাঁপ খাই গ’ল গমেই নেপালোঁ।
হা-হুমুনিয়াহৰ সনা-সনিৰ মাজেৰে বৰ কষ্টেৰে দিনবোৰ বাগৰে। আস্থা আগতকৈও অসুস্থ হয়। তাই আৰু আকলুৱা আৰু সন্দিগ্ধ হৈ পৰে যাকে দেখে তাকে তাইৰ কাঁচৰ খাৰুৰ টুকুৰাবোৰ সোমাই ৰঙা হৈ যোৱা হাতৰ ঠাঁৰি দুডালৰ সাধুটো ক’বলৈ যায়।
আস্থাৰ বাবে মানুহবোৰে হৈ চৈ কৰা দিনবোৰতে প্ৰখ্যাত উকীল এজন আস্থাৰ হৈ আদালতত মোকৰ্দমা তৰিবলৈ নিজেই আগবাঢ়ি আহিছিল। আমি সময় মতে ফীজ ইত্যাদি দিব নোৱাৰাত তেওঁ এসময়ত জোৰ দিবলৈ এৰি দিয়ে। প্ৰতিপক্ষ আগৰে পৰাই শক্তিশালী আছিল। তথাপি মোকৰ্দমাটো চলি থাকে।
তাৰ মাজতেই শ্যামল এদিন শুই থাকোঁতেই নিস্প্ৰাণ হৈ পৰি ৰয়। মই কান্দিব নোৱাৰো, মোৰ তেওঁলৈ সাংঘাতিক হিংসা লাগে আগতেও শ্যামলৰ জ্ঞান গৰিমা, তেওঁৰ যিকোনো পৰিস্থিতিতে শান্ত সমাহিত হৈ থাকিব পৰা স্বভাৱ, তেওঁৰ মানৱদৰদী ভাৱধাৰা এইবোৰৰ বাবে তেওঁলৈ মোৰ ভীষণ হিংসা লাগিছিল। অহৰহ তেওঁৰ দৰে হ’বলৈ যত্ন কৰিছিলোঁ। আজিও জীৱনৰ মায়া মমতা চেৰাই সংগোপনে গুছি যোৱা মানুহটোলৈ হিংসাত জ্বলি পুৰি উঠিলোঁ।
শ্যামলে দেহ দান চুক্তি পত্ৰত স্বাক্ষৰ কৰি থৈছিল। সেই মতে চিকিৎালয়ে ব্যৱস্থা কৰিলে। শ্ৰাদ্ধ বিধিৰ নিয়ম একোকে নকৰিলোঁ। আত্মা পৰমাত্মা এইবোৰ বিষয়ত শ্যামল খুউব এটা বিশ্বাসী নাছিল। তেওঁৰ মতে জীৱন কালতেই যিমান পাৰি সিমান মানুহৰ উপকাৰ সাধিব লাগে। মোৰো এই ক্ষেত্ৰত কোনো গাঢ় বিশ্বাস নাই।
শ্যামলৰ সংগ্ৰীহত কিতাপবোৰ শ্যামলৰ নামত পুথিভঁৰালত দান দিলোঁ।
আস্থাৰ পক্ষলৈ মিছিলত যোগ দিয়া মানুহৰ মাজৰ পৰাই এইবাৰ মোলৈ আঙুলি টোঁৱালে মোৰ হেনো এই অলাগতিয়াল ঢংবোৰেই মোৰ ঘৰখন শেষ কৰিলে মূৰৰ ওপৰত এখন চাল নাই, ল’ৰা বুকুৰ পৰা ওলাই গ’ল, ছোৱালী বদনামী হ’ল, মানুহজন আওমৰণে মৰিল।
ক’বলৈ বুকুত কথাই খুন্দ খাই আছিল। পাছে বুকু ফালি ওলাই নাহিল।
মোকৰ্দমাৰ আকৌ তাৰিখ পৰিল। মোকৰ্দমাটোত আমি হাৰিলোঁ। আস্থাই মানসিক অসংলগ্নতাৰ বাবে ভিত্তিহীন ভাৱে এই অভিযোগ অনা বুলি আদালতত প্ৰমাণ হ’ল। সকলো তথ্য প্ৰমাণ চিকিৎসালয়ৰ ৰিপোৰ্ট কাৰোবাৰ দ্বাৰা নিঃচিহ্ন কৰি পেলোৱা হ’ল।
আদালতৰ পৰা আস্থাৰ হাতখনত খামুচি ধৰি কোনোমতে থৰক বৰক খোজেৰে ওলাই আহোঁ মই। আস্থাই মোক অবিৰত ভাৱে সুধি থাকে আমি ইয়ালৈ কিয় আহিছিলোঁ।
হঠাত চাৰিজন মদগজ পুৰুষে আমাৰ বাটটো আগভেটি ধৰে
“আণ্টি!
পুৰুষ মানুহ অলপটো মৌজ মস্তি কৰিমেই ন!
তাইক আমি প্ৰথমে আমাৰ কামত মাথা নামাৰিবলৈ ভালকে বহুত বাৰ বুজাইছিলোঁ। ছোৱালী মানুহৰ তেজ ইমান গৰম হোৱা বেয়া। বেচেৰী! আমি আপোনাক অলপ টকা দিব খুজিছোঁ…..“
হঠাত মই অনুভৱ কৰোঁ মোক খামুচি থকা আস্থাৰ হাতখন কঠিন হৈ আহিছে তাইৰ মুখলৈ চাওঁ মই চকুহাল দপকৈ জ্বলি উঠিছে।
ভীষণ ভয় খাওঁ মই। হাঁহি ৰৈ থকা মানুহ কেইটাক প্ৰায় ঠেলা মাৰি আঁতৰাই ৰাষ্টাটোলৈ আস্থাক চোঁচৰাই অনাৰ দৰে আনোঁ।
অটো এখনত উঠি মই জোৰেৰে চলাবলৈ কওঁ। চালকজনে মোৰ মাতৰ কঁপনিটো অনুধাৱন কৰিব পাৰি মোলৈ ঘূৰি চায়।
ঘৰ আহি পাই আস্থা শুই পৰে। শুই উঠি আকৌ আগৰ দৰেই লাগ বান্ধ নোহোৱা কথা আৰু অসংলগ্ন ব্যৱহাৰ। মোৰ চকুৰ আগত তাইৰ দপকৈ জ্বলি উঠা চকুহাল অগা ডেৱা কৰি থাকে। মুহূৰ্তৰ বাবে হ’লেও হয়তো তাই মানুহকেইটা চিনি পাইছিল।
সন্ধিয়া সময়খিনি খুউব অস্থিৰতাৰে পাৰ হয় মোৰ। মন মগজুত হেজাৰ চিন্তাই কুণ্ডলী পকাই।
পুৰুষে মৌজ মস্তি কৰে, সমাজ আৰু পৰিচয় হেৰুৱাই নাৰীয়ে। নিগৃহিত হৈ মৃত্যু হ’লে নাৰীগৰাকীৰ স্মৃতিত মমবাতি জ্বলোৱা সভ্য সমাজে মানুহজনী জীয়াই থাকিলে এঘৰীয়া কৰে। আকুল আৰু বোৱাৰীৰ কথা মনত পৰিও হাঁহি উঠে মোৰ। সমাজ কৰ্মী হিচাপে স্বীকৃতিয়ে শিৰ চুমিছে অথচ ভনীয়েকজনীৰ দুঃসময়ত কাষত থিয় হোৱাৰ সৎ সাহস নাই
মনটো স্থিৰ কৰোঁ মই। নীতিনিষ্ঠ স্বামীৰ উপযুক্ত সংগিনী হ’বলৈ গৈ মই অসফল। সাহসী ছোৱালীৰ মাক হৈ মই অসফল। এখন ঘৰ পাতিব নোৱাৰি মই অসফল। নিয়ম ভঙাৰ নিয়ম কৰি মই অসফল।
সমাজক আৰু মই মোৰ সফলতাৰ মাপকাঠি নিৰ্ণয় কৰাৰ অধিকাৰ নিদিওঁ। হাতৰ মোবাইল ফোনটো মই জোৰেৰে চেপি ধৰোঁ।
দুদিন মান আগতে এটা বেচৰকাৰী সমাজসেৱী অনুষ্ঠানে মোৰ লগত যোগাযোগ কৰিছিল মই তেওঁলোকৰ লগত কাম কৰিব খোজো নেকি।
মই মানা কৰি দিছিলোঁ।
কিন্তু এতিয়া মই কাম কৰিব খোজো মোৰ ছোৱালীজনীৰ দৰে সমাজ আৰু পৰিচয় হেৰোৱা ছোৱালীবোৰৰ বাবে মোৰ দৰে নিয়ম ভঙা মানুহবোৰৰ বাবে। সকলো মুক্ত মনেৰে আৰু সমঅধিকাৰেৰে জীয়াই থাকিব পৰা এখন সমাজৰ বাবে।
মই অকম্পিত হাত আৰু সমাহিত মনেৰে নিৰ্দিষ্ট ফোন নম্বৰটো ডায়েল কৰোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক