নিনাদ (-মল্লিকা কলিতা )

 

ভাদ মহীয়া ৰ’দজাক লহিয়াইছে লাহে লাহে পশ্চিমৰদিশে । গৰমৰ প্ৰকোপ হ’লে অলপো কমা নাই । নাৰিকল পাৰিবলৈ গৃহস্থ হেমেনে কৰা উথপথপ শুনি গায়ত্ৰী ৰুমৰ পৰা ওলাই আহে । তাই দেখে শহুৰ দেউতাকে ইতিমধ্যে চেলাই পেলোৱা চাৰিটা নাৰিকলৰ আটাইকেইটাই বেয়া ওলাইছে । সেয়ে পুতেকে ডাঙৰ দীঘল বাহঁৰ হাকোটা এডালেৰে শুকান নাৰিকল চাই চাই পাৰিবলৈ লাগিল । নাৰিকল কেইজোপা বহু ওখ হৈ গৈছে ; পাৰিবলৈ কষ্ট হয় আজিকালি । এই বয়সত শহুৰেকে থেৰোগেঁৰোকৈ নাৰিকল কেইটা কিয় পাৰি আনিব লাগে বাৰু ? তাইৰ বেয়া লাগিছে শহুৰেকক দেখি । আৰু বেয়া লাগিছে আজি নাৰিকল পাৰি আনিবলৈ আৰু চেলাবলৈ কৰ্মঠ ল’ৰাটো নাই । সৰ্বশৰীৰ ঘামত তিতি উঠিছে তেখেতৰ । শোলা মুখখনেৰে ঘনাই উশাহ লৈ থকা তাই লক্ষ্য কৰি ৰ’ল । অৱশ্যে শহুৰেকৰ কাৰো হাকবচন নুশুনা স্বভাৱৰ বাবে বৰ অশান্তিও হয় ঘৰখনত ।
: মামী নমস্কাৰ !!

 


গায়ত্ৰী উচপ খাই উঠে । এগৰাকী নৱবিবাহিতা বোৱাৰী জ্বলমলাই উঠিছে বিয়াৰ পানী পৰিলে যি ৰূপ চৰে সেই জেউতিৰে । তাই তধা লাগি চাই ৰ’ল । আগন্তুকে যেন অলপ অস্বস্তি পালে । তাই সাধাৰণ শিষ্টাচাৰকণ যেন পাহৰি পেলালে । হুচ আহিলত সুধি পেলালে : বেয়া নাপাবা, মই তোমাক ভালদৰে ধৰিব পৰা নাই । বছৰত এবাৰ অহা হয় , তোমালোক ছোৱালীবোৰ যে ইমান ঘপহকৈ ডাঙৰ হোৱা ! আচলতে তাই অলপো চিনি পোৱা নাই, লাজতে কি ক’ব ভাবি ভাবি তেনেদৰে ক’লে । উত্তৰ দিবলৈ বোৱাৰী গৰাকীয়ে নৌপাওতেই ডাঙৰ জায়েকে ‘ আহা আহা’ বুলি ভিতৰলৈ মাতি নিলে ।
: তুমি তাইক চিনি পোৱা নাই ! তাই দেৱী বাইদেউৰ সৰু জনী ছোৱালী ‘বেলি’ , এপ্ৰিলত বিয়া দিলে ঢেকিয়াজুলিলৈ ।
দেৱী বাইদেউৰ প্ৰতি এইখন ঘৰৰ শ্ৰদ্ধা, সন্মানৰ ভাব আছে । আচলতে গোটেই গাঁৱতেই আছে সেই সন্মানৰ ভাব । হওঁতে এইখন দেৱী বাইদেউৰ মাকৰ গাঁও । ইয়াতে জন্ম, সময়ত বিয়াও এইখন গাঁৱৰ পৰা হৈছিল । পিছে তিনিটা এমাডিমা সন্তানক এৰি গিৰিয়েক ঢুকুৱাৰ পিছত ইয়ালৈ ঘূৰি আহে চিৰদিনলৈ । আজি দুয়োজনী ছোৱালীক উলিয়াই দি পিতৃ-মাতৃৰ দায়িত্ব সুচাৰু ৰূপেই পালন কৰিছে দেৱী বাইদেৱে । ল’ৰাও দিল্লীত কোনো কোম্পানীত । অলপ পিছে পিছে ডাঙৰ জীয়েক কল্পনাও আহি ওলাল কোঁচত আঠমহীয়া ছোৱালীটিক লৈ । তায়ো গায়ত্ৰীক দেখি নমস্কাৰ জনালে । আজি নেপালীসকলৰ তীজ । দুয়ো জীয়াৰী মাকৰ ঘৰলৈ আহিছে । গায়ত্ৰীয়ে বেলিক সুধিলে, ‘ কি কৰে তোমাৰ মানুহজনে?’
: মুম্বাইত কোম্পানীত কাম কৰে । মোক এইবাৰ পূজাত আহিলে লগত লৈ যাব । তাই লাজুক লাজুক হাঁহিৰে উত্তৰ দিলে ।
গায়ত্ৰীৰ মনত পৰে বিয়াৰ পিছৰ তিনিমাহ এইখন ঘৰত তাইক এৰি কৰ্মস্থলীলৈ যোৱা মানুহজনক প্ৰত্যেকবাৰ তাই ব্যাকুলভাবে অহালৈ বাট চোৱা । সেই তিনিমাহ তাই কেনেদৰে কটাইছিল ম’বাইল, লেণ্ডলাইন অবিহনে এতিয়া ভাবিবলৈ ভয় লাগে তাইৰ । বেলিৰ চকুত সেই একেই আকুলতা তাই বিচাৰি পায় । তাইৰ মনে কৈ উঠে ‘আঐ দেহি সোনজনী! তুমি সোনকালেই মনৰ মানুহজনৰ কাষ গৈ পোৱা যেন’…
কল্পনাৰ ছোৱালীজনীৰ কাণত কাণফুলি; নিজৰ আঢ়ৈ বছৰীয়া কন্যাক এইবাৰ গৈয়ে কাণ ফুটাই দিব লাগিব বুলি ভাবে তাই । কাণখন লিৰিকি বিদাৰি চাই সোধে- তোমাৰ শহুৰৰ ঘৰ…
: মামামামা…মী ভূটানত
: ভূটানত!! কেনেকৈ অহা যোৱা কৰা? পাচপোৰ্ট লাগে নিশ্চয়!
: আদাবাৰীত গাগাগাগা…..ড়ীত উঠা যায় । তাইৰ অলপ কথা ক’লে লাগি ধৰে ;সময় লাগে । পাচপোৰ্ট নালাগে মামী ।
গায়ত্ৰীয়ে ভাবে পাচপোৰ্ট নোহোৱাকৈ বিদেশী ৰাষ্ট্ৰ এখনত থকা কেনেদৰে সম্ভৱ! তাই আকৌ সুধে- পাচপোৰ্ট নালাগে?? কেনেদৰে অহা যোৱা কৰা বাৰু?
: সেইখিনি তামুলপুৰ বুলি কয় ।
গায়ত্ৰীৰ হাঁহি উঠে ,কিন্তু বাহিৰত প্ৰকাশ নকৰে । ছোৱালীজনীৰ সৰলতা খিনি উপভোগ কৰি ৰয় । চাহ-তাহ খাই কথাৰ মহলা মাৰি সিহঁত যায়গৈ । গায়ত্ৰীয়ে মনে মনে ভাবে অহাবাৰলৈ আহিলে চাগে বেলিৰ কোঁচতো এটি কণমানিয়ে ঠাই পাব । গায়ত্ৰীহঁত পিছদিনা দিল্লীলৈ যাব প্ৰায় এমাহৰ অন্তত । সেয়ে মাকে দুয়োজনীকে মাত লগাবলৈ পঠিয়াই দিছিল ।
সিহঁত যোৱাৰ পিছত ডাঙৰ জায়েকে ক’লে : নেপালীহঁতৰ বৰ মিল জানা ! দেৱী বাইদেউৰ সৰু জীয়েকৰ বিয়াত সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে । দেৱী বাইদেৱেও জীয়েকৰ লগত ডানল’পৰ চোফা, সোণৰ আ-অলংকাৰ, গডৰেজ দিছে ।
: নেপালীবোৰে এককেজি চাউল তিয়ালেও দহজনী ঢেকি দিবলৈ হাজিৰ হয় । সিহঁতৰ খুবেই মিলা প্ৰীতি জানে বাইদেউ! সৰু জাজনীয়ে কৈ উঠে ।
সচাঁকৈ, গায়ত্ৰীৰ মনলৈ আহে বিয়া হৈ আহোঁতে এইঘৰত প্ৰায়ে শুনিছিল দেবী বাইদেউক ভায়েকে পৈতৃক মাটি দিছিল ; খেতি খোলা কৰিবলৈ, থাকিবলৈ । তাই দেবী বাইদেউক পাহাৰৰ পৰা খৰি বোজাই কৰি অনা, ঘাঁহ কাটি অনা দেখিছিল প্ৰায়ে । আনৰ পথাৰত বোকা দিয়া, ধান কটা আদিৰে হাড় ভগা পৰিশ্ৰম কৰিছিল বাইদেৱে । কল্পনাই কিছু বছৰ গুৱাহাটীৰ কোনো মহিলা ডাক্তৰ এগৰাকীৰ ঘৰত থাকি পঢ়িছিল ; সিহঁতৰ ৰান্ধনী হৈ মাকলৈ দুইপইছা পঠিয়াইছিলোঁ । সেই সময়ত তকৌ খাই কল্পনাৰ মূৰৰ চুলি প্ৰায় নাইকিয়া হৈ যাওঁতে সেই মমতাময়ী ডাক্তৰণী গৰাকীয়ে বিনাপইচাৰে তাইৰ চিকিৎসা পৰ্যন্ত কৰাইছিল । গায়ত্ৰীৰ মন ভৰি উঠে –‘হওঁক তেও যে চাইছে!’… শূণ্যৰ পৰা আৰম্ভণি কৰি আজি যে দেৱী বাইদেউ পূৰ্ণ ।
তাইৰ মনত পৰে, নতুনতে ডাঙৰ জায়েকে লৈ গৈছিল দেবী বাইদেউৰ ঘৰলৈ । ঘৰনো আৰু কি! ইন্দিৰা আবাস যোজনাৰ নামত এটি কোঠাৰ ঘৰটো দেখি তাইৰ ভাব আহিছিল বহু আঢ্যবন্ত নগৰীয়া লোকৰ বাথৰুমটো তাতকৈ চাগে ডাঙৰ হ’ব ।
সৰু দেৱৰেকে এবাৰ দেৱালীৰ সময়ত বাইদেউৰ হতুৱাই শেল ৰুটী তৈয়াৰ কৰি খুব তৃপ্তিৰে খাইছিল ; সি ইমান স্ফূৰ্তি তামাচা কৰিছিল বাইদেউৰ লগত ; তাইৰ মৃত দেৱৰকৰ কথা মনত পৰি অজানিতে হুমুনিয়াহ ওলাই পৰে । শাহুৱেকৰ মাতত তাই সম্বিত ঘূৰাই পায় – আপি, তই অলপ জহা চাউল নিবিনে?
: আপোনালোকলৈ হ’বনে? তাই সদায় কোৱাৰ দৰে আজিও কৈ উঠে । তাইৰ বেয়া লাগে ঘৰখনৰ পৰা বস্তু এপদ নিবলৈও, কিবা এক সংকোচ ভাৱে ঘেৰি ধৰে ।
: আমাৰ কাৰণে চিন্তা কৰিব নালাগে দে, নে অলপ ।
শহুৰেকে নাৰিকল, শাহুয়েকে জহা চাউল আৰু আজি বেচ কিছুদিন ধৰি বাৰীৰ আম, ঔ, জলফাই কুমলীয়া অৱস্থাৰ পৰা ছিঙি আচাৰ তৈয়াৰ কৰি ৰখা বৌয়েকৰ লৰাঢপৰা দেখি গায়ত্ৰীৰ বুকুখন ভৰি পৰে । এমাহ যে চকুৰ পচাৰতে অন্ত পৰিল ; অৱশ্যে বৰষুণে বৰকৈ আমনি দিয়ালে এইবেলি ।
: আজি ৰাতি কলপাতত ভাত খাম দিয়া । গধূলি তোমালোকলৈ ৰঙালাও আনিবলৈ যাওঁতে দেখিলোঁ বৰষুণৰ পানী পৰি এইকেইদিনতে কলপাত কেইখিলা ইমান লহপহীয়া হৈ পৰিছে । দেখি মনটো ইমান লুভীয়া হৈ পৰিল, কাটিয়ে আনিলো একেবাৰে ।
আটায়ে হাঁহি উঠিল বৌয়েকৰ কোৱাৰ ধৰণটো দেখি । ৰঙালাও গায়ত্ৰীৰ প্ৰিয় । তাইৰ ভাল লাগে, আটাইৰে ভাল বেয়াৰ হিচাপ বৌয়েকৰ নখদৰ্পনত । আজিৰ নহয় কইনা হৈ অহা দিন ধৰি, তাই মন কৰে । বৌয়েকৰ বিষয়ে শাহুৱেকে তাইৰ আগত কয়- ‘ ডাঙৰ বৌয়ে মানুহক ভাল পালে পায়খানা চাফা কৰি দিবলৈও পিচ হোঁহকি নাযাব! কিন্তু বেয়া পাব লাগিলে তোৰ কুকুৰে কাইট নোখোৱা কৰিব !!’
বৌয়েকৰ হাঁহি দেখি অলপ হ’লেও শান্তি লভিলে তাই । আজি দুপৰীয়া বৌয়েকৰ ভাত পানী খোৱাই নহ’ল । অৱশ্যে ভতিজা ল’ৰাটোক যেন বৌয়েকেই লাই দিছে, তাইৰ এনে লাগিছে । সি তাৰ ম’বাইল ফোনটো মজিয়াত দলিয়াই ভাঙি পেলালে । তাক এতিয়া টাচ্চ্ স্ক্ৰীণৰ হেণ্ড চেট এটা লাগে । এইবেলি বিজ্ঞান শাখাৰ পৰা সি যেনিতেনি উত্তীৰ্ণৰ নম্বৰ কেইটা গোটাইছে মাথোন । ইঞ্জিনীয়াৰিঙৰ কোচিং কৰিলে গুৱাহাটীত থকা পেহীয়েকৰ ঘৰত থাকি ; চিট সি নাপালে । তাইৰ সাধাৰণ মগজুৱে ঢুকি পোৱা নাই ডিপ্লমা পঢ়িবলৈও যোগ্যতা নথকা ভতিজাটোক দামী ম’বাইল কিয় লাগে ! তাতকৈ আচৰিত আৰু হতবাক হ’ল মাক অৰ্থাৎ বৌয়েকৰ মন্তব্যত- ‘তাক গুৱাহাটীৰ বায়েকৰ দৰে ম’বাইল লাগে, আমি বাৰু ক’ৰ পৰা দিওঁ হয়নে? সিহঁতৰ কোনো বাৰ্ডেন নাই, পৰুৱা-পিপৰা এটা মৰিবলৈ নাযায় ঘৰখনত । দৰ্মহা, দোকানৰ ভাড়া আৰু আগৰ ডিফেঞ্চৰ চাকৰিৰ পেঞ্চন উভৈনদী দিয়াচোন! সিহঁতে জীয়েকক চাগে খুজিলে দুটা ও দিব পাৰিব!’
তাত ডেৰমাহ থাকি ল’ৰা স্মাৰ্ট হ’ল, গায়ত্ৰীয়ে বুজিলে । অবুজন ল’ৰাই ভাত নোখোৱা দেখি মাকজনীয়ে কেনেদৰে খায় বাৰু?
তাই এবাৰ ভাবিছিল ভতিজাকক আজিৰ দৈনিক বাতৰি কাকত খনত ৰামানুজনৰ কথা, আব্দুল কালাম, আম্বেদকাৰৰ কথা পঢ়িবলৈ ক’ম বুলি । গণিত প্ৰেমত উন্মাদ ৰামানুজনে বহীপাতৰ অভাৱত শ্লেটত অংক কৰিছিল, এমাহত প্ৰায় চাৰি ৰীম বহী পাতৰ প্ৰয়োজন হয় দেখি শ্লেটত অংক কৰাৰ ফলত তেওঁৰ বহুতো কৰ্মই স্থায়িত্ব নাপালে । সময় ৰাহি কৰিবলৈ নিজৰ কিলাকুটিৰে শ্লেট মচিবলৈ গৈ ছাল খহটা আৰু ৰুক্ষ কৰিছিল । তাইৰ বৰকৈ সুধিবলৈ মন গৈছিল ল’ৰাটোক, সি বাৰু জানেনে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে মামাকৰ ঘৰত থাকি পঢ়িছিল! তাইৰ একোকে কোৱা নাইবা সোধা নহ’ল । তাই মাথো ক’লে- ‘বাবু, তুমি এনেকুৱাখন কিয় কৰিছা বাৰু? মাকহঁতে কষ্ট নাপায়নে! আৰু নাহিম কিন্তু মই!’ তাই এনেদৰে কৈ ওলাই আহোঁতে স্পষ্ট শুনিছিল- ‘নাহিলে নাই, মই কিবা কাৰোবাক খাটিৰ কৰিছোঁনে!’
এইটো ল’ৰাৰে এটা আবেগভৰা মেচেজত তাই গৃহস্থক কুটুৰিছিল কিতাপ কিনিবলৈ টকাৰ অভাৱৰ কথা আৰু লগে লগে দহ হাজাৰ টকা পঠিয়াই দিওঁতেহে মন আনন্দেৰে ভৰি পৰিছিল তাইৰ ।
তাইৰ মনলৈ আহে খেতিয়ক শহুৰ দেউতাকে ছয়টা ল’ৰা ছোৱালীক পঢ়ুৱাবলৈ কোনো ধৰণৰ ত্ৰুটি কৰা নাছিল । তাইৰ গৃহস্থক গুৱাহাটীত ইঞ্জিনীয়াৰিং পঢ়ুৱাবলৈ গৈ খুৱেই কষ্ট হৈছিল তেখেতৰ আৰু পৰৱৰ্তী জীৱনত তাইৰ গৃহস্থই সুচাৰুৰূপে সেই শ্ৰমক নায্যতা প্ৰদান কৰিছিল ।
এতিয়া এইখন ঘৰত দুজনকৈ চাকৰিয়াল, গুৱাহাটীত থকা জনৰ নিজাকৈ ব্যৱসায় । সৰুজন দেৱৰ ঢুকুৱাৰ অলপ দিন পিছতে বৰজনাকৰ আঠাইছ বছৰীয়া শিক্ষকৰ পদটোৱে স্থায়ীত্ব পাইছিল । এতিয়া কবলৈ গ’লে অভাৱ নাই বুলিবই পাৰি, কিন্তু সকলো থাকিও চাৰিওফালে শূণ্যতা… শূণ্যতা মনত!
গায়ত্ৰীৰ বৰদেউতাকে ঘৰ বাৰী চাই গৈ তাইৰ আগত কৈছিল ‘এন্ধাৰত কোনোৱে চৰ এটা সোধালেও গ’ম নেপাবি’! এতিয়া ঘৰখনত চৌব্বিছ ঘন্টাই বিজুলীবাতিৰ পোহৰেৰে উজ্জ্বল ; কিন্তু মনবোৰ আন্ধাৰ হৈ পৰিল, ঘৰখনৰ তিমিৰ আতঁৰাবলৈ যাওঁতে । পানীৰ সুবন্দোবস্ত কৰি ৰানিং ৱাটাৰ হ’ল, কিন্তু ঘৰখনত পানী উঠিল । পুখুৰী এটাৰ ঠাইত দুটা হ’ল, খেতিৰ বাবে পাৱাৰ টিলাৰ পৰ্য্যন্ত হ’ল ; কিন্তু মাছ মাৰিবলৈ, খেতি কৰিবলৈ মানুহ নোহোৱা হ’ল ।
গুৱাহাটীত থকাহাল আলহীৰ দৰে আহে আৰু খুব বেছি এদিন নাইবা দুদিন থাকি যায়গৈ । সৰুজনাৰ মৃত্যুৰ পিছত সিহঁতক চিৰদিনৰ বাবে ঘৰলৈ ঘূৰি আহিবলৈ সকলোৰে ফৰমাইচ অহাত , গায়ত্ৰীৰ আগত জায়েকজনীয়ে তীব্ৰ উষ্মাৰে কৈছিল- ‘ মোৰ ল’ৰাৰ বাৰ্থ চাৰ্টিফিকেটত জন্মৰ স্থানত গুৱাহাটী বুলি উল্লেখ আছে বাইদেউ, তেনে ক্ষেত্ৰত সি কেনেকৈ গাঁৱত থাকি পঢ়িব! সলাব নোৱাৰি নহয় । আৰু আপোনাৰ দাদাই মোক চাবলৈ যাওঁতে মই চিৰদিন গুৱাহাটীত থাকিব লাগিব বুলি বন্দোবস্ত কৰি অনা নাছিল জানো? ইয়াত দেখিছোঁ নহয় দেৱৰৰ ল’ৰাক স্কুলত অনা নিয়া কৰাত কিমান আহুকাল হয়, মোৰটোক কোনে স্কুলত থোৱা মেলা কৰিব? পয়মাল নহ’বনে!!’
গায়ত্ৰীয়ে আজলীৰ দৰে হাঁহি শুনি থাকে, গৃহস্থই যে কিবা কোৱাৰ মুদাই মাৰিলে । গুৱাহাটীত থকাজনে ভায়েকৰ মৃত্যুত ভাই বোৱাৰীক কান্দি কান্দি সান্তনা দি কোৱা কথাখিনি অট্টহাস্য কৰি উঠে তাইৰ অন্তৰত – ‘তুমি এতিয়াৰ পৰা আমাৰ ভনী হ’লা, আমাৰ ঘৰত ভনী নাছিল তুমি এতিয়াৰ পৰা সেই ঠাই ল’লা!’
গৃহস্থই ঘৰৰ সকলোকে জনাই দিয়ে আমাৰ এটাই লক্ষ্য হ’ব লাগে এতিয়া, ‘মৰা ভাইটোৰ ল’ৰা ছোৱালী হালক সুশিক্ষাৰে আত্মনিৰ্ভৰশীল কৰি তোলা’…
: ৰাতি কলপাতত ভাত খাবলৈ নাপায় বুলি তই নাজান নেকি ? বাচন ধুবলৈ এলাহ যদি মোক ক’বি, মই ধুম । নাখাওঁ মই ভাত…
গায়ত্ৰীয়ে ছোৱালীজনীক শুৱাবলৈ বিচনালৈ নিছিল মাত্ৰ ; তাইৰ বুকুৱে ধান বানিবলৈ লাগিল । তাই শাহুৱেকৰ মাতত লৰি আহিল পাকঘৰলৈ । লৰালৰিকৈ ডাঙৰ জায়েকে নতুন এসঁজা ভাত লৈ আহি নাপালেই তেখেত উঠি গ’লেই । বৌয়েকৰ চকুলো বাগৰি গ’ল, নৰমকৈ মিহি সুৰত ক’লেও কথা নাছিল । বৰজনাক গোটেই দিনটো স্কুলৰ মিটিঙৰ বাবে চহৰলৈ গৈ ঘৰ সোমাইছিল তেনে সময়তে । স্বাভাৱিকতে এনে ঘটনাত ক্ষুব্ধ হৈ পৰে ।
: শান্তিত ভাত মুঠি খাবলৈ নাপাওঁ আৰু!…
: মই কলপাতত ভাত খালে বেমাৰ আজাৰ কাট খায় বুলিহে…
বৌয়েকৰ মাতটো শোকত হেঁচা মাৰি ধৰিছে, ভালদৰে ওলাই অহা নাই ।
: মই তহঁতক চাই আছোঁ দেখি তহঁতৰ এখোপ চৰিছে!
বৰজনাকে কিয় তেনেদৰে ক’লে বাৰু, গায়ত্ৰীয়ে ভাবিছে । এই শাৰীটো কোৱাৰ কোনো প্ৰয়োজন নাছিল বৰজনাকৰ । সিহঁত অসমৰ পৰা বহু যোজন আতঁৰত থাকে ; তাই বুজিছে সৰুজনাৰ শূণ্য স্থান পূৰাবলৈ বৰজনাকে অহোপুৰুষাৰ্থ কৰে, কিন্তু… কিন্তু এইফাঁকি বাক্যই ঘটনাটোক সাধাৰণ কটা ছিঙাৰ পৰা বহলাই অস্ত্ৰোপচাৰ কক্ষ পোৱালে । তাইৰ গৃহস্থই মাকৰ ওপৰত মাত নামাতে, আজিও মৌন হৈ থাকিলত তাই অলপো আচৰিত নহ’ল ।
তাইৰ মনলৈ আহে বৌয়েকে কথাই প্ৰতি কয়- ‘ আজিকালি আমাৰ প্ৰত্যেক সাঁজতেই মাছ মাংস থাকেই, ককায়েৰাই আনিবই । ল’ৰা-ছোৱালী দুটাক সুদা ভাত খাবলৈ নিদিয়ে ।
বিধবা জা জনীয়ে ডাঙৰ জায়েকৰ সৈতে একেই সুৰত সুৰ মিলাই কৈ উঠে : অ’ অ’.., দাদাই সদায় মাছ, মাংস বজাৰৰ পৰা আনে । বাপেকটো যোৱাৰ পৰা খোৱা-লোৱা ভালহে হ’ল আমাৰ ইহঁত দুটাৰ!! কথাকেইটা কওঁতে সৰু জায়েকৰ চকুৰ ক’লা পৰা পতাকেইটাই একেলগে বেদনাৰ কৰুণ তান হৈ গায়ত্ৰীৰ হৃদয়ত এতিয়াও প্ৰতিধ্বনিত হ’ল ।
ভতিজাটোৱে খুড়াকৰ ল’ৰা-ছোৱালীহালৰ এল আই চি প্ৰিমিয়াম দিওঁতে দেউতাকৰ এক বুজন পৰিমানৰ ধন ওলাই যোৱা, খুড়াকৰ ছোৱালীক ৰূপৰ পায়ল দিয়া কথাবোৰ তাইক অহাৰ পিছদিনাই কিয় ক’বলগা হ’ল- তাই উত্তৰ বিচাৰি নাপায় । তাই এইখন ঘৰত ভৰি থওঁতে সি কিমান বয়সৰ হ’ব বাৰু? সাত বছৰীয়া ভতিজা ল’ৰাটোক খুড়াকৰ কোলাই-বোকোচাই ডাঙৰ দীঘল হোৱা তাই দেখিছিল । খুড়াকে নিজৰ ভাগৰ কণী, মিঠাই তালৈ আগবঢ়াই দিয়া, ‘ আমাৰ ল’ৰা বগা হ’ব নবৌ?’ বুলি গায়ত্ৰীৰ আগত গৌৰৱ কৰা আৰু যে ‘ঘৰ মধ্যে এটাই ল’ৰা, তাক পূজাত কাপোৰ দিবই লাগিব’ বুলি গায়ত্ৰীৰ গৃহস্থৰ সন্মুখত কৰা আবদাৰ ভতিজাকে পাহৰিলেও তাই নোৱাৰে পাহৰিব ।
এতিয়া তাইৰ কবলৈ মন গৈছে -‘শাহু মা, বহু কথায়ে নাপায়, আমাক মাহঁতে এইখিনি শিক্ষা দিছিল যে সজা ভাত এৰি যাব নাপায়’!
আজি দেবী বাইদেউৰ ঘৰত পোহৰ বেছি হৈছে নেকি তাই ডিঙা মেলি চাবলৈ লাগিল বাৰান্দাৰ পৰা । নাৰিকল কেইজোপাৰ দৰেই সম্বন্ধবোৰৰ আত্মীয়তা ঢুকি নোপোৱা দূৰৈত আজি! ঘৰখনৰ হেৰোৱা সুখ শান্তি ঘূৰাই আনিবলৈ তাই দৃঢ়তাৰে মন বান্ধে । ভতিজা ল’ৰাটোৰ উদঙীয়া স্বভাৱ, কোনোৱে কাকো নামানে-নুশুনে ; তাই ভাবিছে গোটেই ঘৰখনক ‘কাউঞ্চেলিঙ’ৰ প্ৰয়োজন । ৰাতি যিমানে দীঘল নহওঁক পোহৰ হ’বই । দেবী বাইদেউৰ ধিমিক ধামাক চাকিৰ পোহৰে এইখন ঘৰৰ বিজুলী বাটিৰ পোহৰক অনুজ্জ্বল কৰি পেলাইছে আজি । জীৱনযুদ্ধত সততাৰে অৱতীৰ্ণ হৈ কোনো ধুমুহাই উৰুৱাই নিব নোৱাৰা বট বৃক্ষ হৈ ৰোৱা, সেইগৰাকী নাৰী তাইৰ বাছনিত উঠিল কাউঞ্চেলিঙৰ বাবে । তাই বিচাৰিছে আজি ৰাতিটো আটাইতকৈ ছুটি হওঁক ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments