নিয়তি…..(অনামিকা বৰুৱা)

: মা, আজি টিফিনত তোমাৰ স্পেচিয়েল আলু ভাজি দিবা দেই। সেই যে দাইলত আলু দি পিঁয়াজ সৰহকৈ দি যে ভাজা তেনেকৈ। মই ভালপোৱাকৈ। অলপ বেছিকৈ দিবা কিন্তু। নহ’লে ৰণিয়ে তাক নিদিলে বেয়া পাব। সিয়ো তোমাৰ আলু ভাজি খাই বৰ ভাল পায় জানা।

সোণৰ মাতত টোপনি ভাঙি গ’ল উপাসনাৰ । খক্‌মক্‌কৈ ঘড়ীটো চাই দেখে ৫ বাজি দহ মিনিট গ’লেই। খৰ্‌ধৰ্‌কৈ বিচনাৰ পৰা নামি আহিল তাই। কাপোৰকেইটা লৈ পোনে পোনেই বাথৰুমত সোমালগৈ। গাটো ধুইয়ে চাউল-দাইল ধুই দুটা কুকাৰত দি গেছত বহাই দিলে। দাইলত আলু তিনিটাও দি দিলে। ঝাৰুডাল লৈ অকল পাকঘৰটো সাৰি হাত ভৰিকেইটা ধুই ধূপ দুডাল জ্বলাই দিলে উপাসনাই। মাহেকীয়া হোৱা দিনকেইটাৰ বাহিৰে উপাসনাই ধূপ জ্বলাই ভগৱানৰ আগত মূৰ দোঁৱাত এদিনো গাফিলতি কৰা নাই। বিয়াৰ পাছৰ প্ৰথম পুৱাটোতে শাহুৱেকে তাইৰ মূৰত হাত ফুৰাই কৈছিল-

: এইখন তোমাৰ ঘৰ উপাসনা। ইয়াত তুমি মনে বিচৰা ধৰণেৰে থাকিবা, যি মন যায় তাকে কৰিবা। ইয়াত কোনেও তোমাক একো নকয়। কোনো কথাতে বাধা নিদিয়ে। বৰং তুমি আমাৰ যিমান আপোন আমিও তোমাৰ সিমান আপোন হোৱাৰ চেষ্টা কৰিম। তেতিয়াহে আমাৰ মৰমবোৰ এক হৈ বৈ যাব। মই মাত্ৰ কম তুমি দিনটোৰ আৰম্ভণি ভগৱন্তৰ আগত মূৰ দোঁৱাই কৰিবা। ই তোমাৰ মনক প্ৰশান্তি দিয়াৰ লগতে ঘৰখনলৈকো শান্তি কঢ়িয়াই আনিব।

সেইদিনাৰ পৰা উপাসনাই শাহুৱেকৰ কথাষাৰ আন্তৰিকতাৰে পালন কৰি আহিছে। সোণৰ স্কুল আৰম্ভ হোৱাৰ পাছত অকনমান সময়ৰ ইফাল সিফাল হৈছে যদিও তাই ভগৱানৰ আগত মূৰ দোঁৱাবলৈ কেতিয়াও পাহৰা নাই। আটা অলপ সানি লৈ মজলীয়া আকাৰৰ পিঁয়াজ চাৰিটাৰ বাকলি গুচাই তাই আকৌ ঘড়ীটোলৈ চালে। ৬ বাজি ১৫ মিনিট গ’ল। তাৰমানে আজি নিৰ্ঘাত দেৰি হ’ব। ৭টাত সোণৰ স্কুল বাছ। তাক এতিয়াও উঠোৱাই নাই। খৰ্‌ধৰ্‌ কৰিবলৈ লৈ তাই প্ৰতাপক চিঞৰিলে-
: হেৰা, সোণক উঠাই দিয়ানা প্লিজ্‌। ৬-১৫ হ’ল। দেৰি হৈ যাব নহ’লে।

উপাসনাৰ মাতত জাপমাৰি উঠিল প্ৰতাপ। তাই নামি যোৱাৰ উমান পাইছিল যদিও টোপনিৰ আবেশত বাথৰুমলৈ যোৱা বুলিয়ে ভাবিছিল। সেই ভাবত থাকোঁতেই আকৌ কেতিয়ানো টোপনি আহি গ’ল গমেই নাপালে। এতিয়া উপাসনাৰ এই স্বাভাৱিক মাতষাৰত উদ্বিগ্ন হৈ উঠিল প্ৰতাপ। একে উশাহে বিচনাৰ পৰা নামি আহি পাকঘৰৰ দুৱাৰ মুখ পাই স্তব্ধ হৈ গ’ল তেওঁ। যুদ্ধোত্তৰ প্ৰস্তুতিৰে সোণৰ পুৱাৰ খোৱা আৰু টিফিনৰ যোগাৰত ব্যস্ত হৈ আছে উপাসনা। বাধা দিবলৈ লৈয়ো উপাসনাৰ ব্যৱহাৰত ফুটি উঠা সহজ অভিব্যক্তিলৈ চাই সাহস কৰিব নোৱাৰিলে প্ৰতাপে। যোৱা তিনিমাহৰ স্তব্ধতাৰ পাছত আজি পুনৰ অকস্মাত উপাসনাক এনেদৰে স্বাভাৱিক অৱস্থাত দেখি কি কৰোঁ কি নকৰোঁ কৈ একো ঠাৱৰ কৰিব নোৱাৰি একে ঠাইতে বিমূঢ় হৈ ৰৈ থাকিল তেওঁ।

চিভিল ইঞ্জিনিয়াৰ প্ৰতাপ গগৈ। নম্ৰ-ভদ্ৰ, সহজ-সৰল, হাঁহিমুখীয়া-মিলন সাৰ প্ৰতাপক সকলোৱে ভাল পায়। অফিচটো চতুৰ্থ শ্ৰেণী কৰ্মচাৰীৰ পৰা ওপৰৱালালৈকে সকলোৰে প্ৰিয় প্ৰতাপ। মাক-দেউতাক, ভনীয়েক মনালী আৰু পত্নী উপাসনাৰে সৈতে সৰু অথচ সুখৰ সংসাৰ প্ৰতাপৰ। কোনো দিনে কোনো কথাতে অসূয়া-অশান্তিৰ ছাঁ-টো নপৰা ঘৰখনকলৈ সকলোৰে মুখত এটাই কথা। এনে সুখী মানুহ খুব কমেইহে আছে। মাক-দেউতাকেই উপাসনাক পছন্দ কৰি বিয়া পাতি দিছিল প্ৰতাপৰ লগত। হাঁহি মাতি থাকি ভালপোৱা উপাসনাই খুব কম সময়তেই ঘৰখন আপোন কৰি লৈছিল। ওচৰ-চুবুৰীয়াইয়ো প্ৰতাপৰ মাক-দেউতাকক এনে গুণী বোৱাৰীয়েক পোৱাৰ বাবে শলাগ লৈছিল। লুকাই-চুৰকৈ মানুহৰ এটা-দুটা কথা কেতিয়াবা কাণত পৰিলে আনন্দত উপাসনালৈ মৰমবোৰ আৰু বাঢ়ি যায় প্ৰতাপৰ। কোনো ধৰণৰ উচ্চাকাংক্ষা নথকা উপাসনাই সৰু সৰু কথাতেই সুখ বিচাৰি পায়। মাক-দেউতাক আৰু মনালীক কেনেকৈ অলপ বেছিকৈ সুখ দিব পাৰে তাতেই সদা ব্যস্ত হৈ থাকে তাই। এই লৈ মাজে মাজে প্ৰতাপে তাইক আপত্তি কৰে মোক বাদ দি বাকী সকলোৰে খবৰ ৰাখা তুমি। মোলৈহে তোমাৰ অলপো মৰম নাই। ক্ষন্তেকতে য’ৰে কাম ত’তে পেলায় প্ৰতাপৰ মুখখন দুহাতেৰে তুলি ধৰি তাৰ চকুলৈ চাই সোধে উপাসনাই-

: তুমি এনেকৈ কৈছা? তুমি নহ’লেচোন মোৰ একোৱেই নাই। তোমাৰ মৰমত তোমাৰ ভৰসাতে মই জীয়াই আছো প্ৰতাপ। তুমিয়েইতো মোক পূৰ্ণ কৰি তুলিছা। মোক লৈ তুমি পূৰ্ণ নহয় নেকি? ক’ত অসম্পূৰ্ণ হৈ আছা কোৱা মোক। মই কি কৰিলে তুমি সুখী হ’বা কোৱা মোক। তোমাৰ সুখেই যে মোৰো সুখ প্ৰতাপ!

উপাসনাৰ সৰল মনৰ স্বীকাৰোক্তিত বাকৰুদ্ধ হৈ যায় প্ৰতাপ। মিছাতেই হ’লেও তাইক অলপ দুখ দিয়াৰ অনুতাপত দগ্ধ হৈ দুহাত মেলি বুকুত সুমুৱাই লয় উপাসনাক। তাইও সৰু ছোৱালীজনীৰ দৰে কুৰুকি কুৰুকি সোমাই যায় তাৰ বুকুৰ ভিতৰলৈ। ঘৰখনৰ সকলো কামত সহায় কৰি দিবলৈ মায়া আছে যদিও পাকঘৰৰ সকলো কাম উপাসনাই নিজেই কৰে। সঠিক সময়ত নিয়াৰিকৈ। পাকঘৰৰ কোনোটো কাম কোনোটো বস্তুৰ বেমেজালি ভাল নাপায় তাই। কেতিয়াবা ক’ৰবালৈ যাব লগা হ’লে গাড়ীত সকলো বস্তু তোলাৰ পাছত প্ৰতাপে সোধে আৰু একো থাকি যোৱা নাইতু? উপাসনাই নাই বুলি ক’লেই প্ৰতাপে কয় কেলেই তোমাৰ পাকঘৰটো থাকি গ’ল যে! কৃত্ৰিম খঙত প্ৰতাপলৈ ঘোপাকৈ চায় উপাসনাই।

হাঁহি আনন্দৰ মাজেৰেই দিনবোৰ গৈ আছিল। উপাসনাৰ কোলালৈ সোণ আহি সুখৰ জোৱাৰত নতুন লহৰ তুলি দিলে। সোণক লৈ গোটেই ঘৰখনেই ব্যস্ত হৈ পৰিল। সোণৰ খোৱা-শুৱা-কাপোৰ-কানি নিত্য ব্যৱহাৰ্য সামগ্ৰী সকলোবোৰতেই যেন এক নাম নজনা হেঁপাহ সোমাই আছে সকলোৰে। দিন-মাহ বছৰ গৈ সোণ লাহে লাহে ডাঙৰ হ’ল। থিয় দঙা দি এখোজ দুখোজ কাঢ়িব পৰা হোৱা সোণ এদিন স্কুললৈ যাব পৰা হ’ল। সোণক প্ৰথম স্কুললৈ পঠিওৱাৰ দিনা ঘৰখনত যেন এটা উত্সৱৰহে আয়োজন হৈছিল! সোণৰ লগত সকলোৱেই যেন শৈশৱলৈ উভতি গৈছিল! সোণৰ আব্দাৰ পূৰোৱাটো এটা প্ৰিয় খেল হৈ উঠিছিল সকলোৰে বাবে। সোণৰ লগত পৰি সকলোবোৰ শিশু হৈ পৰিছিল।

কুকাৰৰ হুইচেলৰ শব্দ শুনি পঢ়াৰ পৰা উঠি আহিল মনালী। দুৱাৰমুখত ককায়েক প্ৰতাপক তভক মাৰি ৰৈ থকা দেখি তায়ো ৰৈ গ’ল। বৌৱেকক কিবা কোৱাৰ সাহস তাইৰো নহ’ল। একান্ত মনে নিজৰ কামত ব্যস্ত থকা উপাসনাই এপাকত মনালীক দেখি কৈ উঠিল—
: মনা’, চৰী অলপ ৰ’বা হাঁ। এই ইয়াৰ টিফিনটো ৰেডি হ’লেই তোমাৰ চাহকাপ দি আছোঁ। আজি মোৰ উঠাত অলপ পলম হ’ল জানা। সাৰেই পোৱা নাছিলোঁ এক্কেবাৰে।

অবুজ বেদনাত মনালীৰ দুচকু সেমেকি উঠিল। ককায়েকৰ ফালে চালে তাই। ভাবলেশহীন ভাবেই ৰৈ আছে সি। চিঞৰি চিঞৰি কান্দিবৰ মন গ’ল মনালীৰ। উপাসনালৈ চালে তাই। এখন কেৰাহীত দাইলত তেল মাৰি উতলিবলৈ দি আনটো কেৰাহীত লুচি ভাজিছে বৌৱেকে। ডাঙৰকৈ বেলা ৰুটি এখনকে সোণৰ সৰু গিলাচটোৰে কাটি কাটি কৰা মেকুৰীৰ কাণৰ দৰে অকণি অকণি লুচি। টিফিন নোখোৱাকলৈ সদায় আপত্তি কৰা সোণক প্ৰায়ে নতুন নতুন কিবা-কিবি ৰান্ধি খুৱাবলৈ যত্ন কৰে উপাসনাই। ফলমূল খায় যদিও ৰুটী বা ভাত খাবলৈ বৰ টান পায় সোণে। সেয়ে এদিন ৰুটি বা লুচিৰ ঠাইত এনেকৈ গিলাচেৰে কাটি কাটি অকণি অকণি লুচি ভাজি দিওঁতে বৰ ফূৰ্তি পাই সোণে স্কুলৰ পৰা আহিয়েই মাকক অৰ্ডাৰ দিছিল মা আজিৰ পৰা সদায় এনেকৈ ফুলা লুচি দিবা। কি মজা দেখিবলৈ! আজি মই তিনিটা লুচি খাই দিলো। সোণে সেই অকণি লুচিকে তিনিখন খোৱাৰ আনন্দত উপাসনাই সদায় সোণৰ প্ৰিয় অকণি লুচি ভাজে আৰু টিফিনত দুখনমান সৰহকৈ দিয়ে। কাৰণ তাই জানে আনৰ লগত ভগাই নাখালে সোণৰ টিফিন কেতিয়াও খালি হৈ নাহে।

ডাঙৰ হৈ আহিছিল সোণ। নিতে নতুন নতুন দাবী-আব্দাৰেৰে উপাসনা-প্ৰতাপৰ ওচৰত ঠেহ ধৰিছিল সোণে। সোণৰ ঠেহ ভাঙিবলৈ সদা তত্পৰ হৈ আছিল উপাসনা। এদিন স্কুলৰ পৰা আহি সোণে মাকক ক’লে-
: মা, এইবাৰ মোৰ বাৰ্থ দে’ত মোক নতুন চাইকেল এখন দিবা। বুবুল দাদাৰ নিচিনা। ৰেড্‌ কালাৰৰ। আজিকালি ময়ো ডাঙৰ হ’লো নহয়।
: তোমাক ডাঙৰ হ’লা বুলি কোনে ক’লে? তুমিচোন এতিয়াও পুতুকলিয়ে হৈ আছা!
: ইহ্‌ ডাঙৰ হ’লো মই। সকলোৱে কয়। সেই কাৰণেতো স্কুললৈ যাব পৰা হৈছোঁ। সৰু ল’ৰাই স্কুললৈ নাযায় নহয়! মাহীহঁতৰ পাহিহে সৰু। এতিয়াও কোচতেই উঠি থাকে।
: অ’ হয় দেই। তুমি তেতিয়াহ’লে ডাঙৰ হ’লা! বাৰু, আজি মই দেউতাক কম তুমি ডাঙৰ হ’লা বুলি আৰু সেইকাৰণে তোমাক বুবুলৰ নিচিনা এখন ডাঙৰ চাইকেল আনি দিব লাগে বুলি। হ’বনে?
: অ’ মা, আজিয়ে চাইকেল আনি দিবা মোক?
: আজিয়ে? কিয় তুমি বাৰ্থ ডে’তহে লাগে বুলি কৈছিলা। বাৰ্থ দে’লৈচোন আৰু কেইদিনমান আছেই।
: আজিয়ে দিয়া না। বাৰ্থ ডে’ত দিয়া আজি দিয়া একেই কথাটো! তেতিয়া বাৰ্থ ডে’ত খালি কেক্‌ আনিলেই হ’ব আকৌ। আৰু বেলেগ একো নালাগে মোক।
: বাৰু মই দেউতালৈ ফোন কৰি কথাতো কম আৰু দেউতা যদি অফিচৰ পৰা সোনকালে আহে তেতিয়া আমি বজাৰলৈ যাম। তুমি শোৱা এতিয়া। নহ’লে গধূলি সাৰেই নাপাবা।
: ঠিক আছে। দেউতা আহিলে কিন্তু আমি বজাৰলৈ যাম।
: বাৰু।
সোণৰ কথামতেই চাইকেল কিনিবলৈ বজাৰলৈ গৈছিল উপাসনা, প্ৰতাপ আৰু মনালী। সোণে কৈ আছে তাক কিন্তু ৰেড্‌ কালাৰৰ চাইকেলেই লাগিব। মনালীয়ে মিছাতেই তাক কিবাকিবি কৈ জোকাই আছে। চাইকেল কিনাৰ পাছত সোণলৈ কাপোৰ এজোৰো চাওঁ বুলি মলৰ ওপৰ পালেগৈ প্ৰতাপহঁত। মনৰ পছন্দৰ চাইকেলখন পোৱাৰ কাৰণে আনন্দতে সোণে জঁপিয়াই আছে। কাপোৰ কিনিবলৈ যাবলৈ তাৰ মনেই নাছিল। কেতিয়ানো ঘৰলৈ যাব আৰু ঘৰত গৈ চাইকেলখন চলাব সেই কথাই তাৰ মূৰত খেলি আছিল তেতিয়া। উপাসনাহঁতে সোণৰ কাপোৰ পছন্দ কৰে মানে পলম হোৱা দেখি সোণে প্ৰতাপক কুটুৰি আছে তললৈ যাবলৈ। চাইকেলখন এবাৰ চাই আহিবলৈ। সোণে বাৰে বাৰে কৈ থকাত প্ৰতাপে ব’লা বাৰু বুলি ক’বলৈহে পালে সোণে একেদৌৰে তললৈ নামিবলৈ ধৰিলে আৰু অকস্মাত্‌….মা——-

প্ৰস্তৰ মূৰ্তিৰ দৰেই ৰৈ আছিল উপাসনাই। বিবৰ্ণ চকুত কোনো ভাষা নাছিল। এহাতে ল’ৰা-ধপৰা আনহাতে উপাসনাৰ এই অৱস্থা! অসহায় হৈ প্ৰতাপে সৰু ল’ৰাৰ দৰেই ফেঁকুৰি ফেঁকুৰি কান্দিছিল। কিন্তু উপাসনাৰ চকুত চকুলো নাছিল। প্ৰাণত কোনো স্পন্দন নাছিল। জড় পদাৰ্থৰ দৰেই মাথোঁ চাই ৰৈছিল সুদূৰলৈ। চাবি দিয়া পুতলাৰ দৰে যেয়ে যি ফালে টানে সেইফালেই ঢলি পৰিছিল উপাসনা। মোক্ষম আঘাত পাই বেদনাত বিধস্ত হৈয়ো উপাসনাক বুকুত সুমুৱাই লৈছিল প্ৰতাপে। ডাক্তৰে কৈছিল মনত পোৱা প্ৰচণ্ড আঘাতৰ বাবেই উপাসনাই বাহ্যিক জগতৰ লগত সংযোগ হেৰুৱাইছে। অলপ সময় লাগিব। লাহে লাহে সকলো ঠিক হৈ যাব। আপোনালোকে ধৈৰ্য ধৰক। ধৈৰ্য ধৰিছিল প্ৰতাপে। চৰাই পোৱালিৰ দৰেই আবৰি ৰাখিছিল উপাসনাক। যোৱা তিনিমাহে অফিচত থকা সময়ৰ বাদে এক মুহূৰ্তৰ বাবেও উপাসনাক চকুৰ আঁৰ হ’বলৈ দিয়া নাই প্ৰতাপে। কিন্তু আজিৰ এই পৰিস্থিতিৰ সম্পৰ্কে কোনো ধাৰণা নাছিল প্ৰতাপৰ। কিংকৰ্তব্যবিমূঢ় হৈ তেতিয়াও প্ৰতাপে স্থানুৰ দৰে একেঠাইত ৰৈয়ে আছে।

পাকঘৰৰ ফালে কিবা শব্দ হোৱা যেন পাই মাক-দেউতাকো শোৱাৰ পৰা উঠি আহিল। এনেও উপাসনাক লৈ গোটেই ঘৰখনেই অলপ সজাগ হৈয়ে আছিল। ডাক্তৰেও তেওঁক কোনো সময়তে অকলে নেৰাৰ পৰামৰ্শ দিছিল। তেওঁলোকে গৈয়ে পাকঘৰৰ দুৱাৰ মুখত প্ৰতাপ আৰু মনালীক তেনেকৈ নিশ্চুপ হৈ থিয় থকা দেখি তেওঁলোকো চিন্তিত হৈ উঠিল। মাকে কিবা এষাৰ ক’বলৈ লওঁতেই উপাসনা পাকঘৰৰ পৰা ওলাই আহিল। প্ৰতাপক ক’লে—
: তুমি যে আৰু কি নহয়! তেতিয়াই ক’লো সোণক টোপনিৰ পৰা জগাই দিবলৈ নিদিলা। এতিয়া চোৱা কিমান দেৰি হ’ল। ৬.৩০ বাজি গ’ল। আজি বাছ নাপায় সি চাবা। একদম স্কুললৈকে থৈ আহিব লাগিব। ময়ে উঠাওঁ গৈ তাক।

আৰু সহ্য নহ’ল প্ৰতাপৰ। সোণক উঠাবলৈ যাবলৈ উদ্যত হোৱা উপাসনাৰ হাত এখনত টান মাৰি ধৰিলে। প্ৰতাপৰ হাতৰ টান পাই থমকি ৰ’ল উপাসনা। প্ৰতাপৰ মুখলৈ চালে। দুখত ক’লা পৰি গৈছে প্ৰতাপৰ মুখ। একো বুজিব নোৱাৰি আকৌ মনালীলৈ চালে উপাসনাই। বেৰখনত মূৰ গুজি উচুপি আছে মনালীয়ে। কান্দোন সামৰিবলৈ চেষ্টা কৰোঁতে তাইৰ গাটো কঁপি কঁপি উঠিছে। মাকেও চাদৰৰ আঁচলটো টানি মুখত সোপা দিছে। এজন এজনকৈ সকলোৰে মুখৰ ওপৰেৰে দৃষ্টি বুলাই আকৌ প্ৰতাপলৈ চালে উপাসনাই। প্ৰতাপৰ দুচকুৰে দুধাৰি লোতক বৈ আহিছে। বুকু ফাটি যোৱা চিঞৰ এটা মাৰি পাৰ ভঙা কান্দোনত উটি গ’ল উপাসনা………

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments