নিয়তি – পদ্মজা বৰুৱা মহন

উচ্চস্বৰত কথা পতাৰ শব্দত চকামকাকৈ সাৰ পাই উঠিল হেমলতা ফুকন৷ চকুদুটা মেলি কাণ উনালে তেওঁ৷ সিটো কোঠাত পুতেক -জীয়েকহঁতৰ মাজত কিবা আলোচনা চলিছে হ’বপায়৷ তাৰে মাত ভাঁহি আহিছে৷ তেওঁৰ বৰ জোৰেৰে পেচাৱ কৰিব লাগিছিল৷ কাৰোবাক মাতিব খুজিও ৰৈ গ’ল তেওঁ৷ কি বা আলোচনা কৰি আছে সিহঁতে!

আজি কিছুদিনৰ পৰা হেমলতা ফুকন বৰকৈ দুৰ্বল হৈ পৰিছে৷ নিজে উঠা-লৰা কৰিবলৈ দিগদাৰ হয়৷ কঁকাল-ভৰি বিষ, চকুৰে ধোঁৱা-কোৱা দেখে, ভাত-পানীও খাবলৈ মন নেযায়৷ তেওঁৰ বয়সো হৈছে৷ সত্তৰ পাৰ হৈ গল দুবছৰ আগতে৷ যদিও তেওঁ সৌ সিদিনালৈকে নিজে ৰন্ধা-বঢ়া কৰি নিজে খোৱাৰ লগতে পুতেককো খুৱাইছিল৷ এদিন কাপোৰকেইটা ধুবলৈ বুলি যাওঁতেই হঠাৎ টিউৱৱেলৰ পাৰতে মূৰটো ঘূৰাই পৰি গ’ল৷ সেইযে পুৱাতে পৰিলে আজিও উঠিবই পৰা নাই৷ পেচাৱকণ জোৰকৈ হেঁচা মাৰি ধৰিলে তেওঁ৷ পুনৰ বাহিৰৰ মাত-কথাবোৰৰ উমান ল’লে৷

আজি ঘৰখনৰ আটাইকেইটা গোট খাইছেহি৷ বিয়া দিয়া দুই জী মণি আৰু মধু আহিছে৷ কোঠাতে চাহ অকণ দি মাত লগাই থৈ গ’লহি দুয়ো৷ অকলেই আহিছে দুইজনী৷ জোঁৱায়েকহঁতৰ অফিচ আৰু ল’ৰাহঁতৰ স্কুল আছে বোলে, খতি কৰিব নোৱাৰে৷ নাতিকেইটাক চাবলৈ বৰ ইচ্ছা হৈছিল তেওঁৰ৷ নাই, নাহিলেই নহয়৷ হ’ব, পূজাত আহিলে লগ পাব৷ ডাঙৰ পুতেক-বোৱাৰীয়েক আহিছে, সৰুজনীহে অহা নাই৷ আয়ৈ দেহি! মাকৰ গা বেয়া বুলি শুনি লৱৰি আহিছে গোটেইখন৷ মিচিকিয়া হাঁহি এটি বাগৰি উঠিল হেমলতা ফুকনৰ ওঁঠেৰে৷ কিন্তু এয়া কি….কাষৰ কোঠাৰ পৰা পো-জী, বোৱাৰীহঁতৰ দেখোন সেয়া হুলস্থূলীয়া মাত৷ সেয়া ডাঙৰ পুতেক নহয়নে..

:চা তহঁতে৷ মোৰ বিজনেছৰ কামত পুৱাৰ পৰা ৰাতিলৈ ঘৰৰ বাহিৰত থাকিব লাগে৷ এৱোঁ পুৱাই ওলাই যায় পাৰ্লাৰলৈ, ৰাতি সোমায়হি৷ পাৰোতেনো নিজৰ ল’ৰা-ছোৱালীকো হোষ্টেলত থওঁ নে! এতিয়া মাক লৈ গ’লে কোনে চাব, কি কৰিব৷ সেয়ে কৈছোঁ এইখন ঘৰতে আগতে যেনেকৈ আছিল এই শেষৰ দিনকেটাও তেনেকৈ থাকক৷

সেয়া জাঙুৰ খাই উঠা সৰু পুতেকৰ মাত..

:শুন ককাইদেউ, আজি অতবছৰে মাক মই অকলে চম্ভালি আছোঁ৷ এইগৰাকীৰ টেটৰ চাকৰি, সেই মৰিগাঁৱৰ পৰা ইয়ালৈ যে ট্ৰেন্সফাৰ হ’ব আশা কম৷ এইকেইবছৰ মই ঘৰৰপৰা কামলৈ অহা-যোৱা কৰি আছিলোঁ বাবে যেনিবা ঘৰৰ লগতে মাকো চাই থাকিব পাৰিছিলো৷ কিন্তু এতিয়া কোম্পানীয়ে বাই ডাবল দৰ্মহা দি গুজৰাটলৈ পঠিয়াইছে৷ মই কেৱল মাক চাব লাগে বুলিয়েই জানো চান্সটো এৰি দিম… ইমানদিনে মই চোৱাচিতা কৰিলোঁ, এতিয়া তহঁতে চা৷ মণি মধু কোনোবা জনীয়ে গাত ল নহ’লে…

এইবাৰ মণিৰ মাত…

:চা সৰুদা, মোৰ যদি চাকৰি-বাকৰি কিবা থাকিলহেঁতেন মাক বিনাদ্বিধাই মোৰ লগত ৰাখিলোহেঁতেন৷ কিন্তু মই নিজে এতিয়া পৰৰ ওপৰত খাই আছোঁ৷ আকৌ কেনেকৈ…..

:কিন্তু মোৰ চাকৰি থাকিলে বুলিয়েই জানো মাক লগত ৰাখিব পাৰোঁ৷ মধুৰ মাত সেয়া..৷ মোৰ স্কুল ঘৰৰপৰা ত্ৰিশ কি.মি. দূৰত৷ পুৱা আঠটাত ওলোৱা মানুহজনী আবেলি তিনিটাত সোমাওঁ৷ নিজৰ ল’ৰা-ছোৱালী দুটা চাবলৈকে সময় নেপাওঁ৷ তেনেস্থলত মাক কেনেকৈ….

জীয়েক পুতেকহঁতৰ উচ্চস্বৰত হোৱা কথা- বতৰা শুনি ফুকননীৰ আনন্দৰ হাঁহিটো কৰুণ হাঁহিলৈ ৰূপান্তৰিত হ’ল৷ উফ্ এই ল’ৰা-ছোৱালী কেইটাক ডাঙৰ দীঘল কৰিবলৈ কম কষ্ট কৰিছিলনে ফুকন ফুকননী দুয়ো৷ নিজে নেখায়ো খুৱাইছিল, নিপিন্ধিও পিন্ধাইছিল৷ সময়ত সিহঁতে খুটি খাব পৰা হ’ল, পোলৈ বোৱাৰী আনিলে, জীক বিয়া দি জোঁৱাই ঘটিলে৷ আৰু সকলো গত লগাই আজৰি হৈ উশাহ এটা ল’বলৈ লৈছিলহে হঠাতে এদিন হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ফুকনে ইহসংসাৰৰ পৰা বিদায় মাগিলে৷

ফুকননী যেন অতিকৈ অকলশৰীয়া হৈ পৰিল৷ তথাপিও তেওঁ ঘৰৰ বনবাৰী কৰি ঘৰখন ধৰি থাকিল৷ ডাঙৰ পুতেক প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ, সি টাউনতে ঘৰ-বাৰী কৰিলে৷ বোৱাৰীয়েকৰো টাউনৰ মাজমজিয়াতে এখন বিউটি পাৰ্লাৰ আছে৷ ল’ৰা-ছোৱালীহালক হোষ্টেলত থৈছে৷ সৰু পুতেকে তেল কোম্পানী এটাত কৰে, বোৱাৰীয়েকে ওচৰৰে প্ৰাইভেট স্কুল এখনত কৰিছিল প্ৰথমতে৷ তেনেতে টেট পাছ কৰি চাকৰি পালে সৌ মৰিগাঁৱত৷ একমাত্ৰ ল’ৰাটোক হোষ্টেলত থৈ তায়ো গুছি গ’ল মৰিগাঁৱলৈ৷ আহে মাহেকে- ছমাহে৷ মুঠতে সৱ ব্যস্ত৷ কোনেও কাৰোলৈ চাবলৈ সময় নাই, কোনেও কাৰোলৈ ৰ’বলৈ সময় নাই৷ তাৰ পিছতো সৱ ঠিকেই চলি আছিল৷ অকস্মাতে তেওঁ পিছলি পৰি বিছনা লবলগীয়া হোৱা কথাটোৱেহে গোটেইখন খেলিমেলি লগাই দিলে৷

পুনৰ উচ্চবাচ্য শুনি উচপ খাই উঠিল তেওঁ৷ সেয়া ডাঙৰ বোৱাৰীয়েকৰ মাত-

:আমি এটা কাম কৰোঁ নহলে, মাক বৃদ্ধাশ্ৰমতে থোৱাৰ ব্যৱস্থা কৰোঁ৷ লগ সংগও পাব লগতে চোৱা-চিতা কৰা মানুহো পাব৷ আমিও মাজে মাজে গৈ খবৰ-খাতি লৈ থাকিম৷

:নাই নাই৷ নিজৰ ঘৰ -বাৰী, সতি -সন্ততি থাকিও বৃদ্ধাশ্ৰমত থ’ব লাগিছে কিয়! মানুহে কি ক’ব…বৰজী মণিৰ মাত সেয়া৷

:তেনেহ’লে তয়ে লৈ নেযাৱ কিয় মাক…মই কি সদায় এনেদৰে ৰখি থাকিম?….সেয়া সৰু পুতেকৰ মাত৷

:সেয়ে কৈছোঁ বৃদ্ধাশ্ৰমতে থোৱাৰ কথা৷ খা- খৰচ বাৰু ময়ো দিম মাজে মাজে৷

মধুৰ মাত কাণত পৰিল ফুকননীৰ৷ আয়ৈ দেহি…! কৰুণ হাঁহি এটা ফুটি উঠিল তেওঁৰ ওঁঠত৷ যিকেইটা ল’ৰা-ছোৱালী তুলিবলৈ, খুটি খাব পৰা কৰিবলৈ ফুকন-ফুকননী দুয়ো হাড়ক মাটি, তেজক পানী কৰি কষ্ট কৰিছিল, আজি সিহঁতৰ মাকজনী চাবলৈ, অলপ আদৰ-আপডাল কৰিবলৈকো সময় নোহোৱা হল৷

বৃদ্ধাশ্ৰম…বৃদ্ধাশ্ৰম…বিৰবিৰালে তেওঁ৷ ক’ৰ এজাক অচিনাকি মানুহৰ লগত থাকিবগৈ লাগিব তেওঁ৷ এই বয়সত নিজৰ ঘৰ-দুৱাৰ, আপোন মানুহবোৰ এৰি৷ হেৰ’, আমি যদি বৃদ্ধাশ্ৰমতে থাকিবলগীয়া হয় তেন্তে তহঁতকনো জন্ম দি ডাঙৰ-দীঘল কৰিছিলোঁ কেলেই! আজি মোক বৃদ্ধাশ্ৰমত থ’বি, কাইলৈ মোক দেখি আন এজনক থ’বগৈ৷ এনেকৈ হ’লেচোন গাঁওখনত কাজ-সকাম এখন পাতিবলৈকে বুঢ়া-বুঢ়ী মানুহ এটা নাথাকিবগৈ৷ অসহায় হৈ ভাবিলে তেওঁ৷

আস্ বৰ জোৰকৈ পেচাৱ কৰিব লাগিছে তেওঁৰ৷ বাহিৰত পুতেক-জীয়েকহঁতৰ বাক্ -বিতণ্ডাবোৰ বাঢ়ি আহিছে৷ তেওঁৰ লৈয়েই হৈছে বাক-বিতণ্ডাবোৰ৷ বৰ কষ্টেৰে লাখুটিডালত ভৰ দি থৰকবৰককৈ এখোজ দুখোজ দি ওলাই আহিল তেওঁ পিছফালে৷

পিছদুৱাৰৰ মুখত কোনোমতে থিয় দি তেওঁ চাই পঠিয়ালে দূৰণিলৈ৷ বাৰীখন পাৰ হৈয়ে মথাউৰিটো৷ মথাউৰি পাৰ হৈ দিচাং নদীখন বৈ গৈছে৷ নৈৰ পাৰৰ পৰিৱেশটো চকুৰ আগত ভাঁহি উঠিল তেওঁৰ৷ কঁহুৱাবোৰ চাগৈ এতিয়া ফুলিব ধৰিছে বগা হৈ৷ নৈৰ পাৰৰ পলসুৱা মাটিতো চাগৈ খেতিয়কে শাক-পাচলিৰ খেতি কৰিবৰ বাবে চিকুণাই মেলি লৈছে৷ কেইবছৰমান ফুকনেও নৈৰ পাৰত শাক -পাচলি খেতি কৰিছিল৷ পিছতহে ঠিকা- ঠুকলি কৰিবলৈ ধৰে৷ হেমলতা ফুকনেও বিভিন্ন অচিলা লৈ প্ৰায়ে নৈৰ পাৰলৈ গৈছিল৷ কেতিয়াবা কাপোৰ ধুবলৈ নন্দেক, জা-জোৱালীবোৰৰ লগত, কেতিয়াবা শাক-পাচলি আনিবলৈ আৰু কেতিয়াবা ঘৰৰ মানুহ আহিলে ফুৰাবলৈ বুলিয়েই লৈ গৈছিল নৈৰ পাৰলৈ৷ বৰ আপোন যেন লাগিছিল নৈখন৷ আজিও বৰ মনত পৰিল নৈখনলৈ তেওঁৰ, যাবলৈ মন গ’ল নৈৰ পাৰলৈ৷ ক’বলৈ মন গ’ল বহু কথা৷

মোহাচ্ছন্ন মানুহৰ দৰে থৰক বৰককৈ গৈ থাকিল তেওঁ৷ এখোজ দুখোজকৈ গৈ গৈ মথাউৰি পাৰ হৈ কেতিয়ানো নৈলৈ যোৱা সুৰুকীয়া বাটটো পালেগৈ তেওঁ নিজেও ক’ব নোৱাৰিলে৷

বহু সময় আলোচনা, তৰ্ক -বিতৰ্ক, বাক্ -বিতণ্ডাৰ অন্তত যেতিয়া মাকক বৃদ্ধাশ্ৰমত থোৱাৰ সিদ্ধান্ত লৈ পুতেক জীয়েকহঁতে আনন্দমনেৰে কথাটো মাকক জনাবলৈ গ’ল তেতিয়া কোঠাৰ ভিতৰত মাক নাছিল৷ ঘৰৰ ভিতৰে বাহিৰেও মাক নাছিল৷ বহুত বিচাৰ- খোচাৰ কৰিও মাকক পোৱা নগ’ল৷ কিছুপৰৰ পিছত পেচাবৰ গোন্ধ লৈ লৈ ঘৰৰ পোহনীয়া কুকুৰটোৱে নৈৰ পাৰৰ পৰা কামুৰি আনিলে হেমলতা ফুকনৰ লাখুটিডাল৷

পুতেক -জীয়েক কাৰো বুকুতে ঠাই নোপোৱা মানুহজনীক নৈখনে বুকুত ঠাই দিলে৷ দুদিন পিছত এখন দৈনিক বাতৰি কাকতৰ এচুকত এটা সৰু বাতৰি প্ৰকাশিত হোৱা দেখা গ’ল “দিচাংপানী দলঙৰ কাষত এগৰাকী বৃদ্ধাৰ উঁৱলি যোৱা মৃতদেহ উদ্ধাৰ..“ বাতৰিটোত কোনোৱে গুৰুত্ব নিদিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments