নিষিদ্ধ : কৌস্তুভমণি শইকীয়া দত্ত

মই এখন ডায়েৰী পঢ়িলোঁ,
এটা বছৰৰ ডায়েৰী…তিনিশ পয়ষষ্ঠী দিন ।
ক’লা ক’ভাৰৰ কুঁৱলীয়ে ঢাকি ৰখা
তোমাৰ বুকুৰ সোণালী আভা…
কিছু ক্ষণ।
আকাংক্ষাৰ আখ্যান..
সৃষ্টিৰ মন্ত্ৰ..
ৰ’দ-ছাঁয়াৰ কিছু প্ৰহৰ..
নক’লেও হয়.. প্ৰতি পৃষ্ঠাতে মই..
আৰু মোৰ চপলা মৰম।
এপাহ সৰে… এপাহ ফুলে
আবেগৰ ফুল,
প্ৰতি পৃষ্ঠাতে।
কালৰ বুকুত নুমাবলগীয়া হৃদয়ৰ বহু আভা ,
তোমাৰ হাতৰ তলুৱাত শুকাবলগীয়া
মোৰ চকুপানীৰ টোপাল,
মোৰ কলিজাত মাৰ যাবলগীয়া
তোমাৰ মাতাল কণ্ঠস্বৰ..
কালজয়ী কৰি তুমি সাঁচি থৈছা
আৰু মই পঢ়িছোঁ… সংগোপনে ।
তোমাৰ ডায়েৰী পঢ়াৰ
কোনো সাংঘাটিক প্লেনিং মোৰ নাছিল।
হঠাতে পঢ়িলোঁ…. নিষিদ্ধ যদিও ।
দেখিলো কেঁচাতেজ যেন তেজাল ভালপোৱা…
দেখিলো বিচ্ছেদৰ বিধ্বংসী ত্ৰাস!
এই ব্যথাৰ শেষ ক’ত… ক’ত শেষ??
দেখিলো চকুলোৰ স্পষ্ট দাগ।
আঃ কন্দুৱাই পেলালা মোক…
মই মোৰ হৈ থকাতো নাই
শূন্যতাত ভাঁহিছোঁ মই..
তুমি গলিছা মোৰ তেজত নৈ হৈ।
এটা তাজমহল সজাৰ হেঁপাহ
তুমি বুকুত বান্ধি ফুৰিছিলা..
নাই, নাজানিছিলোঁ নিজক মমতাজ বুলি..
ডাৱৰে ঢাকি ৰখা সূৰ্য মই দেখিলোঁ।
সোণালী আভাত উজ্জ্বলিলোঁ।
শূন্য প্ৰহৰক সিঁয়াৰি ক’লোঁ-
‘হে নিষিদ্ধ প্ৰহৰ!
হৃদয়ক দিলা গান!
জীৱনক দিলা প্ৰাণ!!’
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments