নিষিদ্ধ গলিৰ চিঠি : জাহ্নবী বৰা

নিষিদ্ধ গলিৰ চিঠি
– জাহ্নবী বৰা

মই জানো আপুনি কোন!!!
আপুনি এজন গ্ৰাহক। অনেক ভাল গ্ৰাহক। আপুনি সেইজন পুৰুষ যি প্ৰতি ৰাতি মোক কিনিছে নিজৰ কষ্টোপাৰ্জিত ধনেৰে। আপুনি সেইজন পুৰুষ যি মোৰ প্ৰতিটো নতুন ষ্টাইলৰ খবৰ লৈছে। প্ৰতিবাৰে প্ৰশ্ন কৰিছে কিয় মই নিজৰ শৰীৰ বিক্ৰী কৰিছোঁ। আপুনি সেইজন পুৰুষ যিয়ে এবাৰলৈও নিজকে সোধা নাই কিয় প্ৰতি ৰাতি আপুনি এজনী নিষিদ্ধ কন্যাৰ শৰীৰ কিনি গৈছে।
মই সেইজনী নাৰী যিয়ে প্ৰতিবাৰেই আপোনাক দিওঁ সাময়িক সুখ। এই সুখৰ বাবেই আপুনি বাৰে বাৰে ঢাপলি মেলে মোৰ ওচৰলৈ। আমাৰ ইয়াত সকলো সাময়িক। ভালপোৱা, প্ৰতিশ্ৰুতি সকলোবোৰ। যেতিয়ালৈ আপোনাক এই সুখ দিব পাৰোঁ তেতিয়ালৈ মই আপোনাৰ চকুত এই জগতৰ শ্ৰেষ্ঠ ৰমণী। সুখ শেষ, ভালপোৱাও শেষ। দিনবোৰ বাগৰি যায়। আকৌ এটা নতুন দিন আহে। দিনৰ অন্তত আপুনিও আহে। কিছুসময়ৰ বাবে মই আকৌ হৈ পৰোঁ জগতৰ শ্রেষ্ঠ ৰমণী। কিমানৰ যে হ’লোঁ মই, কতবাৰ যে হ’লোঁ। তেতিয়া কিন্তু কাৰো মনত নপৰে মই যে নষ্ট চৰিত্ৰৰ। কেৱল আপুনি ইয়াৰ পৰা যোৱাৰ পিছত মই হৈ পৰো এজনী নষ্ট চৰিত্ৰৰ নাৰী।
আপুনি চাগে’ মোৰ প্ৰাণখোলা হাঁহি দেখিছে। পিছে সেয়া মিছা। আপুনি সেয়া নুবুজিব। আপুনি কেৱল মোৰ হাঁহি দেখিছে, প্ৰাণখোলা হাঁহি। আপুনি নিজকে পাহৰি যায় এই হাঁহিৰ আঁৰত, এক মিথ্যা, মায়াজালৰ আঁৰত।
মই আপোনাক কোৱা প্ৰতিটো গল্পই মিছা। সকলোৱে মিছাক সজাই পৰাই ক’ব নোৱাৰে, মই পাৰোঁ। খুব ভালকৈ পাৰোঁ। মই মিছা কোৱা শিকিবলৈ বাধ্য হৈছোঁ। কাৰণ মই বুজি উঠিছোঁ যে সত্য সদায় সুন্দৰ হলেও মিছাৰ আগত জিকিব নোৱাৰে, অন্তত আজিৰ যুগত। ইয়াত মিছা ভাল দামত বিক্ৰী হয়। আপুনিয়েই তাৰ ক্ৰেতা। মোৰ প্ৰতিটো হাঁহি মিছা। কোনেও নুবুজে, কাকো মই বুজিবলৈ নিদিও।
মোৰ নিদ্ৰাও মিছা। কেতিয়াবা আপোনাৰ টোপনি আহি যায়। সাময়িক সুখত আবিষ্ট হৈ আপুনি ভাবে যে ময়ো হয়তো আপোনাৰ দুবাহুৰ মাজত সুখেৰে আছোঁ। কিন্তু সেয়া মিছা। সেয়া নিদ্ৰাৰ অভিনয়হে, ইয়াত সকলো কৰিব লগা হয়। দৰাচলতে মোৰ প্ৰতিটো দিন, প্ৰতিটো ৰাতিয়েই নিদ্ৰাবিহীন।
আপুনি কোৱাৰ দৰে পৃথিৱীৰ শ্রেষ্ঠ ৰমণী হোৱাৰ হেঁপাহ মোৰ কোনোদিনেই নাছিল। পৃথিৱীৰ শ্রেষ্ঠ পুৰুষজনো মোক নালাগে। কেৱল বিচাৰোঁ অলপ ৰঙা ৰং। নেইল পলিছৰ ৰঙা বুলি ভুল নকৰিব, মই বিচাৰোঁ সেন্দুৰৰ ৰঙা। কাৰো চোলাত লাগি থকা লিপষ্টিকৰ দাগ নহয়, কেৱল কোনোবা বিশেষ পুৰুষৰ চোলাত লাগি থকা সেন্দুৰৰ দাগ।
বিচাৰিছিলোঁ কোনোবা এজন মোৰ বাবে জীয়াই থকাৰ কাৰণ হওঁক। মোৰ সুখ-দুখৰ লগৰী হওঁক। এদিন দুপৰীয়া তেওঁৰ চোলাটো ধুবলৈ গৈ একোণত মোৰ সেন্দুৰৰ দাগ দেখি অজানিতে মোৰ মুখত দেখ-নেদেখ এটা হাঁহি বিৰিঙি উঠক….
আৰু সেই হাঁহি এবাৰলৈ হলেও সঁচা হওঁক…………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক